অনিৰ্বাণ দত্ত
অসমীয়া জাতীয় জীৱনৰ অন্যতম পুৰোধা, ৰূপান্তৰৰ খনিকৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ঠিক পাছতেই মৰ্যাদাপূৰ্ণ স্থান দিয়া হয়৷ যদিও জীৱনকাল নিচেই চমু আছিল তথাপি তেওঁৰ বিপুল শিল্প-সাহিত্যৰ অৱদান আৰু নিস্বাৰ্থ জনসেৱামূলক আদৰ্শকৰ্মই জাতিটোক নতুন প্ৰাণ দিছিল৷ তেওঁ আছিল এগৰাকী সত্য আৰু সুন্দৰৰ আজীৱন আৰাধক জীৱন-শিল্পী আৰু কবি৷ তেওঁ সাহিত্য, সংগীত আৰু অন্যান্য শিল্পকৰ্মেৰে সৰ্বসাধাৰণ জনতাৰে গঢ়িছিল নিবিড় সম্পৰ্ক৷ তেওঁ নিজে কৈছিল, যি শিল্প-সাহিত্য বা সুকুমাৰ কলা এমুঠি অভিজাত শ্ৰেণী আৰু ভাগ্যবান লোকৰ বিলাস-বিনোদৰ সামগ্ৰী ৰূপে ব্যবহৃত হয়, সেই সাহিত্য বা কলাৰ কোনো সাৰ্থকতা নাই৷ ড° সত্যেন্দ্ৰনাথ শৰ্মাই জ্যোতিপ্ৰসাদ মূলতঃ এগৰাকী কবি-শিল্পী আছিল বুলি উল্লেখ কৰি কৈছে যে, “তেওঁৰ কাব্য বা কবিতা সংখ্যাৰ ফালৰ পৰা যে বহুত এনে কথা ক’ব নোৱাৰি; তেওঁতকৈ সৰহ কবিতা লিখা ভালেকেইজন অসমীয়া কবি ওলাব কিন্তু বহুমুখী কৰ্মব্যস্ত, নাতিদীৰ্ঘ জীৱনকালৰ ভিতৰত যিখিনি হীৰকখণ্ডবৎ কবিতা ৰচনা কৰি গৈছে সেইখিনিয়ে জ্যোতিপ্ৰসাদক অসমীয়া কাব্যসাহিত্যৰ বুৰঞ্জীত আগশাৰীৰ স্থায়ী আসন দিব৷” ড° হীৰেন গোহাঁইৰ মতে জ্যোতিপ্ৰসাদ ৰচিত গীতসমূহৰ এটা ক্ষুদ্ৰ অংশতহে সুৰাৰোপ কৰা আছে; সুৰ সংযোজন অবিহনে জ্যোতিপ্ৰসাদৰ গীতবোৰ অৰ্দ্ধস্ফুট, সেয়ে তেওঁৰ গীতবোৰক কবিতা হিচাপেও চাব পাৰি৷ ড° গোহাঁইৰ মতে জ্যোতিপ্ৰসাদৰ কবি-মানস আৰু কবি-প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন তেওঁৰ কবিতাবোৰতকৈও গীতবোৰেহে স্পষ্টকৈ দাঙি ধৰিব পাৰিছে৷ বক্তৃতাধৰ্মী, গধুৰ ছন্দৰ কবিতাবোৰৰ তুলনাত গীতবোৰ ঢেৰ বেছি বাঙ্ময় অথচ মিতবাক৷ অৱশ্যে, শেষৰ কালত অনিয়মিত গদ্যছন্দৰে সহজ-সৰল ঘৰুৱা শব্দচয়নেৰে ৰচিত, পৰিমিত অলংকাৰৰ কবিতাবোৰে এক স্বচ্ছন্দ জীৱন পাইছে বুলি ড° গোহাঁয়ে উল্লেখ কৰিছে৷ সি যি নহওক, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ অন্তঃপ্ৰৱাহত নিৰন্তৰ কোনবোৰ ভাবাদৰ্শ বৈ আছে, এই লেখাৰ মাধ্যমেৰে তাকে ভুমুকিয়াই চাবলৈ যত্ন কৰা হৈছে৷
শিল্পী জ্যোতিপ্ৰসাদ আছিল পৰিৱৰ্তনৰ প্ৰবক্তা৷ পৰিৱৰ্তন সাধিবলৈ তেওঁ সকলো মানুহৰ মনতে লুকাই থকা শিল্পীসত্তাৰ অভ্যুত্থান হোৱাটো বিচাৰিছিল৷ “মই জনতাৰ প্ৰাণে প্ৰাণে শিল্পী দেখিলোঁ, সেই গুণেহে গানেৰে মাতিলোঁ” বুলি তেওঁ জনতাৰ কাষ চাপিছে৷ তেওঁৰ বিশ্বাস— প্ৰতিজন মানুহৰ মাজতেই আছে এটি ঈশ্বৰপ্ৰদত্ত শিল্পীপ্ৰাণ৷ এই শিল্পীপ্ৰাণেহে সমাজলৈ আশাব্যঞ্জক ৰূপান্তৰ আনিব পাৰে৷ শিল্পীপ্ৰাণেহে প্ৰকৃত সত্য শিৱ সুন্দৰ চিনাক্ত কৰিব পাৰে৷ শিল্পসাধনাৰে শিল্পীপ্ৰাণক উজ্জীৱিত কৰিবলৈ মনত লিপিট খাই লাগি থকা আওপুৰণি ধূলিমাকতি পৰিষ্কাৰ কৰি ল’ব লাগিব৷ তেওঁ নিজে নিজৰ শিল্পীপ্ৰাণক জগাই তুলিছিল আৰু সমাজ ৰূপান্তৰৰ বাবে অহৰ্নিশে কলাৰ সাধনা কৰিছিল৷ মেটমৰা সাহিত্য সৃষ্টি আৰু নিৰ্বাচিত সুন্দৰ কৰ্মবোৰেই তাৰ যথোপযুক্ত আৰ্হি৷ সত্য সুন্দৰৰ অপৰাজেয় শক্তি তেওঁ চিনি পাইছিল৷ জগতৰ কঠিন দুখ-শোক-যাতনাৰ মাজতো সুন্দৰৰ অস্তিত্ব উপলব্ধি কৰিছিল—তেওঁৰ কল্পনাৰ সুন্দৰ কোঁৱৰে সাৰ্বজনীন সুখ-সমৃদ্ধি আৰু চিৰন্তন শান্তিৰ মন্ত্ৰ লৈ সকলো মানুহৰ আত্মাতে বহি থকা তেওঁ দেখিছিল৷ সাহিত্য, শিল্প, সংগীত-চৰ্চাৰ ৰূপত অনিন্দ্য সুন্দৰ কোঁৱৰক সাধনা কৰিবলৈ তেওঁ জগতৰ জনতাক বাৰে বাৰে আহ্বান জনাইছে৷ যথা—
“আজি শিল্পীৰূপেৰে জাগিব লাগিব জগত জনতা
আজি কবিটি হৈ
ৰবিটি হৈ জ্বলিব লাগিব বিশ্বজনতা৷
আজি সকলো দীনতা
সকলো নীচতা
সকলো শঠতা, সকলো ভীৰুতা
বৰ্ব্বৰতা
চিৰকাললৈ
আঁতৰাই থৈ
ফুলাব লাগিব
নিৰ্ম্মলতা
সুন্দৰতা
জ্বলন্ত সততাৰে, পবিত্ৰ ক্ষমতা জ্বলাই
মষিমূৰ কৰি যাউতিযুগীয়াৰ
শক্তিহীনতা
জনজীৱনত উঠক জ্বলি বিশ্বপ্ৰাণতা৷
দুষ্কৃতি নাশি
সংস্কৃতিৰে পৃথিৱী মুক্ত কৰি
শিল্পীৰূপেৰে ওলা জনতা
সুন্দৰৰেই বিৰাটস্বৰূপ ধৰি৷”
গাঁৱৰ মানুহৰ ওপৰত আছিল তেওঁৰ গভীৰ আস্থা— “গাঁৱৰে জুপুৰি ইকৰাৰে সজা, তাতে থাকে ভৱিষ্যতৰ আধাপেটী ৰজা” বুলি তেওঁ গাঁৱলীয়া দৰিদ্ৰ মানুহৰ শক্তিক সন্মান যাঁচিছিল৷ ‘ষ্ট্ৰীম্ লাইনড্ কাৰ’ নামৰ কবিতাটোত তেওঁ চহৰৰ কোনোবা ধনী মৌজাদাৰ দেউতাৰ বিলাসী গাড়ীখনৰ লগত কাহানিও গাড়ী নেদেখা গাঁৱৰ দৰিদ্ৰ আৰু হোজা মানুহবোৰৰ সৰল আৱেগ-অনুভৱৰ তুলনা কৰি তদানীন্তন সমাজখনৰ খণ্ড চিত্ৰ এখন অংকন কৰিছে৷ তাত ধনীৰ অহংকাৰ, সুবিধাবাদী চৰিত্ৰ, দৰিদ্ৰতাক কৰা উপহাস, সস্তীয়া প্ৰলোভন আদিৰ বিপৰীতে দৰিদ্ৰ গাঁৱলীয়া মানুহবোৰৰ সৰলতা আৰু স্বাভিমান প্ৰকট হৈছে৷ অমানৱীয় ব্যৱহাৰক নীৰৱ প্ৰতিবাদ কৰি আঁতৰি গুচি যোৱা সৰল মানুহবোৰৰ মাজত কবিয়ে সমাজ পৰিৱৰ্তন কৰিব পৰা অমোঘ শক্তিক বিচাৰি পাইছে৷ অন্ধবিশ্বাস, অৰ্থহীন পৰম্পৰা, কৰাল দাৰিদ্ৰ্য, এলান্ধুকলীয়া ৰীতি-নীতি, মনৰ দুৰ্বলতা আদি অভিশাপৰ পৰা উদ্ধাৰ কৰি শ্ৰমজীৱী মানুহক তেওঁ শক্তিশালী কৰি তুলিব বিচাৰিছিল৷ শ্ৰমজীৱী মানুহেই কেৱল পৃথিৱীখনক সুন্দৰ কৰি গঢ়িব পাৰিব বুলি তেওঁৰ দৃঢ় বিশ্বাস আছিল৷ তেওঁলোকৰ কৰ্তৃত্ব প্ৰতিষ্ঠাৰ বাবে তেওঁ হাতেকামে যত্ন কৰিছিল৷ লুইতপৰীয়া আপোন গাঁওখনৰ পৰাই তেওঁ সকলোবোৰ অপশক্তিক সতৰ্ক কৰি দিছিল৷ যথা—
“সাৱধান সাৱধান
সুবিধাবাদীৰ দল!
তোৰ মিছা হ’ব কৌশল
ৰাইজৰ তই সেৱা চুৰ কৰি
বঢ়াব খুজিব বল৷...”(সাৱধান সাৱধান)
আকৌ লিখিছে—
“...নতুন দিনৰ অসমীয়া
যুগে যুগে হ’বি তই শৰাইঘটীয়া
তোৰ দেশ ৰখিবলে’
গঢ়ি গঢ়ি ল’বি তই
নতুন হিলৈ
চিৰজয়ী হ’বি তই
মাভৈ মাভৈ৷...”(শৰাইঘাট)
জনতাই তোৰ স্বৰূপ চিনিছে, সাৱধান সাৱধান বুলি শাসক, শোষক, সাম্ৰাজ্যবাদী দৈত্য-দানৱ আৰু দেশীয় সুবিধাবাদী ধনীক শ্ৰেণীটোৰ বিৰুদ্ধে জ্যোতিপ্ৰসাদে বজাইছিল বিপ্লৱৰ শঙ্খ নিনাদ৷ “লুপ্ত হ’ল সৌন্দৰ্যৰ আদিম স্বৰূপ, জ্বলিল পৃথিৱীজুৰি কামগন্ধী ধূপ” বুলি ভোগবাদী সভ্যতাৰ কুৎসিত ৰূপ প্ৰত্যক্ষ কৰি একেসময়তে তেওঁ চিৎকাৰ কৰিও উঠিছিল৷ সৰ্বসাধাৰণ ৰাইজৰ বাবে বিশুদ্ধ সংস্কৃতি, শান্তি, সমতা আৰু স্বাধীনতা ৰক্ষা কৰিবলৈ সেয়ে তেওঁ সংগ্ৰাম কৰিছিল৷ যথা—
“...ৰোধ কৰিবলে’ যত
আন্ধাৰৰ দৈত্য-দানৱ
জ্যোতি-মন্ত্ৰে
বিপ্লৱৰ শঙ্খ বজাওঁ৷
ব্যক্তি-স্বাৰ্থ জীৱনৰ লোহাৰ দুৱাৰ ভাঙি
সমূহীয়া স্বাৰ্থৰ মহান জীৱনলে’ মই ব্যাপী যাওঁ
তেতিয়াহে ব্যক্তিত্বৰ সত্যমূল্য স্বাধীনতা পাওঁ,
ব্যক্তিত্বৰ পূৰ্ণ প্ৰকাশ
ব্যক্তিত্বৰ মহান বিকাশ
জনতাৰ ৰাইজৰ অন্তৰত পাওঁ৷
মই শিল্পী পোহৰলে’ যাওঁ—...”((শিল্পীৰ আলোক যাত্ৰা)
তেওঁ আকৌ লিখিছে—
“...বৃত্ৰাসুৰীয়া সভ্যতাৰ
নিষ্ঠুৰ আঘাতত
মূৰ্চ্ছা গৈ পৰি থকা
হৃদয়ৰ দেৱতাই
ইন্দ্ৰই—
আজি জন দধীচিৰ অস্থি-বজ্ৰ লৈ
সঞ্জীৱিত হৈ
জিনি জই মহত্ত্বৰ
অসুৰক কৰক নিপাত
দানৱীয় অধিকাৰ কৰি উৎখাট৷
নতুন বেলিয়ে আজি
নতুন পোহৰ দি
উজ্বলায় নৱধৰিত্ৰী,...”(নৱবিপ্লৱী কবি জাগে)
শিল্প, সাহিত্য, সংগীত-চৰ্চা তেওঁৰ বাবে বিলাসিতা নাছিল৷ অকলে আপোন মনে নিৰলাত বহি সাহিত্যচৰ্চা কৰা তেওঁ পলায়নবাদী কবি-শিল্পীও নাছিল৷ আদৰ্শবাদী কবি হ’লেও ভাগ্যক ধিয়াই হাত সাবটি বহি থকা তেওঁ কৰ্মবিমুখ কবি নাছিল৷ তেওঁৰ গীত, নাট, কবিতা, সুৰ, ৰাগ আদি গুৰুকো নলগা, ভকতকো নলগা ৰূপহী মদাৰ স্বৰূপ নাছিল৷ বঁটা-বাহন টানি আনি ব্যক্তিগত সন্মান, সম্পদ বৃদ্ধিৰ বাবেও তেওঁ শিল্প-চৰ্চা কৰা নাছিল৷ জাতিৰ মঙ্গল, দেশৰ কল্যাণ আৰু বিশ্বমানৱতাৰ উৎকৰ্ষ সাধনেই আছিল তেওঁৰ শিল্প-সাধনাৰ মহান উদেশ্য৷ যথা—
“কবি মই
কবিতা বিলাসী মই নহওঁ নহওঁ
মোৰ কবিতা
নবীন দিনৰ
নৱ-জ্যোতি প্ৰণতা
দুঃখিতৰ দুখেৰে উচ্ছ্বসিতা
চিৰ আশাৰে তাই আনন্দিতা৷...
চিৰসুন্দৰৰ
হাঁহিত উপজি তাই
থিত ল’লে মোৰ অন্তৰত
সেউজীয়া পৃথিৱীত
সোণৰ পদুমকলি
ফুলাবলৈ নাচে তাই
আজি মোৰ মনৰ বনত৷...” (মোৰ কবিতা)
জ্যোতিপ্ৰসাদৰ শিল্পসাধনাৰ লক্ষ্য আছিল মুক্তি লাভ৷ “মুক্তি তোমাৰ নহয় দূৰত/ জগোৱা তোমাৰ প্ৰাণৰ মাজত সুপ্ত বীণাৰ সুৰ” বুলি তেওঁ জনতাক আত্মবল বৃদ্ধি কৰিবলৈ উদগনি দিছিল৷ নিজে যিদৰে মুক্তিপ্ৰয়াসী আছিল আৰু আনকো মুক্তি লাভৰ বাবে অভিলাষী হ’বলৈ শিকাইছিল৷ “কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি সোণৰ কাঁহীত খাৱ, কোনে দুখিতৰ চকু টোপালেৰে মুকুতাৰ মালা সিয়” বুলি তেওঁ গুজৰি উঠিছিল৷ সাম্ৰাজ্যবাদী শক্তি, শোষক শ্ৰেণীৰ দমন-উৎপীড়ন, জাতপাতৰ বিচাৰ, অস্পৃশ্যতা, নাৰীবিদ্বেষ আদি সামাজিক ব্যাধি, অশিক্ষা, আলস্য আদিৰ পৰা সাধাৰণ মানুহক মুক্তি দিবলৈ তেওঁ যুঁজিছিল৷ যুঁজৰ অস্ত্ৰ আছিল সুন্দৰৰ সাধনা৷ বিশেষকৈ মানুহে মানসিক দাসত্বৰ পৰা মুক্তি লভাত তেওঁ সৰ্বাধিক গুৰুত্ব দিছিল৷ প্ৰতিজন মানুহেই নিজৰ হৃদয়-বন্তী জ্বলাই তাৰ পোহৰত বাট বুলিব লাগে বুলি তেওঁ কৈছে৷ যথা—
“নৱ জনজীৱনৰ অৰুণঅগ্নিস্নাত
নৱবিপ্লৱী কবি জাগে
আলোক আশিস মাগে
আগ্নেয়গিৰি সম—
ভোদাৰি-বিদাৰি-ভাঙি-বিস্ফোৰি পৃথিৱীৰ গৰ্ভ
জাগে বিদ্ৰোহী কবি উদ্গৰি অগনিত
অগ্নি স্ফুলিংগ৷...” (নৱবিপ্লৱী কবি জাগে)
আকৌ লিখিছে—
“শিল্পী মই
ময়ে শিল্পী
আন্ধাৰৰ সতে যুঁজি পোহৰলৈ যাওঁ,
মানুহৰ জীৱনৰ খোঁটালিয়ে খোঁটালিয়ে
ভিতৰে বাহিৰে মই
ৰঙা নীলা হালধীয়া
সাতো বৰণীয়া
নুনুমুৱা আলোকৰ
চাকি জ্বলাওঁ৷...” (শিল্পীৰ আলোক যাত্ৰা)
লগতে পঢ়ক একেজন লেখকৰ: বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু কবিতাৰ ভাবাদৰ্শ
ভাৰতীয় সভ্যতা-সংস্কৃতিৰ প্ৰতি তেওঁৰ গভীৰ আনুগত্য আছিল৷ আৰু সেই আনুগত্যৰ প্ৰকাশ স্বৰূপে তেওঁ মহাপুৰুষ শংকৰদেৱ সৃষ্ট কৃষ্ণ সংস্কৃতিৰ মাজত নিজক বিলীন কৰি দিছিল৷ দুষ্কৃতি বিনাশ কৰি সংস্কৃতিৰ ধ্বজা উৰুওৱা কানাইৰ বাঁহীৰ সেই অময়া সুৰ তেওঁ সদায় বুকুত লৈ ফুৰিছিল৷ সকলো মানুহৰ হৃদয়তে কানাইৰ বাঁহীটো পৰি থকা তেওঁ দেখিছিল, বাঁহীত ফুক দি সুৰ তুলিবলৈ তেওঁ সকলোকে অনুপ্ৰাণিত কৰিছিল৷ মহাপুৰুষ শংকৰদেৱে আৰ্য আৰু আৰ্যতেৰ সংস্কৃতিৰ সুসমন্বয়ত গঠন কৰা বৃহত্তৰ অসমীয়া জাতিৰ বিচিত্ৰতাক লৈ জ্যোতিপ্ৰসাদ বিমুগ্ধ হৈ পৰিছিল৷ তেওঁ তেনে এখন সমাজৰ সদস্য হ’বলৈ পাই সৌভাগ্যৱান বুলি অনুভৱ কৰিছিল৷ সেয়ে, তেওঁ অসমীয়া চিন্তা-চেতনাক মনৰ পৰা এচুলিমানো দূৰলৈ ঠেলি পঠিওৱা নাছিল আৰু জাতিক সমৃদ্ধিশালী কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল৷ আনকি, আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈকো উদ্যত আছিল জ্যোতিপ্ৰসাদ৷ আৰ্য সংস্কৃতিৰ গৰিমাক লৈ উৎসাহিত জ্যোতিপ্ৰসাদে অসমৰ আৰ্যতেৰ জনজাতীয় সমাজখনৰ আচাৰ-নীতি, কৃষ্টি-সংস্কৃতিক সমান আদৰেৰেই বুকুত ধাৰণ কৰিছিল৷ যথা—
“...ওপজা গাঁৱৰ পৰা
নিজৰাৰ পাৰেদি
জান-জুৰি-নৈয়েদি
লুইতৰ ৰূপালী বালিৰে মই
জোনাকত বালি ভাত খাই
সোৱণশিৰীয়া সোণ দিনৌ কমাওঁ৷
মাৰ যোৱা বেলিটিৰ জিলিকনি লেখি মই
নতুন পুৱাৰ ছবি চাওঁ
মহাভাৰতৰ বাটে
পৃথিৱীৰ সবাহলে’ যাওঁ৷...” (শিল্পীৰ আলোক যাত্ৰা)
আকৌ লিখিছে—
“ময়েই খাছিয়া
মই জয়ন্তীয়া
ডফলা আবৰ অকা
ময়ে চিংফৌ
ভৈয়ামৰ মিৰি
সোৱণশিৰীয়া ডেকা,
বিজয়ী আহোম-কছাৰী-কোঁচৰ
মেছৰ কুমাৰ মই
ৰাজবংশী ৰাভা
কপালত জ্বলে শত গৌৰৱ আভা৷...” (অসমীয়া ডেকাৰ উক্তি)
তেওঁ আছিল সকলোধৰণৰ সংকীৰ্ণতা আৰু সাম্প্ৰদায়িকতাৰ ঊৰ্ধ্বত৷ জাত-পাত, ধৰ্ম-কৰ্ম, ক’লা-বগা বৰণ, ধনী-দুখীয়া, পণ্ডিত-অপণ্ডিত কোনো বিভাজনে তেওঁক মোহান্ধ কৰিব পৰা নাছিল৷ বিশ্ব থাকে মানে বিভাজন থাকিবই৷ কিন্তু বিভাজনৰ নলাত পৰি লেতেৰা হোৱাতকৈ নলা পৰিষ্কাৰ কৰি তাৰে নিৰ্মল পানী বোৱাবলৈহে তেওঁ যত্ন কৰিছিল৷ ইয়াৰ বাবে যতন হিচাপে তেওঁ শিল্প-সাহিত্য আৰু সংগীতক গ্ৰহণ কৰিছিল আৰু সমগ্ৰ মানৱ সমাজকে উদ্বুদ্ধ কৰিবলৈ প্ৰয়াস কৰিছিল৷ কাৰণ গোটেই বিশ্বসমাজখনকে তেওঁ নিজৰ সমাজ বুলি গণ্য কৰিছিল৷ সকলোবোৰ মানুহকে বুকুৰ কুটুম বুলি সাবটি লৈছিল৷ সেয়ে, মানৱতাবাদ আৰু বিশ্বপ্ৰেমেই তেওঁৰ সকলোবোৰ সৃষ্টিকৰ্মৰ মূল ভেটি আছিল বুলি আমি ক’ব পাৰোঁ৷ যথা—
“...মই, মই, পৃথিৱীৰে জনতাক
মই ৰূপে দেখি
মই হৈও, মই আমি হওঁ৷
আমিৰূপী মোতে
জনতাৰ জীৱনৰ নৱতম দ্বন্দ্ব জাগৰিত
মোৰ এই শিল্পী মনত, প্ৰাণত
পৃথিৱীখনেই হয় প্ৰতিফলিত৷
... ... ...
মই কিন্তু শিল্পী প্ৰাণে
গাঁৱৰ গণ্ডীতো থাকি
উপজিয়ে হৈ আহোঁ বিশ্বনাগৰিক৷
লভি জন্ম মানুহৰ
দেখি এই বিশ্বমনোহৰ
ভাবোঁ মোৰ ঘৰ
যাকে দেখোঁ তাকে ভাবোঁ আপোনাৰ জন বুলি
কেও নোহে পৰ৷...”(শিল্পীৰ আলোক যাত্ৰা)
আকৌ লিখিছে—
“ময়েই হিন্দু
ময়েই মুছলমান
ময়েই ন-জোৱান৷
মোৰ ভগৱান মন্দিৰে-মছজিদে
ভগৱান মোৰ নামঘৰে ঘৰে
অন্তৰে বাহিৰে...” (অসমীয়া ডেকাৰ উক্তি)
গভীৰ স্বদেশানুৰাগ আৰু দেশাত্মবোধ জ্যোতিপ্ৰসাদৰ সাহিত্যৰ মুখ্য বৈশিষ্ট্য৷ অসমীয়া জাতীয় চৈতন্যৰ তীব্ৰ আৱেশে জ্যোতিপ্ৰসাদৰ সকলোবোৰ ৰচনা আৱৰি আছে৷ কবিতাও তাৰ ব্যতিক্ৰম নহয়৷ ঐতিহাসিক আৰু মৌখিক একাংশ চৰিত্ৰক ভিত্তি কৰি তেওঁ কেইবাটাও জাতীয়তাবাদী ভাব-সঞ্চাৰক আৰু গভীৰ দেশপ্ৰেমমূলক শক্তিশালী কবিতা লিখিছে৷ ওজস্বী শব্দ-বিন্যাসেৰে ৰচিত এনে কবিতাবোৰত অসমৰ অতীত গৰিমা আৰু বীৰ-বীৰাংগনাসকলৰ আত্মত্যাগৰ আদৰ্শক ভৱিষ্যত নিৰ্মাণৰ বাবে গভীৰ প্ৰেৰণা হিচাপে দাঙি ধৰা হৈছে৷ যেনে— লাচিতৰ আহ্বান, জয়মতীৰ আত্মাৰ উক্তি, কনকলতা, চিত্ৰলেখা আদি৷ তদুপৰি, ‘অসমীয়া ডেকাৰ উক্তি’, ‘অসমীয়া ছোৱালীৰ উক্তি’, ‘জ্যোতি-শঙ্খ’ নামৰ কবিতা তিনিটা সাম্প্ৰদায়িক সদভাব, পাহাৰ-ভৈয়ামৰ সমন্বয় সাধন কৰা আৰু সম্প্ৰীতিৰ ধ্বজাবাহক উৎকৃষ্ট জাতীয়তাবাদী কবিতা৷ কেউটা কবিতাতে কম-বেছি পৰিমাণে সমাজ পৰিৱৰ্তনৰ এক বিশ্বজনীন আহ্বানো আছে৷ যথা—
“...বুৰঞ্জী বিদাৰি তই
মোক চা, নিজকে চা
বান্ধি লৈ সাহ,
যন্ত্ৰযুগৰ নৱ
মন্ত্ৰ ফুকাৰি তই
শংকা পেলাই দি আগবাঢ়ি আহ৷...” (লাচিতৰ আহ্বান)
আকৌ——
“...জাগ আজি পৃথিৱীৰ
নিষ্পেষিত ধৰ্ষিত
দলিত স্খলিত যত
হতবীৰ্য নিৰাশ মানৱ৷
... ... ...
কালাগ্নি জিনি মই
জ্বলো জয়সাগৰত
শকতি-যজ্ঞ সম
কেতিয়াও নুনুমায় প্ৰেৰণাৰ বাঁতি
নৱালোক দূতী৷...” (জয়মতীৰ আত্মাৰ উক্তি)
সত্য আৰু সুন্দৰৰ পূজাৰী জ্যোতিৰ দৃষ্টিত সদায়ে ফুলি আছিল আশাৰ পদুম, চিন্তাত আছিল শাশ্বত আলো আৰু আত্মাত আছিল অনিৰ্বচনীয় সুন্দৰতা৷ সুন্দৰৰ সাধনাই জীৱনৰ পণ জ্ঞান কৰা জ্যোতিপ্ৰসাদে সকলো লোককে শিল্প-সাহিত্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে৷ পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তু শিশুসকলৰ আত্মাৰ উন্নতিৰ বাবে শিশুমনৰ আৱেগ অনুসন্ধিৎসু উৎকণ্ঠা আদিৰ পৰিমিত ৰূপত চৰিতাৰ্থ হোৱাত তেওঁ জোৰ দিছিল৷ কল্পনাবিলাসী শিশুসকলৰ আত্মাৰ তৃপ্তিৰ বাবে তেওঁ ‘কুম্পুৰ সপোন’, ‘অক্কণমানি ল’ৰা’, ‘অক্কণমানি ছোৱালী’, ‘ফুলকুঁৱৰী’ আদি মনোৰম শিশু-কবিতা ৰচনা কৰিছিল৷ শিশু, আবাল-বৃদ্ধ-বণিতা সকলোৰে আত্মাত শিল্পী-প্ৰাণৰ উত্থান হওক বুলি তেওঁ প্ৰাৰ্থনা৷ আসুৰিক স্বভাৱ, নিষ্ঠুৰ বাসনা, তামসী তৃষা, পৈশাচী কল্পনা, নিৰাশাৰ আন্ধাৰ আদি বীভৎস শক্তিৰ পৰা মানুহৰ আত্মাক বচাই ৰাখিবলৈ শিল্প-সাহিত্য আৰু সংগীতৰ চৰ্চাক তেওঁ উপায় হিচাপে আগবঢ়াই দিছে৷ যথা—
“হে মোৰ আলোক-পূজাৰী প্ৰাণ!
আজি সুন্দৰৰ পূজা-থাপনাত
যাচিবি কিহৰে ষোড়শোপচাৰ,
গাবি কি ৰাগ, কি সুৰেৰেনো
পুৱা সন্ধিয়াৰ গান?...
... ... ...
বোকাত জনমা মানুহে আজি
আলোকলে’ উঠি আহে
বেলিমুৱা হৈ হাঁহে৷
... ... ...
আজি জনতাৰ আলোকবিজয়ী
অপূৰ্ব অভিযান
আজি পৃথিৱীৰ আকাশে আকাশে
জনতাৰ আহ্বান
নৱজীৱনৰ মহাসংঘাতে কঁপায় বৰ্ত্তমান৷
আজি সাৰ্থক হ’ক বেদত ধ্বনিত হোৱা
আলোকৰ আগমনি মন্ত্ৰ
প্ৰবুদ্ধ জনতা জয়... জয় জনতন্ত্ৰ
জয় স্বতন্ত্ৰ... জয়— আলোক-মন্ত্ৰপূত
মহামানৱতন্ত্ৰ...” (জনতাৰ আহ্বান)
সি যি নহওক, অসমৰ শ্ৰেষ্ঠ কবিসকলৰ শাৰীতে জ্যোতিপ্ৰসাদৰ বাবেও এখন সন্মানজনক আসন সংৰক্ষিত হৈ আছে৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সকলোবোৰ কবিতাই তীব্ৰ প্ৰাণ-সঞ্চাৰক আৰু আবৃত্তিৰ উপযোগী৷ তেওঁৰ কবিতাৰ প্ৰতিটো নিৰ্বাচিত শব্দই পাঠক-শ্ৰোতাৰ ষষ্ঠ ইন্দ্ৰিয়ত তীব্ৰ জোঁকাৰণিৰ সৃষ্টি কৰে৷ কবিতাৰ ভাববস্তুৱে পাঠকৰ ৰক্ত সঞ্চালন ক্ষিপ্ৰ কৰি তোলে৷ ইয়াৰ কাৰণ হ’ল তেওঁৰ সকলোবোৰ কবিতাই ৰচিত হৈছিল ঔপনিৱেশিক শোষণ-দমনৰ পৰিৱেশৰ মাজত৷ আৰু কবিতাখিনিৰ ৰচনাৰ মূল উদ্দেশ্যও আছিল নিদ্ৰাৰত জনতাক জাগ্ৰত কৰি তোলা৷ সৰহভাগ কবিতাই যথেষ্ট দীঘল যদিও ওজস্বী শব্দ-বিন্যাস, গভীৰ ভাব কিন্তু সহজ প্ৰকাশ, পৰিশীলিত ছন্দ আৰু লয়ৰ সমাহাৰেৰে সমৃদ্ধ৷ সেয়ে কবিতাবোৰ বাৰে বাৰে পঢ়িলেও পাঠকে আমনি নাপায়৷ আজি জাতি-জনগোষ্ঠীৰ মাজত যি অসূয়া-অপ্ৰীতি বাঢ়িব লাগিছে সেই দিশেৰেও জ্যোতিপ্ৰসাদৰ কবিতা প্ৰাসংগিক হৈ পৰিছে৷ জ্যোতিপ্ৰসাদৰ জাতিপ্ৰেমৰ আদৰ্শ আৰু কলা-সাহিত্যৰ বিস্তৃত চৰ্চাৰে অসমীয়া জাতিয়ে পুনৰ নিজক শক্তিশালী কৰি ল’ব পাৰে৷+
প্ৰসংগ পুথি—
জ্যোতিপ্ৰসাদৰ ৰচনাৱলী, সম্পাদনা: ড° হীৰেন গোহাঁই, অসম প্ৰকাশন পৰিষদ