হুৱান ৰিমেন হিমেনেথৰ কবিতা

অনুবাদ: ৰাতুলকুমাৰ শইকীয়া

Issue: Vol. IV, No. 4, February-April, 2026

হুৱান ৰিমেন হিমেনেথ (Juan Ramón Jiménez, জ. ২৩ ডিচেম্বৰ, ১৮৮১-মৃ. ২৯ মে’, ১৯৫৮) এগৰাকী স্পেনিশ্ব কবি আৰু লেখক৷ ১৯৫৬ চনত তেওঁ তেওঁৰ অনবদ্য গীতিকবিতাৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰে৷

হালধীয়া বসন্ত

হালধীয়া ফুলৰ বোকোচাত উঠি আহিছিল বহাগ :
জুৰিটো আছিল স্বৰ্ণিল, ফুলেভৰা জেউৰাখন, পাহাৰখন উপচি, হালধীয়া,
শিশুটোৰ সমাধিটো হালধীয়া, ফলমূলৰ বাগিচাখন যত ভিতৰে বাহিৰে জীপ লয় প্রণয়
উপচি পৰা পোহৰত বেলিয়ে সানে গালে মুখে পৃথিৱীখনক হালধীয়া আবিৰ
আঃ, সূৱৰ্ণ ভেটফুলবোৰৰ মাজত, উমাল, স্বৰ্ণিল পানী, হালধীয়া পখিলাবোৰ, সৰি পৰা
হালধীয়া গোলাপৰ পাহি গছবোৰলৈ বগাই আহে হালধীয়া মালাবোৰ :
দিনটো আছিল সোণ সুগন্ধলৈ বৈ পৰা আশিস স্বৰ্ণাভ জাগৰুক জীৱনলৈ,
মৃতজনৰ হাতবোৰৰ মাজত, ঈশ্বৰে মেলি ধৰিছিল তেওঁৰ হিৰন্ময় হাতবোৰ।

(ইংৰাজী শিৰোনাম: ‘Yellow Spring’, ইংৰাজী অনুবাদ: ইউজিনিও ফ্লৰিট)

মই নে, নহয় মই

মইনে নহয় মই
ময়েই এইজন
খোজ দি আছোঁ মোৰ কাষে কাষে যাক মই নেদেখোঁ,
যাক মই সর্বত্র লগ পাওঁ,
আৰু যাক মই অন্য সময়ত পাহৰি যাওঁ,
সেইজন যি মনে মনে থাকে মই কথা কৈ থাকোতে
সেইজন যিজনে ক্ষমা কবি দিয়ে মধুৰভাৱে, যেতিয়া ঘৃণা কৰোঁ মই তেওঁক
সেইজন যিজনে খোজ দি থাকে যেতিয়া মই অৱৰুদ্ধ চাৰিদুৱাৰৰ মাজত সেইজন যিজন
থিয় দি থাকে এতিয়াও যেতিয়া মই মৰোঁ

(ইংৰাজী শিৰোনাম: ‘I am not I’, ইংৰাজী অনুবাদ: ৰবাৰ্ট ব্লাই)

কোনে জানে কি ঘটি আছে

কোনে জানে কি ঘটি আছে প্ৰতিটো প্ৰহৰৰ সিপাৰে?
তাত কিমানবাৰ বেলি ওলাল পৰ্ব্বতটোৰ তলত।
কতবাৰ যে মেদুৰ মেঘে এনাজৰী ছিঙি গুচি গ’ল
চুব পৰা দূৰত্বৰ সিপাৰলৈ
আছিল তেতিয়া গাজনি-ঢেৰেকণিৰে ভৰপূৰ স্বৰ্ণাভ শৰীৰ।
গোলাপফুল পাহ আছিল বিষ। তৰোৱালখনে দান কৰে জীৱন।
মই ভাবি আছিলোঁ এখন কুসুমিত প্ৰান্তৰৰ বতৰা
আলিবাটটোৰ সমাপ্তিত আৰু বিচাৰি পালোঁ নিজকে কজলাপানীৰ জলাহত৷
মই ভাবি আছিলোঁ মানৱীয়তাৰ মহৎ গৰিমাৰ কথা,
আৰু বিচাৰি পালোঁ নিজকে ঐশ্বৰিকতাত।

(ইংৰাজী শিৰোনাম: ‘Who Knows What is Going on’, ইংৰাজী অনুবাদ: ৰবাৰ্ট ব্লাই)

পূর্ণিমা

উন্মুক্ত দুৱাৰ,
উঁইচিৰিঙাটোৱে গান গাইছে
আৰু তুমি পথাৰবোৰত
ভ্ৰমি ফুৰিছা বিবসনা?

কাহানিও শেষ নোহোৱা পানীৰ দবে,
ওলাই-সোমাই সর্বত্রত।
ভ্রমি ফুৰিছা নেকি তুমি
বিবসনা বতাহত?

তুলসীজোপা নাযায় টোপনি,
পৰুৱাটো সদা ব্যস্ত।
তুমি ভ্রমি ফুৰিছা নেকি বিবসনা
ঘৰটোৰ ভিতৰত?

(ইংৰাজী শিৰোনাম: ‘Full Moon’, ইংৰাজী অনুবাদ: ৰবাৰ্ট ব্লাই)

এটি নিশা

প্রাচীন মকৰাবোৰে ক্ৰমশঃ গতি কৰে একাবেঁকা গতি অপাৰ বিস্তৃতিলৈ
সিহঁতৰ কুঁৱলীধূসৰ বিস্ময় বৈ পৰে মৰহা ফুলবোৰত,
খিৰিকীবোৰ, জোনাকে থকা-সৰকা কৰা, ছাঁ পৰে
সিহঁতৰ কম্পনকাতৰ মালাবোৰ ম্লান হয় নিকুঞ্জবোৰত।
বেলকনিবোৰে চাই ৰয় দখিনলৈ ধিয়াই।
ৰাতিটো আছিল অমৰণ অভগন আৰু জুৰ,
দূৰণিৰ পথাৰবোৰৰ পৰা ভাহি আহে সদ্যোজাত বসন্তৰ কণ্ঠস্বৰ
বৈ পৰিছিল মধুৰতাৰ এটি উশাহ দৃশ্যটোৰ শৰীৰ ছুই। কিমান নীৰৱ।
শোকে নিস্তব্ধ কৰিছিল তাৰ বৰ্ণময় কেঁকনি।
ঘাঁহেৰে ভৰা প্ৰান্তৰৰ ছায়ামগ্ন গোলাপবোৰৰ মাজত,
প্রেম আছিল এটি সাধুকথা
ছাঁ পেলাইছিল পৰাভূত কৰিছিল
উলটি আহিছিল ওৰনপৰা বিস্মৃতিৰ অতল পৰশা তলিৰ পৰা।
উদ্যানখনিৰ মাতটোৱেই আছিল সর্বস্ব—
মৃত্যু ঘটিছিল সম্রাটগণৰ—
জানিবুজিয়েই নীলা নক্ষত্ৰবোৰ কাহিল
যদিহে শতিকাৰ পৰা শতিকালৈ বৈ পৰা দুখবোৰ কিৰিটী পিন্ধাই মোক
তাত দূৰৱৰ্তী আৰু অকলশৰীয়া।

(ইংৰাজী শিৰোনাম: ‘One Night’, ইংৰাজী অনুবাদ: থমাছ ৱাল্শ্ব)

ৰাতুলকুমাৰ শইকীয়া এগৰাকী অনুবাদক আৰু বিজ্ঞানৰ শিক্ষক৷ তেওঁৰ এতিয়ালৈ প্রকাশিত গ্ৰন্থসমূহ হ’ল–পাবলো নেৰুদাৰ কুৰিটা প্ৰেমৰ কবিতা আৰু এটা হতাশাৰ গান (২੦১৯); ফৰাচী কবিতা (২੦২২); উত্তৰ ইউৰোপৰ কবিতা (২੦২৩) (চুইডেন, ডেনমার্ক, ফিনলেণ্ড, নৰৱেৰ কবিতা); পাবলো নেৰুদাৰ নিৰ্বাচিত কবিতা (২੦২৪) আদি।