জীৱন নৰহৰ কবিতা

Issue: Vol. IV, No. 4, February-April, 2026

এটা সপোনৰ স’তে

এটা সপোনৰ স’তে খেলি থাকোতে
পাহাৰৰ সেউজীয়া ঢৌৱে ওচৰ চাপি আহিছিল

চেগুন গছৰ তলে তলে
সাপৰ দৰে বাট এটা নিজৰাটোলৈ নামি গৈছিল

সেউজীয়া ঢৌ গাত সানি লৈ
বাটেদি গৈ থাকোতে

চেগুন গছৰ ছাঁবোৰে মোক খেদি আহিছিল

মই চিঞৰি দিলোঁ
চেগুন গছৰ আটাইবোৰ পাত সৰি পৰিল

সাপৰ দৰে বাটটো
পাহাৰৰ ৰঙা ঢৌ হৈ
মোক মেৰিয়াই ধৰিছিল৷

সন্ধ্যা-চাকি

ছোৱালীবোৰৰ ওঁঠে ওঁঠে ফুলি উঠিল গধূলিগোপাল
চোতালে চোতালে ৰঙা আৰু বগা ৰঙৰ সন্ধ্যা-চাকি

নদীত তিতি ঘৰৈল উভতি অহা গৰুৰ পিছ পিছে
দীঘলীয়া ৰাতি

উটি-ভাহি থাকে ৰাতি আৰু মানুহ

ডিমৰুৰ ফুল বিচাৰি বগাই ফুৰে গছ
তললৈ চাব নোৱাৰি আন্ধাৰ

ওঁঠে ওঁঠে ডিমৰু গুটিৰ ৰস৷

An English translation of the poems.