যি কবিতা, কবিতা লিখাৰ প্ৰেৰণা মোৰ

উদয় কুমাৰ শৰ্মা

Issue: Vol. IV, No. 4, February-April, 2026

নলিনীবালা দেৱী আৰু মোহন কৃষ্ণ মিশ্ৰ

‘মৰতত সৰগ নমাই’ মাতৃৰ কোলা শুৱনি কৰা ‘সোণৰ পুতলী’ ‘পোনা’টি যেতিয়া সৰগলৈ গুচি যায়— কবি-মাতৃৰ মন মুচৰি মৰা শোকৰ হাহাকাৰে কবিতাৰ ৰূপ লোৱাতহে কিছু হ’লেও শান্তি পায়। অকাল বৈধব্যৰ যন্ত্রণাৰ মাজতে, সন্তান হেৰুৱাবলগীয়া হোৱা শোকদগ্ধ জীৱনৰ জীৱন্ত অভিজ্ঞতাৰে, প্ৰাণ-কুমলীয়া ভাষাৰে নলিনীবালা দেৱীয়ে (১৮৯৮-১৯৭৭) লিখিছিল ‘ধৰাৰ পাৰিজাত’ নামৰ কবিতাটি। মাক আছে মৰতত, পুত্র সৰগত! ‘মাতৃ’ আৰু ‘পোনা’ৰ মাজৰ কাব্যিক কথোপকথন:

মাতৃ: ৰূপ-ৰস সুখেভৰা/ সিদেশত আছে জানো/ মাটিৰ মৰম সনা/ প্ৰাণ কুমলীয়া,/ তোৰ হকে পমি যোৱা/ জীৱনে জীৱন দিয়া/ মৰমী মাতৃত্ব এই/ সুকোমল হিয়া?

পোনা: আছে আই সিদেশত/ ৰূপৰ গুণৰ পূজা/ চিৰ-সৌন্দৰ্য্যৰ শোভা/ নয়ন জুৰোৱা,/ মাটিৰ মৰমে ভৰা/ তোৰ ই বুকুৰ উম/ তোৰ ই মৰমী হিয়া/ অ’ মোৰ চেনেহী আই/ নাই তাত নাই, নাইকিয়া।

১৯৭২ চনৰ কথা। তিনি-পৃষ্ঠাজোৰা কবিতাটি বাৰে বাৰে পঢ়ি, ক’ব নোৱৰাকৈয়ে চকুলো টুকিছিলোঁ বাৰে বাৰে মই (বয়স : ১৫)! ই কি শিহৰণ! কবিতাৰ মায়া জাগি উঠিছিল প্ৰাণত; আৰু, কবিতা বুলি হাত দিছিলোঁ শব্দত।

প্ৰতিটো ভাষাৰে স্বমহিমামণ্ডিত কালিকা-শক্তি, এটা আপোন জীৱন অথবা প্ৰাণৱন্ত চৰিত্ৰ থাকে— যি হাঁহি, বিষাদ বা আৱেগেৰে প্ৰাণময় আৰু ৰসাল। ভাষাৰ এনে যাদুকৰী ঐশ্বৰ্য্য বা প্ৰাণস্পৰ্শী শক্তিয়েই কবিৰ আন্তৰিকতাপূৰ্ণ প্ৰয়োগৰ কিটিপত— কবিতা জীৱন্ত হৈ পৰে। কবিতাৰ যি শব্দ আৰু বক্তব্যত, কবিৰ প্ৰাণৰ স্পন্দন শুনিবলৈ পোৱা যায়— সেয়াই কবিতাৰ প্ৰাণ।

কবি-প্ৰাণৰ তেনে স্পন্দন, আকূল ভাবেৰে ওপচা শব্দৰ ঢৌখেলা লহৰ শুনিবলৈ পাওঁ ‘ধৰাৰ পাৰিজাত’ শীৰ্ষক কবিতাটিৰ এনেবোৰ বাক্যত: ‘মাটিৰ মৰম সনা/ প্ৰাণ কুমলীয়া,/ তোৰ হকে পমি যোৱা/ জীৱনে জীৱন দিয়া। ‘

পৰৱৰ্তী সময়ত, মোহন কৃষ্ণ মিশ্ৰ(১৯৪৭-১৯৯১)ৰ কবিতাৰ নিভাঁজ-সৰল সাংকেতিক ভাষা আৰু জীৱন-বোধৰ গভীৰতাই মোক মুগ্ধ কৰি ৰাখিছে : ‘আজি কিছুদিন আগতে যি ছোৱালীজনী নৈৰ ঘাটত ৰৈ আছিল/ তাই এতিয়া গধূলি চহৰৰ গলিৰ মুখত ৰৈ থাকে’ (‘সমদল’, ৰচনা : ০২-০৮-১৯৭৮)। কবিতাত, যিখিনি নোকোৱাকৈ থাকি যায়, যি ইঙ্গিতে পঢ়ুৱৈৰ মন-মগজুত এটি টোকৰ মাৰিব পাৰে— দৰাচলতে, সেইখিনিহে কবিতাৰ ৰসময় সাৰ। গাঁৱলীয়া জীৱনৰ ‘নৈৰ ঘাট’ৰপৰা এজনী ছোৱালীক ‘চহৰৰ গলি’ত পৰ দিবলৈ বাধ্য কৰা সমাজ-ব্যৱস্থাৰ নিদাৰুণ বাস্তৱিকতাৰ পৰিণতিৰ জীৱন্ত চিত্ৰায়ণ অপূর্ব! কৈ দিয়াৰ সলনি— বুজিবলৈ এৰি দিয়া হৈছে— কিয় ‘চহৰৰ গলিৰ মুখত ৰৈ থাকে’৷

‘কবিতা সম্পর্কে’ কবিতাটিত মিশ্ৰছাৰে লিখিছে : ‘কৰ্ষণবিহীন এই মগজুত অহৰহ কুটি আছে পোকে/ দিনত শুবৰ মন, ৰাতি মোৰ টোপনি নাহে/ নিজকে ঘোঁৰাৰ লগত গাঁঠি দি যেন চোঁচৰাই নিম/ যাতনা হওক, জ্বলি যাওক দেহ, মোক গতি লাগে… বিকাৰগ্ৰস্ত মানুহ কি/ কবিতাৰ প্ৰেমত পৰে?’ —’দিনত শুবৰ মন’ৰ দৰে ব্যক্তিগত আলস্যৰ বিপৰীতে ‘নিজকে… চোঁচৰাই’ নিবলৈ বিচৰা নতুন চিন্তাৰে চমৎকাৰ, দুৰ্দান্ত হাবিয়াসৰ কল্পনা— দৃশ্যমান হৈ পঢুৱৈক প্ৰভাৱান্বিত কৰি আলোড়িত কৰিবই।

এনেবোৰ কবিতাই, কবিতাৰ এখনি অনিৰ্বচনীয় জগতলৈ মোক লৈ যাওঁতে, মোৰ ভাব হৈছে: শব্দৰ সংকুচিত ভাবৰ আন্ত:ধ্বনিতকৈ তাৰ স্পন্দনধ্বনিৰ আৱেগিক বিস্তাৰৰ ভূমিকা— পাঠকৰ বাবে নিঃসন্দেহে অধিক আকৰ্ষণীয়৷