জাপানী প্ৰেমৰ কবিতা

মূল: অ’ন ন কমাচি

অনুবাদ: ৰাজীৱ বৰুৱা

Issue: Vol. IV, No. 4, February-April, 2026

টোকা: টকিঅ’ৰ, পৰা সংগ্ৰহ কৰি অনা The Ink dark Moon নামৰ ধ্ৰুপদী জাপানী কবিতাপুথি এখন পঢ়িছিলোঁ। তাতে অতীব সুন্দৰী কবি অ’ন ন কমাচি(Ono no Komachi, জ. ৮২৫-মৃ.৯੦੦ চন)ৰ এই কবিতা বা তেতিয়াৰ জাপানী Waka৷ জাপানৰ হেইন ৰাজত্ব কালৰ সোণালী (Court poets of the Golden period of Japan) যুগৰ কবি অ’ন ন কমাচি। ৰজাঘৰীয়া কবি। আজিও জাপানত কমাচিৰ ৰূপ-লাৱণ্যৰ চৰ্চা কৰা হয়। পুথিখন সম্পাদনা আৰু অনুবাদ কৰিছে প্ৰসিদ্ধ মাৰ্কিন কবি Jane Hirshfield-এ৷ তেওঁ কবি লগতে এগৰাকী প্ৰাবন্ধিকো৷ দহখন কবিতা পুথিৰ ৰচয়িতা৷ হাৰ্ছফিল্ডৰ প্ৰবন্ধপুথি দুখনৰ নাম বৰ আকৰ্ষণীয়— Nine Gates  : Entering the Mind of Poetry (১৯৯৭) আৰু Ten Windows: How Great Poems Transform the World (২০১৫)। ন’বেল বঁটা বিজয়ী পলিছ ভাষাৰ কবি ছেশলভ মিউৱছে (Czeslaw Milosz) যন্ত্ৰনাক্লিষ্ট জীৱ-জগতৰ প্ৰতি হাৰ্ছফিল্ডৰ গভীৰ সমমৰ্মিতাৰ কথা বৰকৈ বখানিছিল।

(১)
এটা হৰিণাৰ ফোৰোহনিত গভীৰ হৈ আহে ৰাতি
আৰু মই শুনা পাওঁ
মোৰ এক তৰফা প্ৰেম

(২)
মোৰ কামনা যেতিয়া
চৰমত উঠে
মই নিশাৰ
পোছাকযোৰ লুটিয়াই
পিন্ধো
ৰাতি খহটা বাকলি
যেন তামসী

(৩)
এইটো যদি সপোন আছিল
মই অৱশ্যেই আকৌ দেখা পাম তোমাক
সাৰে থকা জীয়া প্ৰেমক অপূৰ্ণকৈ
এৰি দিব পাৰি?

(৪)
নিঃসংগতাৰ স’তে
উজাগৰে থাকি,
ৰূপহী জোনলৈ
চোৱাৰ হাবিয়াস
এৰিব নোৱাৰোঁ।

(৫)
তুমি দিয়া উপহাৰবোৰে
মোৰ শতৰু শালিলে
এইবোৰৰ অবিহনে হয়তো মই
এদণ্ডও পাহৰিব নোৱাৰিলেহেঁতেন
তোমাক