জাপানী কবিতাৰ এক ধাৰা– ‘হাইকু’

Issue: Vol. IV, No. 4, February-April, 2026

অনিৰ্বাণ দত্ত

হাইকু (Haiku) হৈছে প্ৰাকৃতিক চিত্ৰকল্প সন্নিৱিষ্ট, অ-ছন্দোবদ্ধ, তিনিশৰীয়া সংক্ষিপ্ত জাপানী কবিতা৷ (A Haiko is a form of Japanese poetry of short, unrhymed lines that incorporate natural imagery.) হাইকু কবিতাৰ প্ৰথম আৰু তৃতীয় শাৰীত পাঁচটা, আৰু দ্বিতীয় শাৰীত সাতটা অক্ষৰ বা ধ্বনিগোট (syllable) থাকে৷ হাইকু কবিতাই সাধাৰণতে প্ৰকৃতি আৰু ঋতুৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু প্ৰতিটো হাইকু কবিতাই বছৰৰ কোনোবা নহয় কোনোবা এটা নিৰ্দিষ্ট সময়ক ইংগিত কৰে৷ কবি আৰু কাব্য অনুৰাগীসকলে হাইকু কবিতাক প্ৰায়ে প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰা আৰু চৌপাশৰ জগতখনৰ অনাবিল সৌন্দৰ্যৰ সোৱাদ লোৱাৰ এক উপায় হিচাপে গণ্য কৰে৷ কিন্তু বহু জাপানী লোকে ইয়াক ধ্যান বা আধ্যাত্মিক অনুশীলনৰ উপায় হিচাপে গ্ৰহণ কৰে, বা নিজৰ  জীৱনৰ বৰ্ণাঢ্য অভিজ্ঞতা আৰু অকৃত্ৰিম আৱেগক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰে৷ এই তিনিশৰীয়া কবিতাবোৰে প্ৰকৃতি, ঋতু, বা একোটা নিৰ্দিষ্ট মুহূৰ্তৰ নান্দনিক চিত্ৰ পাঠকৰ সন্মুখত তুলি ধৰি এক গভীৰ ভাব, অনুভুতি পাঠকৰ হৃদয়ত ৰোপণ কৰে৷ ইয়াৰ দ্বাৰা পাঠকৰ জৈৱিক অভিজ্ঞতাৰ লগত অনুভূতি শক্তিক সংযোগ সাধন কৰি সুখ-দুখ, ভালপোৱা, বিষাদ-আহ্লাদৰ প্ৰকৃত উপলব্ধি দান কৰে৷ আওপকীয়াকৈ পাঠকক ৰহস্যময় লৌকিক আৰু অলৌকিক জগতখনক বুজিবলৈ উদ্বুদ্ধ কৰি তোলে৷ বিচিত্ৰ ভাবনাৰ হাইকুবোৰে পাঠকৰ অন্তৰ্জগতৰ গভীৰতাক স্পৰ্শ কৰিবলৈ উদ্বাউল হৈ থাকে৷ ইয়াৰ প্ৰথম দুটা শাৰীয়ে এখন পৰিষ্কাৰ ছবি আৰু হৃদয় কঁপি উঠা উপলব্ধিৰ জোঁকাৰণি এটা পাঠকৰ মন-মগজুত সিঁচি দিয়ে৷ তৃতীয় শাৰীটোৱে এটা মন্তব্য বা পৰ্যবেক্ষণ আগবঢ়ায়৷ অৱশ্যে, হাইকু হ’বলৈ কেৱল ৩টা শাৰী আৰু ১৭টা ধ্বনিগোটেই (syllables) মূল কথা নহয়। ইয়াত আন কিছুমান কথাও আছে। যেনে, হাইকুত একেটা বিষয়তে দুটা বেলেগ বেলেগ প্ৰতিচ্ছবি বৰ্ণিত হয় আৰু ছবি দুখনক ‘কিৰেজি’(kireji-ৰ অৰ্থ স্থানান্তৰত উল্লেখ কৰা হৈছে)ৰ সহায়ত সংযোগ কৰা হয়। মানস-চিত্ৰত ফুটি উঠা পৃথক পৃথক পৰিঘটনা দুটা ইটো সিটোৰ পৰা স্বাধীন, কিন্তু দুয়োটা মিলি এটা মুহূৰ্তৰ জীৱন্ত ছবি সৃষ্টি কৰে।

জাপানী ভাষাৰ “হাইকু” শব্দটো ‘Hai’ আৰু ‘Ku’ শব্দ দুটাৰ পৰা নিষ্পন্ন হৈছে৷ Hai শব্দটোৰ অৰ্থ হ’ল শ্ৰুতিমধুৰ, মনপৰশা (heart-touching), আৰু ‘Ku’ শব্দৰ অৰ্থ হ’ল কবিতাৰ স্তৱক, পংক্তি বা গীতৰ একোটা কলি বা চৰণ (Verse)৷ গতিকে, হাইকু মানে হ’ল “মনপৰশা ভাবৰ কবিতা বা গীতৰ একোটা চুটি কলি৷” অৱশ্যে, জাপানী পৰম্পৰাগত দীঘল কবিতা(যেনে— হাইকাই নো ৰেংগা)ৰ প্ৰথম স্তৱক— যাক “হোক্কু” বোলা হৈছিল, হাইকু শব্দটো তাৰ পৰাই উদ্ভৱ হৈছে৷ উল্লেখ নিষ্প্ৰয়োজন যে, হাইকু কবিতা জাপানী সাহিত্যৰ এটা অতি বিস্ময়কৰ কাব্যধাৰা আৰু ই জগতজুৰি সমাদৃত৷

জাপানৰ অগণন হাইকু কবিৰ ভিতৰত চাৰিগৰাকীক হাইকুৰ বিশেষজ্ঞ হিচাপে স্বীকৃতি দিয়া হয়৷ তেওঁলোক হ’ল— মাট্‌ছ’ বাশ্ব’ (১৬৪৪-৯৪), য়ুছা বুছন (১৭১৬-৮৪), কোবায়াছি ইছা (১৭৬৩-১৮২৭) আৰু মাছাওকা শ্বিকি (১৮৬৭-১৯০২)। এওঁলোকক একেলগে ‘গ্ৰেট ফ’ৰ’ বোলা হয়৷ এই চাৰিগৰাকীৰ ভিতৰত আকৌ সুখ্যাতি লাভ কৰাজন হ’ল মাট্‌ছো বাশ্ব’৷ হাইকু কবিতাক এক সন্মানীয় আসনত উপৱীষ্ট কৰোৱাৰ কৃতিত্ব বাশ্ব’ক দিয়া হয়৷ বাশ্ব’ৰ পূৰ্বেও হাইকু কবিতা ১৭টা ধ্বনিগোটেৰে (syllables) লিখাৰ ৰীতি আছিল ঠিকেই, কিন্তু তেওঁ হাইকু কবিতালৈ যি সংক্ষিপ্ততা, সৰলতা, আৰু ভাবৰ গভীৰতা টানি আনিলে সেয়া চমৎকাৰী৷ আন একাংশ প্ৰখ্যাত হাইকু কবি হ’ল— কিওছি তাকাহামা (১৮৭৪—১৯৫৯), ইপাকিৰো নাকাৎসুকা (১৮৮৭—১৯৪৬), চেকিতেয়ী হাৰা (১৮৮৯—১৯৫১), হিচাজো চুগিতা (১৮৯০—১৯৪৬),  চুজু তাকানো (১৮৯৩—১৯৭৬), কাকিও তোমিজাৱা (১৯০২—১৯৬২), কোয়ী নাগাতা (১৯০০—১৯৯৭) আদি৷

মাট্‌ছ’ বাশ্ব’ (Matsuo Basho): কোৱা হয় যে “হাইকুক জানিবলৈ বাশ্ব’কো জানিব লাগিব৷” হাইকু কবিতাক নিজৰ অভূতপূৰ্ব কাব্যপ্ৰতিভাৰে উজলাই পাঠক সমাজৰ মাজত জনপ্ৰিয় কৰি তোলা মহান শব্দশিল্পীগৰাকীয়েই আছিল মাট্‌ছ’ বাশ্ব’৷ বিশেষকৈ, সপ্তদশ শতিকাৰ পৰৱৰ্তী সময়ছোৱাত যেতিয়া জাপানী সাহিত্য-সংস্কৃতিৰ লগত পশ্চিমীয়া কবি-সাহিত্যিকসকলৰ পৰিচয় ঘটিছিল, সেই সময়ত তেওঁলোকে বাশ্ব’ৰ হাইকু কবিতাৰ সুস্বাদু ৰস পান কৰি অত্যন্ত বিমোহিত হৈ পৰিছিল আৰু নিজৰ নিজৰ ভাষালৈ সেইসমূহ অনুবাদ কৰি হাইকুক বিশ্বজোৰা প্ৰসিদ্ধি দান কৰিছিল৷ এইগৰাকী মহান কবিৰ জন্ম হৈছিল ১৬৪৪ খ্ৰীষ্টাব্দত উয়েন’ চহৰত৷ তেওঁৰ পিতাক টোডো পৰিয়ালৰ অধীনত কাম কৰা এজন নিম্নবৰ্গৰ চামুৰাই আছিল৷ টোডো পৰিয়ালৰ উত্তৰাধিকাৰী ইউচিটাডোৰ সৈতে বাশ্ব’য়ে নবছৰ বয়সলৈকে পঢ়া-শুনা কৰিছিল৷ দুয়োজনৰ মাজত অন্তৰংগ বন্ধুত্ব গঢ়ি উঠিছিল আৰু দুয়ো একেলগে সেই কালৰ বিখ্যাত লেখক তেইতুকুৰ অধীনত যুক্ত কবিতা(linked verse)ৰ শিল্পগুণৰ বিষয়ে মনপুতি অধ্যয়ন কৰিছিল৷ কিন্তু বিধিৰ বিপাকত বন্ধু ইউচিটাডোৱে ২৫ বছৰ বয়সতে সংসাৰৰ পৰা মেলানি মাগিলে৷ মনৰ দুখত বাশ্ব’ই টোডো পৰিয়াল ত্যাগ কৰি কিয়টো চহৰলৈ গুচি যায়৷ তাত এটা মন্দিৰত গোপনে আশ্ৰয় লৈ জাপানী আৰু চীনা কালজয়ী মহাকাব্যবোৰ অধ্যয়ন কৰাত মনোনিৱেশ কৰে৷ ১৬৭১ চনত তেওঁ স্ব-গৃহলৈ উভতি আহিছিল আৰু এখন গ্ৰন্থ সংকলন-সম্পাদনা কৰিছিল৷ সংকলনখনত অনেক খ্যাতিমান লেখকৰ লগতে তেওঁৰ নিজৰো কেইবাটাও লেখা সন্নিৱিষ্ট হৈছিল৷ প্ৰতিটো লেখাৰ লগত তেওঁৰ সমালোচনামূলক টিপ্পনীবোৰ আছিল৷ গ্ৰন্থখনে সোনকালেই বিদ্বৎ সমাজৰ সমাদৰ লাভ কৰিছিল আৰু মাট্‌ছ’ বাশ্ব’ বিৰল সন্মানৰ পাত্ৰ হৈছিল৷ এই সফলতাৰ পাছত তেওঁ এডো (বৰ্তমান টকিঅ) চহৰলৈ গুচি গৈছিল আৰু তাতো কবি সমাজে তেওঁলৈ এখন উচ্চ আসন আগনবঢ়াই নোৱাৰিছিল৷ ১৬৭৬ খ্ৰীষ্টাব্দত কিতাপ আকাৰে প্ৰকাশ কৰিবৰ উদ্দেশ্যে তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰে৷ চাৰি বছৰমানৰ ভিতৰতে তেওঁৰ কেইবাখনো কবিতা-সংকলন প্ৰকাশ হৈ ওলাইছিল৷ কিন্তু, কম দিনৰ ভিতৰতে এনেবোৰ কামৰ প্ৰতিও তেওঁৰ বিৰাগ জন্মিছিল৷ আকৌ এবাৰ বাসগৃহ সলনি কৰি, তেওঁ গৈ এখন নৈৰ পাৰত সৰু ঘৰ এটি কৰি থাকিবলৈ লয়৷ এক কঠিন একাকীত্বৰ মাজত থাকি তেওঁ আৰু অধীক গভীৰ চিন্তা-চেতনাৰে কাব্য সাধনা কৰিবলৈ ধৰে৷ এনেতে তেওঁ এগৰাকী জেন বৌদ্ধ পুৰোহিতৰ দ্বাৰা প্ৰভাৱিত হয় আৰু Zen Meditation-ৰ চৰ্চা আৰম্ভ কৰে৷ ১৬৮২ খ্ৰীষ্টাব্দত তেওঁৰ ঘৰটো এক অগ্নিকাণ্ডত ভস্মীভূত হৈ পৰে৷ ইয়াৰ পৰৱৰ্তী দুটা বছৰত লিখা কবিতাবোৰত তেওঁ যে লেখাৰ নিজা শৈলী এটা তৈয়াৰ কৰাৰ বাবে কঠোৰ সংগ্ৰাম কৰি আছিল সেয়া বুজিব পাৰি৷

১৬৮৪ খ্ৰীষ্টাব্দৰ জহকালৰ এটা অত্যন্ত ভয়ংকৰ দিনত বাশ্ব’য়ে তেওঁৰ জীৱনৰ চাৰিটা বিখ্যাত ভ্ৰমণৰ প্ৰথমটো আৰম্ভ কৰে৷ সেইখিনি সময় ভ্ৰমণৰ বাবে মুঠেও সুচল নাছিল আৰু তেওঁ যি কুখ্যাত পথেৰে খালি ভৰিৰে খোজ কাঢ়ি যাত্ৰা আৰম্ভ কৰিছিল, সৰহভাগ মানুহে সেই পথলৈ ঘূৰি চাবলৈও সাহস কৰা নাছিল৷ মধ্যযুগীয় জাপানত তেনেকুৱা পাঁচটা কুখ্যাত পথ (গোকাইডো) আছিল, য’ত খোজে প্ৰতি মৃত্যুৰ ভয়, দুৰ্গম ৰাস্তা, হিংস্ৰ জীৱ-জন্তু আৰু ডকাইতৰ আক্ৰমণ অৱধাৰিত আছিল৷ কিন্তু, বাশ্ব’ৱে সেই পথবোৰেৰে উত্তৰ জাপানৰ বিপজ্জনক স্থান পৰ্যন্ত ভ্ৰমণ কৰি অভিজ্ঞতা গোটাইছিল৷ প্ৰতিটো যাত্ৰাৰ প্ৰতিটো খোজতে বাশ্ব’ৰ মনোভাবৰ উন্নতি ঘটিছিল আৰু তেওঁ বিমল আনন্দ লাভ কৰিছিল৷ বাশ্ব’ৱে বাটত বহু বন্ধুক লগ পাইছিল আৰু পৰিৱৰ্তিত ঋতুৰ প্ৰতি আকৰ্ষিত হৈছিল৷ তেওঁ সমস্ত অনুভৱ, উপলব্ধি আৰু বিৰল অভিজ্ঞতাখিনি প্ৰতিদিনে লিখি গৈছিল৷ এই ভ্ৰমণ কাহিনীবোৰ জাপানী ধ্ৰুপদী সাহিত্যৰ অমূল্য সম্পদ ৰূপে পৰিগণিত হৈ পৰিছিল৷ চমৎকাৰী গদ্য আৰু পদ্যৰ সংমিশ্ৰণেৰে লিখা বাশ্ব’ৰ সেই কাহিনীবোৰক ‘হাইবুন’ বোলা হৈছিল৷ হাইবুনবোৰ যদিও ধৰ্মনিৰপেক্ষ আছিল তথাপি তেওঁ আধ্যাত্মিক জ্ঞান আৰু শোগুন (Shogun) ৰাজতন্ত্ৰ যুগ(১৬০৩—১৮৬৭)ত হেৰুৱাই পেলোৱা প্ৰমূল্যবোৰৰ পুনৰুত্থান বিচাৰিছিল৷ হাইবুনবোৰে তেওঁৰ উচ্চ স্তৰৰ সাহিত্যিক পৰিচয়, বৌদ্ধিক পৰিপক্বতা, চিন্তা-দৰ্শনৰ বিশালতা, আৰু গভীৰ পাণ্ডিত্য গুণ সাব্যস্ত কৰিছিল৷ হাইবুনবোৰৰ অন্তৰ্নিহিত প্ৰধান ভাবটো আছিল আধ্যাত্মিক৷ সেই সময়ছোৱাতে তেওঁৰ ৰচনাৰ আন কেইবাখনো সংকলন প্ৰকাশ হৈছিল৷ তাৰ ভিতৰত ‘বসন্তৰ দিন’ আৰু তেওঁ আৰু তেওঁৰ ছাত্ৰসকলৰ এটা উমৈহতীয়া কবিতা-সংগ্ৰহ আছিল উল্লেখযোগ্য৷ সেই সংগ্ৰহতে বাশ্ব’ৰ আটাইতকৈ প্ৰখ্যাত হাইকুটো সন্নিৱিষ্ট হৈ আছিল—

“ফুৰুইকেইয়া, কাওয়াজু তোবিকোমু, মিজু নো ওটো৷”

অৰ্থাৎ —

“পুৰণি পুখুৰীত
ভেকুলীটো জঁপিয়ালে
পানীত শব্দ৷”

সি যি হওক, তীব্ৰ সংবেদনশীলতা আৰু গভীৰ মননশীলতাৰ বাবে তেওঁক জাপানী কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হিচাপে শ্ৰদ্ধা কৰা হয়৷ বিশেষকৈ, অকুনোহোছমিচি (দি নেৰ’ ৰোড টু দ্য ডীপ নৰ্থ) গ্ৰন্থৰ বাবে তেওঁ বিশ্ববিখ্যাত৷ তাত তেওঁৰ তীব্ৰ সংবেদনশীল গদ্যৰ লগতে বিস্ময়কৰ হাইকুবোৰ সন্নিৱিষ্ট হৈ আছে৷

হাইকুৰ ইতিহাস

জাপানী কবিতা হাইকু— ইয়াৰ সৰলতা, চাৰুতা (elegance) আৰু মাত্ৰ কেইটামান শব্দৰ সহায়ত গভীৰ আৱেগ আৰু হৃদয়গ্ৰাহী প্ৰতিচ্ছবি প্ৰকাশ কৰাৰ সক্ষমতাৰ বাবে সমাদৃত৷ হাইকু কবিতাক জাপানৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ সাংস্কৃতিক পৰম্পৰা বুলি গণ্য কৰা হয়৷ জাপানী ইতিহাসত, আনুষ্ঠানিক কবিতা প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি আকস্মিক বিভিন্ন সভা-সমাৱেশ পৰ্যন্ত বিভিন্ন প্ৰসংগত হাইকু কবিতা ব্যৱহাৰ হৈ আহিছে৷ সেয়ে, জাপানী সমাজ, সাহিত্যত হাইকুৰ এক দীঘলীয়া আৰু আঢ্যৱন্ত ইতিহাস বিদ্যমান৷

জাপানী কাব্য সাহিত্যৰ ইতিহাস চালে দেখা যায় যে, পৰম্পৰাগতভাৱে জাপানত যি শৈলীৰ কবিতা চৰ্চা হৈছিল তাক Waka বুলি কোৱা হয়৷ দূৰ অতীতৰ পৰা বিভিন্ন ধাৰাৰে Waka কবিতাৰ চৰ্চা হৈ আহিছিল৷ তাৰে দুটা মুখ্য ধাৰা আছিল— টংকা (Tanka) আৰু চ’কা (Choka)৷ চ’কাৰ তুলনাত টংকাৰ জনপ্ৰিয়তা আছিল অধিক৷ হাইকু কবিতাৰ উৎপত্তিৰ শিপা হেইয়ান যুগ(৭৯৪—১১৮৫)ৰ টংকা কবিতাবোৰতে অন্তৰ্নিহিত হৈ আছিল৷ টংকাবোৰ ৫—৭—৫—৭—৭ আৰ্হিত সজোৱা ৩১টা অক্ষৰ বা ধ্বনিগোট(syllables)ৰ কবিতা৷ গভীৰ প্ৰেম আৰু উদ্ভ্ৰান্ত ইচ্ছাৰ পৰা আৰম্ভ কৰি হৃদয়বিদাৰক শোক-যন্ত্ৰণা আৰু প্ৰবল কামনা-বাসনা, হেঁপাহ-হাবিয়াহ পৰ্যন্ত আৱেগবোৰ টংকা কবিতাত অন্তৰ্ভুক্ত৷ আনহাতে, জাপানী সংস্কৃতিত চীনা কবিতাৰ প্ৰভাৱ পৰাৰ লগে লগে প্ৰকৃতি প্ৰেম আৰু প্ৰাকৃতিক জগতৰ গুৰুত্বই জাপানী কবিসকলকো উদ্বুদ্ধ কৰিছিল৷

সি যি হওক, মধ্যযুগ(১৩৫৬)ত এক বিশেষ পৰিস্থিতিত সংযুক্ত পংক্তিৰ কবিতাৰ (Link Verse Poetry) এক নতুন ৰূপৰ আৱিৰ্ভাৱ হৈছিল, যাক ‘হাইকাই নো ৰেংগা’ (Haikai No Ranga) বোলা হৈছিল৷ ‘হাইকাই নো ৰেংগা’ (চমুকৈ Ranga) আছিল এটা গোটৰ কাৰ্যকলাপ (group activity), য’ত প্ৰতিজন অংশগ্ৰহণকাৰীয়ে আগতে অহা পদ্যটোৰ প্ৰতি সঁহাৰি জনাই স্বতঃস্ফূৰ্তভাৱে নিজা এটা পদ্য ৰচনা কৰি নিজৰ বুদ্ধিমত্তা প্ৰদৰ্শন কৰিছিল৷ প্ৰতিদ্বন্দ্বিতাটো ঠিক আমাৰ বৰবিয়াত গোৱা যোৰা নামৰ সদৃশ৷

‘হাইকাই’ৰ অৰ্থ কৌতুক, ধেমেলীয়া কথা৷ প্ৰথমে হাইকাই নো ৰেংগাবোৰ সাধাৰণ লোকৰ মুখে মুখে সৃষ্টি হৈছিল৷ ‘হাইকাই নো ৰেংগা’ত দুয়োটা পংক্তিৰ মাজৰ সম্পৰ্ক যিমানেই আকৰ্ষণীয় হ’ব সিমানেই কবিৰ প্ৰতিভা প্ৰশংসিত হ’ব৷ পদ্যৰ মাজৰ সংযোগ অশ্লীলতাৰ পৰা কলাত্মকলৈকে হৈছিল, কিন্তু ৰেংগাক যেতিয়া মাট্‌ছ’ বাশ্ব’ৰ দৰে দক্ষ কবিসকলে গ্ৰহণ কৰিলে, তাৰ পাছত ই এটা মৰ্যাদাপূৰ্ণ ৰূপলৈ বিকশিত হ’ল আৰু পূৰ্বৰ অশ্লীলতাবোৰ নোহোৱা হ’ল৷ ৰেংগা কবিসকলে কবিতাৰ ভাষা আৰু ৰূপবৈচিত্ৰ্যৰ ওপৰত অধিক পৰীক্ষা-নিৰীক্ষা কৰাৰ থল পাইছিল৷ হাইকাই নো ৰেংগাৰ পংক্তিবোৰ ৫—৭—৫ অক্ষৰ বা ধ্বনিগোটত আৰু তিনিশৰীয়া আংগিকত সম্পূৰ্ণ কৰা হৈছিল৷ ইয়াৰ প্ৰথম পংক্তিটোক বা কবিতাটোক ‘হোক্কু’ বোলা হৈছিল৷ ওপৰত উল্লেখ কৰাই হৈছে যে হাইকু শব্দৰ এই হোক্কু শব্দৰপৰাই উদ্ভৱ হৈছে৷ ‘গ্ৰেট ফ’ৰ’ৰ অন্যতম মাছাওকা শ্বিকিয়ে ১৮৯০ খ্ৰীষ্টাব্দত আধুনিক ৰূপত হাইকু কাব্যশৈলীক প্ৰতিষ্ঠা কৰিবলৈ ইয়াক হাইকাই নো ৰেংগাৰ পৰা স্বতন্ত্ৰ কৰিছিল৷ জাপানৰ গুৰুত্বপূৰ্ণ হাইকু আলোচনী হোটোটোগিছুৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল এইজন মাছাওকা শ্বিকি৷ আধুনিক হাইকুৰ বহু উপাদান, যেনে— প্ৰকৃতিৰ ওপৰত গুৰুত্ব দিয়া, ঋতুভিত্তিক চিত্ৰকল্প ব্যৱহাৰ কৰা ৰীতি আদি ‘হাইকাই নো ৰেংগা’ৰ পৰাই আহিল বুলি কোৱা হয়৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানত হাইকুৰ ওপৰত চৰকাৰী চোৱাংচোৱাই তীক্ষ্ণ নজৰ ৰাখিছিল৷ ইয়ে প্ৰমাণ কৰে যে, জাপানী কবিতাৰ এই ধাৰাটো কিমান শক্তিশালী আছিল৷ যুদ্ধৰ পূৰ্বে প্ৰচলিত আন দুখন গুৰুত্বপূৰ্ণ হাইকু আলোচনীৰ নাম আছিল— আছিবি আৰু টেনৰো৷ ১৯৪৭ খ্ৰীষ্টাব্দত যুদ্ধোত্তৰ নতুন জাপানত “গোণ্ডাই হাইকু কিয়কাই” নামেৰে হাইকু সংগঠনৰো প্ৰতিষ্ঠা হৈছিল৷

হাইকুৰ বিশিষ্ট গঠন আৰু চৰ্তবোৰ হ’ল:
১) তিনিটা শাৰী থাকিব (have exactly three line)৷

২) প্ৰথম আৰু তৃতীয় শাৰীত পাঁচটা অক্ষৰ বা মাত্ৰা বা ধ্বনিগোট (syllables) থাকিব৷ (মাত্ৰা মানে কোনো স্বৰৰ উচ্চাৰণ কাল৷)

৩) দ্বিতীয় শাৰীত সাতটা অক্ষৰ বা মাত্ৰা বা ধ্বনিগোট (syllables) থাকিব৷

৪) ছন্দ (rhyme) অপৰিহাৰ্য নহয়৷

৫) এটা kireji বা cutting word থাকিব৷ (Kireji-য়ে কবিতাটোত হঠাতে ভাবৰ এক জোঁকাৰণি দিয়ে৷ সমান্তৰালভাৱে, kireji-য়ে ‘পাক’ বা turn এটা লোৱাক বুজায়, যাক আমি পশ্চিমীয়া ধ্ৰুপদী সাহিত্যৰ ছনেট কবিতাত ব্যৱহৃত ভল্টা(volta)ৰ অনুৰূপ বুলি বুজিব পাৰোঁ৷ ছনেটত ভল্টা (ইটালীয় শব্দ, যাৰ অৰ্থ ‘পাক’) হৈছে সেই গুৰুত্বপূৰ্ণ মুহূৰ্ত, য’ত কবিতাটোৱে চিন্তা, আৱেগ বা যুক্তিৰ ভিত্তিত হঠাৎ পাক (turn) এটা লয়৷ এই কামত কিন্তু (but), এতিয়াও (yet), আৰু, তথাপি, যদিও আদি শব্দবোৰ সাধাৰণতে ব্যৱহাৰ হয়৷ অসমীয়াত যতিচিহ্নকো kireji হিচাপে ব্যৱহাৰ কৰা হয়৷)

৬) এটা kigo বা ইংগিত অন্তৰ্ভুক্ত হ’ব, যি কবিতাটোৱে ব্যাখ্যা কৰা সময় বা ঋতুক বুজাব৷ (Kigo হৈছে হাইকুৰ দৰে পৰম্পৰাগত কবিতাত ঋতুৰ ইংগিত দিবলৈ ব্যৱহাৰ কৰা জাপানী ‘ঋতুৰ শব্দ’ বা বাক্যাংশ৷ ই চমু ইংগিতেৰে প্ৰকৃতিৰ আমেজ আৰু প্ৰসংগ সৃষ্টি কৰে৷ যেনে, বসন্তৰ বাবে ‘চেৰীফুল’, শীতকালৰ বাবে ‘নিয়ৰ’ প্ৰায়ে ব্যৱহাৰ হয়।)

৭) হাইকু কবিতাৰ শিৰোনাম নাথাকে৷

৮) হাইকু বৰ্তমান কালত লিখা হয়৷

৯) হাইকুৰ অন্যতম মূল বিষয়বস্তু হৈছে প্ৰকৃতি প্ৰেম।

১০) হাইকুৱে সাধাৰণতে তিনিটা মৌলিক প্ৰশ্নৰ উত্তৰ দিয়ে, যেনে— কি (What), ক’ত (where), কেতিয়া (When)৷ এই তিনিটাক হাইকুৰ প্ৰাথমিক উপাদান বুলিও কোৱা হয়৷ হাইকু এটাৰ উদাহৰণেৰে কথাখিনি ক’লে দিশটো বুজিবলৈ সহজ হ’ব—

“On the withered bough
A crow alone is perching;
Autumn evening now.”

অৰ্থাৎ—

“শুকাই যোৱা ডালটোৰ ওপৰত
অকলে কাউৰী এটা বহি আছে;
এতিয়া শৰতৰ সন্ধিয়া৷”

ইয়াত প্ৰথম শাৰীটোৱে where প্ৰশ্নটোৰ উত্তৰ, দ্বিতীয় শাৰীটোৱে what প্ৰশ্নটোৰ উত্তৰ আৰু তৃতীয় শাৰীটোৱে when প্ৰশ্নটোৰ উত্তৰ দিছে৷

সি যি হওক, আধুনিক জাপানী হাইকুসমূহত ৫—৭—৫(১৭ মাত্ৰাৰ নিয়ম)টো সদায়ে মানি চলা নহয়। প্ৰকৃতিৰ উল্লেখো সদায়ে নহয়। কিন্তু দুটা ভিন্ন চিত্ৰকল্পৰ উপস্থাপনৰ ৰীতি এতিয়াও মানি চলা হয়। অতি সম্প্ৰতি চিত্ৰকল্পবিলাক সাধাৰণতে দেখি থকা ঘটনা বা দৃশ্য হ’ব লাগে বুলি কোৱা হৈছে। আনহাতে, জাপানত হাইকুসমূহক ওপৰৰপৰা তললৈ লিখাৰ ৰীতি৷ ইংৰাজী বা অন্য ভাষাত ইয়াক তিনিটা শাৰীত লিখা হয়৷

হাইকু অত্যন্ত প্ৰভাৱশালী কবিতা৷ ইয়াৰ কাৰণবোৰ এনেধৰণৰ:
১) অতি কম পৰিমাণৰ শব্দ (Economy of Words) ব্যৱহাৰ কৰি আৰু এটা নিৰ্দিষ্ট আৱেগ বা মুহূৰ্তক (Focus on the Moment) ভিত্তি কৰি হাইকুবোৰে গভীৰ আৰু সৰ্বজনীন ভাব-চিন্তা-উপলব্ধিৰ উন্মেষ ঘটায়৷ এটা হাইকুৰ অন্ত মানে পাঠকৰ অন্তৰাত্মাত অনেক সূক্ষ্ম অনুভূতিৰ উদ্গীৰণ আৰম্ভ হোৱা৷

২) প্ৰাণৱন্ত চিত্ৰকল্প আৰু ৰসবোধ (Vivid Imagery & Senses): যিহেতু, হাইকু কবিসকলে নিৰ্দিষ্ট সংখ্যক শব্দক লৈহে পৰিমিতভাৱে তেওঁলোকৰ ধাৰণা, অনুভৱ, উপলব্ধিবোৰ ব্যাখ্যা কৰে, গতিকে তেওঁলোকে হাইকুত অতি আকৰ্ষণীয় চিত্ৰকল্প, ৰূপক আৰু সজীৱ অৰ্থসূচক শব্দ, বাক্যাংশ বুদ্ধিদীপ্ত আংগিকত ব্যৱহাৰ কৰি কবিতাৰ ব্যঞ্জনা শক্তি প্ৰভাৱশালী কৰি গৈছে৷ সেয়ে, লেখক সাহিত্যিক আৰু ৰসত আতুৰ সাধাৰণ লোকৰ বাবেও হাইকু প্ৰিয়৷

৩) পাঠকৰ অংশগ্ৰহণৰ সুযোগ (Reader Participation): শ্ৰোতা-পাঠকে হাইকু কবিতাত ব্যৱহৃত জীৱন্ত চিত্ৰকল্পবোৰ আৰু kigo-ৰ সহায়ত এক বিশাল ভাবনাৰ সাগৰত সাঁতুৰি-নাদুৰি ৰস পান কৰিব পাৰে৷ নিজৰ বৌদ্ধিক স্তৰ অনুসৰি অৰ্থ বুজি নিজা ৰুচিৰে পুলকিত হ’ব পৰাৰ থল আছে বাবে হাইকুবোৰ সাধাৰণ লোকৰো প্ৰিয়৷

৪) প্ৰকৃতিৰ সৈতে সংযোগ (Connection to Nature): জাপানী সংস্কৃতি আৰু জেন বৌদ্ধদৰ্শনৰ গভীৰ শিপাই হাইকুক প্ৰকৃতিৰ সৈতে এৰাব নোৱাৰাকৈ সংযোগ কৰি পেলাইছে৷ মানুহো প্ৰকৃতিৰে অংশ৷ মানুহকে ধৰি সকলো জীৱৰ আন্তঃসংযোগ উন্মোচন কৰে হাইকুবোৰে আৰু সৰল প্ৰাকৃতিক দৃশ্য এটাতে গভীৰ অন্তৰ্দৃষ্টিৰ সৃষ্টি কৰি পাঠকক বিমোহিত কৰি ৰাখে৷

৫) প্ৰত্যাহ্বানমূলক কাম (Challenging work): মাত্ৰ কেইটামান শব্দত এক প্ৰাঞ্জল ছবি অংকন কৰাৰ প্ৰত্যাহ্বানটোৰ বাবে হাইকু সাম্প্ৰতিক কবিসকলৰো প্ৰিয়। কবিসকলে কলাত্মক অনুশাসনৰ এক অভ্যাস কৰিব লগা হয়, সংক্ষিপ্ততা কঠোৰভাবে বৰ্তাই ৰাখিবলৈ যত্ন কৰিব লগা হয়৷

৬) হাইকু পঢ়িবলৈ কম সময় লাগে৷ অৱশ্যে, হাইকুবোৰে তাৰ প্ৰকৃত অৰ্থ বাহিৰ কৰি দিবলৈ পাঠকক প্ৰত্যাহ্বান জনায়৷ পাঠকে হাইকুৰ গূঢ়াৰ্থ বিচাৰি দীঘলীয়া সময় ব্যয় কৰে৷

হাইকু কবিতা অসমীয়া ভাষালৈয়ো অনূদিত হৈছে৷ তাৰ ভিতৰত আনিছ উজ জামানৰ এজাক ফুলৰ ধুমুহা উল্লেখযোগ্য৷ বৰ্তমান জাপানী হাইকুৰ অসমীয়া অনুবাদ হৈ থকাৰ সমান্তৰালভাৱে ন-পুৰণি একাংশ কবিয়ে নিজাকৈ হাইকু কবিতা ৰচনা কৰি কাকত-আলোচনীত প্ৰকাশ কৰি আছে৷ কিন্তু, জাপানী হাইকুৰ অনুবাদ বা ৰচনাৰ দিশত থকা সীমাবদ্ধতাখিনিলৈ আমি মনোযোগ দিবই লাগিব৷ প্ৰধানতঃ জাপানী ভাষাৰ গঠন অসমীয়া বা ইংৰাজী ভাষাৰ সৈতে একে নহয়৷ গতিকে, আমাৰ ভাষাৰ বাবে ৫—৭—৫ বা ১৭টা মাত্ৰা বা ধ্বনিগোটৰ ৰীতি পালন কৰাটো যথেষ্ট কঠিন। ফলত অনুবাদৰ ক্ষেত্ৰত বহুসময়ত দেখা যায় যে, মূল অৰ্থ অবিহনে আক্ষৰিক বা আংশিক অনুবাদেই হৈ উঠে৷ তাৰমানে, জাপানী সাংস্কৃতিক পৰম্পৰাৰ লগত একেবাৰে অনভ্যস্ত লোকৰ বাবে বিশুদ্ধ ৰূপত হাইকু অনুবাদ কৰাটো অসম্ভৱ। কাৰণ হাইকুবোৰ পুৰণি জাপানৰ সমাজ-সংস্কৃতি, লোকপৰম্পৰা, আধ্যাত্মিকতা, বৈচিত্ৰ্যপূৰ্ণ প্ৰাকৃতিক পৰিৱেশ-পৰিস্থিতিৰ আধাৰতহে ৰচিত হৈছিল আৰু তাৰ দ্বাৰা মানৱীয় বিষয়বোৰ সূক্ষ্মভাৱে উপস্থাপন কৰিছিল। আনহাতে, যিকোনো ভাল হাইকুৱে এটাতকৈ অধিক ব্যাখ্যা বা অৰ্থৰ সৃষ্টি কৰে। অগণন অৰ্থৰে স্তৰিত এই হাইকুবোৰ এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰোঁতে স্বাভাৱিকতে ইয়াৰ বিশুদ্ধতা সংৰক্ষিত নহয় আৰু আভিধানিক ব্যঞ্জনাও বিঘ্নিত হয়। আধুনিক অনুবাদ তত্ত্বই ঠিকেই কৈছে যে, অনুবাদ কৰিব লগা যিকোনো তথ্য-পাতিৰ এটা পৰিৱৰ্তনহীন সাৰ অংশ (invariant core) অনিবাৰ্যভাৱে থাকে; বাকী দিশবোৰলৈ কিছু লাভ আৰু লোকচান দুয়োটাই আহে৷ সি যি হওক, তলত কেইটামান হাইকুৰ অসমীয়া অনুবাদ তুলি দিয়া হ’ল:


শীত আহিলেই:
পুৰণা কবৰ এটাৰ শিলচটাই
বাটৰুৱাক পথ চিনায়
(মূল: নাকামুৱা কুচাদাও; অনুবাদক: ভবেন বৰুৱা)


হেমন্তৰ সাগৰখনত
ৰান্ধনি বেলিটোৰে
তেওঁ ঘোঁৰাটো ধুইছে৷
(মূল: মাছাওকা শ্বিকি; অনুবাদক: ভবেন বৰুৱা)


কোনেও মোৰ পিছ নলয়
হেমন্তৰ গধুলি
এইটো বাটত
(মূল: মাট্‌ছ’ বাশ্ব’, অনুবাদক: নীলমণি ফুকন)


মাকে লৈ ফুৰোৱা
অন্ধ শিশুটিৰ
মন মুহিছে চেৰি ফুলবোৰে৷
(মূল: কিকাকু; অনুবাদক: নীলমণি ফুকন)


বসন্তৰ বৰষুণ
এটা খেৰৰ টুপি আৰু এটা ছাতি
ইজনে সিজনে কথা পাতি পাতিয়েই
খোজ কাঢ়িলোঁ
(মূল: য়ুছা বুছন; অনুবাদক: আনিছ উজ জামান)


কপৌ চৰায়ে
অবাবত হৈ চৈ কৰা বন্ধ নকৰে
কেতেকীয়ে কেৱল মাতে
(মূল: য়ুছা বুছন; অনুবাদক: আনিছ উজ জামান)

সহায়ক সমল
1. Haiku, an Anthology of Japanese Poems by Stephen Addiss, Fumiko Yamamoto, and Akira Yamamoto.
2. The Japanese Haiku by Kenneth Yasuda, Tutyle Publiching, Boston. Tokyo.
3. PWF, Issue: Vol. IV, No. 3 : Nov-Jan, 2025-26.