জানো জানো জানো

জ্যোতিপ্ৰসাদ আগৰৱালা

জানো জানো জানো
বিফলে নাযায় মোৰো গানো৷
মোৰ যত অশ্ৰুজল
তীৰ্থজলেৰে মিলি
উজলিব পৃথিৱীৰ
কোষায় কোষায়
জানো জানো জানো৷
মোৰ যত অভিনৱ গান
বিকশিত কমলৰ গন্ধ সমান
জানো জানো
জগাব সি বিশ্বৰ প্ৰাণো৷
অকলশৰীয়া সেই পুৱতিৰ তৰা
আপোনাৰ গানতেই আপুনি বিভোৰা
ঊষাৰ কোলাতে মাৰ যায়
পোহৰত হাঁহিটি মিলাই
জানো জানো জানো
বিফলে নাযায় তাৰো গানো৷
জাগা অভিনৱে ছন্দে
মৌন মুগ্ধ যত শব্দ কমল দল
কণ্ঠে কণ্ঠে অৰ্বুদ বৃন্দে
জাগা অমৃত সুৰবাণী পৰমানন্দে৷

Click here to read an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *