জনপ্ৰিয় জাপানী কবিতা ‘হাইকু’ —এটি টোকা

নীৰেন্দ্ৰ নাথ ঠাকুৰীয়া

Issue: Vol. IV, No. 4, February-April, 2026

জাপানৰ সবাতোকৈ জনপ্ৰিয় কাব্যিক ৰূপ হ’ল হাইকু। ছয় শতিকাতকৈও অধিক কাল  পৰম্পৰাগতভাৱে এই কবিতা চলি আহি আছে। হাইকু তিনি পংক্তিৰ কবিতা। প্ৰথম আৰু তৃতীয় পংক্তিত পাঁচটাকৈ শব্দাংশ (Syllable), দ্বিতীয় পংক্তিত সাতটা শব্দাংশ; মুঠতে (৫+৭+৫) ১৭টা শব্দাংশ থাকে। ছন্দ বা অন্ত্যমিল নাথাকে।

হাইকুৰ বিষয়বস্তু প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়। বিভিন্ন ঋতুত নৈসৰ্গিক দৃশ্যপটত কবিয়ে তন্ময় হৈ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে কিছুমান প্ৰাকৃতিক উপাদান— যেনে, পথাৰ, পাহাৰ, নদী, সাগৰ; আকাশ, জোন, বেলি, তৰা, মেঘ, বৰষুণ, বিজুলী, গাজনি, কুঁৱলী, বৰফ; গছ-বিৰিখ, জাৰণি, ফুল-ফল, চৰাই-চিৰিকটি, কুকুৰ, মেকুৰী, ঘোঁৰা, মাছ, ভেকুলী, পখিলা, জিঞা, উঁইচিৰিঙা, অন্যান্য কীট-পতঙ্গ৷ জীৱনৰ ক্ষণিক মুহূৰ্তৰ চিত্ৰণ আৰু মৃত্যু হাইকু কবিতাৰ অন্যতম বিষয়বস্তু।

হাইকু কবিতা এটা সূক্ষ্ম পৰ্যবেক্ষণেৰে কৰা অভিনৱ চিত্ৰণ, যিটোক কোৱা হয় “a kind of miniature ‘snap’ in words”৷ হাইকু পৰম্পৰাত প্ৰাকৃতিক কল্পচিত্ৰই অনুভূতিক ব্যঞ্জনাৰে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰে। কবিয়ে কিন্তু কোনো ব্যাখ্যা বা বিশ্লেষণ নকৰে। হাইকুৰ কল্পচিত্ৰই ব্যঞ্জনাময় অনুভূতিৰ সৃষ্টি কৰি পাঠকৰ মন অভিভূত কৰে অথবা অন্তৰ্দৃষ্টিৰে আলোকিত কৰি তোলে। হাইকু কবিতা যিহেতু অতি সংক্ষিপ্ত সেয়েহে একোটা হাইকুত মাত্ৰ এটা তীব্ৰ অনুভূতি বা ভাবৰহে চমৎকাৰ প্ৰকাশ ঘটে।

হাইকুৰ বহু আগতে ‘টংকা’ (Tanka) নামেৰে এবিধ পাঁচ পংক্তিৰ পৰম্পৰাগত পদ্যৰ সপ্তম শতিকাৰ পৰাই জাপানত প্ৰচলন আছিল। টংকাৰ গাঁথনি এনেধৰণৰ— প্ৰথম আৰু তৃতীয় পংক্তিত পাঁচটাকৈ শব্দাংশ আৰু দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পংক্তিত সাতটাকৈ শব্দাংশ, (৫+৭+৫+৭+৭): মুঠতে একত্ৰিছটা শব্দাংশ। তদুপৰি অতীতকালৰে পৰা জাপানৰ দূৰদূৰণিৰ গ্ৰামাঞ্চলত ‘ৰেংগা’ (Renga) নামেৰে জনপ্ৰিয় অৱসৰ বিনোদনৰ পদ্যৰ প্ৰচলন আছিল। এই পৰম্পৰাগত ৰেংগা পদ্যবোৰ দুজন বা ততোধিক কবিয়ে লগ হৈ ৰচনা কৰিছিল। এজনে তিনি পংক্তিৰ এটা আৰম্ভণি স্তৱক [যিটোক কোৱা হৈছিল “হ’কু” (hokku) বুলি] ৰচনা কৰিছিল আৰু একেলগে বহি থকা আন এজনে দুই পংক্তিৰ এটা স্তৱক [যিটোক কোৱা  হৈছিল “ৱাকা” (waka) বুলি] ৰচনা আৰু সংযোজন কৰিছিল। ইজনৰ পিছত সিজনে সালসলনিকৈ (alternating) এই প্ৰক্ৰিয়াৰে দীঘলীয়া পদ্যশৃঙ্খলা সৃষ্টি কৰিছিল। বিকশিত এই পদ্যশৃঙ্খলাই প্ৰকৃতি আৰু ঋতুৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল আৰু তাৰ যোগেদি পৰস্পৰৰ আন্তঃসম্পৰ্কৰ বৌদ্ধ দৰ্শন প্ৰতিফলন হৈছিল। পঞ্চদশ শতিকাক ৰেংগা কবিতাৰ স্বৰ্ণ যুগ বুলি কোৱা হয়। দুজন কৃতী ৰেংগা কবি হ’ল চতুৰ্দশ শতিকাৰ Nijo Yoshimoto আৰু পঞ্চদশ শতিকাৰ Sogi, যিগৰাকীয়ে এই কলাক পূৰ্ণতা দিছিল।

ৰেংগা দুই ধৰণৰ আছিল— এবিধ গহীন প্ৰকৃতিৰ (Ushin Renga) আৰু আনবিধ পাতল ধেমেলীয়া (Mushin Renga)l ষোড়শ শতিকাৰ আৰম্ভণিতে এবিধ ধেমেলীয়া ৰেংগাৰ পৰাই ফালৰি কাটি বিকশিত হৈছিল “হাইকাই” (Haikai)। হ’কুক প্ৰায়েই হাইকাইৰ সমাৰ্থক বুলি কোৱা হৈছিল। হাইকাইৰ “হাই-” আৰু হ’কুৰ “-কু” লগ লগাই সৃষ্টি কৰা হৈছে  (‘Hai-‘ from Haikai and ‘-ku’ from Hokku: Hai- + -ku = Haiku) “হাইকু” শব্দটো। মচাওকা শিকি (Masaoka Shiki) “হাইকু” শব্দটোৰ উদ্ভাৱক। ঊনবিংশ শতিকাৰ শেষৰ ফালে হাইকু বহুলভাৱে জনাজাত হৈ পৰে। কিন্তু দীঘলীয়া পদ্যশৃঙ্খলাৰ আৰম্ভণি স্তৱকৰ বিশেষ প্ৰয়োজন(function)ৰপৰা অব্যাহতি পাই হাইকুৱে স্বতন্ত্ৰ কবিতাৰ স্বীকৃতি পায়।

হাইকু কাব্যৰ প্ৰসিদ্ধ মনীষীসকলৰ প্ৰথমগৰাকী হ’ল মাৎসো বাচো (Matsuo Basho, জ. ১৬৪৪-মৃ. ১৬৯৪)। হাইকু কবিসকলৰ মাজত সৰ্বকালৰ শ্ৰেষ্ঠ বুলি বাচো বিবেচিত। The Narrow Road to the Deep North তেওঁৰ বিখ্যাত হাইকু-সংকলন।

য়োচা বুচন (Yosa Buson, জ. ১৭১৬-মৃ. ১৭৮৩) আন এগৰাকী অতুলনীয় হাইকু কবি। শিকি(Masaoka Shiki)ৰ মতে বুচন অগ্ৰজ কবি বাচোতকৈ কোনো গুণে কম নহয়। বুচনৰ হাইকুৰ ইংৰাজীত অনূদিত কাব্যগ্ৰন্থ হৈছে Collected Haiku of Yosa Buson (translated by W. S.  Merwin &Tamako Lento)৷

জাপানত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোবায়াশি ইচ্চা(Kobayashi  Issa, জ.১৭৬৩-মৃ.১৮২৮)ক হাইকু পৰম্পৰাত বাচো আৰু বুচনৰ লগতে একে শাৰীতে আসন দিয়া হয়।

একেৰাহে কবি, গ্ৰন্থ প্ৰণেতা আৰু সাহিত্য সমালোচক মচাওকা শিকি(Masaoka Shiki, জ. ১৮৬৭-মৃ. ১৯০২)ৱে আধুনিক হাইকুৰ বিকাশত বিশেষ অৰিহণা যোগাইছিল।

হাইকু পৰম্পৰাত এই চাৰি গৰাকী মহান হাইকু কবি একেলগে “The Great Four” বুলি সুবিদিত।

হাইকু কাব্যধাৰাই ১৯০০ চনৰ আশে-পাশে পাশ্চাত্যৰ কবিসকলৰ, বিশেষকৈ ফৰাচী কবিসকলৰ, মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ফৰাচী কবিসকলে হাইকুৰ আঙ্গিক আয়ত্ত কৰিবলৈ প্ৰয়াস কৰিছিল। ইয়াৰ পিছৰ দশকত ফৰাচী কবিসকলৰ প্ৰভাৱতে আমেৰিকা যুক্তৰাষ্ট্ৰ, লেটিন আমেৰিকা আৰু আন আন ঠাইৰ কেইবাজনো কবিয়ে হাইকুৰ আৰ্হিত কবিতা লিখিবলৈ লৈছিল। প্ৰথম মহাসমৰৰ ঠিক আগৰ চিত্ৰকল্পবাদীসকল (the Imagists) – যেনে এজ্ৰা পাউণ্ড, এমি ল’ৱেল, টি ইি হিউম, ৰিচাৰ্ড এল্ডিংটন আৰু এইচ. ডি. (Hilda Dolittle) প্ৰমুখ্যে ভালেসংখ্যক কবি হাইকুৰ দ্বাৰা প্ৰভাৱিত বা অনুপ্ৰাণিত হৈছিল। এজ্ৰা পাউণ্ডক ইংৰাজী ভাষাত প্ৰথম হাইকু লেখক বুলি গণ্য কৰা হয়। দ্বিতীয় মহাসমৰৰ পিছৰ পৰা হাইকু কবিতাই সমগ্ৰ বিশ্বতে— আনকি বিদ্যায়তনিক ক্ষেত্ৰতো সমাদৰ লাভ কৰিছে৷ দেশে-বিদেশে হাইকুৰ অনুবাদ প্ৰকাশ হৈ আহিছে। অসমীয়া ভাষাত যিসকলে হাইকু কবিতাৰ সফল অনুবাদ কৰিছে তেওঁলোকৰ ভিতৰত নীলমণি ফুকন, আনিছ উজ জামান আৰু বিপুলজ্যোতি শইকীয়া অন্যতম৷

জাপানী হাইকু কবিতাৰ অসমীয়া অনুবাদ অতি জটিল, সূক্ষ্ম আৰু প্ৰত্যাহ্বানেৰে ভৰা অনুশীলন। নমুনা হিচাপে দুটা হাইকুৰ ইংৰাজী অনুবাদ (আৰু তাৰ অসমীয়া অনুবাদটো) তলত দিলোঁ। হাইকু দুটাৰ মূল ভাব, পংক্তিসজ্জা আৰু প্ৰতিটো পংক্তিৰ শব্দাংশ (ক্ৰমে ৫-৭-৫) মন কৰিব।

Japanese poet Arakida Moritake (b. 1473-d. 1549)
The Falling Flower

The falling flower
I saw drift back to the branch
Was a butterfly

Translated by Barbette Deutsch

অসমীয়া অনুবাদ:
সৰি পৰা ফুল

সৰি পৰা ফুল
ডাললৈ ঘূৰিল দেখোঁ
এটি পখিলা

(নীৰেন্দ্ৰ নাথ ঠাকুৰীয়াৰ অনুবাদ)


Masaoka Shiki
River in summer

River in summer
there is a bridge, but my horse
walks through the water

অসমীয়া অনুবাদ:
বাৰিষাৰ নদী

বাৰিষাৰ নদী
দলং এৰি মোৰ ঘোঁৰাই
পানীৰে খোজ লয়

(নীৰেন্দ্ৰ নাথ ঠাকুৰীয়াৰ অনুবাদ)

কোনোবাই যদি হাইকু কবিতাৰ প্ৰতি অতিশয় অনুৰক্ত হৈ হাইকু লিখাটো তেনেই সহজ বুলি ধৰি লৈছে, তেন্তে অলপ সতৰ্ক হোৱাটো সমীচীন হ’ব; কিয়নো বাচোৱে তাহানিতে মজাৰ কথা এষাৰ কৈছিল:  “He who creates three to five haiku during a lifetime is a haiku poet. He who attains to ten is a master.”

বাচোক কিকাকু (Kikaku) নামৰ ছাত্ৰ এজনে এবাৰ এটি হাইকু লিখি দেখুৱালে। ইংৰাজী অনুবাদত কবিতাটো এনেকুৱা:

Red dragonflies—
Tear off their wings
And you have pepper pods

বাচোৱে ক’লে, হাইকু হিচাপে এইটো ভাল হোৱা নাই। এনেকৈ লিখি চোৱা:

Red pepper pods—
Add wings
And you have dragonflies
(ইংৰাজী অনুবাদ)

সিন্ধুৰ মাজত বিন্দু নহয়; বিন্দুৰ মাজৰেই সিন্ধু –এইটো হাইকুৰ সাৰকথা।