প্ৰকল্প ৰঞ্জন ভাগৱতী
ইণ্টিকাবুৰ ৰহমান কবিতা ভালপোৱা পাঠকৰ বাবে অপৰিচিত নাম নহয়। তেওঁৰ কবিতাই নেশ্যনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰা আৰু সমালোচক ড০ আনন্দ বৰমুদৈয়ে সম্পাদনা কৰা সপ্ত দশকৰ কণ্ঠস্বৰ (২০০৮) শীৰ্ষক কবিতা-সংকলনত স্থান লাভ কৰিছে। ৰহমানৰ প্ৰথমখন কবিতা-সংকলন বন্ধুৰ চিঠি আৰু অন্যান্য কবিতা ২০১৫ চনত প্ৰকাশ পাইছিল। অলপতে তেওঁৰ দ্বিতীয়খন কবিতা-সংকলন ক্লিওপেট্ৰাৰ ছবি (২০২৩) প্ৰকাশ পাইছে। বিষয়বস্তু আৰু নিৰ্মাণ-কৌশলৰ দিশৰপৰা ৰহমানৰ বেছিভাগ কবিতা গীতিধৰ্মী। গীতিধৰ্মী কবিতাত অনুভূতিৰ তীব্ৰতা বেছি। ৰহমানৰ কবিতাই পাঠকৰ হৃদয়ৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপন কৰিব বিচাৰে। নিঃসৰ্গ, প্ৰেম, মৃত্যু, স্মৃতি, বিষাদ আদি চিৰন্তন মানৱীয় অভিজ্ঞতা আৰু আৱেগ-অনুভূতি ৰহমানৰ কবিতাৰ বিষয়বস্তু।
সংকলনটোৰ দ্বিতীয় কবিতা ‘এখন হৃদয়ৰ অবৰ্তমানত’ৰ বিষয় স্মৃতি। কবিতাটোৰ বক্তাৰ স্মৃতিত নীলা আৰু হালধীয়া ৰঙৰ দুটা কামিজৰ অভিজ্ঞতা দ-কৈ পোত গৈ আছে। বৰ্তমান সময়ত বহু কামিজৰ মাজৰ নীলা ৰংটোৱে বক্তাক স্মৃতিকাতৰ কৰি তোলে। কিয়নো তাৰ সৈতে পিতৃৰ মৃত্যুৰ স্মৃতি জড়িত হৈ আছে। বক্তাৰ পিতৃৰ দুটা কামিজ আছিল। কামিজ দুটাৰ বুটাম ছিগিছিল, কিন্তু ছিগা বুটাম লগাবলৈ পইচা নাছিল। বক্তা তেওঁৰ পিতৃৰ কষ্টকৰ জীৱন সংগ্ৰামৰ সাক্ষী আছিল। সেই স্মৃতিয়ে তেওঁক আজিও আমনি কৰে— “আজিও আছোঁ/ মনে মনে লুকাই-চুৰকৈ/ নীলা, হালধীয়া/ ৰংবোৰ চাই,/ মনৰ আকাশত/ ছবি আঁকিছোঁ/ বহুত ৰঙৰ।” একধৰণৰ বিষাদবোধ কবিতাটোত অন্তঃস্ৰোত হৈ বৈ আছে। ‘যোগ-বিয়োগ-পূৰণ-হৰণ’ শীৰ্ষক কবিতাত জীৱনৰ কঠিন অংকবোৰৰ প্ৰসংগ আহিছে। কবিতাটোৰ বক্তা ছাত্ৰাৱস্থাত অংকত পাৰ্গত আছিল। কিন্তু জীৱনৰ এটা পৰ্বত তেওঁৰ বাবে যোগ-বিয়োগবিলাকত খেলিমেলি লাগিবলৈ ধৰে, নেওঁতাবোৰ আওৰাওঁতে বাৰে বাৰে উজুটি খায়। সেয়ে বক্তাৰ পুনৰ শৈশৱলৈ, ছাত্ৰাৱস্থালৈ উভতি যাবলৈ ইচ্ছা জাগিছে— “ঢাৰি-পাটী লৈ/ পাঠশালালৈ পুনৰ/ উভতি যাবৰ হ’ল।/ নেওঁতাবোৰ পুনৰ মুখস্থ কৰিম/ কঠিন অংকবিলাক/ সমাধানৰ বাবে/ কঠোৰ অনুশীলন কৰিম/ যোগ-বিয়োগ/ পূৰণ-হৰণ।” ‘জটিল সমীকৰণ’ একেধৰণৰ বিষয়বস্তুৰ আন এটা কবিতা। ইয়াতো শৈশৱ-কৈশোৰ কালৰ সৈতে বৰ্তমান পৰিণত বয়সৰ জীৱনৰ এক তুলনা আহিছে। বক্তাৰ মতে শৈশৱ-কৈশোৰৰ জীৱন কঠিন আৰু অকোৱা-পকোৱা আছিল যদিও সেই সময়ৰ সমস্যাবোৰ সহজতে সমাধান কৰিব পৰা গৈছিল। এতিয়াৰ জীৱন জঁটলগা চুলিটাৰিৰ দৰে। জটিল অংক আৰু সমীকৰণ সমাধা কৰাৰ বাধ্যবাধকতা বৰ্তমান জীৱনত নাই। উত্তৰ নোলালেও বা যোগ-বিয়োগত দুই-এটা ভুল হ’লেও নম্বৰ পোৱা যাবই।
সংকলনটোত মৃত্যু বিষয়ক কেইবাটাও কবিতা আছে। তেনে এটা কবিতা হ’ল ‘মৃত্যু শোকৰ সময়’। কবিতাটোত বক্তাৰ সৰু ল’ৰাটো নিৰুদ্দিষ্ট হৈছে অথবা মৃত্যু ঘটিছে। সময় বাগৰি গৈছে। মৰা মেকুৰী পোৱালি এটা দেখি সৰু ল’ৰাটোলৈ বক্তাৰ মনত পৰিছে— “ল’ৰাজন নহাতো/ বহুদিনেই হ’ল।/ মৃত্যুশোকৰো হেনো সময় থাকে।” সময়ে সকলো আঘাত নিৰাময় কৰি পেলায়। মৃত্যুশোকো পুৰণি হ’লে বিস্মৃত হয়— “পুৰণি হ’লে—/ সময়তো বগা দাগ লাগে।” ‘মৃত্যুক স্বীকাৰ নকৰি’ শীৰ্ষক কবিতাত মৃত্যু যে জীৱনৰ এক অপৰিহাৰ্য উপলব্ধি সেই কথা প্ৰকাশ পাইছে— “মৃত্যুক স্বীকাৰ নকৰি/ জীয়াই থাকিব নোৱাৰি।” কিন্তু বক্তাই তেওঁৰ মৃত্যু ঘটিলে আনে চকুপানী টুকিব নালাগে বুলি কৈছে। বৰঞ্চ মৌনতাৰপৰা অহা গভীৰ প্ৰশান্তিহে তেওঁৰ কাম্য। ‘সময়’ শীৰ্ষক আন এটা কবিতাতো বক্তাই তেওঁৰ দেউতাকৰ উক্তিৰে মৃত্যুত নাকান্দিবলৈ কৈছে। চকুপানী টোকাৰ অৰ্থ হ’ল মৃত্যুক অস্বীকাৰ কৰা।
‘যুঁজ’ সংকলনটোৰ এটা তাৎপৰ্যপূৰ্ণ কবিতা। কবিতাটোত অতীতকালত কেইবাটাও ঘটনাৰ উল্লেখ আছে। ইয়াৰ জৰিয়তে এটা কাহিনী ক’বলৈ বিচৰা হৈছে। এহাল চৰাইৰ কোনো কাৰণত মনোমালিন্য হৈছিল। সেয়ে দুয়ো দুটা সুকীয়া ডালত বহি থকা কৰিছিল। মেকুৰীৰ প্ৰসংগই ভয় আৰু আতংকৰ ইংগিত বহন কৰিছে। সমুখত দেখা দিয়া ভয় আৰু আতংকয়ো চৰাই দুটাক ওচৰ চপাব পৰা নাই। হয়তো এই দৃশ্য চাই থকা মানুহজনৰ মনত চৰাইহালৰ প্ৰতি কৰুণা উপজিছিল আৰু তেওঁ এটা ডাল কাটি পেলাইছিল। তেতিয়াৰপৰা চৰাই দুটা ইটোৱে সিটোক খুঁটিৱাই আমনি কৰি একেটা ডালতে বহি থকা হ’ল। বৰষুণে উৰ্বৰতাৰ তাৎপৰ্য কঢ়িয়াই আনে। চৰাই দুটাৰ পুনৰ মিলন হোৱাৰ পিছত বৰষুণ অহা কাৰ্যই প্ৰজননলৈকে ইংগিত কৰে। মিতব্যয়ী ভাষাই কবিতাটোক আকৰ্ষণীয় কৰি তুলিছে।
‘উদ্বিগ্নতা’ কবিতাত ক’ভিড সময়ৰ উদ্বেগ আৰু উৎকণ্ঠা প্ৰকাশ পাইছে। আকাশ ক’লা ডাৱৰে ওন্দোলাই আনিছে। বেমাৰ হ’ব বুলি বক্তা ঘৰত বহি থকা নাই। দোকানলৈ ওলাই গৈছে। সোনকালেই ঘৰলৈ উভতি আহিব লাগিব। কবিতাটোৰ সৰল কথনৰ মাজতে জীৱন আৰু সংসাৰচক্ৰৰ চিৰন্তন সত্যখিনিও প্ৰকাশ পাইছে। ‘এটি কান্দোনৰ প্ৰতীক্ষাত’ কবিতাত এটা কান্দোন কেতিয়াবা জীৱনৰ আনন্দৰ বিমল উৎস যে হ’ব পাৰে সেই চিৰন্তন সত্য প্ৰকাশ পাইছে। সেই কান্দোন সদ্যোজাত শিশুৰ মুখৰ কান্দোন, যি শিশুৰ মাতৃ-পিতৃ আৰু আত্মীয়ৰ বাবে আনন্দ আৰু হাঁহিৰ উৎস হৈ ধৰা দিয়ে।
ইণ্টিকাবুৰ ৰহমানৰ অনেক কবিতাত প্ৰকাশ পোৱা আৱেগ-অনুভূতিবোৰৰ উৎস তেওঁৰ নিজা অভিজ্ঞতা। কেইবাটাও কবিতাত তেওঁৰ পিতৃৰ প্ৰসংগ আহিছে। পেছাগত জীৱনৰো বহু প্ৰসংগ তেওঁৰ কবিতাত লীণ হৈ আছে। ‘চিকিৎসক দিৱসৰ চিকিৎসকজন’ কবিতাটোত তেওঁৰ নিজা অভিজ্ঞতাই প্ৰকাশ পাইছে। চিকিৎসকৰ হাতত কোনো অলৌকিক শক্তি নথাকে। ৰোগীক ভাল কৰি দিব পৰা যাদুকাঠিও তেওঁ লগত লৈ নুফুৰে। তেৱোঁ তেজ-মঙহৰ এজন মানুহেই। মানৱীয় দৃষ্টিভংগী আৰু কঠোৰ পৰিশ্ৰমেহে এজন চিকিৎসকক সুচিকিৎসক কৰি তোলে।
ইণ্টিকাবুৰ ৰহমানৰ কবিতাৰ ভাষা ইংগিতধৰ্মী আৰু ব্যঞ্জনাময়। সংকলনটোৰ অন্তিম কবিতাটো হ’ল ‘গৰম’। ছটা শাৰী আৰু পোন্ধৰটা শব্দৰ এই চুটি কবিতাটোত ‘ঘাম’, ‘ওঁঠ’, ‘নিমখ’, ‘নিচা’ আৰু ‘গৰম’ শব্দই সুকীয়া ব্যঞ্জনাৰ সৃষ্টি কৰি কবিতাটোক অৰ্থঘন কৰি তুলিছে। সি যি হওক, ৰহমানৰ ক্লিওপেট্ৰাৰ ছবিত ভালেমান সূক্ষ্ম সংবেদনশীল আৰু সুপাঠ্য কবিতা সন্নিৱিষ্ট হৈছে। কিতাপখনৰ পাতনি লিখিছে বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই।
ক্লিওপেট্ৰাৰ ছবি, ইণ্টিকাবুৰ ৰহমান, প্ৰথম প্ৰকাশ আগষ্ট, ২০২৩, বেটুপাত বিজু শৰ্মা