ইণ্টিকাবুৰ ৰহমানৰ কবিতা

Issue: Vol. IV, No. 4, February-April, 2026

কাঁইটীয়া সপোন

এটা কাঁইটীয়া সপোন দেখিছিলো
বন্ধুৱে ক’লে—
তইনো সোণৰ জিলিকনি দেখিবিনে!
বিচ্ছুৰিত ৰ’দৰ পোহৰবোৰ
গছৰ ফাকে ফাকে
আহি থপিয়াই থপিয়াই
গাত পৰিছেহি।
সাৰ পাই দেখিলোঁ
পুৱাৰ ৰ’দজাক
খিৰিকীৰ ফাকেৰে আহি
মুখত পৰিছেহি



মদাৰ ফুল

তেজৰ টোপালত শান্তি অহা হ’লে
যুধিষ্ঠিৰ হতাশ নহ’লহেঁতেন।
সঁচা কথাবোৰ সঁচা বুলি ক’বলৈ
মৃত্যুলৈ ৰ’ব নালাগে।
শেষশয্যাত ৰাৱণে
লক্ষ্মণক দিয়া জ্ঞানে
মোক মনে মনে ক’লে
পূজাত নালাগিলেও
মদাৰ ফুলৰ সৌন্দৰ্য আছে৷

An English translation of the Poems.