অদেখা যুঁজ নিজৰ স'তে
ৰ'দহীন শেলুৱৈ ধৰা বুকু
আৰু এখন অমানিশা মুখ
দিন-প্ৰতিদিন যুঁজি নিজৰ স'তে
অবশ শৰীৰ
শিতানত শুই থাকে উজাগৰী ৰাতি…
কি থাকে, কি থাকে
মনৰ এৰাবাৰীত
প্ৰেম-ভালপোৱাৰ বিচ্যুতি
নে হৃদয় ভঙাৰ হাহাকাৰ
কি থাকে
পোৱা-নোপোৱাৰ সমীকৰণ নে
পাই হেৰুওৱাৰ পোৰা-পৰ্বত…
সাগৰসম অভিমানৰ সুউচ্চ ঢৌৰ সিপাৰে
সাজি লোৱা তুমি উদাসীনতাৰ নিজান দ্বীপ।
আমি ৰ'দ হৈ হাত মেলি দিওঁ
তুমি মৰীচিকা হোৱা…
নিজতে নিজে মজি
পাহৰণিৰ সপ্ত পাতালত
এৰি থৈ আহাঁ পা-পৰিয়াল সুহৃদ-সহচৰ।
দুহাতৰ স্পৰ্শেৰে ঠেলি দিব পৰা হ'লে
আত্মবিশ্বাস হেৰুওৱা হতাশাৰ কলীয়া ডাৱৰ
অপমৃত্যুৰ জোৱাৰত
জাকে জাকে নোডুবিলহেঁতেন
দুপৰৰ বেলি…
বিভ্ৰান্ত সময়
অথাই সাগৰত ডুবিছে বেলি…
সাঁতুৰিব নজনাকৈ
তুলি ধৰাৰ আপ্ৰাণ প্ৰয়াসত
আমি জাঁপ দিছোঁ।
খোপনি হেৰাইছে ভৰিৰ
হাত-ভৰি আচাৰি তুমি ঘোলা কৰা পানীত
ডুবিছোঁ, ডুবিছোঁ
ক্ৰমশঃ ডুবিছোঁ…
নুবুজিবা কাহানিও তুমি
ভালপোৱাৰ দাম
জীৱনেৰে পৰিশোধ কৰিও
তৃপ্ত হ'ব পাৰি…
An English translation of the poems.