ছাতিৰ তলৰ প্ৰেম -- সন্ধ্যা
সন্ধ্যা৷
বৰষুণৰ লগতে শিলাবৃষ্টিও হৈছিল৷ গাভৰু এজনীয়ে
এন্ধাৰে এন্ধাৰে সেই সন্ধ্যা ছাতি এটা মেলি অথবা ছাতি এটাৰে
সন্ধ্যাৰ ক’লা চুলিটাৰি নিৰ্জন ৰাস্তাটোত বহলাই মেলি দি
অকলশৰে আপোন মনে আহি আছিল৷
তাই আহি থকা বাটটো নিজঞ্জালেই আছিল৷ কিবা এটা
উমান পায়ে নেকি তাই উভতি চালে;
ডেকা এজন দূৰে দূৰে তাইৰ পিছে পিছে তিতি তিতি
আহি থকা দেখি তাই থমকি ৰ’ল৷
ছাতিটো আৰু অলপ বহলকৈ মেলি ডেকাজনকো
ত’তেই সুমুৱাই ল’লে একো নোকোৱাকৈ৷ ডেকাজনৰ
কঁপনি উঠিছিল৷ গাভৰুজনীয়ে বাঁওহাতেৰে
ছাতিটোৰ নালডালত ধৰি আহিছিল; অলপ পৰ ৰৈ
অৱলম্বনৰ বাবেই ডেকাজনেও ধৰোঁ-নধৰোঁকৈ নালডালত
সোঁ-হাতখনেৰে ধৰিলে৷ বিজুলীৰ নিচিনাকৈ এছাটি
গৰম বতাহ তেওঁৰ বুকুত লাগিল৷ তেওঁ একো বুজি নেপালে৷
কোনেও মাত-বোল নকৰাকৈ গৈ থাকিল৷ অলপ দূৰ অতিক্ৰম কৰাৰ পাছত
ডেকাজনক গাভৰুজনীয়ে নিমাওমাও এটা বাট-চ’ৰালৈ
আগবঢ়াই দি অহাৰ বাটেৰেই যাবলৈ ধৰিলে...
‘সময়ৰ পাখিলগা ৰথখন খৰ গতিৰে কাষ চাপি আহি থাকিল’৷
এনেকৈয়ে৷ সাধুবোৰৰ পুনৰুক্তি নহয় ভবাৰ ধৰণেৰে৷
জীৱন পোহৰোৱা সাধুবোৰ প্ৰতিটোৱে একক আৰু নতুন
আৰু জীৱনৰ সৈতে সমৱৰ্তীৰ্ সত্ত্বেও সমান্তৰাল!
জিগিনী-প্ৰেমৰ মালিতা
ভৰ দুপৰীয়া চ’তৰ আদিত আওহতীয়া কাঠনি এখনৰ মাজৰ
তলি শুকাই ফাট মেলা খাল এটাত
তিনিজনী কুঠুনী জিগিনীয়ে খুঁচৰি আছে
পায় জানোচা কোনোবাখিনিত
ছাবে সৈতে সুলকি সৰি পৰা চুলি তিনি টাৰি সিহঁতৰ
কাহানিবাই
নখ-দীঘল হাতৰ আঙুলি আৰু দ-চকুৰ গাঁতেৰে
তিনিওজনী বাই-ভনীৰ
মাত-বোল নাই ইজনী-সিজনীৰ
মহাকাব্যিক সংঘাতেৰে
পাহৰিব খুজিও পাহৰিব নোৱাৰে অনাত্মীয় যদিও
তেজোময় এজন তৰুণৰ মন-হৰা চাৱনি
ৰঙা ভেট ফুলে জকমকাই থকা
পানীৰে চপচপীয়া নিজান খালৰ পাৰত
সৌ তাহানি দেও-মনিচ বাজ নোলোৱা দুপৰৰ ক্ষণত
ডাঙৰজনীৰ পিছে পিছে মাজুজনী
শাৰী পাতে সৰুজনীয়েও
তৰুণৰ মন মুহিবলৈ
কিচ্কিচীয়া ক’লা চুলিকিটাৰি মেলি
হিয়াৰ আখলত প্ৰেমৰ কেৰাহী পাতি
দৈহিক কামনাৰ অগ্নিশিখাৰে দগ্ধ সিহঁত কিজনী
নগ্ন উলংগ পৈশাচিকতাৰে লিপ্ত হ’ল
আত্ম-নিবেদনৰ এক নিকৃষ্ট, ববৰ্ৰ যুঁজত
হতাহতি, চুলীয়া-চুলি, খোৱা-কামোৰাৰে
অমীমাংসিত যুঁজৰ অন্তত ক্ষত-বিক্ষত-ৰক্তাক্ত দেহেৰে
সিহঁত পৰি ৰ’ল খালটোৰ তিনিটা পাৰত
তৰুণৰ মুখখন হঠাতে মেল খালে আৰু
বাজ ওলাল চন্দনৰ কাঠৰ ধূপৰ ধোঁৱা
গোটেইখন কাঠনি বিয়পি
ধুপৰ ধোঁৱাৰ গোন্ধত জিগিনী কিজনী অসম্ভৱ যন্ত্ৰণাত
ছটফটাব ধৰিলে আৰু সিহঁতৰ চুলিকিটাৰি
মূৰৰ খোলাৰপৰা খলপেৰে সৈতে সুলকি সৰি
খালটোৰ পানীত ডুব গ’ল
সেই তাহানিৰেপৰাই কুঠুনী কিজনীয়ে
খৰালী পানী শুকালেই
ফাট মেলা খালৰ বুকুত
মাত-বোল নকৰাকৈ নখ-দীঘল আঙুলিৰে
খুঁচৰি থাকে কিজানিবা পায় কিচ্কিচীয়া ক’লা
চুলিকিটাৰি সিহঁতৰ
হিয়া পুৰি প্ৰেম যাচিবলৈ
অজ্ঞাত আৰু অদৃশ্য সেই তৰুণক