Issue: Vol. IV, No. 2, August-October, 2025
চন্দ্ৰবিন্দু
প্ৰতিজন মানুহেই জানো অপেক্ষা কৰি থাকে
নামটোৰ আগত পশ্চিম আকাশৰ পৰা
ক্ষীণ পোহৰৰ আৱেশেৰে
কাঁচি জোনটো নামি আহি বুকুত লৈ
এন্ধাৰ গোট মাৰি অচল হোৱা বিন্দু এটা
বহি থাকিবলৈ
মোহাৰি মুচৰি নোহোৱা কৰিব নোৱৰাকৈ
পাহাৰ বগাই চুঁচৰি বাগৰি
এন্ধাৰৰ গাঁত খান্দি
অগ্নিগড় সাজি
আকাশখনক
নেওচা দি
পূৰ্ণিমাৰ মিচিকি হাঁহিটোক থুৱাই
এন্ধাৰৰ জোনাকিপৰুৱাটোৰ পিছে পিছে দৌৰি
উজুটি খোৱাৰ ছাই সানি কপালে মূৰে গালে
সিহঁত মখাৰ কিৰিলিবোৰ
ছাই হৈ চামনি বান্ধে ঘৰৰ মূধচে মূধচে
চন্দ্ৰবিন্দুটোৱে কেৰাহিকৈ চাই
বেঁকা এটা হাঁহি মাৰে
জংগমৰ মাজত স্থাবৰ চন্দ্ৰবিন্দুটো জিলিকি থাকে
মানস-বৃন্দাবন
(গদ্যাশ্ৰয়ী পদ্য)
আমি গোপ-বালকসকল আমাৰ গৰুৰ পালটোৰে সৈতে দিনে-ৰাতি এইখন
অজৰ-অমৰ মানস-বৃন্দাবনত তেওঁৰ লগতে থাকোঁ; আচলতে ইয়াত এন্ধাৰ
ৰাতিও উজলে তেওঁৰ মিচিকি হাঁহিৰ জোনাকেৰে; সেই হাঁহিটোৱে আমাৰ
অজ্ঞান মনবোৰো ফৰকাল কৰি ৰাখে; আমি তেওঁক আমাৰ ‘ৰজা’ পাতিছোঁ;
আমাৰ ‘প্ৰেমৰ ৰজা’ আৰু সেয়েহে তেওঁৰ মূৰত ম’ৰাৰ সৰা পাখি এটা গুঁজি
দিছোঁ; তেওঁ ‘ৰজা’ হ’লেও আমাৰ সমনীয়া, লোৱা আৰু দিয়াৰ হিচাপৰ পৰা মুক্ত;
আমাৰ সৈতে তেওঁ অভিন্ন, অবিচ্ছিন্ন আৰু আমিও তেওঁৰপৰা কেতিয়াও
আঁতৰি নেথাকোঁ; তেওঁ আমাক নিৰন্তৰ বুকুৰ সোঁমাজত সুমুৱাই ৰাখে;
তেতিয়া আমাৰ ভোক-পিয়াহ একোৱেই নেথাকে; আনন্দ কেৱল আনন্দ; তেওঁৰ
ভিতৰে-বাহিৰে চন্দনৰ গোন্ধ; তেওঁৰ ভিতৰত থাকিলেও আমি তেওঁৰ
বাহিৰৰ সুদৰ্শন আকাশী অৱয়বটো দেখি থাকোঁ; আমি টোপনিতো তেওঁক দেখোঁ, কথা পাতোঁ৷
আমি অবোধ, আমি কাকো পতিয়ন নিয়াব নোৱাৰোঁ; আমিহে পতিয়ন গৈ
থাকোঁ এইখন বৃন্দাবনৰ নিৰিবিলি অমিয়াত; আমাৰ একোৰে অভাৱ নাই, নাই
কোনো দুখ, কোনো বেজাৰ, কোনো ভাগৰ, কোনো ৰোগ, কোনো শোক; ফলান
গছৰ ডালবোৰ সুস্বাদু ফলেৰে ভৰি থাকে হাতে লগ পোৱাকৈ, তলি-দেখা নিজৰাৰ
নিৰ্মল পানী, দেহা শাত কৰা মলয়াৰ বা ওৰেটো বছৰ, চকুৰ জুৰণি সেউজীয়া ঘাঁহনি
দিগন্ত বিয়পা আৰু আছে পখীৰ কূজনত বিয়লা সংগীতৰ হিয়া জুৰোৱা নিৰ্যাস;
এইখন বৃন্দাবনৰে গোবৰ্ধন পৰ্বতৰ গছে-বনে, আকাশে-বতাহে, শিলে-মাটিয়ে-পানীয়ে
তেওঁৰ পৰশৰ সুগন্ধ আমি প্ৰাণভৰি অনুভৱ কৰোঁ আৰু হিয়াৰ থাপনাত আলফুলে
একোগছি বন্তি জ্বলাই ৰাখোঁ৷
আমাক তেওঁ গভীৰ প্ৰেমেৰে আৱৰি ৰাখিছে আৰু আমিও সেই প্ৰেমৰ
বন্ধনেৰে বান্ধ খাই আছোঁ; আমাৰ কোনো বিপদ দেখিলে তেওঁ মুখখন বহলকৈ মেলি
দিয়ে আৰু আমি আটায়ে তেওঁৰ মুখ-গহ্বৰৰ নিৰাপদ আশ্ৰয়লৈ সোমাই যাওঁ;
বিপদ আঁতৰিলেই তেওঁ মুখখন মেলি দিয়ে আৰু আমি বাজ ওলাই তেওঁৰ
আনন্দ-ৰূপ দৰ্শন কৰি মুগ্ধ হওঁ৷
তেওঁ আমাৰ খেল-ধেমালিৰো সহচৰ; চাপৰিৰ বিস্তীৰ্ণ ঘাঁহনিডৰা
আমাৰ খেল-পথাৰ; ঢোপ-খেল আৰু হাউ-খেল তেওঁৰ বৰ প্ৰিয়; গোটেই
বেলাটো খেল খেলি আমি যেতিয়া ভোকে-পিয়াহে-ভাগৰে অৱশ হওঁ তেওঁ
আমাক চিৰদিনে ফুলি আমোলমোলাই থকা বিয়াগোম এজোপা কদম গছৰ
তললৈ লৈ যায় আৰু সেই কদম গছজোপাৰ শীতল ছায়াত আমি আটাইমখা
গোপ-বালক বহি পৰোঁ; তেতিয়া তেওঁ কঁকালৰ খোঁচনিৰ পৰা বিজুলী বাঁহৰ বাঁহীটো
উলিয়াই আনি বজাবলৈ ধৰে; বাঁহীৰ মিঠা সুৰে আমাৰ ভোক-পিয়াহ-ভাগৰ
নিৰাময় কৰি আমাক গভীৰ শান্তিৰে টোপনি নিয়ায়; বাঁহীৰ সুৰ শুনিয়েই
ওচৰতে চৰি থকা আমাৰ গৰুৰ পালটো আৰু গছৰ চৰাই-চিৰিকতিবোৰো টোপনি যায়৷
২
আমি আমাৰ গৰুৰ পালটো আৰু তেওঁৰ বাহিৰে আন একোকে, আন কাৰো কথাকে
ভাবিব নোৱাৰোঁ; আন একোৱেই কৰিব নোৱাৰোঁ; কেৱল তেওঁৰ আনন্দৰ বাবে, তেওঁৰ
ওঁঠত বিৰিঙি উঠা মৃদু-মধুৰ হাঁহিটোৰ বাবে আমি অপেক্ষা কৰোঁ; এই অপেক্ষা
আমাৰ পৰম বাঞ্ছিত; আমাৰ সৰু-সৰু অন্তৰেৰে এই অপেক্ষাক মানি লৈছোঁ আৰু
গভীৰভাবে বিশ্বাস কৰিছোঁ; এই অপেক্ষাই আমাৰ আশা, আমাৰ সম্বল৷
এই অপেক্ষাৰেই আমি যুগে যুগে কালক নেওচি
জন্ম-মৃত্যু, জৰা-ব্যাধি, শোক-সন্তাপৰ আবৰ্তৰ পৰা মুক্ত হৈ সীমাহীন,
নিত্যানন্দ এইখন মানস-বৃন্দাবনত গোপ-বালকৰ ৰূপত তেওঁৰ প্ৰেমময়,
চিৰ-উজ্জ্বল সান্নিধ্যেৰে ধন্য হৈ আহি আছোঁ, আহি আছোঁ…