সপোন এটা মেৰামতি কৰি আছোঁ
সপোন এটা দুহাতত লৈ
মই দৌৰি আছোঁ
দৌৰি দৌৰি কেতিয়াবা উজুটি খাই পৰিছোঁ।
বেদনাৰ কুহেলিকা আৰু
জুইৰ ধোঁৱাৰ মাজত
কেতিয়াবা হাতৰ পৰা পিছলি পৰিছে সপোন।
সপোনটো বুটলি লৈ আকৌ আৰম্ভ কৰিছোঁ যাত্ৰা
তথাপি, মই ভাগৰি পৰা নাই।
একাত্ম হৈ আছোঁ সপোনটোৰ স'তে।
সপোনৰ কোনো আয়তন নাই,ভৰ নাই,ওজন নাই,
নাই কোনো অৱয়ব।
অথচ, উটি-ভাহি ফুৰে সুখৰ সৰগত
ডুব যায় দুখৰ সাগৰত।
সপোনে সলাব পাৰে মানুহৰ জীৱনৰ ৰং।
মোৰ পুৰণি সপোনটো
মাজে মাজে ফিচিকি গৈছে
মই সীবলৈ চেষ্টা কৰিছোঁ,
মাজে মাজে তাপলি মাৰিছোঁ
আজোককাৰ পুৰণি চোলাটোৰ দৰে।
জীৱনক চুই যোৱা এটা সপোন
মেৰামতি কৰি আছোঁ।
নিঃসংগতাত কেতিয়াবা
নিঃসংগতাত কেতিয়াবা খুলি চাওঁ হৃদয় দুৱাৰ
কোনোবা কোণত আছে নেকি এচেৰেঙা পোহৰ।
খুলি দিওঁ খিৰিকী।
খুপি খুপি খোপনি হেৰুৱাই,
বতাহ জাকেও খুন্দা খায় অচিন কোঠাটোত।
ঘোপ মৰা এন্ধাৰত খেপিয়াই খেপিয়াই চাওঁ
এন্ধাৰৰ বুকুতে বিচাৰি পাম নেকি
মোৰ হেৰাই যোৱা সপোন,
অপূৰণ আশাৰ মৰহা পাপৰিৰ
দুখৰ হেৰোৱা অতীত।
অন্ধকাৰ,মাথো অন্ধকাৰ।
তাতেই বাট বুলে এক মায়াবী ছায়াই।
কঁপি উঠে মোৰ সোণালী শৈশৱ।
তচনচ হৈ পৰে বাতি ভৰাই সজা
ধূলি মাটিৰ ঢোপ,
ধূলি মাটিৰ দাগ দি সজা শোৱাঘৰ-খোৱাঘৰ।
বতাহজাকে মোৰ কাণে কাণে কৈ যায়,
অংকুৰিত গজালি ঠন ধৰি উঠে মুকুল হৈ
কোমল কুঁহি পাত এদিন
সেউজীয়াৰ পৰা হালধীয়া হয়।
শেষ হৈ যায় শিপাৰ সম্পৰ্ক,
শেষ হৈ যায় হাতে হাত ধৰি
থকাৰ দুৰ্বাৰ বাসনা
সৰি পৰা পাতৰো থাকে
বিষাদ ভৰা একোটা
অলিখিত ইতিহাস৷
An English translation of the poems.