হেমপ্ৰভা মৰাণৰ কবিতা

Issue: Vol. IV, No. 4, February-April, 2026

যন্ত্ৰণা

তোমাৰ মোৰ বুলি কি কথা আছে?
সময়বোৰ, দিনবোৰ মোৰ নে তোমাৰ?

দিন-ৰাতি বুলিও নো কি কথা আছে?
কোনোবাই ভগাই ল’ব পাৰে জানো
দিনবোৰ মোৰ ৰাতিবোৰ তোমাৰ বুলি?

জোন-বেলি কাৰ হ’ব পাৰে?
পূৰ্ণিমাৰ মায়াৱী জোনাক
যদি মোৰ বা তোমাৰ
অমানিশাৰ এন্ধাৰ
কাৰ বাবে?

তুমি ক’ব পাৰিবানে সেউজীয়াবোৰ মোৰ
হালধীয়া তোমাৰ বুলি?
যন্ত্ৰণাবোৰ ভগাই ল’ব নোৱাৰি
অঘৰী যন্ত্ৰণাবোৰে কাৰ দুৱাৰত কেতিয়া
থমকি ৰয় কোনে জানে।
পোহৰৰ মাত্ৰাধিক্যতো ছাঁবোৰ
অন্ধকাৰ ৰূপতে থাকে।



সময়

নিৰাপদ আশ্ৰয়ৰ সন্ধানত
ওৰে ৰাতি উজাগৰে থকা
ভাগৰত শ্ৰান্ত
এহালি কপৌ৷

সময়ৰ আলিদোমোজাত
হেৰাই গৈছে অনেকজনৰ ঠিকনা
ক্ষন্তেক জিৰণিৰ বাবে
লাগে এটি নিৰিবিলি স্থান
ক’ত পাব স্থায়ী ঠিকনা?

য’ত নদীয়ে হেৰুৱাইছে
পুৰণি ঠিকনা
সেউজীয়াই হেৰুৱাইছে নিজা ৰং
সুগন্ধি ফুলবোৰ হৈ পৰিছে
সুবাসবিহীন।

এতিয়া সকলো সলনি হৈছে
কোনে কাৰ কথা ভাবিব পাৰে,
বৰণ সলোৱা আবেলিটোয়ে
পাৰিবনে দিব এটি স্থায়ী ঠিকনা?

An English translation of the poems.