Issue: Vol. IV, No. 2, August-October, 2025
এখন অচিনাকি আকাশ
আকাশৰ তলত আৰু এখন আকাশ
অবিৰাম বৰষিছে জীয়া জুইৰ উত্তাপ।
পকা আঙঠাৰে ভৰি পৰিছে
শোৱাঘৰ খোৱাঘৰ।
মেঘৰ গৰ্জন, চিকমিক বিজুলীৰ ৰেখাংকন
আৰু ক’লীয়া ডাৱৰে আকাশখন ভয় লগা কৰি তুলিছে
ধুমুহাজাক তীব্ৰতৰপৰা তীব্ৰতৰ হৈ আহিছে
বিধ্বংসী ধুমুহাৰ মাজত থমকি ৰয় সপোন।
নিস্তেজ এটা সূৰ্য
এন্ধাৰৰ আঁৰত এটি উচুপনি
ইমানদিনে আকাশৰ সতে উমলি থকা
শব্দবোৰে ঠিকনা হেৰুৱায়
হাঁহিবোৰে চকুলো টোকে
নিঠৰুৱা হৈ পৰে
সংকল্প আৰু পথৰুৱা শ্ৰম।
সফলতা খঁহি পৰাৰ দুখত
বুকুৰ চুবুৰীত নামে লুণীয়া বান।
অভিমানী সূৰ্য
অস্তাচলত তেওঁক দেখি
এদিন সুধিলোঁ,
অনন্ত কালৰ বিৰামহীন যাত্ৰাৰ
ভাগৰ নাই নে তোমাৰ?
মানুহ আৰু পৃথিৱীৰ ইতিহাস লেখি লেখি
প্ৰতিক্ষণ কাম কৰাৰ
পথৰুৱা ক্লান্তি এটাই
সিক্ত নকৰে নে তোমাৰ বুকু?
বৰ্বৰ উলংগ মানুহৰ প্ৰথম যাত্ৰাৰ পৰা
আধুনিক সভ্যতাৰ শিষৰলৈ
যুগান্তৰৰ এটা দীঘলীয়া বাট।
তুমি জীৱন্ত সাক্ষী
প্ৰতি পল, প্ৰতিক্ষণ।
যাত্ৰাপথৰ ঘাত-প্ৰতিঘাত
মহাজাগতিক সংঘাত
মাজত তোমাৰ শক্তিমান স্থিতি।
মানুহ সলনি হ’ল
সলনি হ’ল ধৰণী,
তুমি ৰৈ গ’লা স্থানু হৈ।
সৃষ্টিৰ জয়গান গাই।
তোমাক সুধিলোঁ,
কেতিয়াবা তুমি
ক’লা আৱৰণ পিন্ধি
ঢাকি লোৱা নিজৰ মুখ
ক্ষণিকৰ জিৰণি নে
এয়া তোমাৰ অভিমান?
কেতিয়াবা ক’লীয়া ডাৱৰৰ আঁৰত লুকাই
লুকাভাকু খেলা।
আকাশক কন্দুৱাই, হঁহুৱাই তুমি ভাল পোৱা
নদীক দিয়া প্ৰাপ্তিৰ পূৰ্ণতা,
সাগৰ-মহাসাগৰ তোমাৰ আজন্ম প্ৰেমিক
আকুল প্ৰেমৰ তাড়নাতেই
আৱেগভৰা বুকুৰ উঠা-নমা
জোৱাৰ-ভাটা।
অজ্ঞতাৰ বাবে মানুহে
তোমাক সুমুৱাব খোজে
মন্দিৰৰ বন্ধ কোঠাত।
পাৰি নে তোমাৰ গতি, শকতিক
মানুহৰ ইচ্ছাৰে জুখিব?
তাৰ বাবেই হয়তো তোমাৰ অভিমান
তুমি তো জানা
পৃথিৱীৰ সকলো জীৱৰ প্ৰেম
তোমাৰ বাবে।
মানুহৰ কিয় বাৰু অন্তহীন অভিযোগ
যুগে যুগে?