হেমপ্ৰভা মৰাণৰ কবিতা

জীৱনৰ অংক

মুখামুখিকৈ বহি লৈ
মোৰ স’তে মই
মেলি লওঁ হিচাপৰ খতিয়ান 
নিৰিবিলি ক্ষণত।
আশাৰ ৰামধেনু সপোন 
কিমান পালোঁ
কিমান হেৰুৱালোঁ
তাৰে হয় হিচাপ-নিকাচ।
জোনবায়ে হেৰুৱায় জোনাক,
আকাশখন সাগৰৰ আৰু বেছি 
গভীৰতাত ডুব যায।
বয়স বাঢ়ি যায়
এক, দুই, তিনি, চাৰি, একক, দশক।
বাঢ়ি যোৱা দায়িত্ব আৰু চিন্তা দুঃচিন্তাৰ
ঊৰ্ধ্ব গতি
যোগৰ ঘৰত।

বিয়োগৰ ঘৰ
ক্ৰমে ক্ৰমে হ্ৰাস হৈ অহা
সময় আৰু হাবিয়াসৰ
ধাৰাবাহিক অধঃক্ৰম।
হৰণৰ বেলিকা 
ভাজক ভাজ্যৰ মাজতে
সকলো হেৰাল,
ভাগফল শূন্য।
পূৰণৰ হিচাপ নো ক'ত?
সকলো দেখোন আধৰুৱা অপূৰণ।
বিভ্ৰান্তি!
হয়তো জীৱনৰ অংক 
মোৰ শিকাই নহ'ল।
নহ’লেবা 
ভুলকৈ শিকিলোঁ
জীৱনৰ জমাখৰচ।
যোগ-বিয়োগ,পূৰণ-হৰণেই তো
জীৱনৰ অংক,
মানুহৰ জীৱনৰ জটিল অথবা 
সৰল সমীকৰণ।
এন্ধাৰ কোঠাটোত নথকা
ক'লা মেকুৰীটো বিচাৰি
চলাথ কৰা দৰ্শনৰ 
নাম জানো জীৱন?
কবিতাৰ ঠিকনা বিচাৰি

কবিতাৰ ঠিকনা বিচাৰি
ঘূৰিলোঁ ওৰেটো জীৱন,
আশাৰ কোমল কুঁহিপাতৰ পৰা
বিষাদৰ শুকান সৰাপাতলৈ
কবিতাই কথা কয়, নিৰলে
নীৰৱে।
কবিতাই সিঁচি দিয়ে মায়াৱী শব্দৰ শইচ
মানুহৰ বুকুৱে বুকুৱে 
কবিতা উমলি থাকে
জোন, তৰা, মেঘৰ দেশত
পৰ্বত-পাহাৰৰ হৃদয় দুৱাৰ খুলি 
কুৰুকি কুৰুকি লৈ আহে
আজন্ম কাৰাৰুদ্ধ 
একাকী মনৰ বেদনা। 
জনহীন অৰণ্যৰ 
সৌন্দৰ্যৰ বৰপেৰা খুলি
কবিতাই চুৰ কৰে
পক্ষীৰ কাকলি,
জন্তুৰ আৰাও।
প্ৰতিজন মানুহৰ উশাহত
ঘৰ সাজে কবিতাই।
দুখৰ নদীত সাঁতুৰি-নাদুৰি
ক্লান্ত, ক্লিষ্ট হৈ 
জীৱন ধ্বংসৰ আখৰা কৰি থকা জনৰ
বুকুলৈ লৈ আহে 
জীৱন জীয়াই থোৱাৰ
ৰ’দালি আশাৰ বতৰা।
কবিৰ বুকুৰ উমাল প্ৰেমত
পোখা মেলি 
জীয়াই থাকে কবিতা।
শব্দৰ বুটা বছা অনুভৱৰ এখনি
কোমল দলিছাৰ নাম কবিতা
প্ৰেমৰ জীপাল অনুভূতি আৰু 
বিৰহৰ বিগলিত অশ্ৰুসিক্ত
কেঁচা কলিজাৰ কপাট খুলি
জুমি জুমি চাই
শব্দই পোছাক সলায়।
কেতিয়াবা দুখৰ এন্ধাৰ কলীয়া সাজ,
কেতিয়াবা পিন্ধে পোহৰৰ বাখৰুৱা সাজ।
মানুহৰ বুকুৰ পৰা বুকুলৈ
সোণোৱালী সেতু গঢ়ে কবিতাই।

Click here to read an English translation of the poems.