কবিতা বিচাৰি
কেতিয়াবা মই কবিতাক বিচাৰি ফুৰোঁ আৰু দেখা নাপাওঁ।
মই ওলাই আহোঁ আৰু দেখোঁ এজন লেঙেৰা মানুহ বাটেৰে গৈ আছে।
তেওঁক মই আগতেও দেখিছিলোঁ।
এখন পুৰণি গাড়ী ধূলি-মাকতিৰে লেতেৰা হৈ ৰাস্তাত ৰৈ আছে।
আগতেও দেখিছিলোঁ, কিন্তু কোনোদিন মন কৰা নাছিলোঁ।
মই কবিতাক বিচাৰি ফুৰিছোঁ কিন্তু দেখা নাই।
দেখিলোঁ, সদায় দেখা ৰিক্সাখন পুৱা ৰাস্তাৰ দাঁতিত ৰৈ আছে।
জুৰজুৰীয়া দেহৰ ৰিক্সাচালকজন নাই।
আগতেও দেখোঁ। আজিও দেখিলোঁ।
মই কবিতাক বিচাৰি ফুৰিছোঁ আৰু নেদেখি ওলাই আহিছোঁ।
টিকটিকিয়া ৰঙা বেলিটো পূৱ আকাশেৰে ওলাই আহিছে,
আৰু পুৱা খোজ কাঢ়িবলৈ অহা মানুহবোৰে খোজ কাঢ়িছে।
বেলিটোলৈ চাবলৈ সিহঁতৰ সময় নাই।
মই বেলিটোলৈ চাইছোঁ। আগতেও চাইছিলোঁ।
কাউৰীবোৰ হঠাতে গছৰ পৰা কোঢ়াল কৰি উৰি গ'ল।
সিহঁত আগতেও গছত বহিছিল আৰু উৰি যাওঁতে কোঢ়াল কৰিছিল।
ফুটপাথৰ এখন স্লেব ভাগি পৰি আছিল। আজিও আছে।
মই অন্যমনস্ক হৈ খোজ কাঢ়োতে তাত এদিন বাগৰি পৰিব খুজিছিলোঁ।
ঘটনাটো এতিয়াও মোৰ মনত আছে।
কালি য'ত যি আছিল আজিও একেদৰেই আছে।
এতিয়া মই কবিতা বিচাৰি আহোঁতে সকলো বেলেগ হৈ গৈছে।
চহৰত বৰষুণ
ধাৰাসাৰ বৰষুণ৷
উটুৱাই নিব নেকি
চহৰীয়া ভুলবোৰ
পানীত ককবকাই থকা খংবোৰ?
কিন্তু যিসকলে পানীপৰুৱাৰ দৰে
ককবকাই আছে
উটি যাবনে তেওঁলোকৰ দুঃখবোৰো
নে পানীয়ে-বামে উভচৰ হৈ
থাকিব তেওঁলোক৷
দোষ কাৰ?
নাগৰিকৰ নে নগৰ পৰিকল্পনাৰ?
নে সকলোৰে উদাসীনতাৰ?
যিসকলে পানীত ওপঙিছে
তেওঁলোক এতিয়া মাত মাতি মাতি
বোবা৷
বৈদ্যুতিন পর্দাত
চঞ্চল ছবিৰ কথকতা
তেওঁলোকৰ ভগা হাড়ত
সাময়িক ভেঙুচালি৷
বৰষুণে ৰিমজিম গান
ইয়াত নাগায়৷
কেৱল মানুহৰ সমূহীয়া ভুলত
বিদ্রুপৰ তবলা বজায়৷
An English translation of the poems.