এই ভোগালীতে
শূন্য পথাৰখনত বতাহে হাবাথুৰি খাই কি বিচাৰিছে?
শস্য চপোৱা হ’ল৷ গুটিধানবোৰ ভঁৰালত৷
আউলি-বাউলি হোৱা বতাহৰ বিননিত শুই থকা নৰাবোৰে
চক খাই উঠি মূৰ তুলি চাইছে৷ বতাহৰ চকুপানী
নিয়ৰ টোপাল হৈ সৰিছে আৰু নৰাবোৰ সেমেকা হৈ পৰিছে৷
বতাহৰ মুখত হাঁহি দিবলৈ মেজিটো জ্বলাই
হৈ-ধ্বনি দিয়াহি৷
দোকমোকালিৰ বেলিলৈ চাই কোৱাহি,
অহাবাৰো আমাৰ পথাৰ যেন ধানেৰে সোণালী কৰা৷
এই ভোগালীতে,
দিহিঙে-দিপাঙে
পথাৰে-পথাৰে
মেজিৰ সেক লৈ,
সেৱাটি জনাই,
গঞা-জ্ঞাতি এক হোৱা৷
হঠাৎ দুটা ভুল
আজি
সৰু সৰু
দুটা
ভুল হৈ গ'ল
হঠাতে।
ডিঙিত ৰঙা ফিটা
মাৰি
আহিছিল
বুৰ্বক ছাগলী
মই তাইক
ঘাঁহ দিব
নোৱাৰিলোঁ
শুকান ঘাঁহত
জুই
ওলাব খুজিছে।
বুঢ়া মানুহৰ
দাঢ়িৰে যেন
ছাটি ৰখা হাবিখন
পাৰ হ'ব
খোজোতে
দেখিছিলোঁ দুটা
মিথুন-লগ্ন
মূৰ্তি
কাষত দেখিছিলোঁ
বহুতো
সোণালী ফচল
আৰু
অলেখ সোণৰ
কণী
আশা হ'ল
কিবা-কিবি
বহুতো।
এনেতে দেখিলোঁ—
বৃদ্ধ
চকীদাৰে
চুৰ কৰি
নিছে আহি
সোণালী ফচল
আৰু
সোণৰ কণী
এটা দুটাকৈ
মনে মনে।
মই তাক
বাধা দিব
নোৱাৰিলোঁ
স্বৰ্ণশাখা
বিচাৰি
নাপালোঁ।
মোৰ মাথোঁ
দাঢ়িহে
দীঘল হ'ল।