আনন্দ
এদিন পুৱাবেলা
বতৰটো ইমান সুন্দৰ।
চৰাইৰ মাত, গৰু-ছাগলীৰ হেম্বেলনি,
পথৰুৱা মানুহৰ মাত-কথাৰে গাঁওখন মুখৰ।
তাতে মিঠা সোণোৱালী ৰ'দজাকে
মনটো পুলকাই তুলিলে।
ঘৰৰ দীঘল পদুলি পাৰ হৈ,
গাঁৱৰ বাটেৰে আমি দুইটা আগবাঢ়িলোঁ।
আনন্দত কথাকে ওলোৱা নাই
এবাৰ লগৰটোক চালোঁ,
তাৰো বাৰু একেই আনন্দ, একেই পুলক জাগিছেনে?
চাই দেখোঁ মোৰ লগত ফুৰিবলৈ অহা
এইটো দেখোন ময়েই।
অকণমান অহাৰ পিছত দেখিলোঁ,
বাৰীৰ জেওৰা এখন পাৰ হ'বলৈ
সৰু ল'ৰা এটাই প্ৰাণপণে চেষ্টা কৰিছে।
বাওঁভৰিটো এচটা কামিত, সোঁভৰিটো তাৰ ওপৰচটা কামিত দি
জেওৰাখন পাৰ হ'বলৈ বৰ কষ্ট কৰিছে।
পৰা নাই। পিন্ধি থকা গামোচাখন জেওৰাৰ খুঁটিত লাগি ধৰে।
ভালকৈ চাই দেখিলোঁ, সেইটো দেখোন ময়েই
ব'তিয়ে বৈ দিয়া গামোচাখন পিন্ধি
জেওৰা পাৰ হ'বলৈ চেষ্টা কৰি আছোঁ
সেয়া দেখোন আমাৰ বাৰীৰে জেওৰা।
লগৰ মইটোক কওঁ বুলি ঘূৰি দেখোঁ সি নাই।
আকৌ জেওৰাখনৰ ফালে চাই দেখোঁ, মোৰ লগৰ মইতো
সৰু ল'ৰাটোৰ ওচৰলৈ গৈ গামোচাখন খুলি ডিঙিত আঁৰি
জেওৰাখন পাৰ কৰি দিলে।
সিও পাৰ হৈ গ'ল।
দুয়োটা মনৰ আনন্দত কিৰিলি পাৰি
জঁপিয়াই গৈ আছে।
মই ৰ লাগি চাই থাকিলোঁ সিহঁতক নেদেখা হোৱালৈকে।
An English translation of the poem.