হিতেন শৰ্মা
কৈফিয়ৎ: ‘নাল্পে সুখমস্তি’ সেই দুখে মনক, চৈতন্যক ঠেকেচি পীড়া দি আহিছে অশীতি কাল৷ সন্তৰণৰ যৎসামান্য অভ্যাস কৰিছিলোঁ ঘৰৰ পিছফালৰ তেনেই সংকীৰ্ণ আৰু অগভীৰ খাল সদৃশ পুখুৰীটোত৷ এমূৰত আৰম্ভ কৰিলেই সিমূৰৰ পাৰত গৈ খুন্দা খাই থমকি ৰওঁ৷ অভীপ্সাও এনে ধৰণৰ খুন্দা-খুন্দলিত জৰ্জৰিত হয়৷ মজিয়াৰ গছাৰ ওপৰত ‘লাল-কেৰাচিন’ তেলৰ গেৰা-গজা চাকিগছৰ ‘এই নুমাওঁ, এই নুমাওঁ’ৰ ৰহস্যময় আন্ধাৰ-পোহৰৰ খেলা৷ বুজা-নুবুজাৰ যন্ত্ৰণাটোৰ উৎপত্তি সৌ তাহানিতে; স্থান-কাল-পাত্ৰৰ পৰিৱেশৰ ভৌতিক প্ৰভাৱত চেতনাৰ অন্তৰ্জগতখন মূলা-খৰুৱা হৈয়ে ৰ’ল৷ সেয়েহে বামত পৰি ‘সফৰি ফৰ্ফৰায়তে’৷ ‘ক্ষমাহি কেবলম্’৷
সমস্ত কৃচ্ছ্ৰতা সত্ত্বেও, লেহুকা পাখিৰে ‘এই পৰোঁ, এই পৰোঁ’কৈ মৰ-সাহ কৰি আৰম্ভ কৰিছোঁ অদৃষ্টপূবৰ্ সাগৰ পাৰলৈ এই যাত্ৰা৷ শংখৰ লীলায়িত বিস্তাৰ নেদেখিলেও, কুঁৱলীৰ পাহাৰৰ সিপাৰৰ পৰা বলি অহা লুনীয়া বতাহৰ সোঁতত নিজকে সমৰ্পণ কৰাৰ উত্তেজনা অনুভৱ কৰাৰ হেঁপাহেৰে৷ এই যাত্ৰা কালতে মোৰ যৎকিঞ্চিৎ ধাৰণা হ’ল মহান জাৰ্মান মনীষী গ্যেটেৰ ভাবনাৰ ঢৌৱে উটুৱাই মোৰ নিথৰ চৈতন্যৰ বলুকালৈ লৈ অনা বিশেষ প্ৰশ্ন এটা আৰু তাৰে সৈতে সংশ্লিষ্ট কেতবোৰ প্ৰসংগ৷
পেলাৰ্মো, ১৭৮৭ চনৰ ১৭ এপ্ৰিল তাৰিখ:
“It is a real disaster for a man to be tempted by a host of conflicting demons. This morning I went to the Public Gardens, calmly and firmly determined to carry on with my poetic designs; yet in no time another ghost, which had secretly pursued me all these days, had caught hold of me. The many plants which elsewhere I used to see only in pots, and mostly under glass, grow here cheerfully under the open sky, and, living as they are really meant to live, reveal themselves to us with greater clarity, confronted with so many new shapes, I was once more overcome by my old whimsical fascination: might I not discover among this crowd the Urpflanze (that original plant from which all others are derived)? After all, it must exist; how could I otherwise know that this shape and that are both plants if they were not all organized according to one principle?”
(“এজন মানুহৰ কাৰণে পৰস্পৰ-বিৰোধী এগাল আসুৰিক প্ৰবৃত্তিৰে প্ৰৰোচিত হোৱাতো এটা সঁচা-সঁচি বিপৰ্যয়৷ আজি পুৱা শান্ত মনেৰে মই মোৰ কাব্যিক আৰ্হিসমূহক শৃংখলাবদ্ধ কৰাৰ উদ্দেশ্যে দৃঢ়চিত্তে ৰাজহুৱা উদ্যানলৈ গৈছিলোঁ; তথাপি আজি অতদিনে মোক অনুসৰণ কৰি থকা অপ-চিন্তা এটাই অকস্মাতে গবা মাৰি ধৰিলে৷ প্ৰায় সংখ্যকে কাচৰ সৰু সৰু পাত্ৰৰ ভিতৰত থকা অতবোৰ গছপুলি মই যে অন্যত্ৰ দেখিবলৈ পাইছিলোঁ, সেইবোৰ ইয়াত মুকলি আকাশৰ তলত লহপহীয়া হৈ গজি আছে, আৰু জীয়া বুলিলে আমাৰ যি ধাৰণা হয় সেইদৰে আমাৰ সম্মুখত পৰিষ্কাৰভাৱে প্ৰতিভাত হৈ আটাইবোৰে বাঢ়ি আছে৷ অতবোৰ নতুন নতুন আকৃতি মোৰ সন্মুখত আৱিৰ্ভাৱ হ’লত, মই আকৌ এবেলি মোৰ পুৰণি স্বভাৱজাত কৌতুহলেৰে পৰাভূত হ’লোঁ : ইহঁতবোৰৰ মাজত সেই আদিমতম বিৰিখজোপাক (যাৰ পৰা আন সকলোবোৰ গছৰ উৎপত্তি হৈছে) মই নেদেখিম নে? মই নেদেখিলেও, এইজোপা ইয়াত থাকিবই; নহ’লে মই কেনেকৈ জানিলোঁহেঁতেন যে এইজোপা আন এজোপাৰ লেখীয়া গছেই যদিহে উভয়ে একেটা প্ৰাকৃতিক নিয়মেৰে গ্ৰন্থিল হৈ নেথাকিলহেঁতেন?”)
ইয়াৰ তিনি বছৰ পিছত, ১৭৯০ চনত, গ্যেটেৰ Metamorphosis of Plants গ্ৰন্থখন প্ৰকাশ হৈ ওলায়৷ এই গ্ৰন্থখনৰ কেন্দ্ৰীয় ধাৰণাটো হৈছে যে এজোপা গছৰ প্ৰতিটো অংশয়ে একেটা মৌলিক গঠনৰ পৰাই উদ্ভূত৷ তথাপি পাৰিপাৰ্শ্বিক ভিন্নতাক্ৰমে গছবোৰৰ আকৃতিগত আৰু প্ৰকৃতিগত ৰূপান্তৰৰ প্ৰক্ৰিয়া— আভ্যন্তৰীণ আৰু বাহ্যিক— উভয় ফালৰ প্ৰভাৱৰ ফলত বহুধা ৰূপত দৃশ্যমান হয়৷ এই ধৰণৰ সঁহাৰিৰ মূলত আছে ভিতৰ আৰু বাহিৰৰ সৃজনশীল সংযোগ৷ গ্যেটেই তেওঁৰ কবিতা এটাত কৈছিল : “Nature has neither kernel nor; she is everything at once.”—প্ৰকৃতিৰ শাহো নাই, খোলাও নাই; ই একে সময়তে গোটেইখিনিয়ে৷ (Gedichte in zeitlicher Folge, Leipzig, ১৯২০, পৃ. ২২৪) তেওঁ Metamorphosis of Plants গ্ৰন্থখনৰ সামৰণিত কৈছিল, “It is evident that we should need a general word with which to denote that organism which is capable of transforming itself into such a variety of shapes, and against which we could set up all the phenomena into which it unfolds.” (The Disinherited Mind, by Erich Heller, Pelican, পৃ. ১১) এই বিবিধতাৰ সমস্যাটোৰ সমাধানকল্পে তেওঁ উদ্ভাৱন কৰিছিল ‘Urpflanze’(সেই আদিম গছজোপা যাৰ পৰা কালক্ৰমত সৃষ্টি হৈছিল অগণন তৰু-তৃণৰ সমষ্টি)-ৰ কল্প-চিত্ৰৰ বাস্তৱিক প্ৰতিচ্ছবি৷ এইখিনিলৈকে গ্যেটেৰ ধাৰণাত জগতখন সংহত ৰূপত প্ৰতিভাত৷ ইয়াৰ পৰৱৰ্তী স্তৰত আৰম্ভ হৈছিল কাব্যৰ যুগ আৰু কাব্যই পুনঃপ্ৰতিষ্ঠা কৰিছিল ৰহস্যময়তাক আৰু অৱশেষত আদিম হিংস্ৰতাৰ অৱসান ঘটি ঈশ্বৰৰ আৱিৰ্ভাৱেৰে পৱিত্ৰতাৰ বোধৰ যুগ৷ এই উপলব্ধিৰে গ্যেটেই ৰচনা কৰিছিল তেওঁৰ শ্ৰেষ্ঠতম কাব্য ফাউষ্ট৷ মানুহৰ জীৱনত বিধৃত হোৱা কিছুমান প্ৰমূল্যৰ ওপৰত তেওঁ নিজৰ বিশ্বাস থাপি প্ৰকৃতিৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত গাণিতিক বিশ্লেষণৰ পদ্ধতিৰ পৰা নিজকে দূৰত ৰাখিছিল৷ নীট্ছেই ভবাৰ ধৰণে গ্যেটেইও ভাবিছিল যে প্ৰমূল্যসমূহৰ গুৰুত্ব জ্ঞানৰ তুলনাত অধিক৷ প্ৰমূল্যসমূহৰ ওপৰত থকা অধিকতৰ আস্থাই তেওঁক ‘অতিজাগতিক’(Transcendentalism) ধাৰাৰ ধুঁৱলী বিশ্বাসৰ পৰা আঁতৰাই আনি নীট্ছেৰ ওচৰ চপাইছিল৷ জাগতিক অনুষংগসমূহ নীট্ছেই তেওঁৰ The Birth of Tragedy গ্ৰন্থত “বিশ্বজনীন সত্যৰ পৰিভাষা” বুলি কৰা উক্তিটোৱে গ্যেটেলৈ আমাক মনত পেলায়৷ গ্যেটে আৰু নীট্ছেৰ চিন্তাধাৰা আৰু শৈল্পিক নিৰ্মিতিৰ খুঁটি-নাটি সম্পৰ্কে পাৰ্থক্য থকা সত্ত্বেও নীট্ছেই স্বীকাৰ কৰিছিল যে “হেৰাক্লিটাচ্ আৰু স্পিনোজাৰ লগতে গ্যেটেও তেওঁৰ এজন পূৰ্বসূৰী আছিল৷” আৰু কৈছিল, “এতিয়া মই অতীতক উপলব্ধি কৰিছোঁ আৰু লগতে মহৎ কলাৰ বৈশিষ্ট্য প্ৰসংগত গ্যেটেৰ অন্তদৃৰ্ষ্টিৰ বুজ, আৰু এতিয়া মই লাভ কৰিছোঁ মানৱ অস্তিত্বৰ যথাৰ্থ সাৰল্যৰ বোধ; ইয়ে যাতে বিষময় নিৰাশাবাদত পৰিণত নহয় তাৰ বাবে মোৰ হাতত উপযুক্ত প্ৰতিষেধক আছে৷” ১৮৭০ চনত তেওঁ যেতিয়া The Birth of Tragedy গ্ৰন্থখন লিখি আছিল তেওঁ মন্তব্য কৰিছিল যে গ্যেটেৰ মহাকাব্যিক দৃষ্টিভংগীৰ হেতু কবিতা আছিল তেওঁৰ বাবে জীৱনৰ সকলো অনাময়ৰ প্ৰতিষেধক, কিয়নো কাব্যই তেওঁক জ্ঞানৰ সমগ্ৰতাৰ বিষময় বোধৰ পৰা মুক্ত কৰি ৰাখিছিল আৰু আনহাতে জ্ঞানৰ পৰিধিৰ পৰা কাৰুণ্য-পন্থীসকলৰ বাবে কলাই হৈছিল একমাত্ৰ পৰিত্ৰাণ৷ গ্যেটেৰ এটা বিখ্যাত উক্তি হ’ল: “এটা কাব্যিক সৃষ্টি বেছি সুবিধাজনক কাৰণ ইয়াক কোনো তুলাচনীৰে জুখিব নোৱাৰি আৰু যুক্তিৰ আধাৰত ধাৰণা কৰিব নোৱাৰি৷” এই উক্তিটোৰ অন্তৰালত আছে প্ৰতীকী ব্যঞ্জনাৰ গুৰুত্ব৷ বহু ক্ষেত্ৰত গ্যেটেৰ সৈতে ভিন্নতা থকা সত্ত্বেও নীট্ছেই মূল কথাবোৰৰ ক্ষেত্ৰত গ্যেটেৰ চিন্তাধাৰাৰ সৈতে সহমৰ্মীতা প্ৰকাশ কৰিছিল ব্যঞ্জনাৰ বক্ৰতাৰে; যেনে ধৰক, তেওঁ একেটা কথাকে ব্যক্ত কৰি কৈছিল যে প্ৰতীকবোৰ মৌলিক ৰূপত ‘বিশ্বজনীনতাৰ পৰিভাষা’৷ প্ৰতীকৰ যথাৰ্থতা হৈছে সকলো প্ৰকাৰৰ কলাৰে ই উমৈহতীয়া সম্পত্তি৷
নীট্ছেৰ ভাবনাৰ সমৃদ্ধিয়ে ৰূপ সলনি কৰি ৰিল্কেৰ কবিতাতো আত্মপ্ৰকাশ কৰিছে: ভাবনাৰ জঁকাটোত আবেগৰ তেজ-মঙহেৰে পুষ্টি লাভ কৰি৷ নীট্ছে আৰু ৰিল্কেৰ অভিপ্ৰায়ৰ পাৰ্থক্যখিনি হ’ল: নীট্ছেই হ’বলৈ বিচাৰিছিল এগৰাকী চিন্তাবিদ আৰু ৰিল্কেই হ’বলৈ বিচাৰিছিল এগৰাকী কবি৷ কাব্য ৰচনাৰ প্ৰক্ৰিয়াটোক গ্যেটেই এইদৰে বৰ্ণনা কৰিছিল: “কবিয়ে কবিতা ৰচনা কৰে, আধ্যাত্মবাদীয়ে তত্ত্বৰ সৃ্ষ্টি কৰে, মৌমাখিয়ে মৌচাক গঢ়ে, মকৰাই আঁহ উলিয়াই মকৰাজাল ৰচে: কোনোৱেই দাবী কৰিব নোৱাৰে যে এই কৰ্তাসকলৰ কোনোজনেই অথবা কোনোটোৱেই ভাবি-চিন্তি পতিয়ন গৈ এই সাধনবোৰ কৰে : প্ৰত্যেকে কেৱল কৰে৷” সৃজনৰ প্ৰক্ৰিয়াটোৰ দুটা গুৰুত্বপূৰ্ণ উপাদান আছে : অভ্যন্তৰৰ অৱলম্বন আৰু তাৰ বাহ্যিক ৰূপ সৃষ্টি৷ এইটো এটা ৰাসায়নিক প্ৰক্ৰিয়া৷ যথাৰ্থতে নীট্ছে আৰু ৰিল্কে উভয়েই পৰস্পৰৰ পৰিপূৰক৷ ৰিল্কেৰ কবিতা নীট্ছেৰ ভাব-বস্তুৰ আবেগিক প্ৰকাশ৷ দুয়ো আছিল ছিন্নমূল৷ দুয়ো আছিল একাকী আৰু দুয়োৰে আছিল মানৱীয় সম্পৰ্কৰ বন্ধন ছিন্নকাৰী এক বাধাহীন, দুৰন্ত আকাংক্ষা বিশ্বজনীন আৰু নৈৰ্ব্যক্তিক বোধ উদ্ভাসিত কৰাৰ৷ অধ্যাপক এৰিখ হেলাৰে উভয়ৰে মাজত থকা ভ্ৰাতৃত্বসুলভ সাদৃশ্যৰ বিষয়ে উল্লেখ কৰি কৈছে : “Rilke may be to Nietzsche what Orpheus is to Dionysus… They are both initiates in the alchemy of… transfiguration” (পৃ. ১১৬) ৰিল্কেয়ে কৈছে যে যুগৰ অন্তত অন্ধকাৰৰ গৰ্ভতে জীৱন্ত হৈ উঠিব ‘এক অৰ্বুদ মসৃণ, সুগঢ়ী আৰু আপোন জেউতিৰে মহীয়ান সোণোৱালী অৱয়ৱ’; এনেহেন জগতখন নীট্ছেৰ ‘সদাজাগ্ৰত, মনোহৰ উৎফুল্লতাৰো’ অধিক৷
ৰিল্কেৰ মনোজগতখন এহাতে ব্যাপ্তিৰ পৰিধিৰ মাত্ৰাৰে অপৰিমেয় ধৰণে বিশাল আৰু আনহাতে এই বিশালতাৰ বোধে তেওঁক সচেতন কৰি তুলিছিল এক অন্তৰ্মুখী নিবিড়তাৰে৷ এই উপলব্ধিৰ সৈতে সাঙোৰ খাই আছিল নৱন্যাসিক যুগৰ পেইণ্টিংসমূহত শিল্পীসকলে আৰোপ কৰা তৃতীয় মাত্ৰাটো৷ মধ্যযুগত অংকিত সন্তসকলৰ দ্বিমাত্ৰিক ছৱিসমূহৰ নিৰ্জীৱতাই নৱন্যাসিক যুগত চিত্ৰকৰসকলক উদ্বুদ্ধ কৰিছিল অন্তৰ্মুখী, প্ৰাণময় তৃতীয় মাত্ৰাটো সংযোগ কৰিবলৈ৷ ৰিল্কেৰ ক্ষেত্ৰত নীৰৱতাৰ সৈতে এই অন্তৰ্মুখী তৃতীয় মাত্ৰাটোৱে তেওঁক সজাগ কৰি তুলিছিল এই বিশালতাৰ ব্যাপ্তিত অস্তিত্ববোৰৰ নিজস্বতাৰ সাৰ্থকতাৰ প্ৰতি৷ তেওঁ প্ৰতিটো বস্তুকে, প্ৰতিটো অস্তিত্বকে অনুভৱ কৰিছিল স্বকীয়তাৰে৷ তেওঁ দ্বিতীয় এলিজীটোত কৈছে:
“Early successes, Creation's pampered darlings,
ranges, summits, dawn-red ridges
of all beginning— pollen of blossoming godhead,
hinges of light, corridors, stairways, thrones,
spaces of being, shields of felicity, tumults
of stormily-rapturous feeling, and suddenly, separate,
mirrors...”
“প্ৰাৰম্ভিক কৃতিসমূহ, স্ৰজনৰ অত্যধিক আদৰত নষ্ট,
পাহাৰবোৰ, শৃংগবোৰ, ঊষাৰ ৰহণেৰে ৰহণীয়া শেখৰবোৰ,
আৰম্ভণিৰ আটাইবোৰৰে,— প্ৰষ্ফুটিত দৈৱী-মহিমাময় কুসুমৰ পৰাগৰেণু,
পোহৰৰ শলখাবোৰ, দোঘৰাবোৰ, চিৰিবোৰ, সিংহাসনবোৰ,
অস্তিত্বৰ ক্ষেত্ৰবোৰ, সম্বৰ্ধনাৰ ফলক-চিহ্নবোৰ, হুলস্থূলীয়া
প্ৰবল উত্তেজনাৰ আবেগবোৰ, আৰু হঠাতে, বিচ্ছিন্ন
আইনাবোৰ...”
অনুৰূপ শূইন ক্ষেত্ৰসমূহক তেওঁৰ নৱম সংখ্যক এলিজীটোতো ৰিল্কেই এই ধৰণেৰে উল্লেখ কৰিছে:
Are we, perhaps, here just for saying: House,
Bridge, Fountain, Gate, Jug, Olive tree, Window,
possibly : Pillar, Tower? ...but for saying, remember,
oh, for such saying as never the things themselves
hoped so intensely to be.
আমি, জানো, ইয়াত এই বুলি ক’বলৈ আছোঁ : ঘৰ
দলং, ঝৰ্ণা, তোৰণ, ঝাৰী, নাচপতি গছ, খিৰিকী,--
খুব বেছি : স্তম্ভ, গম্বুজ? ... কিন্তু ক’বলৈ গ’লে, মনত ৰাখিবা,
ওহ, এই বুলি ক’বলৈ যে এই আটাইবোৰ অৱয়ৱে নিজকে কেতিয়াও
ইমান গভীৰভাৱে ব্যঞ্জিত হ’বলৈ বিচৰা নাছিল...
অধ্যাপক হেলাৰে কৈছে যে নীট্ছে আৰু ৰিল্কে উভয়ে নতুন সংকেত সৃষ্টিৰ ক্ষেত্ৰত সুদক্ষ আছিল—প্ৰথমগৰাকী চিন্তাৰ ক্ষেত্ৰত আৰু দ্বিতীয়গৰাকী আৱেগৰ ক্ষেত্ৰত—এই বুলি সঘনে দাবী কৰা হয়৷ এই বিশাল ব্ৰহ্মাণ্ডৰ অনুদ্ঘাটিত ক্ষেত্ৰসমূহৰ ‘শূইন ব্যাপ্তি’বোৰত আমাৰ চিন্তা আৰু আৱেগৰ চিৰাচৰিত ধাৰণাবোৰৰ মাজতে নিহিত হৈ আছে আমাৰ প্ৰকৃত আপেক্ষিকতা বাস্তৱ স্থিতিৰ সৈতে৷ তেওঁ ডুইনো এলিজীৰ আটাইকেইটা কবিতাতে এই ক্ষেত্ৰসমূহৰ প্ৰসংগ বহুলভাৱে উল্লেখ কৰিছে৷ অৰ্ফিয়ুচৰ প্ৰতি ছনেট শৃংখলাৰ প্ৰথম ভাগৰ দ্বাদশ সংখ্যক ছনেটটোতো ৰিল্কেয়ে এই আপেক্ষিকতা সম্পৰ্কে এইধৰণে কৈছে:
Hail, the spirit able to unite us!
For we truly live our lives in symbols,
and with tiny steps move our clocks,
beside our real, actual day,
Without knowing our true place
we yet act from real relatedness,
Antennae feel antennae,
and the empty distance carries....
আমাক সংহত কৰিব পৰা সেই দৈৱী প্ৰভাৱৰ আমি জয়গুণ গাওঁ!
কিয়নো আমি সঁচাসঁচিকৈ জীৱন অতিবাহিত কৰোঁ প্ৰতীকবোৰৰ মাজতে,
আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ পদক্ষেপেৰে জীৱন-ঘড়ীটো চলিবলৈ দিওঁ,
আমাৰ সঁচা, বাস্তৱিক দিনটোৰ কাষে কাষে৷
আমাৰ সঁচা অৱস্থানটো নজনাকৈয়ে
আমি বাস্তৱ আপেক্ষিকতাৰপৰাই সক্ৰিয় হৈ থাকোঁ
সুদূৰৰ সংযোগবাহী প্ৰক্ৰিয়াৰ পাৰস্পৰিকতাৰে
যিটো শূইন দূৰত্বই বহন কৰি আনি থাকে...
গ্যেটেৰ ফাউষ্টে কাব্য-নাট্যখনৰ প্ৰথম ভাগটোত গ্ৰেছেনৰ মোহময়ী, ঐন্দ্ৰীয়িক পৰিতৃপ্তিৰ পাশত আৱদ্ধ হৈ এক ক্ষয়ংকৰী তৃষাৰ দ্বাৰা পতিত হৈছে আপোন চৰিত্ৰৰ মানৱীয় মহত্ত্বৰ আদৰ্শৰপৰা; দ্বিতীয় ভাগত নৰকত পতিত গ্ৰেছেনৰ যন্ত্ৰণায়িত দৃশ্যটোৱে ফাউষ্টৰ চৈতন্য মানৱজাতিৰ সামূহিক পীড়াৰ পৰিণতিৰ নতুন উপলব্ধিৰে পুনৰ উদ্বুদ্ধ হৈছে উন্নততম মানৱীয় আস্থাৰ উল্লসিত বোধেৰে; পাপে যেন তেওঁক মহত্ত্বম অৱস্থানলৈ উন্নীত কৰিছে:
To many millions let me furnish soil,
Though not secure, yet free to active toil;
Green, fertile fields, where men and herds go forth
At once, with comfort, on the newest earth,
Created by the bold, industrious race
...
In proud foretelling of such lofty bliss,
I now enjoy the highest moment,--this.**
গ্যেটেৰ অন্তৰ্দৃষ্টিত প্ৰতিভাত পৱিত্ৰতাৰ বোধ, কাব্যিক প্ৰতীকবোৰত নীট্ছেৰ বিশ্বজনীনতাৰ পৰিভাষাৰ উপলব্ধি আৰু ৰিল্কেৰ মানসত উদ্ভাসিত হৈ উঠা তমসাচ্ছন্ন ক্ষেত্ৰসমূহৰ গৰ্ভত আপোন জেউতিৰে জীৱন্ত হৈ থকা সেই ‘এক অৰ্বুদ’ সোণোৱালী অৱয়ৱৰ ধাৰণা একেটা প্ৰত্যয়েৰে সাযুজ্যৰ প্ৰকাশ৷ ৰিল্কেৰ এই ধাৰণাৰ প্ৰসংগটো আমি ইতিমধ্যে উল্লেখ কৰিছোঁহঁক৷ ফাউষ্টৰো একে ধৰণৰে উল্লসিত বোধ৷ ৰিল্কেৰ দেৱদূতসকল বাস্তৱৰে কাল্পনিক প্ৰতিৰূপ–“তেওঁলোক অদৃশ্য এখন জগতৰ মৌমাখি স্বৰূপ”—ঠিক ওৱালেচ্ ষ্টিভেন্সে কোৱাৰ নিচিনাকৈ ‘কবিতাৰ ৰহস্যাবৃত্ত ধৰ্মতত্ত্ব’ৰ কল্পিত অৱয়ৱবোৰৰ উপলব্ধি সদৃশ৷ ৰিল্কেৰ এই ‘শূইন ক্ষেত্ৰসমূহ’ কাব্যিক প্ৰতীকৰ শৰীৰী ৰূপ আৰু সেই প্ৰতীকসমূহৰ প্ৰতিটোৰে সৈতে সংলগ্ন হৈ আছে স্বকীয় ধৰণৰ বিশালতাব্যঞ্জক অস্তিত্বৰ ৰহস্যময় মাহাত্ম্য৷
লগতে পঢ়ক একেজন লেখকৰ: উইলফ্ৰেড ওৱেনৰ কাব্য-কৃতিত ডিলান থমাছৰ দৃষ্টিপাত
এই ৰহস্যটো উলাই কৰিব পৰা ধৰণৰ নহয়৷ ৰিল্কেৰ ডুইনো এলিজী কাব্যগ্ৰন্থখন প্ৰকাশৰ প্ৰায় পয়ত্ৰিছ বছৰ পিছত গেষ্টন বেচেলাৰ্ডৰ গৱেষণালব্ধ সিদ্ধান্তসমূহে এই ৰহস্যটোৰ যথোপযুক্ত ব্যাখ্যা আগবঢ়াইছে৷ এইগৰাকী ফৰাচী যশস্বী পদাৰ্থবিজ্ঞানী আৰু দাৰ্শনিকে ১৯৫৮ চনত তেওঁৰ প্ৰথম প্ৰকাশিত ফৰাচী ভাষাৰ La Poetique de l’espace আৰু ১৯৬৪ চনত প্ৰথম ইংৰাজী ভাষালৈ অনূদিত The Poetics of Space নামৰ মহৎ গ্ৰন্থখনিত আমাৰ অন্তৰঙ্গভাৱে পৰিচিত স্থানসমূহৰ কাব্যিক মাহাত্ম্যৰ দাৰ্শনিক ব্যাখ্যা পতিয়ন যোগ্যভাবে দাঙি ধৰিছে৷ গ্ৰন্থখনিত তেওঁ দহ শ্ৰেণীৰ ক্ষেত্ৰৰ প্ৰতিটোৰে নান্দনিকতাৰ দাৰ্শনিক বিচাৰ-বিশ্লেষণ আগবঢ়াইছে বিস্তৃতভাৱে একোটাহঁত সুকীয়া অধ্যায়ত৷ অধ্যায়বোৰ হৈছে:
১) গৃহ৷ ভূ-ৰ অন্তৰ্ভাগৰ পানীয় দ্ৰব্যকে ধৰি অন্যান্য খাদ্যদ্ৰব্য ৰখা কক্ষসমূহ আৰু ছালৰ ঠিক তলৰ সৰু সৰু কোঠাসমূহ৷ জুপুৰিবোৰৰ তাৎপৰ্য৷
২) গৃহ আৰু বিশ্ব৷
৩) ড্ৰয়াৰ, বাকচ আৰু আলমাৰিবোৰ৷
৪) চৰাইৰ বাহবোৰ৷
৫) খোলাবোৰ৷
৬) চুকবোৰ৷
৭) ক্ষুদ্ৰাকৃতিৰ বস্তুবোৰ৷
৮) অন্তৰংগ ব্যাপকতাবোৰ৷
৯) বহিৰ্ভাগ আৰু অন্তৰ্ভাগৰ দ্বন্দ্বাত্মক স্থিতি৷
১০) ঘূৰণীয়া অৱয়ৱসমূহ৷
ঘৰটোৰ অন্তৰ্ভাগৰ লগতে বহিৰ্ভাগৰ পাৰ্শ্বৱৰ্তী অৱস্থিতিটোৰ সঠিক অনুধাৱনে বেচেলাৰ্ডৰ কল্পলোক আৰু মনোময় যি ধ্বনি-প্ৰতিধ্বনিৰ সৃষ্টি কৰি মনোজগতৰ অলি-গলিত বিশেষ শিহৰণ আৰু কম্পনৰ সৃষ্টি কৰিছিল তাতেই তেওঁ মনুষ্যত্বৰ প্ৰতিবিম্বটো দেখিবলৈ পাইছিল; তেওঁ বুজি পাইছিল যে সেই জিলিঙনিবোৰকেই প্ৰতিটো শিশুৱে তাৰ মনোজগতখনৰ কুঠৰিবোৰত ভৰাই তুলিবলৈ আৰম্ভ কৰে৷ শিশুটো হৈ পৰে এখন নৃ-ব্ৰহ্মাণ্ডৰ প্ৰৱিষ্টকাৰী৷ ঘৰটো সজাৰ সময়ত এটা জ্যামিতিক ক্ষেত্ৰ হিচাবে গঢ় লয় আৰু লাহে লাহে বাসিন্দাজনৰ আৱেগ-অনুভূতিৰ সৈতে খাপ খাবলৈ আৰম্ভ কৰে৷ বেচেলাৰ্ডে এইধৰণে “Inhabited space transcends geometrical space”—(“বসবাসৰ ক্ষেত্ৰসমূহে জ্যামিতিক মাপ্-জোখক অতিক্ৰম কৰি ঊৰ্ধমুখী হয়”) বুলি ঠাৱৰ কৰিছে৷ আভৰণৰ খোলাবোৰে, দুৱাৰৰ হেণ্ডেলবোৰে, গোপন কক্ষবোৰে আৰু সমুন্নত চূড়াবোৰে, প্ৰাচীন গম্বুজবোৰে আৰু খেতিয়কসকলৰ জুপুৰি ঘৰবোৰে ঢৌ তুলি তুলি জিলিকি উঠে বেচেলাৰ্ডৰ অতিজাগতিক জ্যামিতিক তত্ত্বত৷ ঘৰবোৰ, চৰাইৰ বাহবোৰ, কাছৰ চলংবোৰ, শামুকৰ খোলাবোৰ, অলংকাৰৰ সৰু সৰু বাকচবোৰ, পেৰাবোৰ, উদ্যানৰ কক্ষবোৰ—এই আটাইবোৰ ক্ষেত্ৰৰ লগতে নিহিত হৈ আছে গোপনীয়তা, কল্পনাৰ ৰহস্যময়তা, আপোন সত্তাৰ একান্ত নিৰ্জনতাবোধ, য়ুঙৰ মনস্তত্ত্বৰ পৰা যৌন অন্তৰংগতালৈকে৷ ক্ষুদ্ৰাকৃতিৰ খোলা আৰু জুপুৰি আদিৰ বিপৰীতে অৰণ্যৰ বিশালতা আৰু সমুন্নত পবৰ্ত-শিখৰৰপৰা বৃত্তলৈকে বেচেলাৰ্ডৰ দৃষ্টি সম্প্ৰসাৰিত হৈছে আৰু তেওঁ এক কাব্যিক মহা-উপলব্ধি লাভ কৰিছে৷ হেজাৰ-বিজাৰ অন্তৰ্দৃষ্টিৰে তেওঁ এইবোৰ পৰ্যবেক্ষণ কৰি এক ব্যাপকতৰ বিশালতা আৰু বিশিষ্টতম উচ্চতাৰ অন্তৰংগ উপলব্ধিৰে বিস্ময়-বিমুগ্ধ হৈছে৷ তেওঁৰ এই উপলব্ধিয়ে পাঠকসকলকো উদ্বুদ্ধ কৰিছে এই প্ৰতীতিৰে যে এই ক্ষেত্ৰবোৰ কাব্যৰ অমোঘ মহিমাৰে মহিমান্বিত৷
লগতে পঢ়ক একেজন লেখকৰ: কবিতাৰ সন্দৰ্ভত
ৰিল্কেই তেওঁৰ কবিতাত নান্দনিক উপাদান হিচাবে বেচেলাৰ্ডৰো আগতেই এই ক্ষেত্ৰসমূহক সমন্বিত ৰূপত সমৃদ্ধ কৰিছে আৰু যি ক্ষুদ্ৰ, কিঞ্চিৎকৰ তাক বিৰাট আৰু অসামান্য বিস্তৃতিৰ ব্যঞ্জনাৰে সমৃদ্ধ কৰিছে৷ ৰিল্কেৰ কবিতাৰ এই ভাববস্তুৱে তেওঁক অবিসম্বাদী আৰু অক্ষয় গৌৰৱৰ অধিকাৰী কৰি ৰাখিছে৷
………………….
* ‘Nietzsche’ এই নামটোৰ শুদ্ধ উচ্চাৰণ হ’ব লাগে ‘নীচাহ্’; কিন্তু প্ৰচলিত ‘নীৎছে’ ৰূপটোকে ইয়াত ৰখা হৈছে পৰিচিতিৰ সুবিধাৰ অৰ্থে৷
** Kuno Francke, PhD, Social Forces in German Literature – A Study in the History of Civilization, P. 539, Henry Holt And Company, 1896.
হিতেন শৰ্মা এগৰাকী কবি, অনুবাদক আৰু লেখক৷ তেওঁ ডিগবৈ মহাবিদ্যায়লৰ ইংৰাজী বিভাগৰ অৱসৰী অধ্যাপক৷