মানুহ ঘাটে-পথে শত-সহস্ৰ মানুহ তাৰে কিছুমান মানুহৰ মাজৰ মানুহ কিছুমান মানুহৰ মানুহ কষ্ট কৰি নিজক বৰ্তাই ৰখা কিছুমান আছে বৰ ভাল মানুহ কিছুমান কামৰ কিছুমান নামৰ কিছুমানে আকাশত ঘৰ পাতে কিছুমান চকুলোত ভাহে কিছুমানে স্বাধীনতাৰ ৰাগীত নাচে আন কিছুমান ৰঙীন মানুহে মানুহৰ কলিজাত অমানুহৰ বীজ ৰোপণ কৰে সৌৰজগতৰ বাহিৰত ছিটিকি পৰিছে আৱেগৰ মায়াৱী শব্দবোৰ এতিয়া শব্দ মানেই ব্যাৱসায়িক প্ৰতিষ্ঠান চৰকাৰী আঁচনিৰ দৰে কিছুমান শব্দ সুলভ কিছুমান বিনামূলীয়া যেনে সুপ্ৰভাত শুভৰাত্ৰি হেল্লো অথবা হাই
গীতালী বৰুৱা ধুবুৰীৰ বিলাসীপাৰা নিবাসী এগৰাকী অসমীয়া কবি আৰু ঔপন্যাসিক৷ বৰ্তমানলৈকে তেওঁৰ নখন কবিতা-সংকলন প্ৰকাশ হৈ ওলাইছে৷