গোবিন্দ দাস
ঘোষা : এ প্ৰাণ গোবিন্দ গোপাল। পাতিলি মায়াৰ খেলি মোৰে দয়াল।। পদ : ঘৰ গুটি বান্ধা যত্নে খাবৰ জীৱনৰ আশে। সিয়ো ঘৰ লৈয়া গৈল ধুমুহা বাতাসে।। ঘৰ গুটি বান্ধি মনাই দুৱাৰ খনি ছান্দা। আপোনাৰ ঘৰ এৰি পৰক লাগি কান্দা।। ৰুৱা দিলা পাৰি পাৰি মাৰলি দিলা দুটা। সমেত লগাই থৈছে একেকুৰি খুণ্টা।। চাৰি ফালে বেৰা দিয়া কৰিয়া আন্ধাৰ। ন ফালে লগাই থৈছে ন খনি দুৱাৰ।। ন ফালে বসি আছে নটি দুৱৰী। তাৰ মাজে বসি আছে পূৰ্ণানন্দ হৰি।। এক গুটি কন্যা আছে ঘৰৰ ঘৰিণী। তাৰ সঙ্গে যিটো নযায় সিটো মহামুনি।। আৰু এক নদী আছে বয় তীক্ষ্ণধাৰে। কাল বিকাল দুটি পক্ষী ইপাৰে সিপাৰে। হেঙ্গুলীয়া পক্ষী দুটি কাজলীয়া পাখি। জনমে জনমে তাৰ নাহি দেখা দেখি।। উৰি গল ৰাজহংস পৰি গল পাখি। সিয়ো দেহা পৰি ৰৈলা যমুনাৰ বালি।। কহয় গোবিন্দ দাসে এই বাৰে বাৰে। গুৰুৰ চৰণ বিনে গতি নাহি আন।।
Click here to read an English translation of the poem.
গোবিন্দ দাস অষ্টাদশ শতিকাৰ এগৰাকী অসমীয়া কবি।