গায়ত্ৰী ফুকনৰ কবিতা

Issue: Vol. IV, No. 4, February-April, 2026

ঘৰ

পথৰ দাঁতিত
বিষণ্ণ
তিৰোতাজনীৰ দৰে
ৰৈ থাকে একালৰ ধুনীয়া
ঘৰটো৷

বেৰত আঁউজি ৰৈ থাকে
জালিকটা
মৰম আকলুৱা দুৱাৰ৷
আউল বাউল
চুলিটাৰি যেন
অযত্ন পালিত
ফুলৰ বাগিচা৷

একালত
গৰাকীয়ে
চুমা দিছিল
আলফুলে৷
তথাপিও
মিচিকিয়াই হাঁহে
এপাহি দুপাহি ফুলে৷
হাত ভগা
ঝুলনাখনত
উমলি থাকে
সোণালী অতীত৷
ঘৰ অধীন
মন গ’লেই সাজে
মন গ’লেই ভাঙে।
ঘৰ শূন্য
আজীৱন কোনো সংগী নহয়
ঘৰৰ৷