অনু: ননী বৰদলৈ
গেব্ৰিয়েলা মিষ্ট্ৰাল (১৮৮৯-১৯৫৭)এগৰাকী চিলিয়ান কবি। গেব্ৰিয়েলা মিষ্ট্ৰাল –এইটো ছদ্মনাম৷ তেওঁৰ প্ৰকৃত নাম হ’ল লুচিৱা গ’ডোই এলচায়াগা৷ ১৯৪৫ চনত তেওঁ সাহিত্যত নোবেল বঁটা লাভ কৰে। এই বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী লেতিন আমেৰিকান লেখক। তেওঁৰ কবিতাৰ কেতবোৰ কেন্দ্ৰীয় বিষয়বস্তু হ’ল প্ৰকৃতি, প্ৰতাৰণা, প্ৰেম, মাতৃস্নেহ, ভ্ৰমণ আদি৷
মই অকলশৰীয়া নহয়
পৰ্বতমালাৰ পৰা সমুদ্ৰলৈকে
নিৰ্জন নীৰৱ এই ৰজনী,
অথচ ময়েই সেইজন
যি তোমাক আলোড়িত কৰি তুলিছোঁ প্ৰতিটো ক্ষণ,
মই অকলশৰীয়া নহয়৷
আকাশখন অকলশৰীয়া,
কাৰণ
জোনটোৱে ইতিমধ্যে সাগৰত ডুব মাৰিছে৷
অথচ ময়েই সেইজন যি তোমাক দুবাহুত
আৱদ্ধ কৰি ৰাখিছোঁ,
মই অকলশৰীয়া নহয়৷
গোটেই পৃথিৱীখন নীৰৱ৷
তুমি চোৱা, সমগ্ৰ শৰীৰ বিষণ্ণ৷
অথচ ময়েই সেইজন যি তোমাক
এতিয়াও আলিঙ্গন কৰি আছোঁ,
মই অকলশৰীয়া নহয়৷
[ইংৰাজী শিৰোনাম : ‘I am not alone’ (Non Sono Sola)]
গধূলি
গম পাইছোঁ, কোমল হৃদয়খন
লাহে লাহে গলি গৈ আছে, মমৰ দৰে৷
সিৰাই সিৰাই প্ৰবাহিত,
যেন সুৰা নহয়, তেলৰ তপত সোঁত৷
গম পাইছোঁ, শান্ত অচঞ্চল হৰিণীৰ দৰে
জীৱনটো পলাবলৈ লৈছে৷
[ইংৰাজী শিৰোনাম : ‘Dusk’]
বেদনাহত মাতৃ
শোৱা, অ’ মোৰ প্ৰিয়, শুই থাকা
নিঃশঙ্ক হৈ, কোনো ভীতি নোহোৱাকৈ
যদিও মোৰ আত্মা বিনিদ্ৰ হৈ ৰ’ব
যদিও মোৰ কোনো জিৰণিৰ কথা নাথাকিব৷
শোৱা, শুই থাকা আৰু ওৰেটো নিশা
এটি কোমল ঘাঁহপাত অথবা
ভেড়াৰ মসৃণ নোমতকৈও
সুকোমল হওক তোমাৰ উশাহ৷
মোৰ মঙহ মজ্জা মিহলি হৈ যাওক
তোমাৰ শৰীৰৰ স’তে
শেষ হওক উদ্বেগ, স্তব্ধ হওক বুকুৰ স্পন্দন
তোমাৰ কোলাতেই জাপ খাওক দুচকু মোৰ
মোৰ হৃদয়, সিও শুই পৰক তোমাৰ মাজত৷
[ইংৰাজী শিৰোনাম : ‘The Sad Mother’]