কল্যাণ ভূঞা
Issue: Vol. IV, No. 4, February-April, 2026

স্মৃতিৰ নৈখন ড° ফৰিদা আহমেদৰ দ্বিতীয় কবিতাপুথি (স্মৃতিৰ নৈখন, ২০২৫, প্ৰকাশকঃ পয়েট্ৰী উইডাউট ফিয়াৰ)৷ ২০২৩ চনত তেওঁৰ প্ৰথমখন কবিতাপুথি উভতি যাবৰ মন প্ৰকাশিত হৈছিল৷ স্মৃতিৰ নৈখন কবিতা-সংকলনটিৰ বিষয়ে বিশিষ্ট কবি, সাহিত্যাচাৰ্য ড° কৰবী ডেকা হাজৰিকাই লিখিছে– “ফৰিদা আহমেদৰ কবি-মনটো বহু দিন লুকাই আছিল— শিলৰ মাজত লুকাই থকা জলধাৰাৰ দৰে৷ এদিন নিজৰাটো বৈ আহিল আৰু তেওঁৰ আৱেগে প্ৰকাশৰ পথ বিচাৰি পালে৷ কবিতা তেওঁৰ আত্মমুক্তিৰ আহিলা৷ অতীতলৈ ঘূৰি যোৱা এক গোপন পথ আৰু প্ৰকৃতিৰ জগতত বিচৰণৰ নিৰলা ক্ষণ৷ স্মৃতিৰ নৈখনৰ মাজত তেওঁৰ কাব্য-কৌশলৰ উত্তৰণ ঘটিছে৷’’
ড° আহমেদৰ কবিতাৰ মাজেৰে যাত্ৰা কৰিব খোজা পাঠক এজনৰ বাবে ড° কৰবী ডেকা হাজৰিকাৰ কথাখিনি এক প্ৰকাৰৰ বাটচ’ৰাৰ দৰে হৈ উঠিছে৷ উভতি যাবৰ মন নামৰ কাব্য-সংকলনেৰে কবিতাৰ জগতত ভৰি দিয়া ড° আহমেদৰ কবিতাৰ ৰীতি বা কাব্য-কৌশলে স্মৃতিৰ নৈখনৰ কবিতাখিনিৰ মাজেৰে অধিক পৰিপক্ব হৈ পাঠকৰ চকুত ধৰা দিছে৷ সংকলনখনৰ ‘লেখকৰ একাষাৰ’ত কবিয়ে লিখিছে— “বিভিন্ন পৰিৱেশত বা মনৰ দোদুল্যমান অৱস্থাত লিপিৱদ্ধ কৰা সুখ, দুখ, ক্ষোভ, আনন্দৰ অনুভৱ-অনুভূতিবোৰ শব্দ চয়নেৰে গাঁঠি ৰখাৰ প্ৰয়াসেই এই কবিতাবোৰ৷’’ কবি প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে ড° আহমেদৰ কাব্য ভাষাৰ বিষয়ে এইদৰে কৈছে– “তেওঁৰ (ড° আহমেদৰ) কবিতা নিৰ্মাণ-কৌশলৰ দিশৰ পৰা সৰল, সেয়ে পাঠকৰ সৈতে সহজতে সংযোগ স্থাপন কৰে৷’’ অসমীয়া কবিতাত দুৰ্বোধ্যতাৰ প্ৰসংগক লৈ হৈ থকা বিতৰ্কৰ মাজতে প্ৰকাশ পোৱা স্মৃতিৰ নৈখন এই দিশৰ পৰা এখন গুৰুত্বপূৰ্ণ কবিতা-সংকলন৷ কাব্যগুণ অটুট ৰাখি সহজ-সৰল ভাষাৰেও যে কবিতাক পাঠকৰ মাজলৈ লৈ যাব পাৰি, সেয়া ড° আহমেদৰ কবিতাৰ মাজেৰে স্পষ্ট ৰূপত পৰিস্ফুট হৈ উঠিছে৷
ড° ফৰিদা আহমেদৰ কবিতাৰ বিষয়ে বিশিষ্ট সমালোচক, সাহিত্যাচাৰ্য ড° আনন্দ বৰমুদৈয়ে কৈছে— “কবি ড° ফৰিদা আহমেদৰ কাব্য-ভাবনা ঘাইকৈ স্মৃতি, সত্তা আৰু ভৱিষ্যতৰ মাজলৈ বিস্তৃত হৈ থাকে৷ স্মৃতিৰ নৈখন বৰ্তমানৰ মাজেৰে ভৱিষ্যতলৈ প্ৰৱাহিত হৈ থাকে৷ এই প্ৰৱাহত মানৱীয় সম্পৰ্ক বিভিন্ন ৰূপত প্ৰতিভাত হয়৷ কবিৰ দৃষ্টিত ধৰা পৰা মানৱীয় সম্পৰ্ক কেতিয়াবা সংলাপ, উক্তি অথবা মানুহে মানুহৰ লগত কথা পতাৰ ভাষাৰ মাজেদি প্ৰকাশ পায়৷ কবিয়ে কবিতাৰ কাৰিকৰী দক্ষতাতকৈয়ো আৱেগ-অনুভুতিৰ নিষ্ঠাৰ দিশটোৰ প্ৰতি অধিক মনোযোগ দিয়ে৷’’ স্মৃতিৰনৈখনৰ কবিতাবোৰ পঢ়ি উঠি সকলো পাঠকেই ড° বৰমুদৈৰ এই মন্তব্যৰ সৈতে ঐকমত্য প্ৰকাশ নকৰি নোৱাৰে৷
স্মৃতিৰনৈখনৰ কবিতাবোৰক বিষয়বস্তুৰ দিশৰ পৰা কেইবাটাও ভাগত ভাগ কৰিব পাৰি৷ কবিতা-সংকলনখনৰ বহুকেইটা কবিতাৰ কেন্দ্ৰীয় বিষয় হ’ল স্মৃতি৷ প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে এই বিষয়ে লিখিছে– “পৰিচয়ৰ অন্বেষণ, সময়ৰ প্ৰৱাহত জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ খতিয়ান আৰু কেতিয়াবা এক কাব্য-কৌশল হিচাপে তেওঁৰ কবিতাত স্মৃতিৰ পুনৰাবৃত্তি হৈ থাকে৷’’ কবিৰ স্মৃতিকাতৰতাই আৰু অতীতৰ সোণালী কিছু অভিজ্ঞতা পুনৰাবৃত্তি কৰিব নোৱাৰাৰ দুখে কবিক প্ৰায়ে আমনি কৰে৷ সোঁৱৰণিৰ বাটেৰে উভতি গৈ তেওঁ একৰকমৰ শূন্যতাৰ মুখামুখি হৈছে, তেওঁৰ অতীতৰ সেই জগতখনৰ চিনিব নোৱাৰা পৰিৱৰ্তনে তেওঁক দুখ দিছে, কিন্তু তেওঁ আশাহত হোৱা নাই৷ স্মৃতিৰ মাজতেই তেওঁ সেই যাতনাৰ উপশমৰ আধাৰ বিচাৰি লৈছে৷
তাহানিতে এৰি অহা বাটেৰে এদিন
লৈ গ’লোঁ মুকুতাক
তাই উচপ খাই সুধিলে
হয় জানো এইটোৱে বাট?
এইজোপা গছ মই
কাহানিও দেখাই নাছিলোঁ
তাৰ ছাঁত আমি দুয়ো বহাতো নাছিলোঁ
নৈ এখন বৈ আছেনে বাৰু ইয়াত?
তাই ক’লে যাওঁ ব’লা আৰু আগুৱাই
কিন্তু যামনো ক’লৈ?
যাওঁচোন নৈখন নাপালেও নাই
স্মৃতিত যিখন নৈ আজিও আছে বৈ
বিচাৰি উলিয়াম আহাঁ আৰু
তাৰ পাৰতে জিৰাম দুয়ো গৈ৷ (‘স্মৃতিৰ নৈখন’)
ল’ৰালিৰ স্মৃতিক ধৰি ৰখা কবিৰ আন এটা কবিতা হ’ল ‘নয়ন-তৰা’৷ কাহিনীৰ বাও এটাত ভেঁজা দি কবিয়ে তেওঁ এৰি থৈ অহা ল’ৰালিটোক পুনৰুজ্জীৱিত কৰি তুলিব বিচাৰিছে৷ স্মৃতিয়ে আমাৰ পৰিচয়ৰ চেতনা আৰু আমাৰ সম্বন্ধসমূহৰ উদ্দেশ্য আৰু বন্ধন শক্তিশালী কৰি তোলে৷ কবিতাটোৰ মাজেৰে কবিয়ে তেনে এটা সম্বন্ধক পুনৰীক্ষণ কৰিব খুজিছে —
ডাঙৰ ডাঙৰ সপোন ভৰা চকুৰে
সেইটোচোন নয়ন,
বহলকৈ চকুযোৰ মেলি
কি জানো বিচাৰি ফুৰে!
তৰাগছৰ ফাকে ফাকে
সোণবুলীয়া চোলাটোৰে
তৰাজনীয়েই নেকি
লুকাভাকু খেলে!
… … …
কাজিয়াৰ সূত্ৰপাত
ঠেঁহ-পেচ, ওফোন্দা-উফোন্দি;
হাতত ডঁহচীয়া মধুৰি লৈ
কত যে কাকুতি
পাবলৈ তৰাৰ
এটি মিঠা হাঁহি! (‘নয়ন-তৰা’)
কবিৰ অতীতৰ এই অভিজ্ঞতা আমাৰ প্ৰায় সকলোৰে নিজৰ অভিজ্ঞতা৷ অতীত অতীতেই৷ অতীতৰ সেই সমধুৰ সম্পৰ্কবোৰ লাহে লাহে নোহোৱা হৈ যাব ধৰাৰ দুখে কবিক ক্ষোভিতো কৰি তুলিছে৷
আগৰ দিনবোৰ বেলেগ আছিল
ককা-আইতা, নাতি-নাতিনীৰ
সম্পৰ্কৰ মধুৰতাও কমিল
ব্যস্ত মানুহ, ব্যস্ত পৃথিৱী
সময়ৰ গতিৰ তীব্ৰতাত সকলো উটিল৷
ওঁঠত তামোলৰ সেলেঙি
চকু-মুখত লাগে যেন ভেলেঙী
মুখত এমোকোৰা তামোল
কোলাত নাতি-নাতিনী
বিচনীৰে বা দি সাধু কোৱাৰ
আমেজ এতিয়া ক’ত! (‘আইতাৰ সাধু’)
ড° আনন্দ বৰমুদৈয়ে এই সংকলনখনৰ কবিতাসমূহৰ বিষয়ে আলোচনা কৰোঁতে আন এটা দিশলৈও আঙুলিয়াই দিছে৷ তেওঁ লিখিছে– “কবিয়ে প্ৰকৃতিয়ে কবি-মনৰ ওপৰত পেলোৱা অভিঘাতক প্ৰকাশ কৰিবলৈ সময়ত এখন মায়াময় জগত সৃষ্টি কৰে৷ কবিগৰাকীয়ে কেতিয়াবা সমাজ-জীৱনৰ সূক্ষ্মতম চেতনা ধাৰণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ সামাজিক সমস্যাৰ প্ৰতি পাঠকৰ মনোযোগ আকৰ্ষণ কৰে৷’’ ওপৰত উদ্ধৃত কবিতাৰ পংক্তিকেইটাত এই দিশটো স্পষ্টকৈ অনুভৱ কৰিব পাৰি৷ তেনে ভাব প্ৰকাশ পোৱা আন এটি কবিতা হৈছে ‘মা তুমি ক’ত’৷
সময়ত মাৰ আঁচল সৰকি পৰে
আগবাঢ়ি যাওঁ বহুদূৰ
আগবঢ়াৰ যে প্ৰতিযোগিতা
উভতি চোৱাৰ অৱসৰ ক’ত
সময় আগবাঢ়ে
মা – ৰৈ যায়
আমাৰ কৈশোৰ-যৌৱনৰ
দুৱাৰডলিত নীৰৱে
মনত উৎকণ্ঠা, দুচকুত ব্যগ্ৰতা লৈ৷ (‘মা তুমি ক’ত’)
এজন প্ৰশিক্ষিত নৃতত্ত্ববিদ হোৱাৰ বাবে কবিৰ নিশ্চয় মানুহৰ সামগ্ৰিক ইতিহাসৰ সৈতে এক অন্তৰংগ পৰিচয় আছে৷ মানৱ সমাজৰ সৈতে এই পৰিচিতিয়ে মানৱ সমাজৰ কিছু চিৰন্তন প্ৰশ্নকো কবিৰ চিন্তাৰ বিষয় কৰি তুলিছে৷ সময়ৰ সৈতে এই চিৰন্তন প্ৰশ্নবোৰৰ ৰূপ আৰু সেইবোৰৰ উত্তৰ কেনেকৈ সলনি হৈছে, এজন নৃতত্ত্ববিদ হিচাপে সেই বিষয়ে কবিৰ নিশ্চয় গভীৰ অধ্যয়ন আছে৷ কবিৰ কেইবাটিও কবিতাৰ মাজেৰে মানৱ ইতিহাস সম্পৰ্কে কবিৰ গভীৰ অধ্যয়ন পৰিলক্ষিত হয়৷ ‘ধূসৰিত পৃথিৱী’, ‘ভগৱান আছেনে’ আদি তেনে কবিতাৰ উদাহৰণ৷ ‘ধূসৰিত পৃথিৱী’ত কবিয়ে লিখিছে–
শত শত যুগৰ সভ্যতাই গৰকা
মানুহক লজ্জিত কৰি
মানৱ দানৱ হ’ল (‘ধূসৰিত পৃথিৱী’)
আনহাতে, ‘ভগৱান আছেনে’ কবিতাটিত চেতনাৰ উদ্ভৱ হোৱাৰে পৰা মানুহৰ চিন্তাক উদ্বেলিত কৰি অহা এই প্ৰশ্নটো কবিয়ে নতুন ৰূপত উত্থাপন কৰিছে৷ তেওঁ লিখিছে–
তোমাৰ যি ভাবমূৰ্তি আমাৰ পূজ্য
সেয়া আজি নহয় স্পষ্ট
নৈতিকতা আৰু মানৱতাৰ
কাতৰ আৰ্তনাদ
তুমি দেখোন নুশুনা হ’লা
ইমান ৰহস্যঘন নহ’বাচোন (‘ভগৱান আছেনে’)
সামাজিক মূল্যবোধৰ নিম্নগামী যাত্ৰা, মানৱ প্ৰমূল্যসমূহৰ অৱক্ষয় দেখি কবি ক্ষোভিত হৈছে৷ তেওঁ ভগৱানক কৈছে– “ভগৱান, যদি সঁচাকৈয়ে আছা/ স্বচ্ছ হোৱা৷’’ ভগৱানক স্বচ্ছ হ’বলৈ জনোৱা আহ্বান আচলতে সমগ্ৰ মানৱতাৰ প্ৰতি কবিয়ে জনোৱা আহ্বান— “স্বচ্ছ হোৱা!’’
ধৰ্ম নামৰ কবিতাটোত কবিৰ মানৱ-ইতিহাস সম্বন্ধীয় জ্ঞানৰ পূৰ্ণ প্ৰকাশ দেখিবলৈ পোৱা যায়৷ মানৱ-সমাজত ধৰ্মৰ উৎপত্তি, বিকাশ, পৰিক্ৰমা, আৰু মানুহৰ জীৱনচৰ্যাৰ অংশ হিচাপে ধৰ্মই গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে কবিয়ে এই কবিতাটোত আলোচনা কৰিছে৷ কবিতাটোৰ শেষৰ ফালে কবিয়ে ধৰ্মান্ধতাই সৃষ্টি কৰা সমস্যাসমূহৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ তেওঁ পাঠকৰ চিন্তাৰ বাবে এই প্ৰশ্নটো উত্থাপন কৰিছে–
ধৰ্মই মানৱতাক উপহাস কৰাৰ আগেয়ে
মানৱতাৰ স্বকীয় ধৰ্মৰে
উজলি থাকিব নোৱাৰিম নে? (‘ধৰ্ম’)
আনহাতে, ‘লিয়নাৰ্ডো দা ভিন্সি’ নামৰ কবিতাটোত কবিয়ে লিখিছে—
এয়া নৱজাগৰণৰ
খ্যাতনামা বিশাৰদ
লিয়নাৰ্ডো দা ভিন্সিৰ
পৰ্যবেক্ষণ ক্ষমতাৰ আধাৰত
গঢ় লৈ উঠা পৃথিৱীৰ
এক চিত্ৰকল্প;
ভূমি ভাগেই পৃথিৱীৰ কায়া
শৈলখণ্ড হাড় আৰু
পানীবোৰ ৰক্ত!
এই কবিতাবোৰ পঢ়োঁতে কবিৰ সত্তাৰ মাজৰ পৰা প্ৰশিক্ষিত নৃতত্ত্ববিদগৰাকীক পৃথক কৰি চাব পৰা নাযায় ৷
স্মৃতিৰনৈখন কবিতা-সংকলনখনৰ কেইবাটিও কবিতা পাৰিপাৰ্শ্বিক সমালোচনাৰ দিশেৰেও আলোচনা কৰিব পাৰি৷ কবিৰ কেইবাটাও কবিতাত পাৰিপাৰ্শ্বিক কবিতাৰ লক্ষণসমূহ পৰিলক্ষিত হৈছে৷ ‘ধূসৰিত পৃথিৱী’ নামৰ কবিতাটো এই দৃষ্টিভংগীৰেও আলোচনা কৰিব পাৰি৷ উন্নয়নৰ নামত মানুহে চলোৱা ধ্বংসযজ্ঞত প্ৰকৃতি বিধ্বস্ত হৈ পৰিছে, কেৱল জলবায়ুয়েই নহয়, পৰিৱেশ, মানৱতা— সকলো মানুহৰ কুটিল দৃষ্টিৰ কবলত পৰি দুৰ্দশাগ্ৰস্ত হৈ পৰিছে৷
সেউজী ধৰণীৰ ৰং ধূসৰ হ’ল
আজি যেন পৃথিৱী ক্লান্ত
জলবায়ু, পৰিৱেশ, মানৱতা
সকলো আক্ৰান্ত! (‘ধূসৰিত পৃথিৱী’)
কিন্তু কবিয়ে আশা এৰি দিয়া নাই৷ মানুহৰ শুভবোধৰ ওপৰত তেওঁ বিশ্বাস হেৰুওৱা নাই৷ তেওঁ লিখিছে–
আশাৰ কঠিয়াতলীত
সপোনে ঠন ধৰে,
আকৌ নতুন পোহৰ হ’ব
স্বপ্নাৱিষ্ট ভাববোৰ ভাষা হৈ
কবিতা হ’ব আৰু
কবিতাবোৰ হ’ব মানৱতাৰ গীত
সেই গীতৰ গুঞ্জনত
পৃথিৱী মুখৰ হ’ব! (‘ধূসৰিত পৃথিৱী’)
‘ঈশ্বৰৰ উদ্বেগ’ কবিতাটোৰ জৰিয়তেও কবি পৰিপাৰ্শ্বৰ ওপৰত মানুহে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে৷ “মোক জলদেৱতাই নিজেই কৈছে/ সৰোবৰ থকাৰ কথা/ এতিয়া য’ত বিৰাজিছে/ তহঁতৰ ঘৰ আৰু ফুলনি/ হাবি গুচাই ফুলনি পাতিলি,/ ভাল কামেই কৰিলি/ পিছে পাহাৰটো কাটি/ সৰোবৰটো কিয় পুতি পেলালি/ দেওহাঁহ জাক ক’লৈ খেদি পঠিয়ালি’’ কবিতাটোত পিছে “গছ ভাল পোৱা ককাৰ খং’’ কবিতাটোৰ সামান্য অনুৰণন শুনা যেনো লাগে৷
মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কৰ দ্বন্দ্ব শ্লেষাত্মক ভাষাৰে কবিয়ে বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে ‘বুলবুলি আৰু পণ্ডিত’ শীৰ্ষক কবিতাটোত৷
খিৰিকী কাষতে থকা
এইজনী বুলবুলি চৰাই
দেখিলেই মন জুৰায়
কি যে লচপচী তাই!
সময়-অসময় বুলিবলৈ নাই
কেৱল গানকে গায় ৷
এদিন সুধিবলৈহে পালোঁ
কি তোৰ আন কাম নাই?
তাইচোন জাঙুৰি উঠিল
আৰু ক’লে,
তই দেখোন গান নুশুনই, পণ্ডিত
তোৰ কিয়েইবা আহে যায়!
ড° আনন্দ বৰমুদৈয়ে ড° আহমেদৰ কবিতাৰ বিষয়ে আগবঢ়োৱা মন্তব্যৰেই এই আলোচনাটো সামৰিব খুজিছোঁ– “আৱেগ-অনুভূতিৰ শাব্দিক বিকল্পৰ সন্ধানত কবিয়ে কেতিয়াবা প্ৰকৃতি-জগতৰ প্ৰপঞ্চ একোটাক মানৱীকৰণ কৰে৷ কবি ড° আহমেদৰ কাৰণে স্মৃতি আৰু কল্পনাৰ জগত বাস্তৱ জগতৰ সমানেই সত্য৷’’ শেষত ক’ব পাৰি যে ড° ফৰিদা আহমেদৰ কবিতা-সংকলন স্মৃতিৰ নৈখনৰ কবিতাবোৰৰ পঠন অভিজ্ঞতা বেছ আনন্দদায়ক হৈ উঠিছে৷ আমি আশা কৰিছোঁ যে নিৰন্তৰ অনুশীলনৰ মাজেৰে কবিয়ে কবিতাৰ জগতত নিজৰ উত্তৰণৰ যাত্ৰা অব্যাহত ৰাখিব আৰু অসমীয়া সাহিত্যলৈ কিছু অবিস্মৰণীয় কবিতা উপহাৰ দিব৷