Issue: Vol. IV, No. 3, November-January, 2025-26
স্মৃতিৰ নৈখন
ভালপোৱাৰ ভাষাৰে ভৰি থাকে
মুকুতাৰ বুকু, মৰম বাউলী তাই
সাগৰতলিত তাইৰ জন্ম
সেইবাবে সাত সমুদ্ৰৰ ধ্বনি
মনগহনত শংখ হৈ বাজে
তাহানিতে এৰি অহা বাটেৰে এদিন
লৈ গ’লোঁ মুকুতাক
তাই উচপ খাই সুধিলে
হয় জানো এইটোৱে বাট?
এইজোপা গছ মই
কাহানিও দেখাই নাছিলোঁ
তাৰ ছাঁত আমি দুয়ো বহাতো নাছিলোঁ
নৈ এখন বৈ আছেনে বাৰু ইয়াত?
তাই ক’লে যাওঁ বলা আৰু আগুৱাই
কিন্তু যামনো ক’লৈ?
যাওঁচোন নৈখন নাপালেও নাই
স্মৃতিত যিখন নৈ আজিও আছে বৈ
বিচাৰি উলিয়াম আহাঁ আৰু
তাৰ পাৰতে জিৰাম দুয়ো গৈ৷
ঈশ্বৰৰ উদ্বেগ
দোভাগ ৰাতি
বাহিৰত আবতৰীয়া বৰষুণ
মেঘৰ গাজনি
পৰিৱেশ ভয়াল
টোপনি অহা নাই
মনত ভয় ভয় ভাব
বতাহৰ গতিও কোবাল,
তাৰ মাজতে প্ৰচণ্ড জোৰে
দুৱাৰখন খোল খালে
তিতিবুৰি জুৰুলি-জুপুৰি
মোৰ সমুখত চোন স্বয়ং ঈশ্বৰ
মূৰত জঁটা, হাতত ত্ৰিশূল
মোৰ কি মহাপুণ্য
ভয়-ভক্তিত কম্পমান হৈ
সেৱা এটা কৰি হাতযোৰ কৰি
একাষে থিয় দি থাকিলোঁ
তেওঁ কোৱা কথা
“জাননে তোৰ পদুলিমুখৰ পৰাই
এটা পদুমনি পুখুৰী আছিল
পদুম ফুলেৰে ভৰা
মানুহে সৰোবৰহে বুলিছিল
দোকমোকালিতে জাকি মাৰি তালৈ
বনৰীয়া হাঁহ আহিছিল
সৰোবৰত সাঁতুৰি-নাদুৰি কোঢ়াল কৰিছিল!
মোক জলদেৱতাই নিজেই কৈছে
সৰোবৰ থকাৰ কথা
এতিয়া য’ত বিৰাজিছে
তহঁতৰ ঘৰ আৰু ফুলনি
হাবি গুচাই ফুলনি পাতিলি,
ভাল কামেই কৰিলি
পিছে পাহাৰটো কাটি
সৰোবৰটো কিয় পুতি পেলালি
দেওহাঁহ জাকক ক’লৈ খেদি পঠিয়ালি
ঈশ্বৰে প্ৰকাশিলে অসন্তুষ্টি
ক’লে মই যাওঁ
গুৰু-গোসাঁই নমনা হ’লি
তহঁতৰ কামৰ এতিয়া
একো উৱাদিহ নাপাওঁ!’’
মই থৰ হৈ ৰৈ থাকিলোঁ৷