এমুঠি জাপানী হাইকু

অনুবাদ: আনিছ উজ জামান

Issue: Vol. IV, No. 4, February-April, 2026

মাৎসুও বাশ্বো

১)
মৌমাখি এটা
ফুলনিৰ ৰঙা ফুলপাহৰ কাষৰ পৰা
ঢলংপলংকৈ উৰি গুচি গ’ল

২)
সৰি পৰা শব্দ এটাই
মোৰ কান দুখন সেমেকাই তুলিলে
প্লামৰ বৰষুণ

৩)
মুকলিকৈ ক’বলৈ হ’লে
আজিৰ জোনটোৰ বাবেই
মই আহি ৰাজধানীত আছোঁহি

৪)
প্ৰথম ফুলা ফুল
সিহঁতক চাওঁতে চাওঁতে
মোৰ বয়স পঁয়সত্তৰ পাৰ হ’ল

৫)
পাত নথকা ডাল এটাত
কাউৰী এজনী আহি বহিল
হেমন্তৰ গধূলি

৬)
বৰফতো
জোনমুখীয়া ফুলবোৰ
সূৰ্যৰশ্মিত মৰহি নেযায়

৭)
বসন্তৰ বতাহজাক
আনন্দত যেন
ফুল হৈহে ফুলি আছে

য়চা বুচন

১)
পখিলাটো
মন্দিৰৰ ঘণ্টাটোতে
শুই আছে

২)
পুৰণি কুঁৱা
মাছ এটাই জঁপিয়ায়
আন্ধাৰৰ শব্দ

৩)
হৰিণাটোৱে তিনিবাৰ চিঞৰিলে
তাৰ পাছত
নীৰৱতা

৪)
খোজ কাঢ়িয়ে
মই বসন্তৰ শেষ দিনটো
আহি পালোঁহি

৫)
কেতেকী চৰাইটোৰ মাত
উৰি উৰি ক’ৰবাত
পুৰণা ৰাজধানীৰ সিপাৰে

৬)
সন্ধিয়া আহিছিলোঁ
ফুলি থকা চেৰীফুল চাবলৈ
এতিয়া সিহঁত ফললৈ ৰূপান্তৰ হ’ল

৭)
মোৰ আঁঠুৱাৰ তলৰপৰা
সকলো জোনাকী পৰুৱা উলিয়াই দিলোঁ
বাঃ কিযে আনন্দে

ক’বয়াচি ইচ্চা

১)
চেৰিফুলবোৰ ফুলিছে
এই ঠাইখনত
ঘাঁহবোৰো ফুলে

২)
আজি নিশা
তোমালোকো গৈছা
হেমন্তৰ জোন

৩)
বুদ্ধৰ নিৰ্বাণ
ফুল আৰু ধনৰ
ঊৰ্ধ্বত

৪)
এই পৃথিৱীত
পখিলায়ো
নিজে নিজক বচাব লাগিব

৫)
প্ৰথম জিলী
জীৱনটো নিষ্ঠুৰ
বৰ নিষ্ঠুৰ

৬)
ডালটোৰ ওচৰৰ পৰা
নৈখনেৰে বৈ গৈছে
পতঙ্গবোৰৰ গান

৭)
এখন নিয়ৰৰ পৃথিৱী
হয় এখন নিয়ৰৰে পৃথিৱী
তথাপিও তথাপিও

মাৎসুও বাশ্বো (১৬৪৪ – ১৬৯৪): জাপানী সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ কবি আৰু হাইকুৰ স্ৰষ্টা৷ বাশ্বো শব্দৰ অৰ্থ কলপাত৷ কবিৰ ক্ষণষ্ঠায়ী জীৱনৰ প্ৰতীক৷এগৰাকী মহান পৰ্যটক৷ বাশ্বোৱে প্ৰচাৰ কৰা কাব্যসূত্ৰ: ১) প্ৰকৃতি আৰু মানুহৰ জীৱনৰ সনাতন সত্য, ২) কবিতাৰ ছন্দোময় প্ৰকাশ, ৩) স্তব্ধতা আৰু ৪) কোমলতা ৷

য়চা বুচন (১৭১৬- ১৭৮৩): বাশ্বোৰ কাব্যশৈলীৰ এজন গুৰি-ধৰোঁতা৷ হাইকু কবিতাৰ অনন্য ৰীতিৰ এগৰাকী স্ৰষ্টা ৷এজন মহান শিল্পী আৰু কবি৷

ক’বায়াচি ইচ্চা (১৭৬৩-১৮২৭): ইচ্চাৰ কবিতা কাৰুণ্য আৰু লাৱণ্যৰ এক সঞ্জীৱিত সমাহাৰ৷ তেওঁ প্ৰকৃতিৰ সৰু সৰু জীৱ-জগতক লৈয়েই হাইকুৰ সৃষ্টি কৰিছিল৷