নীলম গগৈ
Issue: Vol. IV, No. 3, November-January, 2025-26

অনুবাদ সাহিত্য বুলিলে আমি সাধাৰণতে অন্য ভাষাৰ পৰা অনুবাদ হৈ অহা সাহিত্যক বুজোঁ। আনহাতে, অনুবাদ সাহিত্যৰ অধ্যয়ন হৈছে অনুবাদৰ পদ্ধতি, নীতি, তত্ত্ব, ইতিহাস আৰু প্ৰয়োগ অধ্যয়ন কৰা এটা শাখা। সাধাৰণতে অনুবাদ গ্ৰন্থ এখন অধ্যয়ন কৰিবলৈ যাওঁতে মূল গ্ৰন্থৰ সৈতে অনুবাদ কৰা গ্ৰন্থখনৰ তুলনা কৰা হয়। তুলনা কৰোঁতে সাহিত্যৰ ভাষা, ভাবনা, শৈলী সঠিকভাৱে ৰখা হৈছে নে নাই বিচাৰ কৰা হয়। ইয়াৰ উপৰি অনুদিত গ্ৰন্থত মূল ভাষাৰ সাংস্কৃতিক প্ৰেক্ষাপট কেনেধৰণে প্ৰতিফলিত হৈছে সেয়াও মন কৰিবলগীয়া হয়। অনুবাদ-কৰ্মত মূল অৰ্থ অবিকৃত ৰূপত সংৰোপিত কৰিব পৰা হৈছে নে, মূল গ্ৰন্থত ব্যৱহৃত উপমা, প্ৰতীকৰ অনুবাদ লক্ষ্য ভাষাত পাঠকৰ বাবে সৰলীকৃত কেনেধৰণে কৰা হৈছে সেয়াও বিচাৰ্যৰ বিষয়। অনুবাদৰ ক্ষেত্ৰত সততে সন্মুখীন হোৱা সমস্যাটোৱেই হৈছে যে ইয়াক সম্পূৰ্ণ ৰূপে মূল ভাষাৰ পৰা লক্ষ্য ভাষালৈ অনুবাদ কৰিব পৰা সম্ভৱ নহয়। ৱাল্টাৰ বেঞ্জামিনে ‘The Task of the Translator’ত উল্লেখ কৰিছে যে যদি মূল পাঠৰ সৈতে সম্পূৰ্ণ মিল থকাটো বিচৰা হয় তেন্তে কোনো সাহিত্য-কৰ্মৰ অনুবাদ সম্ভৱ নহয়। এণ্ট’নিয়’ বাৰ্মেনেয়ো ‘Translation and Trails of the Foreign’ত কৈছে, প্ৰত্যেক অনুবাদে মূল গ্ৰন্থক বিকৃত কৰাৰ সম্ভাৱনা থাকে। আকৌ জৰ্জ ষ্টেইনাৰে কৈছে, প্ৰত্যেক অনুবাদ এটা প্ৰায়-প্ৰায় মিল বা এপ্ৰক্সিমেট্ মাত্ৰ। উল্লিখিত ধাৰণাক সন্মুখত ৰাখিয়েই সেয়ে অনুবাদ সাহিত্যকৃতি যেনে কবিতা, উপন্যাস, নাটক, প্ৰবন্ধ আদিৰ অধ্যয়ন কৰোঁতে অনুবাদ গ্ৰন্থ মূল গ্ৰন্থৰ কিমান ওচৰ চাপিছে সেই কথা বিচাৰ কৰা হয়। সেই সন্দৰ্ভতে উল্লেখ কৰিব পাৰি, টি. এছ. এলিয়টে এজৰা পাউণ্ডৰ সাহিত্য ৰচনাৰ সংগ্ৰহ Literary Essays of Ezra Pound-ত কৈছে যে, পাঠকৰ কল্পনা শক্তিক আলোড়িত কৰা কবিতাৰ অন্য ভাষালৈ তৰ্জমা কৰিলেও কোনো হীন-দেঢ়ি নঘটে যদিও শ্ৰুতিমধুৰ কৰি লিখা কবিতা কেৱল তাৰ মূল ভাষাতহে শ্ৰুতিমধুৰ হৈ থাকে। তদুপৰি অনুবাদৰ ভাগ অনুসৰি শব্দে-শব্দে অনুবাদ কৰিলে কেতিয়াবা মূল অৰ্থত উপনীত হ’ব নোৱাৰে আৰু, যদি শব্দৰ সলনি অৰ্থক গুৰুত্ব দিয়া হয়, তেন্তে লক্ষ্য ভাষাৰ লোকোক্তি ভিত্তিক প্ৰভাৱ পৰাটো স্বাভাৱিক। সেই হেতু লোকোক্তি ভিত্তিক প্ৰভাৱ অনুবাদকৰ ব্যক্তিগত অভিপ্ৰায় বুলি পোনতে কৈ দিব নোৱাৰি।
২০২৫ৰ এপ্ৰিল মাহত প্ৰকাশ পোৱা হিতেন শৰ্মাৰ কবিতা চতুষ্টয় ইংৰাজী ভাষাৰ মূল গ্ৰন্থ এলিয়টৰ Four Quartets-ৰ অনুবাদ। এলিয়টৰ ফ’ৰ কোৱাৰ্টেটছ্ গ্ৰন্থখন হৈছে চাৰিটা ভিন্ন কবিতাৰ সংমিশ্ৰণ। ভিন ভিন সময়ত ভিন ভিন কাকত-আলোচনীত প্ৰকাশ হোৱা কবিতাকেইটাৰ বিষয়ে ‘Four Quartets: music, word, meaning and value’ত এ. ডেভিড মুডীয়ে উল্লেখ কৰিছে, ‘বাৰ্ণ্ট নৰ্তন’ কবিতাটো এলিয়টৰ Collected Poems 1909-1935(১৯৩৬)ত প্ৰকাশ পায়। ইয়াৰ পিছত ‘ইষ্ট কোকাৰ’ কবিতাটো The New English Dailyৰ ইষ্টাৰ সংখ্যাত ১৯৪০ চনত প্ৰকাশ পায়। ‘ড্ৰাই শ্লেভেজছ্’ আৰু ‘লিটল্ গিডিং’ কবিতা দুটা ক্ৰমে ১৯৪১ আৰু ১৯৪২ত The New English Daily-ত প্ৰকাশ হয়। ১৯৪৩ত এই চাৰিটা কবিতাক একেলগ কৰি “ফ’ৰ কোৱাৰ্টেটছ্” নাম দিয়া হয়। মুডীয়ে উল্লেখ কৰা মতে, চাৰিওটা কবিতাৰে বিষয়বস্তু সম্পূৰ্ণ স্বতন্ত্ৰ যদিও বিকাশ প্ৰত্যক্ষ ৰূপত একদিশীয়। আনকি এলিয়েটে নিজেও বন্ধু জন হে’ৱাৰ্ডক জনাইছিল যে, সম্পৰ্কহীন যেন লগা অথচ সূক্ষ্ম সম্পৰ্ক বহন কৰা এই চাৰিটা কবিতাই একত্ৰে এটা সম্পূৰ্ণ নতুন কবিতাৰ ৰূপ দিবলৈ সক্ষম হৈছে আৰু কোৱাৰ্টেট শব্দটোৱে পাঠকক সেই শৃংখলাটো বুজিবলৈ সুবিধা কৰি দিছে, যিহেতু এলিয়টৰ মতে ‘ছ’নাটা’ শব্দটো বৰ বেছি সংগীতময়। ‘ছ’নাটা’ শব্দটোৰ অৰ্থ হৈছে সংগীতৰ স্বৰ-মল্লিকা বা বোলৰ তিনি বা চাৰি অংশত বিভক্ত গতি (movement), যি একেলগে বাজি উঠিলেহে সংগীতটো সম্পূৰ্ণ হয়, আনহাতে ‘কোৱাৰ্টেট’ হৈছে চাৰিজন গায়ক বা বাদ্যযন্ত্ৰীৰ সমষ্টি যি একেলগে গায় বা বজায়, কিন্তু প্ৰত্যেকেই ভিন্ন। একেধৰণেৰে এলিয়টে কবিতাকেইটাত ভিন্ন বাদ্যযন্ত্ৰৰ নাম উল্লেখ কৰিছে। সংগীতৰ উপমাৰে কোৱাৰ্টেট নাম দিলেও প্ৰকৃততে ফ’ৰ কোৱাৰ্টেটছ্ চাৰিটা ভিন্ন অথচ এটা কবিতা। প্ৰত্যেকটো কবিতাৰ মাজেৰে সময়, কৰ্ম, মৃত্যু, জীৱন, পুনৰ্জন্ম, মুক্তি, আত্মসমৰ্পণ আদি দাৰ্শনিক দৃষ্টিভংগী প্ৰতিফলিত হৈছে। ডেভিড মুডীয়ে লিখিছে, কোৱাৰ্টেটকেইটাই মানুহৰ মূল্যবোধক শৃংখলিতভাৱে সলনি কৰি মৃত্যুৰ প্ৰতি মানুহৰ আত্মসমৰ্পণক প্ৰেম হিচাপে প্ৰতিষ্ঠা কৰিছে। ইয়াত নিমজ্জিত হৈ থকা অসাধাৰণ মূল্যবোধৰ উপলব্ধিৰ উদ্ঘাটন আৰু শূন্যৰ পৰা অধিক শূন্যতালৈ গতি কৰি পৰমাৰ্থ লাভৰ যাত্ৰাৰ বাবে প্ৰত্যেকটো কবিতাই একেলগে এটা কবিতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এইখিনিতে উল্লেখনীয় যে মুডীয়ে এলিয়টৰ কবিতাকেইটাত কেৱল খ্ৰীষ্টান বা পশ্চিমীয়া পৰম্পৰা নহয়, বৰং কৃষ্ণ আৰু ভাগৱতগীতাৰ সুদূৰপ্ৰসাৰী পূৰ্বীয় পৰম্পৰাও জীণ গৈ আছে বুলি মত পোষণ কৰিছে। কোৱাৰ্টেটৰ তিনি নম্বৰ কবিতা ‘দ্য ড্ৰাই ছেলভেজেছ’ত এলিয়টে কৃষ্ণ আৰু অৰ্জুনক পোনপটীয়াকৈ উল্লেখ কৰিছে।
ৰাছেল টি. ফ’লাৰে তেওঁৰ ‘Krishna and the “Still Point” A Study of The Bhagwat-Gita’s Influence in Eliot’s Four Quartets’-ত উল্লেখ কৰিছে যে ভাগৱতগীতাৰ প্ৰত্যক্ষ প্ৰভাৱ এলিয়টৰ ফ’ৰ কোৱাৰ্টেটছ্-ত অনুধাবন কৰিব পৰা যায়। ফ’লাৰৰ মতে, Krishna, as an incarnate being similar to Christ, become a symbol of the central mystery of “Dry Salvage”. … In the word of Aldous Huxley, in the Hindu religion “Krishna is an Incarnation of the Divine Ground in human form.” … in terms of Mahayana Buddhism, “Mind of the Pure Light of the Void”. … Krishna, both by what he says and by what he is, presents the … central mystery of all the quartets— the “still point” or intersection of time and eternity. অৰ্থাৎ কৃষ্ণ, যিশু খ্ৰীষ্টৰ দৰে এজন সত্যৰ অৱতাৰ, যিয়ে তেওঁৰ কথা আৰু সত্ত্বাৰ দ্বাৰা সময় আৰু শান্তিৰ মাজত কেন্দ্ৰীয় মুহূৰ্তৰ উপস্থিতি বৰ্ণনা কৰে। সময়ৰ চাপ আৰু অসীম সময়ৰ শান্তিৰ সংগম বিন্দুত অৱস্থান কৰা কেন্দ্ৰীয় মুহূৰ্তৰ সেই স্থিৰ বিন্দুটোৰ উল্লেখ এলিয়টৰ ‘বাৰ্ণ্ট নৰ্তন’ কবিতাতো আছে। সময়ৰ গতি, পৰিৱৰ্তন, আৰু উত্থান-পতনৰ কথা উল্লেখ কৰি সেই মুহূৰ্ততে উপস্থিত থকা, যি একে সময়তে সমস্ত গতিৰ উৎস আৰু সকলো গতিৰ শেষ বুলি দ্বৈততাৰ পৰিচয় দিয়া সেই স্থিৰ বিন্দুক এলিয়টে সমত্ব (equanimity) প্ৰতিষ্ঠাৰ বিন্দু বুলি কৈছে। ঠিক একেধৰণেৰে, গীতাতো কৃষ্ণই অৰ্জুনক কৰ্ম আৰু কৰ্মৰ যোগেদি আত্মাৰ অবিচল সমত্ব প্ৰতিষ্ঠা কৰিব পাৰি বুলি দিয়া উপদেশৰ উল্লেখ আছে। ভাগৱতগীতাৰ কথক, অৰ্জুনৰ পথ-প্ৰদৰ্শক কৃষ্ণই যিদৰে ভৱিষ্যতৰ চিন্তাত আতংকিত নহৈ, কৰ্মফলৰ বিষয়ে চিন্তা নকৰি যিদৰে কৰ্মৰ ওপৰত আত্মনিৱেশ কৰিবলৈ উপদেশ দিয়ে ঠিক একে সুৰতে এলিয়টে লিখিছে– you shall not think, ‘the past is finished’/ or ‘the future is before us’ আৰু হিতেন শৰ্মাই অনুবাদত লিখিছে, তুমি কেতিয়াও নাভাবিবা যে ‘অতীতৰ অন্ত হ’ল’/ নতুবা ‘ভৱিষ্যৎ আছে আমাৰ সন্মুখত’। সেয়ে এলিয়টৰ ফ’ৰ কোৱাৰ্টেটছ আৰু ভাগৱতগীতাৰ মাজত সামঞ্জস্য আছে বুলি সমালোচকসকলে দাবী কৰে।
হিতেন শৰ্মাই এলিয়টৰ ফ’ৰ কোৱাৰ্টেটছ মূল ভাষাৰ পৰা অসমীয়ালৈ ‘কবিতা চতুষ্টয়’ শিৰোনামেৰে অনুবাদ কৰোঁতে মূল ভাষাত প্ৰতিফলিত অৰ্থ একে ৰখাৰ প্ৰচেষ্টা কৰিছে আৰু মূল গ্ৰন্থৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। তাকে কৰিবলৈ যাওঁতে শৰ্মাই নতুন শব্দৰ সৃষ্টি কৰা নাই, বৰং মূল ভাষাৰ পৰা লক্ষ্য ভাষালৈ প্ৰতিশব্দ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছে আৰু যি শব্দৰ অসমীয়া ভাষাত প্ৰতিশব্দ বিচাৰি পোৱা নাই তেওঁ মূল ভাষাৰ সেই শব্দটোকে ৰাখিছে। ফলত পাঠকৰ হ’ব পৰা সমস্যাৰ কথা লক্ষ্য ৰাখি গ্ৰন্থখনৰ পৰিশিষ্টৰ টোকাত সেই শব্দটোৰ বিষয়ে বৰ্ণনা কৰিছে। যাৰ ফলত পঢ়ুৱৈৰ অনুবাদ ভাষাত মূল ভাষাৰ অৰ্থৰ ওচৰ চপাত সহায় হৈছে। মূল ভাষাত এলিয়টে লিখিছে– Foothills echo in the memory/ Down the passage which we did not take/ Towards the door we never opened/ Into the rose garden. আৰু অসমীয়া ভাষাত শৰ্মাই লিখিছে— পদধ্বনিবোৰ স্মৃতিত বাজি থাকে/ সেইটো বাটত যিটোৰে আমি নগ’লোঁ/ কোনো কালে আমি খুলি নৰখা দুৱাৰখনলৈ/ গোলাপ-উদ্যানখনৰ১ ভিতৰত সোমাবলৈ।
অনুবাদ ভাষাত এলিয়টে গোলাপ-উদ্যানখনৰ জৰিয়তে প্ৰকৃততে কি বুজাব বিচাৰিছে সেই কথা তেওঁ পৰিশিষ্টৰ টোকাত সন্নিৱিষ্ট কৰিছে।
ফ’ৰ কোৱাৰ্টেটছ-ৰ কবিতাকেইটাৰ জৰিয়তে এলিয়টে সীমিত সময়, আধ্যাত্মিক অভিজ্ঞতা, অনিশ্চয়তা, মৃত্যু, পুনৰ্জন্ম, দুখ, কষ্ট আদিৰ মাজেৰে ঈশ্বৰ প্ৰেমৰ স্থায়িত্ব প্ৰকাশ কৰিছে আৰু উল্লেখ কৰা হৈছে যে কবিতাকেইটাত ভাগৱত-গীতাৰ পূৰ্বীয় বিশ্বাস অন্তৰ্নিহিত হৈ আছে, সেয়ে এলিয়টৰ দৃষ্টিৰে সময়, জীৱন, অভিজ্ঞতা আদিৰে মহাশূন্যত আত্মাৰ গতি, মৃত্যু, আৰু পুনৰ্জন্মৰ দৰ্শন অসমীয়া পাঠক সমাজৰ ওচৰ চপাবলৈ যথেষ্ট অহোপুৰুষাৰ্থ কৰিছে। তাকে কৰোঁতে পৰিশিষ্টৰ টোকাত প্ৰতিটো কবিতাতে লুকাই থকা আত্মিক গতিৰ তত্ত্ব ভাগৱতগীতাৰ সৈতে একাকাৰ কৰি পাঠকক অৰ্থ ভাঙনি কৰি দিয়া পৰিলক্ষিত হৈছে। অনুবাদ কৰোঁতে শৰ্মাই মূল কবিতাৰ শব্দ লক্ষ্য ভাষাত ইফাল সিফাল কৰা নাই। এলিয়টৰ the moment in the draughty church at smokefall –এই শাৰীটো শৰ্মাই অনুবাদ কৰোঁতে লিখিছে, খৰাঙৰ বতৰৰ ধুঁৱলী সন্ধ্যাৰ গীৰ্জাঘৰৰ মুহূৰ্তটো; শাৰীটো অনুবাদ কৰোঁতে শৰ্মাই গীৰ্জাৰ ঠাইত মন্দিৰ লিখা নাই। সেইফালৰ পৰা চাবলৈ গ’লে মূল গ্ৰন্থৰ অনুবাদ কৰোঁতে শৰ্মাই ধৰ্মৰ আশ্ৰয় লৈছে বুলি ক’ব পৰা নাযায়। এলিয়টৰ মূল কবিতাত ভাগৱতগীতাৰ সাৰ অন্তৰ্নিহিত হৈ থকা বুলি দাবী কৰা বিষয়টোক সূক্ষ্মভাৱে উপলব্ধি কৰিবৰ বাবে প্ৰসংগতঃ শৰ্মাই ভাগৱত দৰ্শনৰ বিশ্লেষণ গ্ৰন্থখনৰ পৰিশিষ্টৰ টোকাত উল্লেখ কৰিছে। অসমীয়া পাঠকৰ বোধৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি অনুবাদক এফেক্টিভ ফেলাচিৰ প্ৰভাৱত পৰিছে বুলি ক’ব পাৰি। পৰিশিষ্টৰ টোকাত উল্লিখিত ভাগৱত দৰ্শনৰ কথাবোৰ এৰাই চলিলে শৰ্মাই অনুবাদ কবিতাকেইটাত এলিয়টৰ মূল কবিতাৰ অৰ্থ অবিকৃত ৰূপত ৰাখিবলৈ চেষ্টা কৰিছে। এলিয়টৰ মূল গ্ৰন্থখনত ভাগৱত-গীতাৰ প্ৰভাৱৰ দিশ আলোচনা কৰিবলৈ অসমীয়া ভাষাত হিতেন শৰ্মাৰ কবিতা চতুষ্টয় সহায়ক হ’ব।
কবিতা চতুষ্টয়
টি এছ এলিয়টৰ ফ’ৰ কেৱাৰ্টেটছৰ অসমীয়া অনুবাদ
অনু: হিতেন শৰ্মা
২০২৫, প্ৰকাশক: বোধিসত্ত্ব শৰ্মা
পকাবন্ধা,৭২ পৃষ্ঠা, দাম ১৫০.০০ টকা
ISBN 978-93-342-1055-2
নীলম গগৈ এগৰাকী কবি আৰু লেখক। ভাল হোৱাটো পাপ কমৰেড তেওঁৰ শেহতীয়া কবিতা-সংকলন।