এজন বন্ধুৰ উক্তি

হীৰেন ভট্টাচাৰ্য

অথনিয়েই অলপ ফটিকা খাইছিলোঁ
তাৰ ৰাগী এতিয়াও আছে৷
হয়তো এইদৰে
গোটেই ৰাতিটো যাবগৈ৷

এইদৰে কেতিয়াবা ফটিকা খাওঁ!
আৰু, তাৰ ৰাগীয়ে মোক লৈ যায়
মনৰ সেই নিজান বনলৈ
য’ত
মই মোৰ স’তে কথা পাতোঁ
কেতিয়াও কাৰো স’তে নপতা কথা৷

কি সুন্দৰ সেই ৰাতিবোৰ৷
তৰাই তৰাই নীল আকাশখনত
কথাৰ আখৈ ফুটে,
ৰাতিৰ নিটোল শৰীৰ
মোৰ প্ৰাণৰ নদীয়ে ধুৱাই দিয়ে
শীতল সুললিত জলেৰে৷

১৯৬৩

Click here to read an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *