এইফালেও কবি আছে

এজন কবিৰ নিজৰ সৈতে মুখামুখি

ৰাজীৱ বৰা

সাহিত্যৰ ক্ষেত্ৰখনত চলি থকা কেতবোৰ কৰ্ম-কাণ্ড আৰু প্ৰৱণতাত যেতিয়া উপেক্ষা অভিপ্ৰায় হয় তেতিয়া কোনোবাই ক’ৰবাত মাত এষাৰ লগাবলগীয়া হয়– “মন কৰিব, এইফালেও কবি আছে৷”

নিজৰ কবিতা সম্পৰ্কে কোৱাত-লিখাত কিছু সীমাৱদ্ধতা থাকে৷ সাৰ্থক কবিতায়ো কয় কম; ভবায় বেছি৷ নিজা কবিতাৰ ব্যাখ্যা দিয়াও উচিত নহয়৷ যদিও পৃথিৱীৰ বহু কবিৰ লগতে আমাৰ অসমীয়া কাব্য সাহিতৰ কেইবাজনো দিগগজ কবিয়ে এই কামটো কৰিছে৷ কাৰণ কবিতা নিজেই এনে এক শিল্প, যাৰ অন্তঃপ্ৰাণ পথাৰৰ মাজৰ সেই অকলশৰীয়া গছজোপাৰ নিচিনা, যিজোপা ভিন্ন দিশৰপৰা কৌণিক দৃষ্টিৰে চাব পাৰি৷ সকলোৰে চকুত তাৰ সেউজ সমৃদ্ধি বা লঠঙা ৰূপটো একে নহয়, বৈচিত্ৰ্যময় ৰূপত ধৰা পৰে৷ কবিতাৰ বেলিকাও তেনে নহ’লে একমাত্ৰিক অৰ্থসন্ধানতে ওৰ পৰিলে পাঠকভেদে ৰসাস্বাদনৰ ভিন্ন উপলব্ধিতো বাধা আহে৷

Anit-poetry, Visual poetry, Concrete poetry, Language poetry আদিৰ পৰীক্ষাৰ মাজেদি পাঠকক ভিন্ন স্বাদ যোগান ধৰি অহা কবিতাত এতিয়া ছন্দ-অলংকাৰ, মূলভাব-সাৰাংশ বিচাৰি ফুৰাৰ দিন নাই বুলিয়েই ভাবোঁ৷ সেয়া শ্ৰেণীকোঠা বা পৰীক্ষাৰ উত্তৰবহীৰ সৈতে যুক্ত৷ তথাপি কবিতা ভাষাশিল্প৷ চৰ্চা কৰা ভাষাটোক explore কৰাটো কবিতাৰো কাম৷ গদ্যত যি শব্দই তাৰ প্ৰয়োগৰ অভিনৱত্ব হেৰুৱাই তাক চুঁচি-মাজি প্ৰয়োগৰ অৱকাশ এটা কবিতাই দিয়ে৷ Poetry is word বুলি যিসকলে ধৰে তেওঁলোকে কবিতাক ভাষাশিল্প বুলি মানে তাত সন্দেহ নাই৷ কিন্তু ই মাথোঁ ভাষাশিল্প নহয়, এক বিশেষ ধৰণৰ ভাষাশিল্পহে৷ এই বিশেষটো কি কবি মাত্ৰেই জনা উচিত৷ চিত্ৰশিল্পী ডেগাক মালাৰ্মেই কোৱা কথাখিনি গুৰত্বপূৰ্ণ– “Poems are made of words, not ideas!” কিন্তু একে সময়তে শংকৰদেৱে আন প্ৰসংগত কোৱা কথা এষাৰো কবিতাৰ প্ৰসংগত প্ৰাসংগিক কৰিব পাৰি–“বত্ৰিশ অলংকাৰে কচালে শিৰ নহ’লে অশোভন৷” চিন্তাবৃত্তি-ভাব ৰহিত শব্দৰ কেৰিকেচাৰৰ কবিতা তেনে হোৱাৰ সম্ভাৱনাই অধিক৷ অসংগঠিত চিন্তাবৃত্তি অসংলগ্ন, অব্যঞ্জিত symbol বা image-এ পঢ়ুৱৈলৈ বিৰাগো আনে৷

দীৰ্ঘদিনীয়া অনুশীলনে একোগৰাকী কবিক একেআগী ভাবনা, একেআগী ৰূপকল্প আৰু একেআগী পৰিক্ৰমাৰপৰা নিষ্কৃতি লভিবলৈ উৎসাহিত কৰে৷ নিজা কবিতাৰ প্ৰচলিত প্ৰবাহতে নব্য সন্ধানৰ বাবে উদগণি দিয়ে৷ প্ৰথম সংকলনৰপৰা পৰৱৰ্তী সংকলনৰ ক্ষেত্ৰত বিষয়-ভাব আৰু ৰূপকল্পত ব্যৱচ্ছেদ আনিব পৰাটো একোজন কবিৰ কাব্য-চৰ্চাৰ উত্তৰণৰ ঢাপ হিচাপে চিহ্নিত হ’ব পাৰে৷ তাৰ বাবে নতুনত্বৰ দৰ্কাৰ৷

পিছে নতুন মানে কি হ’ব পাৰে? সাহিত্যত নতুনত্বৰ কথা ক’বলৈ যাওঁতে উমবেৰ্তো ইকৰ বহু উদ্ধৃত সেই কথাষাৰ মনলৈ আহে–‘‘…books always speak of other books, and every story tells a story that has already been told.’’ কিন্তু সময়ত বৰ্তি থাকিলে পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু নব্য চিন্তাই সেই নতুনত্বৰ জন্ম দিব পাৰে৷ কথাটো এটা সূৰ্যকে ওলাই আহোঁতে ভিন্নজনে ভিন্ন ধৰণেৰে দেখাৰ লেখিয়া৷ কবিতাৰ বেলিকাও লক্ষ্যণীয় যে বিষয় আৰু মানৱীয় মুহূৰ্তৰ উপলব্ধিবোৰ প্ৰায়ে অপৰিৱৰ্তনীয় হৈ থাকে৷ কিন্তু সলনি হোৱা মূল্যবোধ, পৰম্পৰাত অহা স্থৱিৰতা আদিয়ে চলতি নেৰেটিভতে মোচৰ একোটা আনিবলৈ সামৰ্থ্য ৰাখে৷ আনে কি ভাবে নেজানো আমাৰ বেলিকা হেৰল্ড ব্লুম-কথিত Anxiety of Influence-ৰ সমস্যাটো লাগিয়েই থাকে৷ ই অৱশ্যে সহায়ো কৰে, প্ৰভাবৰ পৰা মুক্ত হোৱাৰ৷ নিজা শৈলী এটাৰ প্ৰতি সচেতন হোৱাৰ৷

কবিতা মুহূৰ্তৰ উপলব্ধি হ’লেও আমাৰ পৰম্পৰাত ই বৃত্তান্ত-বৰ্জিত নহয়৷ সেয়ে হয়তো লোক-কবিতাৰ জনপ্ৰিয়তা বেছি৷ আজি হুবহু তাহানিৰ লোক-কবিতা লিখাৰ দিন নাই, কিন্তু কৌশলী কবিয়ে তাক আওকাণ নকৰে৷ আন এক নেৰেটিভৰ মাধ্যমেৰে কবিতাকো বৃত্তান্ত আধাৰিত কৰিব পাৰে৷ অৱশ্যে সিও উপন্যাসোপম বা চুটিগল্পধৰ্মী হ’লে নহ’ব৷ কিন্তু কবিতাৰ ব্যঞ্জনাধৰ্মী গুণেৰে ‘গোস্পদে নভোমণ্ডল’ৰ নিচিনা নেৰেটিভ একোটা গ্ৰহণ কৰিব পাৰে৷

কবিতা লিখাটো আত্মসন্তুষ্টিৰ কাম হ’ব পাৰে৷ তাত নাম বা যশৰো আকাংক্ষা থাকিব পাৰে৷ কিন্তু পাঠকমুখীতাক আওকাণ কৰিব নোৱাৰি৷ ময়ো জানো কম হ’লেও আমাৰ কেইজনমান পাঠক আছে৷ কবিতা কেইটামান প্ৰকাশৰ বেলিকা তেওঁলোকৰ কথাও ভাবিব লাগে৷ তাৰ অৰ্থ এইটো নহয় যে কাব্য-অভিব্যক্তিও পাঠকৰ ৰুচিয়ে নিয়ন্ত্ৰণ কৰিব৷ একোগৰাকী কবিয়েই পাঠকৰ ৰুচিকো সলনি কৰিব পাৰে৷ কিন্তু কবিতাৰ নামত অনাহক কেৰিকেচাৰ আৰু বিভ্ৰান্তিৰে কবিয়েও পাঠকক আভুৱা ভাঁৰিব নালাগে কিজানি৷ বিষয় জটিল হ’লেও, ভাব গধুৰ হ’লেও সাহজিক প্ৰকাশৰ প্ৰতিহে সাধাৰণ পাঠকৰ লোভ৷    

লগতে পঢ়ক: কবিতাৰ প্ৰসঙ্গত

এখুদমান এই পুথিখন সংখ্যৰ ফালৰপৰা মোৰ সপ্তম কবিতা-সংকলন৷ যোৱা তিনি বছৰত প্ৰকাশিত-অপ্ৰকাশিত শতাধিক কবিতাৰ সৰহভাগ নাকচ কৰি বাছি লোৱা এমুঠি কবিতা৷ ‘কাব্যম বঁটা ২০২২’ লাভ কৰা পাণ্ডুলিপিটোৰ পৰা কেইটামান কবিতা আৰু নামটো লৈছোঁ৷ কেইটামান একেবাৰেই নতুন৷ আনকেইটাৰ অন্তৰ্গত দুটামান প্ৰকাশৰ পাছতো পৰিমাৰ্জন কৰা৷ পৰিমাৰ্জনৰ কাৰবাৰটো কবিতাৰ নিৰ্মাণৰ সৈতে সম্পৰ্কিত৷ কোনো এটা কবিতা বিশেষ একোটা মুডত সৃষ্টি হ’লেও পাঠকমুখী পৰিৱেশনৰ পৰ্যায়ত তাৰ নিৰ্মাণৰ কথাটো আহে৷ কিয়নো কবিতাও এবিধ শিল্প৷ মূলত ভাষাশিল্প৷ সেয়ে তাৰ সৌকৰ্যৰ বাবে কৰণীয়খিনিত কবিয়ে মন দিয়া দৰ্কাৰ৷

ইবোৰত কবিতা আছে৷ কবিতা নাই৷ এইফালেও কবি আছে৷ কবি নাই৷ কবিতা থকা-নথকাটো কেতিয়াবা কবিক দেখা-নেদেখাৰ ওপৰত নিৰ্ভৰ কৰে৷ সমূহৰ মাজত একেধৰণৰ মুখাৱয়ব, বেশ-ভুষা হ’লে চিনি উলিওৱা টান৷ কিন্তু কেতিয়াবা যে কোনোবাই চিনাকি মানুহ দেখিও নিচিনাৰ ভাও ধৰে, আওকাণ কৰে তেতিয়া সেয়া চাওঁতাৰ অভিপ্ৰায়৷ এইটো সঁচা যে সাহিত্যৰ ইতিহাসেই হওক বা সমকালীন সাহিত্য-চৰ্চাই হওক একোটা সময়ত বৰ্তি থকা কবিসকলৰ সকলোৱে সমানে গুৰুত্ব নেপায়, পাছতো প্ৰতিনিধিত্বমূলক আৰু সাধাৰণ ধৰণৰ বিভাজন এটা থাকিব৷ কিন্তু সাহিত্য যেতিয়া শিক্ষাসদী বিষয় হয়, জাতীয় সাহিত্যৰ সংবৰ্ধন ৰূপ কিছু কাৰ্য-কলাপ হয় তাত যোগ্যতাৰ উপেক্ষাই কি সাধে?

কিতাপ দোকানত পায়৷ দোকানত কবিতা নাথাকে৷ কবিতা থাকে পাঠকৰ মাতত৷ থাকে হাতত৷ আদৰতো থাকে৷ থাকে আওহেলাতো৷ জেপত থাকে৷ খোঁচনাত থাকে৷ অথবা ক’তোৱেই নেথাকে৷ কবিতা বিচাৰি হাবাথুৰি খাব লাগে৷ পাঠকৰো অস্বস্তিকৰ পৰিক্ৰমা? বাটে-পথে কবিতাই অগা-ডেৱা কৰে৷ বাট আগচি ধৰে৷ হাজাৰ যত্ন কৰিও একোজন কবিয়ে পাঠকে ওঁঠত লৈ ফুৰিব পৰা কবিতা এফাকি লিখিবগৈ নোৱাৰিব পাৰে৷ তেনে এফাকিৰ বাবেই কবিতাৰ অনুশীলন চলি থাকে৷ 

আকাশীযানৰ সপোন দেখি ঘটং-মটং কৰি গৈ থাকে মোৰ কবিতাৰ গৰুগাড়ী৷ মজা আছে৷ মজা আছে৷ চৌপাশে ইমানবোৰ দ্ৰুতবেগী বাহনৰ ভিৰ! গৰুগাড়ী এখনত যাত্ৰা কৰাৰ মজা আছে৷ অকলশৰীয়া হোৱাৰ মজা৷ থেকেচা খালেও যাত্ৰা-সুখৰ মজা৷ তাতে কোনোবাই যদি আঙুলিয়াই কয়– সৌটো কেনেকৈ গৈছে চা৷ ইমান সুচল পথত বাছি লৈছে কষ্টকৰ যাত্ৰা! মজা আছে৷ মজা আছে৷ মজা তাতে– আনৰ বাহনত নুঠাৰ৷ আনৰ খোজ নকঢ়াৰ৷ আনৰ ৰং দেখিও নিজে উকা হৈ থকাৰ৷ তৃপ্ত মানুহৰ মাজত থাকি কিবা এটা অশান্তি ধাৰণ কৰাৰ৷ হয় বোলা মিছিলত নহয় বুলি দীঘলকৈ এটা উকি মৰাৰ৷ কথাবোৰ এনেকৈ ভাবিব পাৰি যদিও তাক কাব্য-চৰ্চাৰ মাজেৰে তুলি ধৰাটো কষ্টকৰ৷ সেই কষ্টক মোৰ বুলি লৈ কবিতাসমূহত তেনে অনুশীলন কৰাৰ প্ৰচেষ্টা এটাও চালাইছোঁ৷ সেয়া সদৰ্থক, সফল নে অৰ্থহীন সেয়াও সমালোচক, ৰসবেত্তা বা পাঠকৰ দ্বাৰাহে নিৰূপিত হ’ব৷

কবিৰ কাম কবিতা লিখা৷ পাঠকৰ বাছ-বিচাৰ থাকিব৷ যিমানেই কৌশল নলওক পাঠকে কবিক নপঢ়ে৷ কবিতাহে পঢ়িব৷ কবিতাৰো প্ৰথম চৰ্ত– যিমানেই অনুশীলন নাথাকক সি কবিতা হ’ব লাগিব৷ সময়ৰ কবিতা৷ এইখিনি কবিতাৰ মাজত সময়ক ধৰি ৰখাৰ যত্ন কৰা হৈছে৷ ভাষা আৰু ভাবগত কেৰামতালি পৰিহাৰ কৰি তৰল নোহোৱাকৈ সৰল কৰাৰো যত্ন কৰা হৈছে৷ কিন্তু একে সময়তে আমাৰ ভাষাটোৰ কালিকা– যিটো গ্ৰাম্যজ শুদ্ধতা এতিয়াও বিদ্যমান সেইটোক আলম্বন কৰা হৈছে৷ অৱশ্যে তাকে সময়োপযোগী কৰাৰ চেষ্টা এটাও নকৰাকৈ থকা নাই৷

বিৱৰ্তনৰ বাটত মানুহক অতীতৰ শিক্ষা আৰু ভৱিষ্যমুখী দৃষ্টি লাগিব৷ কিন্তু দুয়োটাৰে সংযোগ সেঁতু হ’বলৈ বৰ্তমানতহে গোঁজ পুতিব লাগিব৷ সেয়া কাব্য-চেতনাই হওক অথবা শিল্প-চেতনাই হওক৷ বৰ্তমান বুলি কওঁতে যি নতুনত্ব অথবা অভিনৱত্বৰ ধাৰণা মনলৈ আহে তাৰ আধাৰতে কবিতা-চৰ্চাৰ বাটত ঘুগুলা উঠা প্ৰকাশভংগী আৰু ভাব অতিক্ৰমৰ অনুশীলন কৰিব নালাগিব জানো? কবিতাখিনি থূপাই থোৱাৰ কথা চিন্তা কৰোঁতে এনে কথাও বিবেচনা কৰা হৈছে৷

আমাৰ সাহিত্যতে নহয় সাম্প্ৰতিক প্ৰায়বোৰ ভাষাৰ সাহিত্যতে কাব্য-প্ৰকাশ সৰল হৈ আহিছে৷ কাব্য-ভাষা বুলি চলি থকা নেৰেটিভ এটাৰ ঠাইত কবিতা আৰু গদ্যৰ সীমাৰেখাডালো লাহে লাহে মচ খাবলৈ লৈছে৷ দুয়োটাৰে যাদৃচ্ছিক প্ৰয়োগ মন কৰিবলগীয়া হৈ উঠিছে৷ সেয়ে ইয়াৰ দুই-এটা প্ৰকাশভংগীত প্ৰচলিত অৰ্থত হয়তো কোনোবাই কবিতা নেপাব৷

এই ৰচনাখনৰ শীৰ্ষকটো কবিতাপুথিখনৰো শীৰ্ষক৷ যিখিনি কবিতাই এই শীৰ্ষকটো প্ৰতিনিধিত্ব কৰিছে সিবোৰৰ অন্তৰ্নিহিত তাৎপৰ্য এটাও অৰ্থৰ আঁৰলত আছে৷ এই বাক্যখণ্ডই বহন কৰা অৰ্থ ভিন্ন প্ৰসংগত প্ৰয়োগ কৰিব পাৰি যদিও এনে চিন্তাৰ উহটো অৱশ্যে এটা গঞা অভিজ্ঞতাৰপৰাহে উৎসাৰিত৷ গাঁৱত সকাম পাতোঁতে মূল নামৰ থলীৰ উপৰি ঘৰৰ বিভিন্ন কোঠাত ভিন্নজন বহে৷ দেউৰীয়ে যেতিয়া প্ৰসাদ বিলায় তেতিয়া আওহতীয়া কোঠাৰপৰা কেনোবাই মূৰটো উলিয়াই মাত লগায়– “দেউ, মন কৰিবদেই, এইফালেও ভকত আছে৷” দেউৰ এই উপেক্ষা হয়তো ব্যস্ততা বা অমনোযোগিতাৰ ফল৷ কিন্তু সাহিত্যৰ ক্ষেত্ৰখনত চলি থকা কেতবোৰ কৰ্ম-কাণ্ড আৰু প্ৰৱণতাত যেতিয়া উপেক্ষা অভিপ্ৰায় হয় তেতিয়া কোনোবাই ক’ৰবাত মাত এষাৰ লগাবলগীয়া হয়– “মন কৰিব, এইফালেও কবি আছে৷” ইয়াক উপেক্ষিত ধাৰণা বা প্ৰান্তীয় চেতনা যি বোলে বোলক৷ এনে এটা চিঞৰ মৰাৰ প্ৰয়োজন নাইনে?

অৱশ্যে আন বহুতৰ দৰে ময়ো বিশ্বাস কৰোঁ সূৰ্যক সোপা দি ঢাকিব নোৱাৰি৷ প্ৰকাশ বা বিকাশৰ প্ৰৱণতা থাকিলে প্ৰতিভাকো ঢাকিব নোৱাৰি৷ তেনে চিন্তাত সময়ৰ, সুবিধা-সুযোগৰো একোটা ভূমিকা থাকে৷ অৱশ্যে সময় বুলি একো নাথাকে৷ সেয়া মানুহ আৰু সাময়িকভাৱে গঢ়ি উঠা মনোভংগী বা মানসিকতা৷

গ্ৰহীতাৰ গ্ৰহণ বা বৰ্জন সকলো সৃষ্টিকৰ্মৰে মূল্যায়নৰ মূল কথা৷ কবিতাৰ ক্ষেত্ৰত পাঠকসকলেই গ্ৰহীতা৷ কবিতা এটা পাঠকমুখী হোৱাৰ প্ৰক্ৰিয়াটোত প্ৰচাৰৰ ভূমিকা থাকে৷ থাকে সমালোচকৰ আগ্ৰহ আৰু মতামতৰ গুৰুত্ব৷ কেতিয়াবা পুৰস্কাৰ বা বঁটাৰো স্বীকৃতি৷ শেষৰটোৱে গুৰত্ব লভে যদিও আমাৰ ইয়াত বৰ গুৰুত্বপূৰ্ণ নহয় যেনেই লাগে৷ কাৰণ বঁটা দিয়া অনুষ্ঠান আৰু সংস্থাবোৰৰ সৰহভাগেই নামনাচ৷ নামীকেইটাক লৈয়ো ঘোষণাৰ পৰৱৰ্তী সময়তে বিতৰ্কৰ প্ৰায়ে সূত্ৰপাত হয়৷

আমাৰ কাব্য-চৰ্চাৰ অন্তৰালত তেনে অভিপ্ৰায় নাই৷ দুজন পাঠকে পঢ়িলেই হ’ল৷ পঢ়া মানে এই অৰ্থ যে ইয়াত তুলি ধৰা ভাবনা বা চিন্তাৰ সৈতে কোনো সংবেদনশীলে যদি আপোন ভাবনাৰ সাৰূপ্য উপলব্ধি কৰাৰ সুৰুঙা পায়, বা কোনোৱে নভবা ভাবনাৰ উমান পায়, বা কোনোৱে নতুনকৈ কিবা এটা ভাবিবলৈ অৱকাশ পায় তেন্তে ইবোৰৰ গুৰুত্ব থাকিব৷ তেনে দুফাকি লিখিছোঁনে? এতিয়াও নিশ্চিতি নাই৷

ৰাজীৱ বৰা এগৰাকী কবি আৰু সমালোচক৷ এই ফালেও কবি আছে (২੦২৩) তেওঁৰ শেহতীয়া কাব্য-সংকলন৷