বিশ্ব-ভাৱনা
আমি নাচিব লাগিছো গোটেই জীৱন,
কাৰ সুৰত নেজানো;
আমি গাবই লাগিছোঁ গোটেই জীৱন
কাৰ গান নেজানো৷
আমি মাটিৰ পুতলা নাচিব লাগিছোঁ,
কোনে নচায় নেদেখোঁ;
আমি কাৰবাৰ বাঁহী বাজিব লাগিছোঁ,
কোনে বজায় নেদেখোঁ৷
আমি কাৰবাৰ গুণ গাবই লাগিছোঁ
নিজকে নিজে পাহৰি;
আমি কাৰবাৰ কাম কৰিব লাগিছোঁ,
অলপো নাই আহৰি৷
আমি ভাও লই লই বিশ্ব-ভাৱনা,
সদায় পাতিব লাগিছোঁ;
আমি ঠিক ভাৱৰীয়া হাঁহি কান্দি নাচি,
নিজ ভাও দিব জানিছোঁ৷