মাটিৰ মাত
মাটিৰ মাতষাৰকে ওঁঠত লৈ ফুৰিছোঁ
মাতষাৰেই পুহিছে জীৱন
মাতৰ চুমাই জুৰিছে হিয়া
হাবিৰ জোপোহা বিজুলী বাঁহজোপাত
সোমাই থাকে হয়কলি ইনাই-বিনাই
কণ্ঠত নিয়াৰি কোমলকৈ মাটিৰ ভাষা
পৰ্বত-পাহাৰ ফালি কল-কল সুৰেৰে
আহিছে নৈখন বৈ
অটল চেতনাৰ সোঁৱৰণী লৈ
মাটিৰ মাতেৰে জিনে নৈৰ বোৱন
বিপুল উৎসাহেৰে ভৰা মাটিৰ হিয়া
জাৰ-জহ, শস্য-মৎস্য, আকাশ-বতাহৰ
শৰীৰ জুৰি কেৱল মাটিৰ মাত
ভয়
বুকুৰ মাজত অহৰহ আলোড়ন
ঠিক ধুমুহা আৰু বানপানীৰ আগমুহূৰ্তৰ দৰে
খোলা খিৰিকীত চকু থ'লে দেখা পাওঁ
মৰীচিকাৰ পিঠিত উৰি ফুৰা কিছুমান কোলাহল
হৈ-চৈ, হেঁচা-ঠেলা, খুন্দা-ভেজাত
এই যেন ক'ৰবাত ভাগিব নামঘৰ
অথবা ক'ৰবাত দলং
সেয়েহে এনেদৰে তেজত উজাই-ভটিয়াই এনে এটা সত্তা
প্ৰতি উশাহত তাৰ ছাঁ পৰে
সময়ে তর্জনক টানি লয় আৰু স্থিৰ হয় হৃদয়ত
বিন্দুৱেই সিন্ধু হৈ
ক্ৰমে ক্ৰমে বাঢ়িছে তাৰ প্ৰভাৱ
তেজৰ কোঁহত যুগ প্রবাহত আৰু বহু স্বাক্ষৰ আছে তাৰ
আচলতে ধর্মাত্মা থাকিলেও, অনুগামী হ’লেও
ভুনভুননি দপদপনিও আছে
তাৰ বাবেইতো বুদ্ধ স্থিতপ্রজ্ঞ হৈ পৰিছিল বোধিবৃক্ষৰ তলত
An English translation of the poems.