দীপালী ভট্টাচাৰ্য বৰুৱাৰ দুটা কবিতা

জীৱন

আজলি পাতি গ্ৰহণ কৰিছিলোঁ এটা জীৱন
জীৱন মানেই একোটা উশাহ, একোটা কণ্ঠ
উল্লাস আৰু আৰ্তনাদ... 
জীৱন পাখিলাহী পখিলাৰ বিচ্ছুৰিত ৰংবোৰ 
হয়, জীৱন এয়াই... 
যাৰ উদৰত মই সন্তৰ্পণে সাজিছিলোঁ মোৰ পাখিদুখন 
থমকি ৰ’বলৈ সময়েই বা কিমান আছিল
কেৱল হাতবাউলিৰ চানেকিখন সন্মুখত
আজলী পাতি দুইহাতেৰে তুমিয়েইতো ধৰিছিলা... 
তুমি, তুমি মোৰ মাতৃ...
অমৃতময়তাৰে মহীয়ান... 
ডেউকা জপাবৰ সময় মোৰ নাছিল... 
বৰ বিশাল এই নাটঘৰ...
অন্বেষণ

অন্তেষপুৰত কিছুমান পদ্য
ঐতিহাসিক দ'ল-দেৱালয়ত ধুৱলি-কুঁৱলী সময় 
ডুব গৈ আছোঁ
কেৱল ডুব গৈ আছোঁ... 
বিষন্নতাৰ মায়াজালত বন্দী
কোন সেয়া, কাৰ আগমনেৰে
আচ্ছন্ন সময়... 
সময়ৰ পদ্য, অন্তেষপুৰৰ
চকুৰ পানীৰে মচি আহিছোঁ বাটচ’ৰা
হৃদয়বান কোন 
হাতৰ মুঠিত বন্দী মানুহ... 
মনুষ্যত্বহীন মানুহ
সাধু-সন্তসকল ক'ত... 
নিশ্চুপ , নিমাত...

Click here for an English translation of the poems.

One thought on “দীপালী ভট্টাচাৰ্য বৰুৱাৰ দুটা কবিতা

  1. দুয়োটা কবিতা পঢ়ি ভাল পালোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *