Issue: Vol. IV, No. 2, August-October, 2025
ধনশিৰী নদীৰ ক্ৰন্দন
ধলপুৱাতে ধ্যানমগ্ন মই ধনশিৰীৰ পাৰতl
হাতত ৰুদ্ৰাক্ষৰ মালা, হৃদয়ত তন্ময়তা
ধনশিৰী মৃদুভাৱে গুঞ্জৰিত মোৰ মন-মন্দিৰত,
এটি প্রশান্ত প্ৰভাত, প্ৰকৃতিৰ সৌম্য উপস্থিতি
চৰাইবোৰৰ কিচিৰ-মিচিৰ মাত, ঘন জংঘল চাৰিওফালে৷
হঠাৎ এটি শীৰ্ণ মাতে কম্পিত কৰিলে মোৰ অন্তঃকৰণ—
“বান্ধিলে মোক কৰি ক্ষীণাংগ, হাইড্ৰ’পাৱাৰ ৰনামত
কাতি সলাবও নোৱাৰা হৈছোঁ৷
শ্বাসৰুদ্ধ মই প্লাষ্টিক প্ৰদূষণত,
কাঢ়ি নিলে শিল-বালি মোৰ বুকুৰপৰা
চিৰাচিৰ কৰি মোৰ অঙ্গ-প্ৰত্যঙ্গ
ক’ত আশ্ৰয় ল’ব মোৰ জলজ প্ৰাণীবোৰে?
কলুষিত মই, নিজেই নিজক নেদেখা হ’লোঁ৷
পাৰ শিলকোৱাৰীৰ কৰ্কশ শব্দত
হেৰাই যায় মোৰ কুলুকুলু স্বৰl
মোক বচোৱা, হে ত্ৰাণকৰ্তা, এই বিপৰ্যয়ৰপৰা!”
সকৰুণ মলিয়ন ৰুগ্ন ধনশিৰীয়ে থিয় দিলে মোৰ অৱচেতনত নিৰলে৷
চমকি উঠিলোঁ মই, মেলিলোঁ চকু,
সৰি পৰিল মালা, বিচ্ছুৰিত হ’ল মণিবোৰ
জলচৰ, উদ্ভিদ, চৰাই, জন্তু আদি পৰিৱেশতন্ত্ৰৰ উপাদানবোৰ
ছিঙিল মালা, ছেদিল মোৰ হৃদয় ধনশিৰীৰ ক্ৰন্দনে৷
নদীৰ কৰুণ বিননিত স্তম্ভিত হ’লোঁ
জীৱশ্ৰেষ্ঠ মানৱ হোৱাৰ আত্মগ্লানিত দগ্ধ হ’লোঁ৷
ডা: দেবেন চাপকোটা নেপালী ভাষাৰ এগৰাকী কবি, গল্পকাৰ আৰু অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক। অসমীয়া ভাষাতো তেওঁ কাব্য-চৰ্চা কৰে। নেপালী ভাষাত তেওঁৰ পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন প্ৰকাশ পাইছে।