চেনীৰাম গগৈ
”মই এই কাৰণেই কবিতা লিখোঁ যে মই কিবা অলপ ক’ব বিচাৰোঁ আৰু মানুহক মই মোৰ ভিতৰত গঢ়ি উঠা সুখ-দুখ, আনন্দ-বিষাদৰ জগতখনৰ অংশীদাৰ কৰিব খোজোঁ।
“আপুনি কবিতা কিয় লিখে?” বুলি সুধিলে কবিৰ হাতত সম্ভৱতঃ উত্তৰ বিশেষ নাথাকে। মাতৃভাষাৰ সাহিত্য-চৰ্চাত অংশ গ্ৰহণ কৰি কিঞ্চিৎ সেৱা আগবঢ়োৱা, নিজৰ অভিজ্ঞতা-উপলব্ধিক আনৰ সৈতে ভগাই লোৱা, সমাজখনৰ দ্বন্দ্ব আৰু সমস্যাবোৰৰ মাজলৈ গৈ মানুহৰ কুশল চিন্তাৰ অংশীদাৰ হোৱা আদি দায়িত্বই লেখক এজনৰো দায়িত্ব বুলি ভাবোঁ। লেখকজনে গদ্য অথবা পদ্যৰ সহায়েৰে তেওঁৰ মননশীলতাক পাঠকৰ মাজলৈ লৈ যায়। পাঠকেই সাহিত্যৰ শেষৰজন সমালোচক।
মই সৰু হৈ থাকোঁতে খেতিয়ক দেউতাই ৰাতি শোৱাৰ সময়ত ধ্ৰুৱচৰিত, প্ৰহ্লাদচৰিত, গুণমালা আদি সৰু সৰু পুথিবোৰ সুৰ লগাই পঢ়ি বুজাই দিছিল আৰু সেইবোৰে মোৰ কুমলীয়া মনত বৰকৈ ৰেখাপাত কৰিছিল। ময়ো মনে মনে কিছুমান পদ্য লিখাৰ অভ্যাস কৰিছিলোঁ যদিও কলেজত নাম লগোৱাৰ পাছত যেতিয়া গম পালোঁ যে আজিকালি তেনেকুৱা পদ্য প্ৰায় নচলে, গতিকে মই লৰালৰিকৈ সেইবোৰ ফালি-ছিৰি পেলাই দিছিলোঁ। ইয়াৰ পিছতো অৱশ্যে নতুনকৈ মুক্ত ছন্দত কবিতা বুলি সেৰেঙাকৈ কিবাকিবি লিখিয়েই থাকিলোঁ।
মই এই কাৰণেই কবিতা লিখোঁ যে মই কিবা অলপ ক’ব বিচাৰোঁ আৰু মানুহক মই মোৰ ভিতৰত গঢ়ি উঠা সুখ-দুখ, আনন্দ-বিষাদৰ জগতখনৰ অংশীদাৰ কৰিব খোজোঁ। মোৰ আন কোনো মহৎ উদ্দেশ্য নাই,–কেৱল সততা, মানৱতা, প্ৰেম আৰু সমতাৰে সমৃদ্ধ ন্যায়পৰায়ণ সমাজ এখনৰ প্ৰাৰ্থনাৰে এনেকৈ দুশাৰীমান লিখাৰ ধৃষ্ঠতা কৰোঁ। পোন কথাত ক’বলৈ হ’লে কবিতাই দেখদেখকৈ সমাজখন সলনি কৰিব নোৱাৰে, কিন্তু ই মানৱজাতিৰ জীৱনৰ মূলত প্ৰোথিত হৈ চিৰদিনে সকলোকে আন্দোলিত কৰি আহিছে। পৃথিৱীৰ প্ৰতিজন মানুহেই কবি আৰু তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাশীল হৈয়েই মই দুটামান কবিতা লিখিছিলোঁ। কবিতাই মোক সুখী কৰে যদিহে ই পাঠকৰ চেতনাক জোঁকাৰি তেওঁলোকৰ মননত ৰৈ যায়। মানুহে দুখ আৰু বিষাদৰ মুহূৰ্তত স্মৰণ কৰা এশাৰী বা দুশাৰীয়েই মোৰ কবিতা।
মোক মানুহে কবি কওক বুলি ভাবি মই কাহানিও কবিতা লিখা নাই। কবিতা মোৰ জীৱনজোৰা সাধনাৰ বস্তুও নহয়, জীৱনে আনি দিয়া কঠোৰতম অভিজ্ঞতাই কেতিয়াবা মোক কেইশাৰীমান লিখিবলৈ টানি লৈ যায়। মোৰ কবিতাৰ সংখ্যাও বৰ তাকৰ।
চেনীৰাম গগৈ এগৰাকী জ্যেষ্ঠ কবি। ডিব্ৰুগড় নিবাসী কবিৰ প্ৰকাশিত কাব্য-সংকলন দুখন।