উদয় কুমাৰ বৰুৱা
আমি চাহগছ,
যদিও পথালিয়ে বাঢ়োঁ পাখিলগা আশাবোৰ কলম কৰা বাবে
ভৰিত আমাৰ সাতামপুৰুষীয়া
দাসত্বৰ শিকলি
ঢেলা চকুত পোতাশালৰ দস্তাবেজ
ধমনীৰে বৈ থাকে সেউজীয়া তেজ
আমিয়েই অভিকেন্দ্ৰ এখন ছলনাৰ পৃথিৱীৰ
শুনিবা জানো উদয়াস্ত আমাৰ সেৱাতে নিমগ্ন হৈ প্ৰতাৰণাকে সহি থকা সকলৰ বিষাদ গাথা
যাৰ তেজ-ঘাম-শ্ৰমক ইন্ধন কৰি
এচাম স্বাৰ্থান্বেষীয়ে চলায়
স্বপ্নৰ ৰেলগাড়ী
আমাৰ হৰিৎ চেতনাত গজাল মাৰি থ’লেও, মষিমুৰ কৰিলেও
দুপতীয়া প্ৰেমৰ পোখা,
আমি সকলো জানো, সকলো বুজোণ
কাৰ কপালৰ ঘামেৰে কাৰ চোতালত
ফুলে ইন্দ্ৰমালতী ফুল
কৰম পূজাৰ ৰাতি হালধীয়া মৌনতাৰ
খোৰোঙৰ পৰা ওলাই শিলৰ ঈশ্বৰক
সোধো : ক'ত আছে আমাৰ
মুক্তিৰ বাট
আছে নেকি আমাৰ ছাল আৰু মঙহৰ অজস্ৰ বলিৰেখাত
আকাশ চোৱা সপোনৰ হেৰোৱা আঁত
Click for an English translation of the poem.