অনুবাদ: হিতেন শৰ্মা
অনুবাদকৰ টোকা: আমাৰ সমকালৰ এগৰাকী আটাইতকৈ দৰদী আৰু বোধগম্য ইংৰাজ কবি কেৰল এন ডাফি (জ. ১৯৫৫-)। তেওঁৰ কবিতাৰ বিষয়বস্তু বিচিত্ৰ আৰু বহু ক্ষেত্ৰত বৈপ্লৱিক। ১৯৮৫ চনত প্ৰকাশিত Standing Female Nude তেওঁৰ প্ৰথমখন কবিতা-সংকলন। পৰৱৰ্তী সংকলনবোৰ হৈছে Selling Manhattan; The Other Country; Mean Time; The World’s Wife; Feminine Gospels ইত্যাদি। তেওঁৰ কবিতাৰ শাহটো হৈছে গভীৰ মানৱীয় বোধ আৰু আংগিকৰ মাত্ৰা নিৰূপিত হৈছে বিস্ময়কৰ নতুনত্বৰ অবিৰত প্ৰয়োগেৰে। তেওঁ ইংলেণ্ডৰ পূৰ্বৱৰ্তী প’য়েট ল’ৰিয়েট । কেৰল এন ডাফি মানচেষ্টাৰ চহৰৰ নিগাজি বাসিন্দা আৰু মানচেষ্টাৰ মেট্ৰোপলিটান ইউিনভাৰ্ছিটীৰ অধ্যাপক আৰু একেখন বিশ্ববিদ্যালয়ৰ অধীনস্থ Writing School-ৰ Creative Director।
শ্ৰীমতী ৰিপ ভান উইংকল
মই এটা পাথৰৰ নিচিনাকৈ ডুব গৈছিলোঁ
মাজ বয়সৰ শেহ ভাগৰ গহীন, গভীৰ পানীত
মূৰৰ পৰা ভৰিলৈকে বিষসোপা লৈ
মই বেছিকৈ খাবলৈ লৈ
ব্যায়াম কৰিবলৈ এৰি দিছিলোঁ।
ইয়াৰ কাৰণে মোৰ মংগল হৈছিল।
তেওঁ যেতিয়া শুই আছিল
মই মোৰ মন পছন্দৰ কাম কেইটামান বাছি লৈছিলোঁ।
ৰঙীন ছবি অঁকা। অতীতত কল্পনা কৰি থকা দৃশ্যবোৰ দেখি :
হেলনীয়া গম্বুজ।
পিৰামিডবোৰ। তাজমহল।
মই এইবোৰ পানীৰঙেৰে বোলাইছিলোঁ।
কিন্তু যিটো আটাইতকৈ বেছি ভাল কাম আছিল
যিটোৱে আন সকলো বিলাকক নিশ্চিতভাবে চেৰ পেলাইছিল
সেইটো আছিল কোনো পধ্যে মানি ল'ব নোৱৰা বিদায় সম্ভাষণ যৌনতাৰ প্ৰতি।
সেই দিনটোলৈকে
নায়েগাৰাৰ পেষ্টেলখন লৈ মই ঘৰলৈ অহা নাছিলোঁ
আৰু তেৱোঁ ভয়েগ্ৰাৰ উত্তেজনাৰে অতীষ্ঠ হৈ বিছনাখনত বহাহি নাছিল।
মূল কবিতা: 'Mrs. Rip Van Winkle'
The World's Wife নামৰ সংকলনখনিৰ পৰা
ঘৰৰপৰা আঁতৰত
ক’ৰবাত কোনোবাই সদায়েই মেলি ৰাখিব
পৰ্দা এখন, আপুনি যেতিয়া নিৰিবিলি আন্ধাৰুৱা পথটোৰে গৈ থাকে,
অনিশ্চিতভাবে, আপোনাৰ ভাৰাঘৰটোলৈ।
আপুনি আপোনাৰ ব্ৰিফকেছটো থ’ব আৰু এক বুজিব নোৱৰা ক্ষুধা
মূৰৰ বিষৰ দৰে তীব্ৰ হৈ উঠিব। মাইকী মানুহ এজনীয়ে লৈ আনিব
কোঠাটোলৈ ভাপ ওলাই থকা গোতোং বাটি এটা— কোঠাটো এখন বেশ্যালয়ৰ—
কাকো একো নোকোৱাকৈ নম্ৰ আৰু হামিয়াই থকা মানুহজনে
তেওঁৰ পিছে পিছে সোমাই আহি তেওঁৰ দুহাতৰ তলুৱাত চুমা খায়।
বহু মাইল আঁতৰলৈ আপুনি গৈয়ে আছে ঘন সেউজীয়া পাতৰ জোপোহাবোৰত আঙুলি বোলাই।
ট্ৰেইনখনে গোটেই প্ৰান্তৰখনৰ ৰহস্য ফালি পাৰ হৈছে পথাৰবোৰ
চুটি-চাপৰ গছবোৰ এৰি থৈ। নগৰ এখনৰ উপকণ্ঠৰ প্ৰথম ঘৰবোৰে
আপোনাক বিলাই দিছে উজ্জ্বল তাচপাতবোৰ। হৰ্তনৰ মেমজনী। এখন ৰান্ধনি-শাল।
নগৰৰ দাঁতিয়লীয়া ৰজা এজনে গণি আছে তেওঁৰ টকাবোৰ। গোলামবোৰ।
এটাৰ পাছত এটাকৈ লানি লগা জুপুৰিবোৰৰ শেহত ক্ষত-বিক্ষত ঔদ্যোগিক আকাশখন
ক'লা হৈ আহিছে, পৰিপূৰ্ণ হৈছে ৰন্ধনৰ গোন্ধেৰে, আৰু বৰষুণ দিছে।
বিশ্বাসঘাতক খলা-বমাবোৰে ৰেলৱে’ৰ হোটেলখনলৈ লৈ গৈছে। কোনো ‘বাৰ'
‘গধূলি সাত বজালৈ নোখোলে।' প্ৰথমটো পেগতে মায়াৱী সংগীতৰ বাকচটো
নিজে নিজে বাজি আপোনাক সোঁৱৰাই আছে, সোঁৱৰাই আছে।
অনামী ৰাতি। কিবা এটা অঘটন। বিছনাৰ দাঁতিৰ লাইটটো
নোহোৱা হৈছে। বতাহকণো বেলেগ। ভাঙো-ভাঙো হ'ব ধৰা দেৱালখনৰ বিপৰীত ফালৰ
দুৱাৰ এখন অকণ অকণকৈ খোল খাব ধৰিছে।
আপুনি সাৰি-শব্দ নকৰাকৈ মূকাভিনয়ৰ ভংগিৰে ‘চুইছ' এটাৰ ওচৰলৈ গৈছে,
‘ছাৱাৰ', এটা খালি ফ্লাক্স আৰু এটা আধা খোৱা মদৰ গিলাচ থকা
অকলশৰীয়া কোঠা এটাৰ পিনে আপুনি মোৰ লৈছে।
প্ৰস্ৰাৱগাৰত পতিত হোৱা বিধ্বস্ত ফোনৰ ‘বুথ'বিলাকে আপোনাক
ৰাস্তাৰপৰা পিছফালৰ গলিলৈ লৈ যাব আৰু তাৰপৰা
ভাঙি চূড়মাৰ কৰা অবৈধ অট্টালিকাবোৰৰ ধ্বংসস্তূপৰ কাষৰীয়া একেবাৰে শেহৰ এই গলিটোলৈ।
অভাৱনীয় ধৰণে এইটো কামত আহিব। বিলাস কৰি
আপুনি এটা চিগাৰেট জ্বলাইছে। এতিয়াও সময় আছে।
প্ৰায় ইন্দ্ৰিয়াসক্ত হৈ আঙুলিৰে আপুনি নম্বৰবোৰ টিপিছে।
কালিলৈ আপুনি উভতিব। ফ্লাইঅ'ভাৰৰ তলত
মটৰগাড়ীৰ উজ্জ্বল ৰাস্তাবোৰ এটা আন এটাত মিলি গৈ
ৰাতিটোক জাক-জমক কৰি তুলিছে। টেলিফোনটো আপোনাৰ ঘৰত বাজিব লাগিছে।
মূল কবিতা: ‘Away From Home’
The Other Country নামৰ সংকলন খনিৰ পৰা
শব্দবোৰ, বিশাল ৰাতি
কোনোবাখিনিত, এই বিশাল ৰাতিটোৰ আনটো পাৰত
আৰু আমাৰ দুয়োৰে মাজৰ দূৰত্বত, মই তোমাৰ কথা ভাবি আছোঁ।
কোঠাটো লাহে লাহে জোনটোৰপৰা আঁতৰি গৈ আছে।
এয়া সুখদায়ক। নতুবা ইয়াৰ সলনি মই ক'ম নেকি
এয়া দুখদায়ক? কালৰ কোনো এটা ক্ৰমত মই গাইছোঁ
তুমি শুনিব নোৱৰা কামনাৰ এক অসম্ভৱ গান।
লা লালা লা। বুজিছা? মই চকু মুদি কল্পনা কৰিছোঁ
মই পাৰ হৈ যাবলগীয়া আন্ধাৰছটীয়া পাহাৰবোৰৰ
তোমাক পাবলৈ। কাৰণ মই তোমাৰ প্ৰেমত পৰিছোঁ আৰু এয়াই হৈছে
ঠিক যেনেকুৱাটো হ'ব লাগে অথবা শব্দৰে প্ৰকাশ কৰিলে ঠিক যেনেকুৱাটো হয়।
মূল কবিতা: ‘Words, Wide Night'
The Other Country নামৰ সংকলনখনিৰ পৰা।
চাৰ্চি
জল-পৰীসকল আৰু অৰণ্যৰ দেৱীসকল, আন কিছুমানৰ নহ'লেও, মোৰ হ'লে গাহৰি, প্ৰিয়।
দঁতাল, ওলমি থকা নাকেৰে বন্য মতা গাহৰি আৰু মাইকী গাহৰি মোৰ প্ৰিয়।
যেনেকৈয়ে নহওক কিয়, সকলো বিধৰ গাহৰি মোৰেই—
মোৰ বুঢ়া আঙুলিৰ পাবত, সিহঁতৰ পিঠিৰ থিয় নোম আৰু নিমখীয়া ছাল,
মোৰ নাকৰ আগত, সিহঁতৰ ঘৰ্মাক্ত, মঙহাল তলপেটৰ অংশ,
খাহী কৰা গাহৰি আৰু অকণি পোৱালিবোৰৰ হেঁচা-ঠেলা আৰু গোঁ-গোঁ শব্দ
আৰু চিঞৰ-বাখৰবোৰৰ সৈতে মই আত্মীয়। দানাৰ চৰিয়া এটা লৈ থিয় হৈ আছোঁ
গধূলি পৰত, গৰালৰ মামৰে খোৱা গেটখনতে,
ঘাম আৰু মছলা মিহলি বতাহৰ গোন্ধটো সুঙি, জোনটো
যেনিবা আকাশৰ মুখত আধাখিনি ওলাই থকা নেমু টেঙা এটা।
কিন্তু মই বিদেশী ৰন্ধন-প্ৰকৰণ এখনৰ আৰ্হিত আৰম্ভ কৰিব খোজোঁ
যিখনে গাল দুখনৰ সৈতে ভিতৰৰ জিভাখনৰ ৰন্ধনৰ দিহাও দিছে।
জিভাখনৰ সৈতে গাল দুখন থাল এখনৰ ওপৰত থোৱা, আৰু অলপ নিমখ আৰু লং কেইটামান
মিহলাই সানি লোৱা। জিভাৰ গুণবোৰ মনত পেলোৱা—
চেলেকা, সামৰা, ঢিলোৱা, লেলেতিওৱা,
মুখৰ কোমল মোনাখনৰ ভিতৰতে নিহিত হৈ থাকে আৰু প্ৰতিটো গাহৰিৰ মুখমণ্ডল
একক আৰু নিজাপি, যিমানে সহজ-সৰল সিমানেই ধুনীয়া
ভিৰু, সাহসী, হাস্যাস্পদ, ভদ্ৰ
চতুৰ অথবা জ্ঞানী, নিষ্ঠুৰ, মৰমীয়াল, কিন্তু, পৰী,
এই আটাইবোৰে জড়িত সেই সৰল চকুযুৰিৰ সৈতে। ৰাজদণ্ডেৰে সৈতে কৰ্তৃত্বশীল।
ভালকৈ ধুই-পখালি গাহৰিৰ কাণ দুখন উতলা পানীত ক্ষন্তেক জুবুৰিয়াই ওপৰে ওপৰে পুৰি লোৱা,
বাচন এখনত জোঁকাৰি লোৱা, সিজোৱা, ওপৰ ভাগ মোহাৰি চাফা কৰা, থালত
সজাই দিয়া সুগন্ধী বন-পাতৰ সৈতে। সিদ্ধ হোৱাৰ আগত সেই কাণৰ লতিখনলৈ চোৱা,
শুনিছেনে কেতিয়াবা তোমাক, তোমাৰ প্ৰাৰ্থনাবোৰক, গীতবোৰক,
তোমাৰ কথাৰ ছন্দক, গীতিময় আৰু স্পষ্ট? সানি লোৱা,
জল-পৰী, আলুবোৰক আৰু বিয়েৰৰ বটল খুলি লোৱা। এতিয়া আহোঁ মগজুটোলৈ,
ঠেংকিখনলৈ, কান্ধ দুখনলৈ, মঙহৰ ডোখৰবোৰলৈ, মিঠা-মিঠা অকণি-অকণি টুকুৰাবোৰলৈ
ঠেঙৰ ফুলি থকা মাংসপেশীৰপৰা এৰ খাই যোৱা।
যেতিয়া গাহৰিৰ কলিজাটো সিজি টান হয়, সৰু সৰু টুকুৰা কৰি ল'বা।
সৰু সৰুকৈ টুকুৰা কৰা। ময়ো এবাৰ এই উজ্জ্বল সাগৰতীৰত আঠু কাঢ়িছিলোঁ
পৌৰাণিক সাধুত থকাৰ নিচিনা উত্তপ্ত ৰ'দালি পাৰ হৈ অহা ওখ ওখ জাহাজবোৰ চাই চাই;
সাগৰৰ এবুকু পানীৰ মাজেৰে খোজ কাঢ়িবলৈ মই মোৰ সাজটো খুলিছোঁ,
উল্লাসেৰে পাৰত থকা সকলক হাত বাউলি মাতিছোঁ;
তাৰ পিছত ডুব মাৰিছোঁ, তাৰ পিছত চিত হৈ সাঁতুৰি ওপৰলৈ চাই দেখিছোঁ
অনুচ্চ ঢউবোৰ পাৰ হৈ তিনিখন ক'লা ৰঙৰ জাহাজ মন্থৰ গতিৰে হামিয়াই আহি থকা।
অৱশ্যে তেতিয়া মই গাভৰু আছিলোঁ। মানুহৰ ওপৰত আস্থা আছিল। এতিয়া,
আকৌ এবাৰ চৰ্বিৰে ভৰা গাহৰিটোৰ মাংস কোমলাই জুইৰ ওপৰত থকা লোৰ শলাডালত ওলোমাই সেকোঁগৈ ব'লা।
মূল কবিতা: 'Circe'
The World's Wife নামৰ সংকলনখনিৰ পৰা।
টোকা: চাৰ্চি আছিল গ্ৰীক ৰূপকথাৰ এগৰাকী মোহময়ী যাদুকৰী নাৰী। তাই মানুহবিলাকক তাইৰ ৰূপৰ দ্বাৰা বশীভূত কৰি গাহৰিত পৰিণত কৰিছিল। ভূমধ্য সাগৰৰ দ্বীপ এটাত তাই বাস কৰিছিল। অ'ডিচ্যুচে যেতিয়া সেই দ্বীপটোত তেওঁৰ জাহাজৰ লংগৰ পেলাইছিল, তেওঁৰ বেছিভাগ নাৱিককে গাহৰিলৈ ৰূপান্তৰ কৰি গাহৰি-গৰাল এটাত আবদ্ধ কৰি ৰাখিছিল। কিন্তু গ্ৰীক দেৱতা হাৰ্মেচে অ'ডিচ্যুচক চাৰ্চিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিবৰ বাবে এবিধ যাদুকৰী বনৌষধি দিছিল। অ'ডিচ্যুচে চাৰ্চিক বলপূৰ্বক বাধ্য কৰাই তেওঁৰ নাৱিকসকলক পুনৰ মনুষ্য ৰূপ ওভতাই দিয়াইছিল। ইয়াৰ পিছত চাৰ্চি অ'ডিচ্যুচৰ সৈতে বন্ধুত্বৰ পাশত বন্দী হৈ এবছৰ তেওঁৰ সংগসুখ লাভ কৰিছিল। অ'ডিচ্যুচক চাৰ্চিয়ে তেওঁৰ গৃহাভিমুখী সামুদ্ৰিক যাত্ৰাপথত ঘটিব পৰা সকলো বিপদ-আপদৰ আগতীয়া জাননী আৰু সেইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়সমূহৰ বিষয়ে বিবৰি কৈছিল।
কোনে তোমাক চেনেহ কৰে
সেই ৰহস্যময় যানবোৰত তুমি ভ্ৰমণ কৰিলে মই চিন্তিত হওঁ।
প্ৰতিদিনে মানুহবোৰ মেঘৰপৰা তলত সৰি পৰে, আৰু মৰে।
উশাহ লোৱা আৰু এৰি দিয়া আৰু লোৱা আৰু এৰি দিয়া সহজ।
নিৰাপত্তা, নিৰাপদে, নিজাপী ঘৰ।
তোমাৰ ফটোখন ফ্ৰেমত বন্ধোৱা আছে, যেতিয়া পোহৰ পৰে হাঁহি দিয়ে।
নিৰন্তৰ মানুহবোৰ ৰাজহুৱা স্থানত জ্বলাই থকা হৈছে।
য'তেই শাঁত হৈ পৰা গছবোৰে শীতল ছাঁ দিছে ত'তেই জিৰণি লোৱা।
নিৰাপত্তা, নিৰাপদে, নিজাপী ঘৰ।
অনাদৃত মানুহবোৰ আৰু নিঠৰুৱা ল’ৰাবোৰ তালৈ ওলাই গৈ ক্ৰুদ্ধ হৈছে।
ৰাতিপৰীয়া মানুহবোৰে বাট চমুৱাই জীৱন পাত কৰিছে।
পোহৰত বাট বুলি মোৰ পিনে সাৱধানে বেগাই আহা।
নিৰাপত্তা, নিৰাপদে, নিজাপী ঘৰ।
কোনে তোমাক চেনেহ কৰে?
নিৰাপত্তা, নিৰাপদে, নিজাপী ঘৰ।
মূল কবিতা: ‘Who Loves You’
The Other Country (১৯৯০) নামৰ সংকলনখনিৰ পৰা।
গৰিলা
কেলেণ্ডাৰখনত এটা বয়ঃপ্ৰাপ্ত মতা গৰিলা।
তাৰ পিছ ফালৰ জংগলখন চকুৰপৰা আঁতৰ হৈছে,
একাষৰীয়া অংশ এটাতহে গছবোৰে সূৰ্যৰ ৰশ্মি কুলি কৰি আছে।
দিনবোৰ গণি শেষ কৰাৰ পিছত, তুমি পৃষ্ঠাটো
ফালি পেলাই দিছা। তাৰ চকুত তোমাৰ অভিসন্ধিটো সি ধৰি ৰাখিছে
আৰু তুমি হাতৰ মুঠিৰে হাবিখন মষিমূৰ কৰি গৈ আছা।
মূল কবিতা: 'Ape'
The Other Country (১৯৯০) নামৰ সংকলনখনিৰ পৰা।
টোকা: বয়ঃপ্ৰাপ্ত গৰিলাৰ পিঠিখনৰ পিছডোখৰৰ নোমবোৰ ‘শেঁতা শুকুলা' বৰণৰ হয় বাবে ইয়াক 'silver back'— ‘ৰূপালী পিঠীয়া' নামেৰেও জনা যায়।