ড০ সিদ্ধাৰ্থ গোস্বামী
অলপতে পঢ়িলোঁ কবিতাৰ ভিৰৰ মাজত লুকাই থকা, ‘ভিৰৰ বুকত স্বাধীন’ (কবিৰ ‘ভিৰৰ মাজত’ কবিতাৰ খেও ধৰি) হৈ থকা এজন কবি উদয় কুমাৰ বৰুৱাৰ কবিতাৰ সংকলন ক’ৰবাত জীৱনৰ আয়োজন। কবিতা এটা আমাৰ ভাল লাগে তেতিয়া যেতিয়া কবিতাটোৱে আমাক কেতবোৰ নতুন অভিজ্ঞতাৰ মুখামুখি কৰায় বা আমাৰ চেতনাক বিস্তৃতি দিয়ে বা আমাৰ চিন্তা-অনুভূতি-স্মৃতি অথবা অভিজ্ঞতাৰ প্ৰতি সাহচৰ্য দেখুৱায়। কিন্তু সিও হ’ব লাগিব কবিতাৰ নিজা আনন্দদায়ক ভাষা ব্যৱস্থাৰ মাজেদি। কবিতাৰ সামাজিক প্ৰকাৰ্যৰ কথা ক’বলৈ যাওঁতে টি. এছ. এলিয়টে কোৱা এষাৰ কথা মনলৈ আহিছে—The first, I think, that we can be sure about is that poetry has to give pleasure. If you ask what kind of pleasure then I can only answer, the kind of pleasure that poetry gives. (On Poetry and Poets, p.18) বৰুৱাৰ কবিতা এই গুণেৰে সমৃদ্ধ। দেখাত সৰল যেন লাগিলেও কবিতাবোৰত চিত্ৰিত হৈছে জীৱনৰ জটিল অৱস্থিতি। পুথিৰ শিৰোনামলৈকে চাব পাৰি—‘ক’ৰবাত জীৱনৰ আয়োজন’। এই তিনিটি শব্দৰ সংযুতি একেবাৰে সৰল যদিও এই সংযুতিয়ে তুলি ধৰা প্ৰশ্নবোৰ জটিল আৰু অমীমাংসীয়– ক’ৰবাত মানে ক’ত? কোনে আয়োজন কৰিছে? কিদৰে আয়োজন কৰিছে? এই আয়োজন মৃত্যুৰ ইপাৰে নে সিপাৰে? তাৰ আগৰ পৰ্যায়টো জীৱনৰ বাহিৰত নেকি ইত্যাদি। এইবোৰ কবি এজনে এৰাই চলিব নোৱৰা প্ৰশ্ন। কবিতাটোৰ দুটামান শাৰী এনেধৰণৰ–‘‘ধোঁৱা কুকুহাত নিজাৰ পৰিল/ৰ’দ জিলমিল সোণাৰু পাহাৰটো/আকাশে মেলি দিছে শীৰ্ণ আঙুলিবোৰ/ক’তো নাই কাজল মেঘৰ এশাৰীও স্তৱক/ এই চহৰৰ অজস্ৰ ঘটনা-প্ৰৱাহ/মোৰ তেজত স্তব্ধ হোৱাৰ পাছতো/ নিৰুদ্বেগ মোৰ চিত্ত।” ইয়াত দুটা বিশেষ পৰ্যায় চকুত পৰিব—এটা সময়ৰ বন্ধনীৰ পৰা মুক্ত আৰু আনটো অতীত। জীৱনৰ যি আয়োজন চলিছে তাত ইতিমধ্যে ঘটি যোৱা অজস্ৰ ঘটনা-প্ৰৱাহৰ স্থান নাই। আয়োজিত জীৱন প্ৰাত্যহিক তুচ্ছতাৰ ঊৰ্ধ্বৰ কবি-কল্পিত এক জীৱন। কথাটো এনেদৰেও ভাবিব পাৰি—প্ৰাত্যহিক তুচ্ছ যেন লগা অভিজ্ঞতায়েই জীৱনৰ কোনো এক স্তৰত বিশাল ৰূপ ধাৰণ কৰে আৰু বিষয়ীক জাগতিক স্থিতিৰ প্ৰতি বিশেষভাৱে সচেতন কৰি তোলে। ইয়াত আয়োজিত জীৱন মহাজীৱনাভিমুখী।
লগতে পঢ়ক: কবিতাত জীৱনৰ উদযাপন
এক অস্তিত্বজনিত সমস্যা বা হাহাকাৰ (crisis) সকলোৰে মনতে থাকিব পাৰে কম-বেছি পৰিমাণে। ভুৱা বা খণ্ডিত প্ৰাত্যহিক জীৱনকেই সৰ্বশেষ সত্য ৰূপত স্বীকাৰ কৰি লোৱাজনক এই সমস্যাই জুৰুলা নকৰে। এফালে সমাজনিৰ্মিত সত্য আৰু প্ৰাকৃতিক সত্যৰ তুমুল দ্বন্দ্বৰ মাজত মানুহে কালাতিপাত কৰিব লগা হয়। এই দ্বন্দ্বই ব্যক্তিমনত সৃষ্টি কৰা আততিয়ে এফালে যদি কবি, কলাকাৰ সৃষ্টি কৰে, আনফালে ৰসজ্ঞ পাঠক, দৰ্শক সৃষ্টি কৰে। লেখক-পাঠকৰ এনে অবিৰাম সম্পৰ্কই বিশুদ্ধ সাহিত্য পৰম্পৰাকো গতিশীল কৰি থাকে। সাৰ্থকভাৱেই উদয় বৰুৱাৰ কবিতা এই গতিশীলতাৰ অংশীদাৰ হৈছে। সংকলনটোৰ এটা কবিতা ‘আইনা’। বক্তাই কৈছে–‘‘শুভবাৰ্তাই কঢ়িয়াই অনা/অভিব্যক্তি এটা চাই পাতলাবলৈ/ দুখৰ ভাৰ/ নতুবা মচি পেলাবলৈ দুঃসময় ক্লান্ত/ আইনা এখন নিতান্তই প্ৰয়োজন/ তেজোময় ভাবনা এটাৰে নিজক/ লগ পোৱাৰ গোপন বাসনা এটা/ মোৰো আছে, থাকক।” ইন্দ্ৰিয় জীৱনৰ অপ্ৰাপ্তিকে সমল ৰূপত লৈ ক’ৰবাত চলিছে জীৱনৰ আয়োজন। এই জীৱন ৰূপ-বৰ্ণ-বাকৰ জীৱন–‘‘(ক্ৰমশঃ) ক্ষীয়মান আৱেগৰ/ মেঘ গলি গলি আইনা এতিয়া মোৰ/ ৰূপ-বৰ্ণ-বাকৰ এখন পানীৰঙী আকাশ…।” সংকলনটোৰ ভালেকেইটা কবিতাত এখন ইন্দ্ৰিয়াতীত বিকল্প জগতৰ সন্ধান পাঠকে উপলব্ধি কৰিব। কবিতাৰ প্ৰসংগ তেওঁ কেইবাটাও কবিতাত আনিছে। এইখিনিতে জেচল’ মিলছ আৰু চাৰ্লছ বুকুৱস্কিৰ কবিতাৰ কথা ক’ব লাগিব। তেওঁ নোবেল বঁটাপ্ৰাপক লিথুৱেনিয়ান কবি জেচল’ মিলছ আৰু জাৰ্মানমূলীয় আমেৰিকান কবি বুকুৱস্কিৰ কেইটামান কবিতাৰ অনুবাদ সংকলনটোত অন্তৰ্ভুক্ত কৰিছে। কিন্তু কিয়? তেওঁ উল্লেখ কৰি নিদিয়া হ’লে কিজানি সেইকেইটা আগৰবোৰৰ দৰেই একেই ট’ন(Tone)ৰ মৌলিক কবিতা যেনেই লাগিলহেঁতেন—ইয়াৰ মাজতেই ‘কিয়’টোৰ উত্তৰো আছে। মিলছৰ বহু কবিতাৰ বিষয় কবিতা। কবিতাক ওপৰঞ্চি কাম হিচাপে নলৈ ইয়াৰ অনিবাৰ্য ৰূপকহে তেওঁ স্বীকাৰ কৰিছে। ‘Incantation’ কবিতাত তেওঁ দেখুৱাইছে যে কবিতা কলাৰ শ্ৰেষ্ঠ ৰূপ। ভাল কবিতা লিখাৰ আকাংক্ষা আৰু কবিক অভিজ্ঞতাৰ সীমাৱদ্ধতাই পিছুৱাই ৰখা পৰিঘটনা বহু কবিতাৰ মূল দ্বন্দ্ব হৈছে। বুকুৱস্কিৰ কবিতাতো এই দ্বন্দ্ব বিদ্যমান। বৰুৱাই অনুবাদ কৰা ‘পাঠকৰ প্ৰতি’ কবিতাটো মন কৰিলেই বুজিব পাৰি। ইয়াত সিদ্ধান্ত ৰূপত কবিয়ে শেষলৈ পোনপটীয়াকৈ কৈছে–‘‘…মোৰ মতে জীৱনটো উপভোগ কৰা/ আৰু তাৰ লিখিত প্ৰকাশ দুয়োটা অবিচ্ছেদ্য।” উদয় বৰুৱাই ‘তাৰপিছত কি হ’ল’ শীৰ্ষক আমোদজনকভাৱে লিখা কবিতাটোত কৈছে–‘‘তাৰপিছত কি হ’ল/আৱেগৰ আঙুলিত গজা ৰাতিৰ কবিতাৰ চকু নুফুটোতেই/নিয়ৰৰ নিয়তি হ’ল/কবিতাৰ সভা উকা হৈয়ে ৰ’ল/ৰূপালী এটা আকুতিৰ দূৰত্বত/কলম কামুৰি বহি থাকিল নষ্ট কবি…”। অনুপ্ৰাসৰ প্ৰয়োগে কবিতাটোৰ পঠনক আনন্দদায়ক কৰিছে। প্ৰসংগক্ৰমে কৈ যাওঁ সংকলনটোৰ বহু ঠাইত এই বিশেষত্ব ধৰা পৰিছে। ‘তুমি মানুহ–পৃথিৱীৰ অনন্য কবিতা তুমি’ শীৰ্ষক কবিতাত বক্তাই কৈছে–‘‘তুমি জানা জীৱনৰ কাষে কাষে ঘূৰি থকা মৰণে/সুবিধা পালেই দুৱাৰত টোকৰ মাৰে/আৰু তুমি সাৰ পাই উঠা/জীৱনৰ অন্তিম লালসাৰ এটি লহমাত/তুমি ইয়াকো জানা তুমি কালৰ সন্তান/কালেই তোমাক কবি কৰি তুলিছে/মানুহ হোৱাৰ সুবাদতে।” কবিতাটোৰ আৰম্ভণিতে কোৱা কথা এষাৰ মন কৰিবলগীয়া—“পহিলা চৰ্ততে তুমি মানুহ, পাছতহে কবি বা সমান্তৰাল অন্য পৰিচয়।” অৰ্থাৎ কবি পিছত, কবিতা আগত। আনহাতে কবিতা আৰু মানুহ একাত্ম। কোনো কোনোৱে এই কবিতাকে অনুকৰণ কৰি কবি হয়। কবি আৰু কবিতাৰ এনে পাৰ্থক্য নিৰ্ণায়ক পংক্তি মাজে মাজে সংকলনটোত পোৱা যায়। যেনে, ‘অনুগত সময়ত’ কৈছে–‘‘হয়তো নিস্তৰংগ বুকু তোলপাৰ কৰি/এনেকৈয়ে ঘটে নতুন ছন্দৰ আবিৰ্ভাৱ/ তিনিকুৰি গৰকা কবিয়েও লিখে/দুশাৰী প্ৰেমৰ কবিতা।”
আধুনিক প্ৰযুক্তিয়ে অনা দ্ৰুত পৰিৱৰ্তনক তেওঁ সংশয়বাদী দৃষ্টিৰে চাইছে। যান্ত্ৰিক সভ্যতাই মানৱীয় সম্পৰ্কবোৰলৈ, প্ৰাকৃতিকতালৈ বিৰূপ প্ৰভাৱ পেলোৱাৰ শংকা মাজে মাজে প্ৰকট হয়। এই ধৰক ‘কিনো দেশ কিনো কাল’ কবিতাত কৈছে–‘‘কোনেনো ক’ব আইতাক ভাৰ্চুৱেল পৃথিৱীৰ/চাকনৈয়াত পৰি আমাৰ নাতিৰ ডিঙিত/ আমিয়েযে আঁৰি দিছোঁ বিনচ নোহোৱা/সপোনৰ আত্মকেন্দ্ৰিক বিজ্ঞাপন/ সম্প্ৰতি আইতাৰ আত্মাই নজনাই ভাল, এতিয়া কিনো দেশ কিনো কাল/ বৰনৈ বাকৰিত অতিক্ৰান্ত বেলিয়ে/ তৰেনে নতৰে হেঙুলীয়া পাল…।” (মন কৰিবলগীয়া যে অনুপ্ৰাসৰ সুন্দৰ প্ৰয়োগৰ বাবেও শাৰীকেইটা স্মৰণীয় হৈছে।) কিন্তু পৰিৱৰ্তনক গ্ৰহণ কৰিব নালাগে ধৰণৰ গোড়ামী তেওঁৰ কবিতাত প্ৰকাশ হোৱা নাই। গতানুগতিকতাক গ্ৰহণ কৰি ল’ব পৰাত ট্ৰেজেডী নাই, তেতিয়া কবিতাৰো প্ৰয়োজন নাই। বিষয়ীৰ অন্তৰত যিবোৰ স্মৃতি সজীৱ হৈ আছে, যিবোৰ মূল্যবোধ, ভাবাদৰ্শ সজীৱ হৈ আছে, সামাজিক স্তৰত হয়তো সিবোৰৰ সক্ৰিয়তা বা প্ৰাসংগিকতা কমি আহিছে। অন্তৰ্জগত আৰু বহিৰ্জগতৰ এক দ্বৈত অৱস্থাত বা একধৰণৰ ‘ডিলেমা'(dilemma)ত বিষয়ীৰ অৱস্থা কৰুণ হৈছে। ক’ৰবাত যদি বিগত প্ৰাত্যহিক জীৱনৰ ঊৰ্ধ্বলৈ গৈ বৰ্তমানত জীৱনৰ আয়োজন কৰিছে, মহাজীৱনাভিমুখী হ’ব বিচাৰিছে, ক’ৰবাত এনে লাগিছে যে জীৱন বুলিবলৈ বৰ্তমানত একো নাই, ই কেতিয়াবাই স্থবিৰ হৈছে আৰু জীৱন যদি আছে সি স্মৃতিৰ মাজতহে আছে। তেনেহ’লে বহিৰ্জীৱন হৈ পৰিছে কৃত্ৰিম। তেনে সময়ত এই জীৱনৰ প্ৰতি অনীহা প্ৰকাশ পাইছে স্বাভাৱিকভাৱে আৰু কবিতাৰ জগতখনতেই কিছু সত্যৰ সন্ধান সম্ভৱ হৈছে। এনে অৱস্থাত ভিৰৰ মাজতো অকলশৰীয়া হয় বিষয়ী। সংকলনটোৰ ‘ভিৰৰ মাজত’ কবিতাত কৈছে–‘‘যদিও ভিৰ নিজে নিৰ্বিকাৰ/ভিৰৰ বুকুত সকলো স্বাধীন/ সেয়ে চাগে ভিৰৰ মাজৰ/ নিঃসংগতাখিনিৰ লগতো/ ক’ব নোৱৰাকৈয়ে নিবিড় হৈ উঠে/ জীৱনৰ আত্মীয়তা/ ক্ষণিক তৃপ্তিক বাবে।” বুকুৱস্কিয়েও কৈছে–‘‘Real loneliness is not necessarily limited to when you are alone.” বৰুৱাৰ কবিতাফাকি মন কৰিলে দেখা যাব যে ইয়াত একধৰণৰ জীৱনৰ উদযাপনো আছে। বুকুৱস্কিয়ে আৰু এষাৰ কথা কৈছে নিঃসংগতা সম্পৰ্কত—“being alone never felt right. sometimes it felt good, but it never felt right.” একে প্ৰসংগতে আৰু দুই-চাৰিটা কবিতাৰ উদাহৰণ দিব পাৰি। ‘বসন্ত’ কবিতাত ব্যৱহাৰ কৰা ‘দেওলগা’ শব্দটো মন কৰিবলগীয়া—“অলপ আগতে বৰষুণ দিছিল/এতিয়া ৰ’দে জিলমিলাইছে/ নাৰিকল পাতৰ ছায়াৰে সৰকি অহা পোহৰ/ তোমাৰ গালে-মুখে পৰিছে/ এই দেওলগা দিনতো শাশ্বত মেঘে/ ঘোষণা কৰিছে জীৱন ধুনীয়া বুলি”। দিন দেওলগা হ’লেও বসন্তৰ প্ৰকৃতি সলনি হোৱা নাই। হয়তো বাহ্যিকভাৱে বসন্তৰ স্থিতি বাস্তৱায়িত হ’লেও এই বসন্ত উদযাপন সম্ভৱ হৈছে স্বপ্নজগতত। স্বপ্ন-বাস্তৱৰ মাজত প্ৰায়েই এনে সংযোগ সেতু কবিতাবোৰত দেখা যায়, কবিতাটোৰ শেষলৈ কোৱা হ’ল–‘‘বতাহে কৈছে–আজি ৰাতি সপোনে/ পান কৰিব তোমাৰ ঢেঁকীয়া আঙুলিৰ সমস্ত বিষাদ।” আন এটা কবিতাত কৈছে– ‘‘ধুমুহা-শিলাবৃষ্টিত বিতত নোহোৱাজনে কয়—বিশ্বাসহীনতাৰ এই পৃথিৱীত হেৰাই নাযায়/ প্ৰেম-মমতাৰ মসৃণ হাতবোৰ।” মন কৰিবলগীয়া যে কবিয়ে জীৱনৰ প্ৰতি নেতিবাচক হোৱাৰ ইংগিত দিয়া নাই। বৰঞ্চ নিষ্ঠুৰ সত্যৰে, চৰম অপ্ৰাপ্তিৰ পিছতো উদযাপনৰ কথাই বাৰে বাৰে কৈ আছে। সেই বাবেই তেওঁৰ কবিতাত ‘শেষ প্ৰহৰ ৰাত্ৰি মুখত পোহৰৰ বীজ লৈ/ উৰি আহে এহাল বুলবুলি চৰাই।'(ছাঁ-পোহৰৰ বাট)
লগতে পঢ়ক: ড০ কল্যাণ ভূঞাৰ ‘গৰু আৰু অন্যান্য কবিতা’
উদয় বৰুৱাৰ বহু কবিতাত প্ৰেম অন্য এক কেন্দ্ৰীয় বিষয়। জেচল’ মিলছৰ বিখ্যাত ‘Love’ কবিতাটো প্ৰসংগক্ৰমে উল্লেখনীয়। ইয়াত তেওঁ কৈছে যে সঁচা প্ৰেমৰ অৰ্থ হ’ল কিবা এটা ওচৰৰ পৰা পোৱাতকৈ দূৰৰ পৰা নিৰীক্ষণ কৰা। তেওঁৰ মতে এইটো তেতিয়াহে সম্ভৱ যেতিয়া এজনে প্ৰেমৰ অৰ্থ প্ৰকৃততে উপলব্ধি কৰিব। উদয় বৰুৱাৰ কবিতাত প্ৰেমৰ এই স্বৰূপ আমি প্ৰত্যক্ষ কৰিব পাৰিম। যেনে–‘তোমাৰ অনুপস্থিতিৰে’ত কৈছে– ‘‘দীঘল দীঘল প্ৰতিধ্বনিবোৰে সজাইছে পৰাইছে/ তোমাৰ অনুপস্থিতিৰ ঘৰ/ দূৰৈৰ পৰাই দেখিছোঁ তোমাৰ মেলো নেমেলো চকুত/ আছাৰ খাই পৰিছে জোনাক।” পোনপটীয়াকৈ তেওঁ সমাজ-বাস্তৱৰ সমস্যা আলোচনা কৰাৰ প্ৰতি আগ্ৰহী নহয়। কিন্তু সমাজ-বাস্তৱৰ পৰা কোন কবি বাহিৰত থাকিব পাৰে? আনকি বহল অৰ্থত ব্যক্তিগত বুলিও একো নাথাকে। অলপ জুমি চালেই দেখা যাব যে সমাজ বাস্তৱৰে প্ৰচ্ছায়া ৰূপত সংকলনটোত আছে ‘কিনো দেশ কিনো কাল’, ‘স্মৃতিস্তম্ভ’, ‘সাম্প্ৰতিক’, ‘খুঁটি’, ‘আজাৰু’ আদি কবিতা। পাঠকে বিচাৰি পাব কিছুমান আকৰ্ষণীয় চিত্ৰকল্প, যেনে–‘‘বাৰাণ্ডাত কোমল ৰ’দত বহি থাকোঁতে/ৰঙীন ছুৱেটাৰ পিন্ধা কোৰ্হাল এজাক/ পাৰ হৈ গৈছে” বা ‘বেলি ডুবাৰ সীমনাইদি আইক আহি থকা দেখিছোঁ খৰ খোজেৰে’ ইত্যাদি। বহু সময়ত ইমেইজ নিৰ্মাণতকৈও উক্তিৰ ব্যৱহাৰক কৌশল হিচাপে লৈছে কবিয়ে।
ড০ আনন্দ বৰমুদৈয়ে ‘সাম্প্ৰতিক নতুন কবিতা : ৰোমাণ্টিচিজমৰ দ্বিতীয় জোৱাৰ’ শীৰ্ষক প্ৰবন্ধত কৈছে যে সাম্প্ৰতিক নতুন কবিৰ কবিতাত ৰোমাণ্টিচিজমৰ এক নতুন জোৱাৰ দেখা যায়।(অসমীয়া কবিতাৰ সমালোচনা, অসম সাহিত্য সভা, পৃ.১৯৭-২০৭, ২০১২) বৰুৱা তৰুণ কবি নহ’লেও ড০ বৰমুদৈয়ে কোৱা বিশেষত্ব অনুভৱ কৰিব পাৰি। বহু কবিতাৰ সুৰ প্ৰায় একে, যেন এটা কবিতা তেওঁ ভিন্ন ৰূপত কৈছে। অপ্ৰাপ্তিৰপৰা ওপজা তীব্ৰ বিষাদবোধে বহু কবিতাক নিয়ন্ত্ৰণত ৰাখিছে। চাৰ্লছ বুকুৱস্কিয়ে ‘Love is a Dog from Hell’ কবিতাত কৈছে—“there is loneliness in this world so great/ that you can see it in the slow movement of/ the hands of a clock./ people so tired/ mutilated either by love or no love./people just are not good to each other/one on one.” বৰুৱাৰ বহু কবিতাত বুকুৱস্কিয়ে কোৱা নিৰ্জনতাত ডুবি থকা এই ক্লান্ত মানুহজনক দেখা পোৱা যায়।
ক'ৰবাত জীৱনৰ আয়োজন উদয় কুমাৰ বৰুৱা ডিচেম্বৰ, ২০২১ শঙ্কৰদেৱ প্ৰকাশন, নগাঁও দাম ১৩০.০০ টকা
ড০ সিদ্ধাৰ্থ গোস্বামী এগৰাকী গল্পকাৰ আৰু সমালোচক।