অনিৰ্বাণ দত্তৰ গছ আৰু অন্য কবিতা
ড০ কল্যাণ ভূঞা
প্ৰকৃতি আৰু মানুহৰ আন্তঃসম্পৰ্কৰ কথা ভাবিলেই মোৰ শৈশৱৰ কথা মনলৈ আহে৷ আমাৰ গাঁৱৰ ঘৰখন আছিল চৌপাশে গছ-গছনিৰে আৱৰা, বাৰীখন আছিল বিভিন্ন মূল্যৱান গছৰ ভঁৰাল, গাঁৱৰ দুকাষে দুখন নদী, আমি লালিত-পালিত হৈছিলোঁ প্ৰকৃতিৰ বুকুতেই৷ নদীৰ প্ৰতি আমাৰ ভয় নাছিল, ডাঙৰ হৈছিলোঁ নদীৰ বুকুত সাঁতুৰি-নাদুৰি৷ পঢ়াশালিত পঢ়িছিলোঁ আনন্দচন্দ্ৰ আগৰৱালাৰ কবিতা— শুৱনি আমাৰ/গাঁওখন অতি/ শুৱনি গছেৰে ভৰা,/ ডাল ভৰি ভৰি/ ফল ফুল লাগে/ কত পাওঁ তল-সৰা৷
কিন্তু সময় সলনি হ’ল৷ গাঁৱৰ দুকাষৰ সেই নদী দুখন এতিয়াও আছে৷ কিন্তু আমাৰ শৈশৱৰ সেই সুগভীৰ নদী দুখন এতিয়া একেবাৰে তৰাং হৈ পৰিল৷ বাৰিষা নদী দুখন আহি গাঁৱৰ মাজভাগ পায়হি, সেই সুজলা সুফলা শস্য শ্যামলা গাঁওখনৰ ৰূপ একেবাৰে সলনি হ’ল৷ সেই স্মৃতিকাতৰতাকে প্ৰকাশ কৰিব খুজিছিলোঁ মোৰ এই কবিতাত:
এতিয়া ইয়াত একো নাই
মাথোঁ বালিচৰ
কোনোবাখিনিত হয়তো
এটা গোহালি আছিল
কোনোবাখিনিত হয়তো
এটা ভঁৰাল আছিল
কোনোবাখিনিত হয়তো এটা ঘৰ আছিল
এইখিনিতে হয়তো আছিল এখন গাঁও
এতিয়া নতশিৰে ইয়াত থিয় দি আছে
কিছু সোঁৱৰণি
কোনোবাখিনিত হয়তো
এটা গোহালি আছিল
নাথাকিবও পাৰে
কোনোবাখিনিত হয়তো
এটা ভঁৰাল আছিল
নাথাকিবও পাৰে
কোনোবাখিনিত হয়তো
এটা ঘৰ আছিল
নাথাকিবও পাৰে
হয়তো ইয়াত গাঁও নাছিল
আছিল মাথোঁ গাঁৱৰ সোঁৱৰণি
এইখিনিতে এখন নদী আছিল
হয়তো জীৱন
নাথাকিবও পাৰে
জীৱন গঢ়িবলৈ বা ভাঙিবলৈ
নদী বাৰে বাৰে উভতি আহে (‘গাঁওখন’, কল্যাণ ভূঞা)
তেতিয়া বুজা নাছিলোঁ, এই অস্বাভাৱিক পৰিৱৰ্তনৰ কাৰণ কি? এসময়ত গাঁও এৰি আহিলোঁ৷ হ’লোঁহি পদাৰ্থবিজ্ঞানৰ ছাত্ৰ, গৱেষণা কৰিলোঁ বায়ুমণ্ডলীয় পদাৰ্থবিজ্ঞানত৷ সুপৰিচিত হৈ উঠিল সৰ্বসাধাৰণৰ বাবে আচহুৱা কিছুমান শব্দ, জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি৷ বিজ্ঞানৰ ছাত্ৰ হিচাপে বুজি পাওঁ এই সমস্যাটোৰ জটিলতাৰ কথা, এই সমস্যাটোৱে আমালৈ কঢ়িয়াই অনা অস্তিত্বৰ সংকটৰ কথা৷
মানৱ সমাজৰ ইতিহাসলৈ লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে কৃষি বিপ্লৱৰ আগলৈকে মানুহে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিছিল৷ বিশ্ববিখ্যাত কিতাপ ছেপিয়েন্জৰ লেখক য়ুভাল নোৱা হাৰাৰিৰ মতে কৃষি বিপ্লৱ হৈছে মানৱ ইতিহাসৰ সৰ্ববৃহৎ শঠতা৷ তেওঁ লিখিছে: “কৃষি বিপ্লৱ ইতিহাসৰ আটাইতকৈ বিতৰ্কিত বিষয়সমূহৰ অন্যতম৷ কিছু সমৰ্থকে বিজ্ঞাপন দিয়ে যে কৃষি বিপ্লৱে মানৱজাতিক প্ৰাচুৰ্য আৰু উন্নতিৰ দিশত আগুৱাই লৈ গ’ল৷ আনসকলে দৃঢ়তাৰে কয় যে ই ধবংসৰহে সূচনা কৰিছিল৷ তেওঁলোকে কয় যে এয়া আছিল এক সন্ধিক্ষণ, যেতিয়া ছেপিয়েন্জে প্ৰকৃতিৰ সৈতে তেওঁলোকৰ অন্তৰংগ সহসম্বন্ধ পৰিত্যাগ কৰিছিল আৰু লোভ আৰু বিদ্বেষৰ পথত চেঁকুৰ মেলিছিল৷ পথটোৱে যি দিশলৈকে আগবঢ়াই নিনিয়ক কিয়, ওভতনিৰ পথ নাছিল৷”
এই যে মানুহে প্ৰকৃতিৰ সৈতে তেওঁলোকৰ অন্তৰংগ সহসম্বন্ধ পৰিত্যাগ কৰিলে, তাৰ পাছৰ পৰ্যায়ত প্ৰকৃতিৰ সৈতে তেওঁলোকৰ সংঘাত বৃদ্ধি পালে৷ আৰু তাৰপাছত সংঘটিত হ’ল মানুহৰ ইতিহাসৰ আন এটা অতি গুৰুত্বপূৰ্ণ বিপ্লৱ, বৈজ্ঞানিক বিপ্লৱ৷ বৈজ্ঞানিক বিপ্লৱে প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্কৰ স্বৰূপেই সলনি কৰি পেলালে৷ এই বৈজ্ঞানিক বিপ্লৱৰে এক উপজাত পৰিঘটনা হৈছে উদ্যোগ বিপ্লৱ৷ উদ্যোগ বিপ্লৱে মানুহৰ জীৱনলৈ অনা পৰিৱৰ্তনৰ বিষয়ে বিশ্লেষণ আগবঢ়াই হাৰাৰিয়ে লিখিছে: “মূলতঃ চৌপাশৰ পৰিৱেশতন্ত্ৰৰ ওপৰত থকা নিৰ্ভৰশীলতাৰ পৰা মানুহক মুক্তি দি উদ্যোগ বিপ্লৱে শক্তিৰ ৰূপান্তৰ আৰু সামগ্ৰী উৎপাদন কৰাৰ নতুন নতুন পথ মুকলি কৰি দিলে৷ মানুহে অৰণ্য ধবংস কৰিলে, জলাৱদ্ধ ভূমিসমূহ নিঃশেষ কৰিলে, নদীত বান্ধ নিৰ্মাণ কৰিলে, উপত্যকাসমূহ বুৰাই পেলালে, হাজাৰ হাজাৰ ৰেলপথ বহুৱালে, আৰু আকাশচুম্বী মহানগৰী নিৰ্মাণ কৰিলে৷ আমাৰ এসময়ৰ সেউজীয়া আৰু নীলা গ্ৰহটো কংক্ৰিট আৰু প্লাষ্টিকৰ বিপণন কেন্দ্ৰ এটালৈ ৰূপান্তৰিত হৈছে৷” মানুহৰ শঠতাৰ বিৰুদ্ধে এক বিদ্ৰোহ এই পংক্তিবোৰ:
মাতবোৰ ক্ৰমশঃ ক্ষীণ হৈ আহিছিল
যি মাতে ধৰি ৰাখিব খুজিছিল
পথৰুৱা এটি আবেলিৰ ধেমালি
নৈখন, পথাৰখন আৰু আইতাৰ তাঁতশাল
গৰখীয়া গধূলিবোৰ লাহে লাহে শেঁতা পৰি আহিছিল
যাদুৰ দণ্ড এডাল লৈ এজন যাদুকৰ আহিছিল
আৰু ৰোপণ কৰিছিল এটি কংক্ৰিটৰ পুলি
ক্ৰমশঃ বাঢ়ি আহিছিল
কংক্ৰিটৰ অৰণ্যখন (‘কংক্ৰীটৰ পুলি’, কল্যাণ ভূঞা)
“পৰিৱেশতান্ত্ৰিক অশান্তিয়ে হ’ম’ ছেপিয়েন্জৰ নিজৰ অস্তিত্বলৈকে সংকট কঢ়িয়াই আনিব পাৰে” –হাৰাৰিয়ে লিখিছে৷ তেওঁ আৰু কৈছে: “গোলকীয় উষ্ণতা বৃদ্ধি, বৃদ্ধি পোৱা সাগৰপৃষ্ঠ আৰু সৰ্বব্যাপ্ত প্ৰদূষণে পৃথিৱীখন আমাৰ বাবে কম বাসোপযোগী কৰি তুলিছে, আৰু পৰিণতিস্বৰূপে আমাৰ ভৱিষ্যতটো মানুহৰ ক্ষমতা আৰু মানৱসৃষ্ট প্ৰাকৃতিক দুৰ্যোগৰ মাজত এক পাক খাই বাঢ়ি যোৱা প্ৰতিযোগিতাৰ সাক্ষী হ’ব পাৰে৷”
বিজ্ঞানৰ এজন ছাত্ৰ হিচাপে প্ৰায়ে জানিবলৈ মন যায়, আমাৰ সাহিত্যত এই সমস্যাটোৰ বিষয়ে কিমান চিন্তা-চৰ্চা কৰা হৈছে? ভাৰতীয় ঔপন্যাসিক অমিতাভ ঘোষে তেওঁৰ দ্য গ্ৰেট ডিৰেঞ্জমেণ্ট নামৰ কিতাপখনত এই বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিছে৷ তেওঁৰ মতে আমাৰ সৃজনিশীল লেখকসকলে প্ৰকৃতিৰ এই সমস্যাৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল৷ ঘোষে স্বীকাৰ কৰিছে যে তেওঁ নিজে পৰিৱেশতান্ত্ৰিক সমস্যাৰ ওপৰত তেওঁৰ আগৰ ৰচনাসমূহত বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল, যদিও তেওঁ সেই সীমাৱদ্ধতা অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছে তেওঁৰ শেহতীয়া উপন্যাস গান আইলেণ্ডত৷ জলবায়ুৰ সংকট আৰু তাৰপৰা পৰিত্ৰাণৰ উপায়ক লৈ বিশ্বৰ বিভিন্ন ভাষাত অ-কাহিনীমূলক ৰচনা যথেষ্ট প্ৰকাশ পাইছে৷ তুলনামূলকভাৱে উপন্যাস, গল্প আৰু কবিতা আদি সৃষ্টিশীল লেখাৰ সংখ্যা একেবাৰে কম৷
পৰিৱেশতান্ত্ৰিক সাহিত্যৰ এটা গুৰুত্বপূৰ্ণ অংগ হ’ল পাৰিপাৰ্শ্বিক কবিতা৷ অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ বিষয়ে কৰা এটা আলোচনাত পাৰিপাৰ্শ্বিক কবিতাৰ বিষয়ে সমালোচক ড੦ আনন্দ বৰমুদৈয়ে এইবুলি লিখিছে: “পাৰিপাৰ্শ্বিক কবিতা হ’ল পৰিৱেশতন্ত্ৰৰ ওপৰত গুৰুত্ব দি লিখা কবিতা৷ এনে কবিতাই পাঠকলৈ পৰিৱেশ সম্পৰ্কীয় সংবাদ প্ৰেৰণ কৰে: পাৰিপাৰ্শ্বিক কবিতাত পৰিৱেশতান্ত্ৰিক চিন্তা প্ৰকাশ পায়৷” পাৰিপাৰ্শ্বিক কবিতা শীৰ্ষক কবিতা-সংকলনখনৰ সম্পাদক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে সংকলনখনৰ পাতনিত লিখিছে: “অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত এক আন্দোলন হিচাপে আৰম্ভ হোৱা ৰোমাণ্টিক যুগৰ কবিতাত প্ৰকৃতিৰ প্ৰতি উচ্ছ্বাস প্ৰবল ৰূপত প্ৰকাশ পাইছিল৷ প্ৰকৃতিক আনন্দ আৰু প্ৰেৰণাৰ উৎস হিচাপে গ্ৰহণ কৰা হৈছিল৷ কিন্তু সাম্প্ৰতিক সময়ৰ পাৰিপাৰ্শ্বিক কবিতাত ৰোমাণ্টিকসকলতকৈ অধিক বহল আৰু দায়ৱদ্ধ দৃষ্টিকোণেৰে প্ৰকৃতিক সম্বোধন কৰা হৈছে৷ সাম্প্ৰতিক পাৰিপাৰ্শ্বিক কবিতাত পৃথিৱীৰ জলবায়ু আৰু জীৱমণ্ডলৰ ওপৰত পৰা মানুহৰ কাৰ্যকলাপৰ নেতি প্ৰভাৱৰ প্ৰতি সজাগতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ পাৰিপাৰ্শ্বিক কবিৰ বাবে প্ৰকৃতি কেৱল আনন্দ আৰু প্ৰেৰণাৰ উৎস নহয়, মানুহকে ধৰি জীৱমণ্ডলৰ বাবে ই জীৱন-মৰণৰো প্ৰশ্ন৷”
পাৰিপাৰ্শ্বিক কবিতাত পাৰিপাৰ্শ্বিক চেতনা বা পৰিৱেশতন্ত্ৰৰ প্ৰতি সজাগতা প্ৰকাশ পায়৷ প্ৰকৃতিৰ বিষয়ে উল্লেখ থাকিলেই এটা কবিতা পাৰিপাৰ্শ্বিক কবিতা নহ’বও পাৰে৷ ‘হোৱাই ইক’পয়েত্ৰী’ নামৰ ৰচনাখনত জন শ্বপটাৱে পাৰিপাৰ্শ্বিক কবিতাই মানিবলগীয়া দুটা চৰ্তৰ কথা উল্লেখ কৰিছে৷ প্ৰথম চৰ্ত হ’ল, পাৰিপাৰ্শ্বিক কবিতাৰ প্ৰসংগ হ’ব লাগিব পৰিৱেশ আৰু দ্বিতীয় চৰ্ত হ’ল এনে কবিতা হ’ব লাগিব পৰিৱেশবাদী৷ পাৰিপাৰ্শ্বিক কবিতাত প্ৰাকৃতিক জগতখনক সামগ্ৰিক বা আংশিক ৰূপে উপস্থাপন কৰিব লাগিব, কিন্তু এই উপস্থাপন কেৱল উপমা বা ৰূপকৰ ৰূপত হ’লে নহ’ব৷ এনে কবিতাত থাকিব লাগিব পৰিৱেশৰ প্ৰতি সজাগতামূলক দৃষ্টিভংগী আৰু দায়ৱদ্ধতা৷ এনে সজাগতা আৰু দায়ৱদ্ধতাই পাৰিপাৰ্শ্বিক কবিতাক পৰম্পৰাগত প্ৰকৃতি কবিতাৰ পৰা পৃথক কৰে৷ এনে কিছু দিশৰ পৰাই আমি অনিৰ্বাণ দত্তৰ গছ আৰু অন্য কবিতা শীৰ্ষক সংকলনখনৰ কবিতাসমূহ আলোচনা কৰিব পাৰোঁ৷
কবি অনিৰ্বাণ দত্তৰ গছ আৰু অন্য কবিতা সংকলনখনৰ কবিতাসমূহৰ বিষয়ে অসমৰ অগ্ৰগণ্য সমালোচক ড੦ আনন্দ বৰমুদৈয়ে এইবুলি কৈছে: “অনিৰ্বাণ দত্তই সমাজৰ প্ৰতি দায়ৱদ্ধ হৈ কবিতা লিখি আহিছে৷ তেওঁৰ শেহতীয়া কবিতাত আমাৰ পাৰিপাৰ্শ্বিকতালৈ অহা ভাবুকিৰ প্ৰতি সজাগতা প্ৰকাশ পাইছে৷ তেওঁৰ কবিতাই পাৰিপাৰ্শ্বিক সমস্যাক বৌদ্ধিক স্বীকৃতি দিয়াকে লক্ষ্য কৰি লোৱা নাই; সিবিলাকক অনুভৱ কৰিবলৈও পাঠকক আহ্বান জনায়৷ মানুহৰ চিন্তাক তেওঁ অভ্যাস পৰম্পৰাৰ পৰা মুক্ত কৰিবলৈ বিচাৰে৷ আমাৰ সকলোৰে পৰিচিত গছ এজোপা কটাৰ দৃশ্যটোকো তেওঁ মানুহৰ অমানুষিক অত্যাচাৰৰ ছবি এখনলৈ ৰূপান্তৰ কৰিব পাৰে৷ ধাৰণা এটাক কেৱল আপ্যায়ন নকৰি কবিজনে অনুভৱো কৰে৷” তেওঁৰ কবিতাৰ বিষয়ে আন এগৰাকী বিশিষ্ট কবি চেনীৰাম গগৈয়ে সুচিন্তিত মন্তব্য আগবঢ়াই লিখিছে: “তৰুণ কবি অনিৰ্বাণ দত্তই প্ৰকৃতি আৰু পৰিৱেশক বিষয় কৰি লৈ কেইটামান ভাল কবিতা লিখিছে; উদ্বিগ্নতা, সমবেদনা, প্ৰতিবাদৰ পাঠেৰে তেওঁ আমাক বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰাইছে৷ শব্দৰ মিতব্যয়, সহজ কথনৰ সম্পৰীক্ষাৰে সফল কবিতাকেইটাই কবিজনক নতুনকৈ আৱিষ্কাৰ কৰাৰ বাট উলিয়াই দিছে৷”
সংকলনখনৰ প্ৰায় প্ৰতিটো কবিতাতে কবিয়ে মানুহৰ শঠতাক হয় ব্যংগ কৰিছে, নহয় তেওঁ এই শঠতাৰ বিৰুদ্ধে তীব্ৰতাৰে প্ৰতিবাদ কৰিছে৷ বহু কবিতাত অসহায় যন্ত্ৰণা আৰু ক্ষোভ পৰিস্ফুট হৈছে৷ ‘এই ৰাস্তাৰে কোন ক’লৈ যাব’ শীৰ্ষক কবিতাটোত কবিয়ে লিখিছে:
পথৰ কাষৰ গছবোৰ কাটি পেলোৱা হৈছে
পথৰ কাষৰ খাৱৈবোৰ পুতি পেলোৱা হৈছে
পথৰ কাষৰ কৃষিভূমি আৰু কৃষকক
পিছুৱাই পঠিওৱা হৈছে
কাৰণ ৰাস্তা বহলোৱা হৈছে
ৰাস্তা পোন কৰা হৈছে আৰু
পথ সুৰক্ষা নিৰ্দেশক ৰংবিৰঙৰ খুঁটিবোৰ পোতা হৈছে
কিন্তু, এই ৰাস্তাৰে কোন ক’লৈ যাব
কোনেও নাজানে৷
এই কবিতাটোত উন্নয়নৰ অজুহাতত প্ৰকৃতি ধবংসৰে মানুহে যে নিজকে অস্তিত্বৰ সংকটৰ ফালে ক্ষীপ্ৰতাৰে নিব খুজিছে, সেই প্ৰচেষ্টাক কবিয়ে তীক্ষ্ণ ভাষাৰে ব্যংগ কৰিছে৷ ৰাস্তা পোন আৰু বহল কিয় হ’ব লাগে? কাৰণটো হ’ল আমি যাতে লক্ষ্যস্থানত কম সময়ৰ ভিতৰত আৰু সুকলমে উপস্থিত হ’ব পাৰোঁ৷ ৰাস্তাৰ কাষৰ সুৰক্ষা নিৰ্দেশক খুঁটিবোৰ কিয় লাগে? সেইবোৰ লাগে পথচাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ৷ কিন্তু এইবোৰ কৰিবলৈ যাওঁতে মানুহে পথৰ কাষৰ গছবোৰ কাটি পেলাইছে, খাৱৈবোৰ পুতি পেলাইছে, কৃষিভূমি নষ্ট কৰিছে৷ এনে কৰ্মৰ জৰিয়তে কিন্তু মানুহৰ অন্তিম লক্ষ্যস্থানৰ ফালেই যেন আমি পোন, বহল আৰু সুৰক্ষিত ৰাস্তাৰে তীব্ৰ গতিত ধাৱমান হৈছোঁ৷
‘বৃক্ষৰোপণ’ কবিতাত কবিয়ে প্ৰকৃতিৰ সুৰক্ষাৰ প্ৰতি থকা আনুষ্ঠানিক দায়ৱদ্ধতাৰ সাৰশূন্যতাক তীব্ৰভাৱে ব্যংগ কৰিছে৷ তেওঁ লিখিছে:
গাঁৱৰ ল’ৰাবোৰে উদং পথটোৰ দাঁতিত
কৃষ্ণচূড়া পুলিবোৰ ৰুই দিছে
বাৰীৰ বাঁহ কাটি ঘেৰ সাজি দিছে
নিজৰ মাজতে পইছা তুলি চাহ বিস্কুট খাই ৰং কৰিছে
সিহঁতে এদিন ইয়াতে
কৃষ্ণচূড়াৰ ৰঙা ফুল বুটলিম বুলি ভাবি
আত্মহাৰা হৈ উঠিছে
হঠাতে সিহঁতক ধূলিৰে পুতি
গড়কাপ্তানি বিভাগৰ পুৰণি লৰী এখন পাৰ হৈ গ’ল
প্ৰভাহীন হৈ পৰিল সিহঁতৰ মুখবোৰ৷
গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ু পৰিৱৰ্তন আদিৰ দৰে পৰিঘটনাৰ বিষয়ে বেছিভাগ সাধাৰণ মানুহেই অৱগত নহয়৷ এই অসজাগতাৰ বাবেই বহু মানুহে নিজৰ সৰু সৰু সমস্যাৰ পৰা নিষ্কৃতি পাবলৈ বুলি প্ৰকৃতিৰ ওপৰত অজানিতে অত্যাচাৰ চলাই আহিছে৷ যেতিয়া তেওঁলোকে ভুলটো উপলব্ধি কৰে তেতিয়ালৈ বহু দেৰি হৈ যায়৷ মানুহৰ এই দ্বন্দ্বৰ এনে এখন ছবি দাঙি ধৰা হৈছে ‘ভুল’ নামৰ কবিতাটোত৷ কবিয়ে লিখিছে:
মিছাতেই বাৰীখন চেচুঁক কৰিছে বুলি
কাটি পেলালোঁ ঢাপৰ টেঙা আম
নিতৌ সৰি সৰি পাতবোৰে
পোতে চিকুণ পদূলিটো
কাটি পেলালোঁ কঁটীয়া কঁঠাল
এবাৰো নাভাবিলোঁ
আম কঁঠাল ফলমূল গছবোৰ যে
একোজোপা গছেই নহয়–
একোখন সমৃদ্ধ ঘৰ
একোটা মেটমৰা খাদ্যৰ ভঁৰাল
কাৰোবাৰ৷
বাৰীততো নায়েই আনলৈ বুলি এজোপা অদৰকাৰী গছ৷
হাবিতো নাই৷
নিজৰ ভোক আৰু সম্ভোগৰ বাবে
বাৰ মাহ বেহা কৰা মানুহ
ভাঙিছোঁ আনৰ ভঁৰাল
তৈয়াৰ কৰিছোঁ ক্ষুধাৰ পৃথিৱী৷
লঘোণে মৰিছে পশু-পক্ষী কীট-পতংগ
ভয়তে এৰিছে পৈতৃক ভেটি
গৈ ক’ত মৰিব মানুহৰ চিৰকলীয়া সহচৰী৷
‘ভুলটো ক’ত’, ‘শৈশৱৰ সংগী’, ‘আমাৰ ভৱিষ্যত’, ‘চোতালৰ চৰাইবোৰ’ আদি কবিতাত অসমীয়া গ্ৰাম্য জীৱনৰ পৰা লাহে লাহে হেৰাই যোৱা প্ৰকৃতিৰ লগত সহসম্বন্ধ বা সহাৱস্থানৰ সেই দিনবোৰ সুঁৱৰি কবি কেৱল যন্ত্ৰণাকাতৰেই হৈ উঠা নাই, এক অদমনীয় ক্ষোভত তেওঁ মানুহক সোঁৱৰাই দিব খুজিছে প্ৰকৃতিৰ প্ৰতি, প্ৰকৃতিৰ বিভিন্ন উপাদানৰ প্ৰতি মানুহৰ দায়ৱদ্ধতা৷ তেওঁ লিখিছে: “কোনো দিন নোৰোৱা ভৰি/পিছলি পৰিছে/সভ্যতাৰ ভেটিত তিতালাও গজিছে/ভুল ক’ত/ভবাৰ অৱকাশ কাৰো নাই/প্ৰকৃতিৰে বিচ্ছিন্ন নিৰ্বোধ মানুহ” (‘ক’ৰোনা’)৷ আকৌ লাহে লাহে নগৰ হৈ উঠিব খোজা ওপজা গাঁওখনৰ দুৰৱস্থা দেখি কবিয়ে হাহাকাৰ কৰি উঠিছে: “তাৰপাছত মোৰ শৈশৱৰ/ৰ’দঘাই চোতালখন/বিচাৰি দৌৰ মাৰিলোঁ– নাই/স্মৃতি বিজড়িত ঘৰখন নাই/নাই আই পিতাইৰ ছবি/নাই প্ৰতিবেশী– মাত অমাত/ভগা বুকুখন বৰকৈ বিষাই/পৌৰ পিটনিৰ অজগৰে সোপাকে পেলালে খাই” (‘নাই’)৷ শেষৰ শাৰীত প্ৰচন্ন ৰূপত থকা কবিৰ ক্ষোভ মন কৰিবলগীয়া৷ এই প্ৰসংগতে মনলৈ অহা কবিতাটো হৈছে ড੦ ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’৷ সেই কবিতাটোত গছ ভালপোৱা ককাই পুতেকৰ বিয়াৰ বাবে ৰঘুনাথে আমলখি গছজোপা কাটি পেলোৱা কাৰ্যৰ বিৰুদ্ধে পোনপটীয়াকৈ সৰৱ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ কবি অনিৰ্বাণ দত্তৰ কবিতাত এনে প্ৰতিবাদ বহু সময়ত অন্তঃসলিলাৰ দৰে বৈ আছে৷
কবি দত্তই সৰল, পোনপটীয়া, গদ্যধৰ্মী ভাষাত এই সংকলনখনৰ কবিতাবোৰ ৰচনা কৰিছে৷ সততে উঠি থকা অসমীয়া কবিতাৰ দুৰ্বোধ্যতাৰ প্ৰসংগটোৰ পৰা হয়তো কবিয়ে সচেতনভাৱেই বহু দূৰৈত অৱস্থান কৰিছে৷ লিৰিকেল বেলাডৰ পাতনিত উইলিয়াম ওৱৰ্ডছৱৰ্থে কবিৰ সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ গৈ লিখিছিল: ‘What is a Poet? He is a man speaking to men: a man, it is true, endued with more lively sensibility, more enthusiasm and tenderness, who has a greater knowledge of human nature, and a more comprehensive soul, than are supposed to be common among mankind; a man pleased with his own passions and volitions, and who rejoices more than other men in the spirit of life that is in him; delighting to contemplate similar volitions and passions as manifested in the goings-on of the universe, and habitually impelled to create them where he does not find them.” কবি দত্ত আৰু তেওঁৰ কবিতাবোৰৰ মাজত এই লক্ষণসমূহ পূৰামাত্ৰাই পৰিলক্ষিত হৈছে৷ মুঠৰ ওপৰত ক’বলৈ হ’লে অনিৰ্বাণ দত্তৰ গছ আৰু অন্য কবিতা শীৰ্ষক সংকলনখনৰ কবিতাসমূহৰ পঠন অভিজ্ঞতা আনন্দদায়ক হৈ উঠিছে৷