অনিৰ্বাণ দত্ত
অসমীয়া সাহিত্য, সংগীত, নাটক আৰু জনজীৱনৰ মুক্তিৰ সংগ্ৰামখনলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই গৈছে৷ তেওঁ মুখেৰে যিদৰে কৈছিল হাতে-কামেও কৰি দেখুৱাইছিল৷ তেওঁ কিমানদূৰ আকাংক্ষিত লক্ষ্যত উপনীত হ’ব পাৰিলে সেয়া ডাঙৰ কথা নহয়, কিন্তু আপোচহীনভাবে শেষ মুহূৰ্তলৈকে জীৱন আদৰ্শক ধৰি ৰাখিলে৷ ৰাভাৰ সংগ্ৰামী জীৱনটো আছিল অতি বৈচিত্ৰ্যপূৰ্ণ৷ তুলনামূলকভাবে চুটি জীৱনটোত অনেক ঘাত-প্ৰতিঘাতে জুমুৰি দি ধৰিছিল, কিন্তু, অসীম ধৰ্য আৰু সাহসেৰে তেওঁ সকলো পৰিস্থিতিৰ মুখামুখি হ’ব পাৰিছিল৷ বিদ্যা-শিক্ষা আৰু শিল্প-সংস্কৃতি চৰ্চাত প্ৰখৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ৰাভা স্কুলীয়া কালৰ পৰাই আছিল প্ৰতিবাদী আৰু পৰিৱৰ্তনৰ পূজাৰী৷ কলিকতা, কোচবিহাৰ, ৰংপুৰ আদি চহৰত পঢ়িবলৈ গৈ শিক্ষা-সংস্কৃতিৰে সমৃদ্ধ আধুনিক সমাজখনৰ লগত তেওঁ যিদৰে পৰিচিত হৈ পৰিছিল একেদৰে জন্মসূত্ৰে পৰিচিত হৈ আছিল অসমৰ মূলসুঁতিৰ আৰু জনজাতীয় বাৰেৰহণীয়া সমাজখনৰ সংস্কৃতিৰ লগতো৷ ছাত্ৰ কালৰ পৰাই ঐশ্বৰ্যশালী সমাজখনৰ প্ৰাচুৰ্য্ দেখাৰ লগতে সমাজৰ শোষিত, বঞ্চিত গৰীৱ, কৃষক, বনুৱা শ্ৰেণীৰ দুখ-যন্ত্ৰণাবোৰো ওচৰৰ পৰা দেখিছিল৷ লোকসংস্কৃতি, গীত-মাত-নৃত্য বুলিলে পগলা ৰাভাই গোটেই জীৱনটো ৰাইজৰ কাৰণে উছৰ্গা কৰিছিল আৰু শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু আনপিনে নগাপাহাৰৰ পৰা আবৰ, ডফলা, মিছিমি পাহাৰলৈকে ঘূৰি ফুৰিছিল৷ কেইবাবাৰো শাসকপক্ষৰ ৰোষত পৰি তেওঁ আত্মগোপনো কৰিছিল৷ এনেদৰে দিহিঙে-দিপাঙে পাহাৰে-কন্দৰে ভ্ৰমণ কৰি থাকিব লগা হোৱাৰ বাবে বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্পৰ্শত ৰাভাৰ জীৱনত অনেক জীয়া অভিজ্ঞতা সঞ্চিত হৈছিল৷ জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা আদিৰ লগত তেজপুৰত নৃত্য-গীত-নাটক আৰু চিনেমাৰ কাম কৰি ৰাভা সকলো স্তৰৰ মানুহৰ মাজতে জনপ্ৰিয় হৈ পৰিছিল৷ জীৱনৰ অধিককাল যাযাবৰী জীৱন পাৰ কৰা ৰাভাই য’লৈ গৈছিল তালৈকে কলম-কিতাপ-কাগজ লৈ গৈছিল৷ য’তেই বহিছিল ত’তেই গীত-কবিতা-নাটক-প্ৰবন্ধ আদি লিখিছিল আৰু দুৰ্ভাগ্যজনকভাবে সেইবোৰ তাতে এৰি আন ঠাইলৈ গুচি গৈছিল৷ সি যি নহওক, ৰাভাৰ ৰচনাৱলী আৰু জীৱন-কৰ্মৰ যিখিনি সমল পোৱা গৈছে তাৰ মাজতে সংগ্ৰামী শিল্পীজনৰ শিল্পীপ্ৰতিভা আৰু জীৱনাদৰ্শৰ দিশবোৰ স্পষ্টকৈ প্ৰতিভাত হৈ আছে৷ এই লেখাত ৰাভাৰ ডেৰকুৰিৰো অধিক গীত-কবিতাত কি কি ভাবাদৰ্শ আৰু বৈচিত্ৰ্য অন্তৰ্নিহিত হৈ আছে তাকে চমুকৈ আলোকপাত কৰিবলৈ যত্ন কৰা হৈছে৷
১. ঐতিহ্য–চেতনা: ৰাভাৰ গীত-কবিতাত অতীতপ্ৰীতিৰ কিছু আভাস পোৱা যায়৷ অৱশ্যে, ৰাভাৰ বস্তুনিষ্ঠ ইতিহাস চেতনা তেওঁৰ ‘মানৱ জাতি’, ‘অতীত অসম’ আদি প্ৰবন্ধতহে সুন্দৰকৈ ফুটি উঠিছে। সি যি নহওক, শংকৰ-মাধৱৰ দ্বাৰা গভীৰভাবে প্ৰভাৱান্বিত ৰাভাই শান্তি আৰু সাম্য-মৈত্ৰীৰ সুন্দৰ সমাজ এখন গঢ়াৰ বাবে গীত আৰু কবিতাৰে ৰাইজক দুজনা গুৰুৰ আদৰ্শ ল’বলৈ আহ্বান জনাইছে ৷ “অ’ গুৰু মোৰ শংকৰ তৰিবৰ এ কিনো উপায়” বুলি এটি হৃদয়স্পৰ্শী গীতি কবিতা ৰচনা কৰি লোকগীতৰ সুৰত তেওঁ নিজে পৰিৱেশন কৰি ৰাইজৰ হৃদয় জয় কৰিছিল৷ আহোম বুৰঞ্জীৰ মহীয়সী নাৰী জয়মতী আইৰ আত্মত্যাগ আৰু দেশপ্ৰেমৰ কাহিনীৰে গীতিকবিতা লিখি হৃদয়স্পৰ্শী কৰুণ সুৰেৰে পৰিবেশন কৰি অসমীয়া জীয়ৰী-বোৱাৰীক উদ্বুদ্ধ কৰিছিল—
“জয়া নাই… জয়া নাই… জয়সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ঢল, মলয়াই তোলে হিয়াভগা সুৰ, কৰুণ বিননী ৰোল জয়া নাই জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই”
২. প্ৰেম-বিৰহৰচেতনা : ৰাভাৰ বহুকেইটা গীত-কবিতাত প্ৰেম-বিৰহৰ সুগভীৰ অনুভূতি ফুটি উঠিছে৷ তেওঁৰ ব্যক্তিগত জীৱনটো প্ৰেম-বিৰহ, পোৱা-নোপোৱা, হ’ব-নহ’ব দ্বন্দ্বৰেই পূৰ্ণ৷ ৰাভাৰ প্ৰেম-বিৰহৰ গীত-কবিতাবোৰত নিজৰ জীৱনৰ বহু গোপন কথা প্ৰকাশ হৈ পৰিছে৷ ‘নাহৰ ফুলে নুশুৱায় তগৰ ফুলে শুৱাব’ গীতটোত বক্তাই প্ৰেমিকাৰ বাবে সাতসাগৰ সিঁচি মাণিক আনিম বুলিছে, নাহৰ তগৰ কপৌ ফুলে নুশুৱালে মেঘৰ বুকু ফালি বিজুলী ফুল আনিম, প্ৰয়োজন হ’লে হিয়া ফালি তেজাল পোৱালমণি উলিয়াই প্ৰেমিকাৰ ডিঙিত পিন্ধাম বুলিছে৷ আন এটা কবিতাত বক্তাই সুধিছে—
“হিয়াৰ ফুলনিত যি ফুল ফুলালোঁ সেই ফুল তুমি ছিঙিবানে? যি ফুলৰ পাহি যতনে মেলিলোঁ সেই পাহি তুমি চুমিবানে?”
ৰাভাৰ আন কেইবাটাও হৃদয়স্পৰ্শী তথা বহুসমাদৃত কবিতা আছে য’ত বিফল প্ৰেমৰ তীব্ৰ দহন ফুটি উঠিছে, যেনে—
“লগন উকলি গ’ল তেওযে নহ’ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা৷” “পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা?” “মেলানি বেলাৰ বিদায় লগন যেতিয়া আহিব চাপি, উঠিবনে প্ৰিয়ে! তেতিয়া এবাৰ হৃদয় তোমাৰ কঁপি?” ইত্যাদি
এই গীতি কবিতাবোৰত কবিৰ যি অকৃত্ৰিম প্ৰেম আৰু হৃদয়ানুভূতি প্ৰকাশ পাইছে সেয়া সাৰ্বজনীন মানৱীয় অনুভূতি৷ আন কেইবাটাও কবিতাত ৰাভাই অপূৰ্ব শ্লীলতাৰ মাজেৰে নাৰীৰ ৰূপ-সৌন্দৰ্যৰ বন্দনা কৰিছে৷ গীতি কবিতাত জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকাই নাৰী বন্দনাত যি সম্ভ্ৰম আৰু শ্লীলতা বজায় ৰাখে সেয়া আজিৰ নতুনচাম কবি-শিল্পীয়ে মনোযোগেৰে অনুকৰণ কৰা উচিত৷
৩. মুক্তিৰচেতনা : অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমি ফুৰোঁতে সাধাৰণ কৃষিজীৱী ৰাইজ আৰু দীনহীন শ্ৰমিক, বনুৱাৰ দুৰৱস্থা দেখি ৰাভাৰ হৃদয়ে কান্দি উঠিছিল—
“…অসহ জীৱন উটি ভাহি যোৱা ভগা ছিগা মানৱী আমঠু হিয়া শ্ৰম কৰিও খাবলৈ নোহোৱা আলৈ বিলৈ হোৱা হজুৱা,— কান্দে দুখীয়া বনুৱা৷”
শ্ৰমজীৱী ৰাইজৰ দুৰৱস্থাৰ বিপৰীতে অগাধ প্ৰাচুৰ্য্ৰ মাজত এমুঠিমান সামন্ত ভূ-স্বামী আৰু কাৰখানাৰ মালিকৰ উগ্ৰ বিলাসিতা দেখি বিপ্লৱী শিল্পী ৰাভাৰ কলমে গৰ্জি উঠিছিল—
“ধ্বংস কৰ ধ্বংস কৰ ধনীৰ অহংকাৰ দয়া মায়া নকৰিবি ক্ষমাৰ দিন যে গ’ল হাল কোৰ দা হাতুৰী লৈ ৰণলৈ যাওঁ ব’ল৷”
ৰাভাই উপলব্ধি কৰিছিল ৰাজনৈতিক স্বাধীনতাই কোটি কোটি দৰিদ্ৰ জনতালৈ প্ৰকৃত মুক্তি আনিব নোৱাৰে যদিহে জনতাই দেশীয় ধনীক শ্ৰেণী আৰু বৰ্ণবাদী সমাজখনৰ পৰা সামাজিক ন্যায়, মানৱীয় অধিকাৰ আৰু অৰ্থনৈতিক স্বাধীনতা লাভ কৰিব নোৱাৰে৷ সেয়ে ৰাভাই তথাকথিত নিম্নজাতৰ মানুহবোৰ আৰু দৰিদ্ৰ কৃষক-বনুৱাৰ মঙ্গলৰ বাবে আত্মসন্মান আৰু ন্যায্য অধিকাৰৰ মন্দিৰৰ দুৱাৰখন খুলি দিবলৈ সুন্দৰৰ পূজাৰীক আহ্বান জনাইছিল—
“আজি মন্দিৰৰ দুৱাৰ খোলা বহে মিলনৰ উৎসৱ মেলা৷ শুনোঁ মঙ্গল আৰতি গান নাচি উঠে ভকতৰ প্ৰাণ৷”
একেসময়তে, শিক্ষা আৰু জ্ঞান সাধনাইহে বিশ্বৰ কোটি কোটি দৰিদ্ৰ জনতালৈ প্ৰকৃত মুক্তি আনিব পাৰিব বুলি ৰাভাই বিশ্বাস কৰিছিল৷ সেয়ে লিখিছিল—
“…বিশ্বৰে দেউলত জ্ঞানৰে বন্তিৰ আলোকৰে শিখা উঠক নাচি অজ্ঞান এন্ধাৰ বিনাশী পুলকানন্দে...”
৪. মাৰ্ক্সবাদীচেতনা: ৰাভাৰ একাধিক কবিতাত মাৰ্ক্সবাদী চেতনা বিদ্যমান৷ একালত তেওঁ ৰিভল্যুচনেৰী কমিউনিষ্ট পাৰ্টি অব্ ইণ্ডিয়া(RCPI)ত যোগদান কৰি হাতত বন্দুক লৈ শাসক, পুঁজিপতিৰ শোষণ-নিপীড়ণৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিছিল৷ যুগে যুগে সংঘটিত হৈ থকা শ্ৰেণী-সংগ্ৰামখনত শোষক পুঁজিপতিৰ ষড়যন্ত্ৰ ওফৰাই দৰিদ্ৰ সৰ্বহাৰাক ঐক্যবদ্ধ হৈ যুঁজিবলৈ ৰাভাই নিজৰ গীত-কবিতাৰে উদ্বুদ্ধ কৰিছিল—
“…শুন সৌৱা শুন ঘেৰিছে ৰণ-বিষাণ মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান ৰক্তেৰে ৰঞ্জিত সূৰুয উদীয়মান শুন মুক্তিৰ তুৰ্যৰ আহ্বান— মুক্তিমান— মুক্তিমান— মুক্তিমান৷”
আকৌ তেওঁ লিখিছিল—
“…শেষ যুদ্ধৰ আমি ৰণুৱা পৃথিৱীৰ হালোৱা বনুৱা হ’ম বিজয়ী আমি দুখীয়া!... ধনী মহাজন জমিদাৰ হুচিয়াৰ হুচিয়াৰ৷”
সমাজবাদী আদৰ্শেৰে ৰাইজক আগবাঢ়িবলৈ ৰাভাই এইদৰে আহ্বান জনাইছিল—
“নতুন যুগৰ নতুন ভাবৰ ন কঠীয়া লৈ ন পথাৰৰ চহা কোমল মাটিত গুঁজি থৈ তেজাল পতাকা উৰুৱাই আগবাঢ়ি ব’ল ব’ল...”
ৰাভাৰ গীত আৰু কবিতাবোৰত পুঁজিবাদী সমাজব্যৱস্থাৰ অভিশাপ শ্ৰেণী বৈষম্যৰ বিৰুদ্ধে তীব্ৰ ঘৃণা প্ৰকাশ পাইছে৷ শোষক শ্ৰেণীক উচ্ছেদ কৰি সমাজত সমতা স্থাপন কৰিবলৈ পতা যুঁজখনলৈ যুৱশক্তি আৰু কৃষক বনুৱাক তেওঁ আমন্ত্ৰণ জনাইছে৷
৫. সমাজ–বাস্তৱৰ গভীৰ উপলব্ধি : ৰাভাই সাহিত্যৰ বাবে সাহিত্য সৃষ্টি কৰা নাছিল বা শিল্পৰ বাবে শিল্পচৰ্চা কৰা নাছিল৷ ৰাভাই তদানীন্তন সমাজখনৰ প্ৰকৃত বাস্তৱক গভীৰভাবে উপলব্ধি কৰিব পাৰিছিল—যিখিনি উপলব্ধি আমি তেওঁৰ গীত-কবিতাবোৰত দেখা পাওঁ৷ মূল্যবোধৰ চৰম অৱক্ষয়, পৰাধীনতাৰ গ্লানি, শ্ৰেণী-সংঘাত, ৰাষ্ট্ৰসন্ত্ৰাস, গ্ৰাম্যজীৱনৰ সামূহিক সৌন্দৰ্য্ৰ পতন, প্ৰেমৰ বিপৰ্যয়, সংগ্ৰামী চেতনা ইত্যাদি দিশবোৰৰ জীৱন্ত চিত্ৰণ তেওঁৰ গীত-কবিতাবোৰত আছে৷ যেনে—
“বোপাইৰ আইৰ মান একো নাথাকিল ভায়ে ভায়ে হ’ল কটাকটি … … … … … … … … … … ধনীয়ে শুহিলে তেজ দীন দুখীয়াৰ ধৰণী ধৰাৰ সবলে কৰিলে গ্ৰাস দুৰ্বল প্ৰজাক নিতে জাক জাক৷”
আকৌ লিখিছে—
“কুৰি শতিকাৰ মহা যান্ত্ৰিকতাৰ বাজে প্ৰলয় বিষাণ তাঁৰ, কালৰ বীণাৰ…” “জলে স্থলে অন্তৰীক্ষ উঠে আলোড়ন ভূলোক দ্যূলোক ব্যাপি জাগে শিহৰণ অশান্তি অস্থিৰতাৰ স্বেচ্ছাচাৰিতাৰ ৰণভেৰী ভীষণ হুঙ্কাৰ৷”
ৰাভাই সমাজৰ বাস্তৱ সমস্যা, সম্ভাৱনা, দ্বন্দ্ব আদিক উপস্থাপন কৰিয়ে দায় সৰা নাছিল, বৰং হাতেকামে লাগি সমস্যাবোৰ আঁতৰ কৰাত আৰু সম্ভাৱনাবোৰ প্ৰতিষ্ঠা কৰাত নিৰলসভাবে শ্ৰম কৰি গৈছিল৷ সেয়ে তেওঁ নিৰ্ভেজাল শিল্পী বুলি লোকসমাজত পৰিগণিত হৈ পৰিছিল ৷
৬. জনজাতীয় ৰাইজৰ জাগৰণৰ আহ্বান : ৰাভাই উপলব্ধি কৰিছিল জনজাতীয় লোকসকলৰ উন্নয়নৰ অবিহনে বৃহত্তৰ অসমীয়া জাতিটো কোনো দিনেই শক্তিশালী হ’ব নোৱাৰিব৷ জনজাতীয় লোকসকলে নিজৰ কৃষ্টি-সংস্কৃতি ৰক্ষা কৰি সেইবাটেৰেই সবল হ’ব লাগিব তেতিয়াহে অসমীয়া শক্তিশালী হ’ব আৰু বাচিব ৷ সেয়ে তেওঁ লিখিছিল—
“…নতুন যুগৰ পাত মেল— জাগ ট্ৰাইবেল পুৰণি আদিম অসমীয়া ট্ৰাইবেল নাৰী শুৱনীয়া মনত পৰেনে সেই কেঁচুৱা কালৰ আদিম যুগৰ? গুচি গ’ল কিমান ৰঙালী বিহু বহাগী ৰাঙলী মোহনীয়া অসমীক কৰি ৰাংঢালী…”
৭. দেশাত্মবোধ : দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰত্যক্ষভাবে জড়িত হৈ পৰা নিৰ্ভীক ৰাভাই নিজৰ গীত-কবিতাৰ মাধ্যমেৰেও স্বদেশপ্ৰীতি দেখুৱাইছে৷ পৰৱৰ্তী কালত ৰাভাই দেশৰ দুৰৱস্থাত অসহনীয় দুখ অনুভৱ কৰি লিখিছিল—
“আই মোৰ ভাৰতী জননী লখিমী ভাৰতবাসীৰ হৃদয়ৰে ৰাণী মোৰ পৰাণৰ মোৰ জীৱনৰ চেনেহী গোঁসানী!... …পৰাণৰ আই, জীৱনৰ আই, কিয়নো বন্দিনী?”
৮. জাতীয়তাবোধ : বৃহত্তৰ অসমীয়া জাতি গঠনৰ সপোন এটা লৈ ৰাভাই সকলো জাতি-জনজাতি-জনগোষ্ঠীৰ মানুহৰ মাজত সমন্বয়ৰ বাৰ্তা বিলাই ফুৰিছিল৷ সমতা ন্যায় ভাতৃত্ববোধ স্থাপনৰ বাবে ৰাভাই শংকৰদেৱ গুৰুজনাৰ ধৰ্ম আৰু সামাজিক দৰ্শনক ভেটি কৰি সৰু বৰ সকলো থলুৱা জাতিকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছিল—
“জাগিব লাগিব তই কছাৰী মিকিৰ খাচী ৰাভা গাৰো মিৰি কুকী নগা বীৰ খামটি মিচিমি আবৰ লালুং লুচাই চিংফৌ চিনটেং মনিপুৰি তাই টিপৰা ডিমাছা অকা দফলা ককাই চুতীয়া দেউৰী টোটোলা কোচ হাজং বৰাহী জাগিব লাগিব তই, জাগ৷...”
আকৌ লিখিছে—
“অ' অসমীয়া ডেকা দল আজি তোৰ তেজাল বদন মলিন কিয় হ’ল?... কীৰ্তন দশম নামঘোষা হওক আমাৰ শৌৰ্য নাট গীত নাম বৰগীত হওক ৰণৰ তুৰ্য৷” আদি৷
৯. সাম্প্ৰদায়িকসম্প্ৰীতিৰভাবনা : ৰাভাৰ কেইবাটাও কবিতাত সাম্প্ৰদায়িক সম্প্ৰীতিৰ ভাবনা পৰিস্ফুট৷ যেনে—
“দূৰ আৰৱত মৰুৰ বুকুত বয় ভকতি আজান পুঁৱতী নিশাৰ সোণালী ঊষাৰ উঠে মউ সনা গান৷ মিলনৰ সুৰ বোৱায়, শুনে সৰৱ জাহান,— একেটি মালাৰ ডোলতে গঁথা সবাৰে পৰাণ৷”
এই একেটি মালাৰ ডোলতে গঁথা সবাৰে পৰাণ শাৰীটো ব্যৱহাৰ কৰাৰ দ্বাৰা আমি যে একেজন ঈশ্বৰৰ সন্তান, আমাৰ মাজত কোনো বিভাজন নাই—এই কথা তেওঁ পুনঃ সোঁৱৰাই দিছে৷
১০. আধ্যাত্মিক ভাবনা : কমিউনিষ্ট আদৰ্শৰ মানুহে ঈশ্বৰ বিশ্বাস নকৰে বুলি কয়৷ কিন্তু ৰাভা আছিল তাৰ কিছু ব্যতিক্ৰম৷ তেওঁৰ সৰহ ভাগ কবিতা আৰু গীততে এক ঐশ্বৰিক শক্তিক পৰম আস্থাৰে সম্বোধন কৰা আমি দেখোঁ৷ পাপ-পুণ্য, ধৰ্ম-অধৰ্মৰ প্ৰভেদ দেখুৱাই তেওঁ গীত আৰু কবিতাৰে তদানীন্তন অধঃপতিত সমাজখনৰ ছবি আঁকিছে৷ এটা দীঘলীয়া কবিতাত ৰাভাই “তাণ্ডৱ ৰত ভোলা শিৱ শংকৰ” বুলি মহাদেৱ শিৱৰ বন্দনা কৰিছে৷ কিন্তু, তেওঁৰ আধ্যাত্মিক ভাবনা আছিল একান্তই আন্তৰিক, বাহ্যিক আচাৰসৰ্বস্বতাক তেওঁ নামানিছিল৷ আচলতে, তেওঁৰ আধ্যাত্মিকতা মানৱতাবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল৷ তেওঁৰ সৰহ সংখ্যক গীত আৰু কবিতাই প্ৰত্যক্ষ বা পৰোক্ষভাবে মানৱতাবাদৰে জয়গুণ গাইছে৷ সুন্দৰৰ পূজাৰী, বিপ্লৱী শিল্পী বিষ্ণু ৰাভাক আমি সেয়ে মানৱতাবাদৰ পূজাৰী বুলি আখ্যা দিব পাৰোঁ৷
সামৰণি : বিষ্ণু ৰাভাৰ গীত আৰু কবিতাৰ ভাব-বৈচিত্ৰ্য আৰু আংগিকৰ বিশেষত্ব মন কৰিবলগীয়া দিশ৷ ৰাভা কলাৰ প্ৰতি গভীৰভাবে অনুৰক্ত এগৰাকী প্ৰকৃত শিল্পী আৰু কবি আছিল৷ সেয়ে প্ৰতিটো কথা আৰু বিষয়ক কলাত্মক ভাবনাৰে উপস্থাপন কৰিছিল৷ তেওঁৰ গীত আৰু কবিতাবোৰত বিভিন্ন ভাবৰ সমাহাৰ ঘটিছে, যেনে— ৰোমাণ্টিক প্ৰেম, বিৰহ, দ্বন্দ্ব, বিদ্ৰোহ, প্ৰকৃতি-প্ৰেম, ধৰ্মনিৰপেক্ষতা, গণতান্ত্ৰিক ভাবনা, সংস্কাৰ, মানৱতা, অপত্য স্নেহ, জ্ঞান আৰু সুন্দৰৰ সাধনা আদি৷ ইয়াৰ উপৰি বহু কবিতাত ব্যঙ্গ, ঘৃণা, স্মৃতি, বন্দনা আদিও আছে৷ ৰাভাই তেওঁৰ শিল্পকৰ্মবোৰ মনৰ খোৰাক পূৰণৰ বাবে নিৰ্মাণ কৰা নাছিল—প্ৰতিটোৰে মহৎ উদ্দেশ্য আছিল৷ মুখ্য উদেশ্যটো আছিল—মানৱীয় সত্তাৰ উত্তৰণ আৰু সমাজখনক সুন্দৰ ৰূপত গঢ়ি তোলা৷ তেওঁ প্ৰকৃতাৰ্থতে এগৰাকী নিৰ্ভেজাল কবি আছিল৷ তেওঁ ভাষা আৰু ছন্দৰ প্ৰয়োগত বিশেষ সাবধান আছিল৷ মুক্তক ছন্দ আৰু স্পন্দিত গদ্যৰ অৱলম্বন তেওঁৰ বহু গীত-কবিতাত দেখা যায়৷ সৰহখিনি গীত আৰু কবিতাতে সমাজচেতনা তীব্ৰ৷ বহু গীত আৰু কবিতাত ৰাভাই অসমীয়া লোকসাহিত্যৰ ভাষা, সুৰ আৰু কাহিনীক আদৰি আনিছে৷ ‘বিলতে হালিছে ধুনীয়া পদুমী’, ‘অ’ অসমীয়া ডেকা দ’ল’, ‘কাষতে ক’লচি লৈ’, ‘আজলী ছোৱালী’, ‘মেলানি বেলাৰ বিদায় লগন’, ‘লগন উকলি গ’ল’, ‘পৰজনমৰ শুভ লগনত’, ‘মোৰ জীৱনৰ আকাশতে’, ‘বিশ্বৰ ছন্দে ছন্দে’, ‘সুৰৰ দেউলৰে’, ‘আজি মন্দিৰৰ দুৱাৰ খোলা’, ‘ব’ল ব’ল ব’ল ব’ল’, ‘নিছলা আইৰে’, ‘জয়া নাই’ আদি তেওঁৰ অসমীয়া সাহিত্য আৰু সংগীতজগতলৈ নজহা নপমা অৱদান৷ ‘নাৰী’, ‘উভয় পুনৰ’, ‘ভঙা-প্ৰিয়া’, ‘ন-সমাজ’, ‘কল্পনা মূৰুতি’, ‘কাৰবালা’, ‘অঘৰীৰ ঘৰ’ ইত্যাদি ৰাভাৰ দীঘল কবিতা৷ জনপ্ৰিয় বৈষ্ণৱ সাহিত্যৰ দ্বাৰাও ৰাভাৰ গীত আৰু কবিতাবোৰ প্ৰভাৱান্বিত৷ তেওঁৰ গীত আৰু কবিতাৰ ভাষা সহজ-সৰল—সৰ্বসাধাৰণে সহজে বুজিব পৰা৷ ভাবপ্ৰকাশক শব্দবোৰ অতি আকৰ্ষণীয় আৰু যথাযথ ৷ আৱেগপ্ৰৱণ ভাৱ, কাব্যিক ব্যঞ্জনাই গীত আৰু কবিতাবোৰক ৰসোত্তীৰ্ণ কৰি তুলিছে৷ ৰাভাৰ সৰহভাগ গীত আৰু কবিতাৰ সামগ্ৰিক মাধূৰ্য আৰু ব্যঞ্জনাই ৰাভাৰ সাহিত্যকৰ্মক বহু উচ্চ স্তৰৰ গণ-সাহিত্যলৈ উন্নিত কৰিছে৷
অনিৰ্বাণ দত্ত হাৱাজান নিবাসী এগৰাকী লেখক, কবি৷