ওপজা গাঁও
বাৰিষা যেনিতেনি পানী
বাটতে মাছ বাটতে কাছ
বাৰী-ঘৰ পথাৰত
কচু-ঢেঁকীয়া শাক
খৰালি ধূলি-বালি
যেনিতেনি আলি
মোৰ শৈশৱ-যৌৱনৰ থলি
দোপনি পুখুৰীত জয়াল দুপৰীয়া
চেঙা মাছে হাৰিলে
কঁপি উঠে চেঙেলীয়া বুকু
বাৰিষাৰ ভৰপূৰ জানত
এলেং মাছে বৰশী খুঁটে
লালুৱা শিঙৰাই বামত পৰি নাচে
সোঁৱৰণিৰ বতাহত উৰি
আৰু যে নাহিব সেইদিন ঘূৰি!
মানুহে ভেটিলে উদণ্ড নদী
পথাৰে নোপোৱা হ’ল
পলসুৱা মাটি
আকৌ বা কেতিয়া সেউজীয়া হ’ব বালি
একে আছে দিনৰ বেল
একে আছে ৰাতিৰ জোন
গুচি গ’ল গছ-বন
ভাগি-ছিগি শেষ হ’ল
স্বাধীন প্ৰকৃতিৰ সাজোন-কাচোম
উদং হ’ল মোৰ ওপজা গাঁও৷
ফুল ফুলিবই
ফুলৰ কাম ফুলা
ফুলি আছে
আৰু ফুলি থাকিব
লতাৰ কাম বগোৱা
বগাই আছে
আৰু বগাই থাকিব
মানুহৰ হিংস্ৰ হাতে
উভালি পেলাব পাৰে গছ
তাৰো ফুলিলে ফুল
বাহুত বন্দী কৰিলেও
ফুলে মেলে পাহি
ফুলক লালন-পালন কৰিবলৈ আছে
বতাহ বৰষুণ আৰু মাটি
শেষত ধুনীয়া ফুলবোৰ ছিঙিবলৈ আছোঁ
আমি মানুহবোৰ
কাৰণ মানুহৰহে আছে
হাত আৰু হাকুটি৷
An English translation of the poems.