বীৰেন গগৈৰ কবিতা

Issue: Vol. IV, No. 4, February-April, 2026

মনৰ মাতবোৰ পাহৰিছোঁ

মনৰ মাতবোৰ পাহৰিছোঁ
স্মৃতিৰ চকুৱে নেদেখা হ’ল
ছবি

কত যে শুনিলোঁ
আপোন মনৰ মাত
কিমান যে দেখিলোঁ
প্ৰকৃতিৰ প্ৰথম আগমন
মাটি-পানী বন-বিৰিখে
সাবটি ৰখা আকাশ

সকলো নিস্তব্ধ
এখন নিমাত-নিতাল পৃথিৱী
লাহে লাহে হেৰাইছে
আমি দেখা জীৱনৰ বুৰঞ্জী
আমি দেখা জীৱনৰ ভূগোল

মন নথকা মানুহ নাই
দিনে দিনে নেদেখা হ’লোঁ
মনৰ মাত



একেখন আকাশৰ তলতে আছিলোঁ

ৰবীন্দ্ৰ সৰকাৰৰ সোঁৱৰণত

নীৰৱে নোহোৱা হ’ল
এটা নাম
বহু চেনেহৰ আছিল
তেওঁৰ মোৰ মাত

ইমান আপোন আছিল
তেওঁৰ মোৰ আকাশ
ইমান চিনাকি আছিল
তেওঁৰ মোৰ বতাহ
ইমান চিনাকি আছিল
তেওঁৰ মোৰ উশাহ

এতিয়াও মাতটো মোৰ কাণত বাজে
ফাঁচিবজাৰ, মালিগাঁৱত উৰি ফুৰে
সৰল-সহজ মনৰ বিদ্ৰোহী শব্দ
কবিতাৰ সযতন আখৰা

অতদিন আমি সুখে-দুখে
একেখন আকাশৰ তলতে আছিলোঁ

An English translation of the poems.