Issue: Vol. IV, No. 2, August-October, 2025
বতাহ লাগি গছৰ পাতবোৰ কঁপে
বতাহ লাগি গছৰ পাতবোৰ কঁপে
পকা পাত সৰে
কেঁচা পাতে কান্দে
সময়ৰ খোজত সময় জিলিকে
সময়ৰ খোজত সময় মৰহে
নীৰৱে নিখোজ হয়
ঢাপে ঢাপে জীৱন
দিনে দিনে জহিখহি আহিছে
সেউজীয়া হেৰুৱাই পাহাৰ
বায়ু পানী মাটিৰো থৰক-বৰক খোজ
আকাশখন অকলশৰে কান্দিকাটি
আকাশতে হেৰায়।
মাটি গছৰ ঘৰ
মাটি গছৰ ঘৰ
বায়ু-পানী বাটতে হেৰায়
মাতৃৰ কোলাত যেন শিশু
শিলতো সৰকি যায় শিপা
ৰঙৰ খেল খেলি
শিপাই গলাব পাৰে
শিলৰ হৃদয়
গছবোৰ কবিতা
ডাল-পাতৰ পোহৰত
সুজলা-সুফলা
ফুট-গধূলিতে ভালুক আহি
বাৰীত কুঁহিয়াৰ খোৱা দিনবোৰ
কেতিয়াবাই সাধু হ’ল।