পৰিৱৰ্তন
গাঁওখনত ইকৰা বেৰ নাইকিয়া হৈছে
পাকঘৰৰ চুঙা বাঁহৰ বেংক বেলেঞ্চ লজ্জিত হৈছে
চূণ লগোৱা বাঁহৰ খুঁটাৰো দেখাদেখি নাই
শামুকভঙাৰ ঠাইত ইবিচ চৰাইৰ সমদল
চৰাইজাকে বিষ্ঠাত এৰি দিয়ে বীজ
কিছু বীজ চিনাকি কিছু বীজ অচিনাকি
গছ-গছনি হয়
জিৰণি লওঁ গছৰ ছাঁত
পকী ঘৰ সাজিব
চাৰিলেনযুক্ত কংক্ৰীটৰ ৰাস্তা বনাব
গছ কাটি টহিলং কৰিলে
শামুকভঙা চৰাইজাকৰ জিৰণি লোৱা গছজোপা নাইকিয়া হ'ল
চৰাইবোৰ নেদেখা হ'লোঁ
ভৰিত ধূলি নলগা হ'ল
শৰীৰত ডিহাইড্ৰেচন আৰম্ভ
প্ৰকৃতিৰ সৌন্দৰ্য ম্লান পৰিল
তথাপি গাঁৱৰ ঘৰখন বিচাৰোঁ
এজাক চৰাই আৰু এখন কাঠনিবাৰীৰ
বিপুল ৰেগন এগৰাকী কবি আৰু লেখক৷ সীতা ৰাৱণৰ আত্মকথন তেওঁৰ শেহতীয়া কাব্যগ্ৰন্থ৷ যোৱা ৫ জুলাই তাৰিখে কবিগৰাকীৰ অকাল মৃত্যু ঘটে৷ মৃত্যুৰ কেইদিনমানৰ আগতে উক্ত কবিতাটো PWF-লৈ তেওঁ প্ৰেৰণ কৰিছিল৷সম্ভৱতঃ এইটোৱেই তেওঁৰ অন্তিম কবিতা৷ কবিগৰাকীলৈ শ্ৰদ্ধা যাচি কবিতাটো ইংৰাজী অনুবাদৰ সৈতে ইয়াত প্ৰকাশ কৰা হ’ল৷