তুমি যদি মোৰ চকুত নোকোৱা কথাবোৰ কোৱা
মই: নোকোৱা কথাবোৰ ক’লোঁ তোমাৰ চকুত
ভয় নাখাবা,
নদীয়ে মথাউৰি ভঙাৰ দৰে নাভাঙো কলিজা
নিয়ৰ পৰিলে মনটো এনেয়ে ভাল লাগে
সেউজীয়া সপোনৰ আশাত
তুমি: নিয়ৰ ভৰা সেউজীয়া বননিক
হাউলি ফুলবোৰে কথা কোৱা হ’লে?
মথাউৰি ভঙা নৈবোৰক সাবটি ল’লোঁহেঁতেন!
মই: ফুলবোৰক হাউলি কথা ক’লে
মালীয়ে ফুলবোৰ তুলি নিয়ে,
বাঢ়নী নৈক সাবটি লোৱা ইমান সহজ নহয়
চপৰা-চপৰে কলিজা খহাব৷
তুমি: বাঢ়নী নৈকো সাবটি ল’ব পাৰি
তুমি যদি মোৰ চকুত নোকোৱা কথাবোৰ কোৱা
জানাই, নিয়ৰ পৰিলে মোৰো মনটো ভাল লাগে।
জীৱন
নদীয়ে গঢ়ে জীৱনৰ সভ্যতা
নদীয়ে কঢ়িয়াই নিয়ে মোৰ জীৱনগাথা
এটা দীঘল পৰিক্ৰমাৰে আপোনাৰা জীৱনগাথালৈ
নদীত মুখ চাই গছ-বিৰিখে ছাঁ-পোহৰৰ খেলা কৰিছিল
আদম-ইভে সাঁতুৰিছিল-নাদুৰিছিল
আজি মই কঢ়িয়াই ফুৰিছোঁ আদম-ইভৰ জিন
পাহাৰৰ পৰা নামি আহিলোঁ ভৈয়ামলৈ
কুলুকুলু ধ্বনি লৈ পাহাৰ-ভৈয়ামক মিলন ঘটালোঁ
সংস্কৃতি সলনি হ'ল
আৰম্ভ কৰিলোঁ জীৱনৰ নতুন খেলা
বন্ধু হ’ল, শত্ৰু হ'ল, মৃত্যু হ’ল
আপদীয়া হঁয়কলি চৰাইজনী মাত দি উৰি যায়
খহি পৰোঁ আকাশৰ পৰা
জীৱনৰ নদীত ৰক্তাক্ত তৰোৱাল
শুই আছে অচিন বেদনা
কাৰ বেদনাত নদীয়ে উচুপে
কাৰ বেদনাত পাটকাইৰ ইপাৰলৈ
মোৰ চকুয়ে জুমি চায়
জুমি চাই মোৰ ঠিকনা
নদীখন যি বাটে আহিছে
সেই বাটেদি মোৰ ঘৰলৈ যায়৷
বিপুল ৰেগন এগৰাকী অসমীয়া কবি আৰু লেখক৷ হিন্দীৰ স্নাতকোত্তৰ ৰেগনে অসমীয়া ভাষাৰ লগতে মালয়ালম আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰি আহিছে৷ তেওঁৰ প্ৰকাশিত কাব্য-সংকলন চাৰিখন, উপন্যাস আৰু গল্প-সংকলন এখন৷ যোৰহাটস্থিত অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ হিন্দী বিভাগত প্ৰবক্তা হিচাপে কৰ্মৰত ৰেগনৰ শেহতীয়া কাব্য-সংকলনখন হ’ল সীতা ৰাৱণৰ আত্মকথন৷