দৃষ্টি নন্দিনী
(মৰমৰ পিউৰ হাতত)
একোলা দুকোলাকৈ বাঢ়ি অহা
উমাল সপোনবোৰৰ দৰে আছিল কথাবোৰ
নিয়ৰৰ লেফাফাত সোমাই থকা
বনগীতৰ দৰে
কোমল পুৱাৰ এটি শিশু
কান্দোনত পাত সৰি পৰা শেষৰ ঘুমটি এৰি
আকাশৰ আঁচলত জিলিকি থকা নক্ষত্ৰ তুমিয়েই আছিলা,
আকস্মিকভাৱে শইচৰ দ-পথাৰত
মোৰ শৈশৱ তোমাৰ মুখত লাগি থকা দেখিছোঁ
পানীখেলৰ সুখত উন্মাদ হোৱাৰ দৰে...
চকৰীৰ পাকত জঁট লগা কৃত্ৰিমতাৰ মাজত
শৈশৱৰ মাটিধেমালি, বালি লগা দুহাতেই ভাল
স্বাৰ্থ সিদ্ধিৰ মাজত কি আছে!
মা-দেউতাৰ বুকুত আছে মুকুতা,
মুক্তি দেউল
পথাৰখনৰ দৰে সম্পৰ্কতো চিৰাল ফাট দিয়ে
মাতবোৰতো লাগি থাকে জঠৰতা, সহজ নহয় জীৱন জী থকা,
বিফলতাবোৰতো হাঁহি থকা
মানুহ হোৱা পিউ
মানুহৰ বাবে সেউজীয়া শইচ সিঁচি
পিটিকি খোৱা সুখৰ পিটিকা
বালিঘৰৰ মাজত আঙুলি
পখিলা বিচাৰি ফুৰা চকু
তোমাৰ বাবেই আকৌ
জ্বলাইছোঁ সুখৰ ফুলজাৰি
মানুহ হোৱা পিউ।
An English translation of the poem.