বিজিতা শৰ্মাৰ কবিতা

Issue: Vol. IV, No. 3, November-January, 2025-26

শূন্য গলিৰ ৰজা

শুৱাহাটী—
আজি শূন্য কাপত
গৰম চাহ,
মানুহে ধৰা কাপত
তেওঁৰ অদৃশ্য ওঁঠ,
একো দেখা নোপোৱা
কিন্তু সকলোৰে বুকুত
অনুভৱ কৰিব পাৰি।

সময়ৰ ধোঁৱাই আঁকিছে
এখন অদ্ভুত মানচিত্ৰ,
গলিয়ে গলিয়ে অংকিত।
যাক দেখি প্ৰত্যেক
মানুহৰ হাঁহি, কান্দোন
সকলো একে সুৰত মিলি গৈছে।

এজন গায়ক
যি হাঁহিলে
নদীয়ে নিজৰ সোঁত সলনি কৰিছিল,
মধুৰ গান গাইছিল,
তেওঁৰ সুৰত নাচি উঠিছিল
ধাননি পথাৰ।
তেওঁৰ উপস্থিতিত
চাহ দোকানখনো
জিলিকি উঠিছিল
এটা ৰাজভৱনৰ দৰে।

এতিয়া আকাশে টংকাৰ
মাৰে শূন্যতাত,
মৃদংগ, খোল বাজে
কিন্তু নাচ নাই
কেৱল নিঃশব্দ
ভগ্ন এটা সুৰ।
এই ৰাজ্যৰ মাটিৰ বুকুত
বিলীন হৈ গ’ল
তেওঁৰ হাঁহিৰ প্ৰতিধ্বনি
তেওঁৰ সুৰ।

দেখুৱাই গ’ল তেওঁ
যে ৰজা মানে সিংহাসন নহয়,
ৰজা মানে ব্ৰহ্মপুত্ৰৰ উম,
চাহৰ গোন্ধ,
মানুহৰ সুৰত থকাৰ
অনুভূতি।



ভয়ৰ পিছত

এইটো অকস্মাতে
হোৱা নাছিল,
ভয়ৰ অন্ত আছিল
শীতল নিয়ৰৰ দৰে
নীৰৱ,
ধৰিবই নোৱাৰিলে
কোনেও।

এসময়ত ময়ো
তাৰ লগতে ফুৰিছিলোঁ
মোৰ মেজত, মোৰ কিতাপত,
মোৰ স্বৰত যি গোপন
হৈ আছিল।
লাহে লাহে
ছায়াবোৰ পাতল হৈ
আহিছিল।

মোৰ মুখৰ তাল
নীৰৱে খুলিব ধৰা হ’ল,
কাৰো চকুত ধৰা নপৰাকৈয়ে
হৈ গ’লচোন সকলো!
মই হাঁহিলোঁ
অতি জোৰে নহয়
কিন্তু সেই হাঁহিটো
কেৱল মোৰ আছিল।

সকলোৱে কয় যে
জীৱন আৰম্ভ হয়
য’ত ভয়ৰ অন্ত হয়
কিন্তু কোনেও
এইটো কোৱা নাছিল
যে সেই অনুভূতিটো
নিজলৈ উভতি অহাৰ দৰে
হ’ব বুলি।