অনিৰ্বাণ দত্ত
Issue: Vol. IV, No. 3, November-January, 2025-26

কবিতা এটা লিখাৰ বেলিকা আমি বাছকবনীয়া শব্দ গোটাই লওঁ, সজাওঁ৷ ভাববস্তুক উজ্জ্বলকৈ দাঙি ধৰিবলৈ ছন্দ, মাত্ৰা (metre), অলংকাৰ বাছি লৈ আকৰ্ষণীয় আংগিকত সজাওঁ৷ কিছুমান শব্দ ত্যাগ কৰোঁ আকৌ নতুন শব্দ সংযোগ কৰোঁ… তাৰমানে অনেক কাব্য কৌশল প্ৰয়োগ কৰি কবিতা এটাৰ ভাল অৰ্থ সৃষ্টি কৰিবলৈ অশেষ কষ্ট কৰোঁ বা অলেখ সময় খৰচ কৰোঁ৷ কিন্তু, কবিতা এটাৰ অৰ্থ সৃষ্টি কৰাত যে পাঠকসকলৰো গুৰুত্বপূৰ্ণ ভূমিকা থাকিব পাৰে সেই কথা আমি এবাৰো নাভাবোঁ৷ কবিতাক কবিৰ একপক্ষীয় সৃষ্টি বুলি আৰু কবিতাৰ অৰ্থ কবিয়ে নিৰ্ধাৰণ কৰা একমাত্ৰ ভাববস্তু বুলি আমি ধৰি থাকোঁ৷ ৰসত চতুৰ পাঠকে যে কবিৰ শব্দ শিল্পক পৃথক দৃষ্টিৰে চাব পাৰে, তাত ভিন্ ভিন্ অৰ্থ আৰোপ কৰিব পাৰে আৰু কবিতাক অধিক জীৱন্ত কৰি তুলিব পাৰে —এই কথা পাহৰিয়ে থাকোঁ৷ কোৱা হয় পক্ষীসবে পখা অনুসাৰে উৰে, একেদৰে পাঠকসকলেও নিজৰ অধ্যয়নৰ গভীৰতা, বুদ্ধিৰ স্তৰ আৰু নান্দনিক উপলব্ধি অনুসাৰে একোটা কবিতাৰ নতুন নতুন অৰ্থ উদ্ভাৱন কৰি ভাগে ভাগে তৃপ্ত হ’ব পাৰে৷ গতিকে, সেইদৰেই কবিতাৰ ৰস পান কৰি তৃপ্ত হ’বলৈ পাঠকে থল পাব লাগে৷ আনহাতে, সাধাৰণ জনতাৰ মুখৰ ভাষা, কথিত ভাষা, বা মিশ্ৰ (jargon) ভাষাৰেও যে প্ৰভাৱশালী কবিতা লিখিব পাৰি তাক আমি অবজ্ঞা কৰোঁ৷ পৰম্পৰাগত কাৰিকৰী কৌশলেৰে ছন্দ, লয়, উপমা, অলংকাৰ সমৃদ্ধ মান্য ভাষাৰে কবিতা লিখাত জোৰ দি নাথাকি আমি যে কবিতাক কথিত গদ্য ভাষাৰ ওচৰ চপাই আনিব পাৰোঁ সেই দিশত আমাৰ আস্থা কম৷ মুঠতে আমি, কবিতা পঢ়া আৰু লিখাত সদায় এক শুচিবায়ুগ্ৰস্ত মন এটা লৈ আগবাঢ়োঁ৷ ভাষা কবিতা —এইবোৰ দিশেৰে কিছু ব্যতিক্ৰম উদ্যোগ৷
কবিতাৰ পৰম্পৰাগত আদৰ্শ, আংগিক আৰু ধাৰণাৰ প্ৰতি প্ৰত্যাহ্বান জনাই আমেৰিকাত গঢ় লৈ উঠিল ‘ভা=ষা কবিতা’ (L=A=N=G=U=A=G=E Poetry)৷ কবিতাৰ অৰ্থ উদ্ভাৱনত পাঠকসকলৰ ভূমিকাক অধিক সন্মান জনাই ই সাহিত্যৰ এক অভিনৱ তথা প্ৰগতিশীল (avant-grade) আন্দোলন হিচাপে জনপ্ৰিয় হৈ পৰিল৷ সময়খিনি আছিল ১৯৬০ দশক, যেতিয়া আমেৰিকাত সাহিত্যই ব্যাপক সমাজ পৰিৱৰ্তনৰ অনুঘটক হিচাপে কাম কৰি আছিল৷ সাহিত্যক সেই ভুমিকা ল’বলৈ পৰিস্থিতি তৈয়াৰ কৰি দিছিল আমেৰিকাৰ পক্ষপাতদুষ্ট ভিয়েটনাম নীতি, আফ্ৰো-আমেৰিকান যুৱক-যুৱতী পুৰুষৰ লগত হোৱা সামাজিক অন্যায়, আৰু ক্ৰমবৰ্ধিত নিবনুৱা সমস্যা আদিয়ে৷ সেই সময়তে, ভাষা কবিসকলে পৰম্পৰাগত কাব্য কৌশল আৰু দৰ্শনক চেৰাই নতুন নতুন কৌশলেৰে কবিতা লিখা আৰম্ভ কৰিলে৷ কবিতাত সাম্যবাদী আদৰ্শ, মুক্ত চিন্তা, ব্যক্তি স্বাধীনতা, বিশ্বভাতৃত্ব, শান্তি, বহুত্ববাদ ইত্যাদি প্ৰমূল্য জিলিকি উঠিল৷ ভাষা কবিসকলে পৰম্পৰাগত ব্যাকৰণ নিৰ্ভৰ ভাষা পৰিত্যাগ কৰি কবিতা লিখিলে বা ব্যাকৰণৰ নিয়ম ভংগ কৰি কবিতাৰ ভাষা নতুনকৈ নিৰ্মাণ কৰিলে৷ মান্য ইংৰাজী ভাষাক আওকাণ কৰি কথিত আমেৰিকান ইংৰাজী ভাষাত কবিতা লিখিও পাঠকক নতুন সোৱাদ দিলে৷ তেওঁলোকে কবিতাৰ আংগিক আৰু কাব্য দৰ্শনলৈও আনিলে ব্যাপক পৰিৱৰ্তন৷ কবিতা লিখা আৰু পঢ়া কৰ্মটো কেৱল কলাৰ সাধনা নহয় ই যে সামাজ আৰু ৰাজনীতিক সংশোধন কৰিব পৰা এটা অমোঘ শক্তি তাক প্ৰতিপন্ন কৰিলে৷ পাঠকসকলক মুক্ত স্বাধীনতা দি নিজে ভালপোৱাৰ দৰে কবিতা পঢ়িবলৈ উদগনি দিলে৷ একেসময়তে, নিজৰ ধৰণেৰে কবিতাৰ পাঠ বিশ্লেষণ কৰিবলৈ আৰু কবিতাৰ অৰ্থ নিৰ্মাণ কৰিবলৈ ভাষা কবিতাই পাঠকসকলক পৰ্যাপ্ত থল দান কৰিলে৷ ফলস্বৰূপে কবিতা, কাব্যিক দৰ্শন আৰু শব্দাৰ্থ সংকেত বিজ্ঞান (semiotics) আদি ইটো আনটোৰ অধিক ওচৰ চাপি আহিল৷
ভাষা কবিতাত পাঠকৰ অংশগ্ৰহণ জৰুৰী৷ নাটক এখনত অভিনয় কৰা আৰু নাটকখন উপভোগ কৰা দুটা কাৰ্য৷ ভাষা কবিতাই কবি আৰু পাঠকক অভিনেতা আৰু দৰ্শকৰ দৰে দুই মূৰে বহুৱাই ৰখাৰ বিৰোধিতা কৰে; বৰং, ইতিপূৰ্বে লিখিত কবিতাটোৰ অৰ্থ সৃষ্টি কৰাত পাঠককো অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাই৷ কবিতা এটা পঢ়ি পাঠকে নাটক এখন চোৱাৰ দৰে নিষ্ক্ৰিয় অভিজ্ঞতা এটা লৈ বহি থাকিবলৈ সুবিধা নাপায়; বৰং ভাষা কবিতাই পাঠকক সংশ্লিষ্ট কবিতাটোৰ ন ন অৰ্থ উদ্ভাৱন কৰিবলৈ প্ৰৰোচিত কৰি থাকে৷ অৰ্থাৎ, কাব্যিক কৌশল প্ৰয়োগ কৰি ভাষা কবিতাই পাঠকক নীৰৱ শ্ৰোতাৰ স্থানৰ পৰা সক্ৰিয় অংশগ্ৰহণকাৰী স্তৰলৈ আগুৱাই লৈ যায়৷ কোৱাই হয় যে পাঠকৰ হাততহে কবিতাই পূৰ্ণতা লাভ কৰে৷ নতুন কাব্য দৰ্শনে কৈছে যে কবিয়ে কাগজত পংক্তি এটা লিখি উলিয়াবলৈ বাছি লোৱা উৎকৃষ্ট শব্দবোৰ যিমান গুৰুত্বপূৰ্ণ, সিমান পৰিমাণে পাঠকজন নিজে আৰু পাঠকে দিয়া নিজৰ ব্যাখ্যাটোও কবিৰ মানত সমান গুৰুত্বপূৰ্ণ বিষয় হ’ব লাগে। অৰ্থাৎ, পাঠকৰ উপস্থিতি আৰু পাঠকৰ নিজা ব্যাখ্যা অবিহনে কবিৰ কবিতা সদায় অসম্পূৰ্ণ৷
১৯৬০ দশকৰ শেষৰ ফালে আৰু ’৭০ দশকৰ আৰম্ভণিতে আমেৰিকাত এক অভিনৱ কাব্য আন্দোলন হিচাপে ভা=ষা কবিতাই আত্মপ্ৰকাশ কৰিছিল৷ ই পোনেই আমেৰিকাৰ মূল সুঁতিৰ কাব্য পৰম্পৰাক প্ৰত্যাহ্বান জনাইছিল আৰু তদানীন্তন কাব্য ধাৰণা তথা কাব্য দৰ্শনলৈ আমূল পৰিৱৰ্তন আনিছিল৷ পৰম্পৰাগত কাব্য শৈলীৰ বিপৰীতে সেই কালছোৱাত কিছুমান নতুন আংগিক আৰু দৰ্শনৰ কবিতা ৰচনা কৰা হৈছিল যিবোৰ হিলছ (Hills); ডিছ (This); ট’টেলছ (Tottels); লে=ঙ=গু=ৱে=জ (L=A=N=G=U=A=G=E); ট্যাম্বা প্ৰেছ (Tuumba Press) ইত্যাদি পত্ৰিকা আৰু আলোচনীত বহুলভাৱে প্ৰচাৰ হৈছিল৷ ভাষা কবিতা আন্দোলনটোক সেই কালত ছানফ্ৰান্সিস্কো আৰু নিউইয়ৰ্ক চহৰৰ বিভিন্ন কবি সম্প্ৰদায়ে বিকশাই তুলিছিল৷ ভাষা কবিতাৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণত চাৰ্লছ বাৰ্নষ্টেইন (Charles Bernstein) আৰু ব্ৰুচ এণ্ড্ৰুজ(Bruce Andrews)ৰ সম্পাদনাত প্ৰকাশিত L=A=N=G=U=A=G=E আলোচনী আৰু ৰবাৰ্ট গ্ৰেনিয়াৰ (Robert Grenier) আৰু বেৰেট ৱাটেন(Barrett Watten)ৰ সম্পাদনাত প্ৰকাশিত This পত্ৰিকাখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ বিশেষকৈ, এই আলোচনী দুখনেই ‘ভাষা কবিতা’ৰ আন্দোলনটোক নি আমেৰিকাৰ মূল সুঁতিৰ কবি আৰু পাঠক সমালোচকৰ ওচৰত থিয় কৰাই দিছিল৷ ভাষা কবিতা আন্দোলনৰ আন কেইগৰাকীমান বাটকটীয়া কবি আছিল— মাইকেল পামাৰ (Michael Palmer), লেন হেজেনিয়ান (Lyn Heijinian), ৰন ছিলিমেন (Ron Silliman), ছুছান হাৱ’ (Susan Howe), ৰে’ আৰ্মেণ্ট্ৰাউট (Rae Armantrout) আদি৷ কাব্য সাহিত্যত তেওঁলোকে কৰা অভিনৱ কামবোৰে পাঠক সমাজক নতুন অভিজ্ঞতা দান কৰিছিল৷
ভাষা কবিতা শৈলীটো কাব্য সাহিত্যত যিদৰে নতুন ঠিক একেদৰে ভা=ষা কবিতা (L=A=N=G=U=A=G=E Poetry) সজ্জা(decoration)টোও অগতানুগতিক৷ এই কথাটোক লৈ বাংলা কবি আৰ্যনিল মুখাৰ্জীয়ে ২০০৬-০৭ চনত কৌৰৱ নামৰ এখন বাংলা অনলাইন আলোচনীৰ বাবে লোৱা এটা সাক্ষাৎকাৰত চাৰ্লছ বাৰ্নষ্টেইনক সুধিছিল, “ভাষা কবিসকলে কিয় ‘L=A=N=G=U=A=G=E’ বানানটো লিখিবলৈ বাছি লৈছিল? ভাষা মূলতঃ চিহ্নৰ সমষ্টি বুলি জোৰ দিবলৈ নেকি?” চাৰ্লছ বাৰ্নষ্টেইনে উত্তৰ দিছিল যে তেওঁলোক কবি বন্ধুসকলে এখন দীঘলীয়া নামৰ তালিকাৰ মাজৰ পৰা ‘Language’ নামটো নিৰ্বাচন কৰিছিল৷ সেই নামটোক অগতানুগতিক গঠন এটা দিবলৈ গৈ তেওঁ আৰু ব্ৰুচ এণ্ড্ৰুজে প্ৰতিটো আখৰৰ মাজত সমান চিন একোটা দিবলৈ ঠিৰাং কৰিছিল যাতে নামটো বেলেগতকৈ ভিন্ন হ’ব আৰু Linguistic Society of America-ৰ একে শিৰোনামাৰ আলোচনীৰ পৰা তথা Jack Spicerৰ একে নামৰ বিখ্যাত কিতাপখনৰ পৰাও বেলেগ হ’ব৷ আখৰবোৰৰ মাজত দিয়া সেই সমান চিনবোৰৰ অৰ্থ কি তাৰ বিষয়ে হেনো তেওঁলোকে স্পষ্টভাৱে তেতিয়া একো আলোচনা কৰা নাছিল, কিন্তু দেখি সকলোৱে ভাল পাইছিল আৰু সেইমতেই সকলো সন্তুষ্ট হৈছিল৷
ভাষা কবিতা (Language poetry) নামটোৰ আন এটা তাৎপৰ্যও আছে—সি হ’ল ভাষা কবিতাই পৰম্পৰাগত শৈলী আৰু ধাৰণাৰ বিপৰীতে কবিতাত ভাষাকহে অধিক গুৰুত্বপূৰ্ণ উপাদান বুলি গণ্য কৰে৷ কবিয়ে ক’ব লগা কথাবোৰ ভাষা কবিতাত নিৰ্বাচিত শব্দই ক’ব, বাক্যই ক’ব৷ কবিতাৰ আঁৰত থাকি কবিয়ে নিজে বা কোনোবা আখ্যানে বা আৱেগিক বিষয়বস্তুৱে কোৱাৰ সুবিধা নাই৷ পাঠকে নিজে ভাষাৰ লগত যোগসূত্ৰ স্থাপন কৰি কবিতাৰ অৰ্থ নিজে সৃষ্টি কৰিব পাৰিব৷ আনকি, মান্যভাষাৰ ব্যাকৰণৰ নিয়মৰ মাজতো ভাষা কবিতা বন্দী হৈ থাকিব নালাগে৷ ভাষা কবিতাত মিশ্ৰ ভাষা, গুপ্ত ভাষা, কথিত ভাষা সকলোৰে সমান মৰ্যাদা৷

ভা=ষা কবিতা(L=A=N=G=U=A=G=E Poetry)ৰ মূল বৈশিষ্ট্যসমূহ এনেধৰণৰ:
(১) সম্পৰীক্ষাভিত্তিক কৌশল (Experimental Techniques): ভাষা কবিতাক প্ৰচলিত পৰম্পৰাগত কাব্যিক নীতি-নিয়মক ওফৰাই পেলোৱা এক প্ৰগতিশীল পদক্ষেপ (avant-garde approach) বুলি জনা হয়৷ ইয়াত বিশেষকৈ ভাষা আৰু কবিতাৰ অৰ্থ সৃষ্টিত পাঠকৰ ভুমিকাক লৈ কিছুমান সম্পৰীক্ষা চলোৱা হয়৷
(২) ভাষাৰ ওপৰত আকৰ্ষণ কেন্দ্ৰীভূত কৰে (Focus on Language): একোটা আখ্যানৰ সহায়ত বা আৱেগিক বিষয়বস্তু সনাপিঠা কৰি পৰম্পৰাগত শৈলীত কবিতা লিখাৰ ৰীতি বাদ দিয়া হ’ল৷ সামগ্ৰিকভাৱে কবিতাটোত আৰু তাত ব্যৱহৃত ভাষাত গুৰুত্ব কেন্দ্ৰীভূত কৰি পাঠকৰ লগত সঠিক যোগাযোগ কৰিবৰ যত্ন কৰে৷
(৩) প্ৰত্যাহ্বানমূলক বাক্য গঠন (Challenging Syntax): ভাষা কবিসকলে অগতানুগতিক বাক্য গঠন (syntax) কৰি পৰীক্ষা-নিৰীক্ষা চলাইছিল৷ ব্যাকৰণগত নিয়ম ভংগ কৰি নতুন ব্যাখ্যা সৃষ্টি কৰিছিল৷
(৪) উচ্চাৰণ আৰু নতুন আংগিকৰ অন্বেষণ (Exploration of Sound and Form): শব্দৰ উচ্চাৰণ, বাক্য গঠন আৰু কবিতাৰ আংগিক ইচ্ছাকৃতভাৱে সালসলনি কৰি অদ্বিতীয় অৰ্থ আৰু প্ৰভাৱ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছিল৷
(৫) ওচৰা–উচৰি অৱস্থান (Juxtaposition): ভাষা কবিতাত বিপৰীতমুখী ছবি আৰু পৃথক অনুভৱ বা ধাৰণাবোৰক প্ৰায়ে ওচৰা-উচৰিকৈ ৰখা হয়৷ ইয়াৰ দ্বাৰা প্ৰতিষ্ঠিত ব্যাখ্যাসমূহৰ পুনৰ মূল্যায়ন কৰিবলৈ আৰু নতুন সিদ্ধান্তলৈ আহিবলৈ পাঠকসকলক প্ৰৰোচিত কৰা হয়৷
(৬) ভাষাৰ বিভিন্নতা (Variety of Language): শব্দৰ শক্তি আৰু নমনীয়তাৰ ওপৰত গুৰুত্ব বৃদ্ধি কৰিলৈ ভাষা কবিসকলে মান্য আৰু কথিত দুয়োটা ভাষাৰ লগতে মিশ্ৰ (jargon) ভাষা আৰু অন্যান্য শব্দসম্ভাৰৰ লগত পৰীক্ষা-নিৰীক্ষা কৰে৷
(৭) নতুন অৰ্থৰ বাবে প্ৰৰোচিত কৰা (Provoking New Meaning): ভাষা কবিতাৰ প্ৰাথমিক লক্ষ্য হ’ল বিভ্ৰান্তিৰ সৃষ্টি কৰা, পূৰ্ব সংবোধনক প্ৰত্যাহ্বান জনোৱা আৰু সৰ্বশেষত পাঠকৰ বাবে নতুন, অপ্ৰত্যাশিত অৰ্থ সৃষ্টি কৰা।
(৮) পাঠকৰ সক্ৰিয় অংশগ্ৰহণৰ দায়িত্ব (Responsibility for active participation of the reader): ভাষা কবিতাবোৰৰ অৰ্থ সৃষ্টিত পাঠকসকলে সক্ৰিয় অংশগ্ৰহণ কৰিব লগা হয়৷ কবিতাৰ ভাবাৰ্থ বুজিবলৈ পাঠকে নতুন কৌশল অনুসন্ধান কৰিবলৈ বাধ্য হয়৷ ভাষা কবিসকলে ইচ্ছাকৃতভাবেই পাঠকসকলক তেনেকুৱা পৰিস্থিতি এটালৈ নিক্ষেপ কৰে যাতে তেওঁলোকে নিজৰ দৃষ্টিভংগী অনুযায়ী কবিতাৰ নতুন অৰ্থ সৃষ্টি কৰিব পাৰে বা কবিতাৰে ফলপ্ৰসূ যোগাযোগ কৰিব পাৰে৷
(৯) নতুন লক্ষ্য পূৰণ কৰা (Meeting new goals): ভাষা কবিতাৰ ইতিবাচক লক্ষ্যটো হৈছে পাঠকক কবিতাৰ লগত দৃঢ়ভাৱে সংযুক্ত কৰোৱা৷ পাঠকক নিস্ক্ৰিয় শ্ৰোতাৰ স্থানৰ পৰা আগুৱাই নি কবিৰ সহযোগী কৰি লোৱা৷ কবিতা লিখা আৰু পাঠ কৰা কামটোক সমাজ আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ অনুঘটক হিচাপে প্ৰতিষ্ঠা কৰা৷
(১০) দাৰ্শনিক ভিত্তি (Philosophical Basis): ভাষা কবিতা শৈলীয়ে তাত্ত্বিকভাৱে নিৰ্গঠনবাদ (Deconstructionalism), উত্তৰ সংগঠনবাদ (Post-structuralism), আৰু নৈৰ্ব্যক্তিক পৰম্পৰা(Objectivist tradition)ক ভিত্তি কৰি আগবাঢ়ে৷ মুক্ত চিন্তন আৰু প্ৰকাশৰ স্বাধীনতা সাব্যস্ত কৰা ভাষা কবিৰ মুখ্য অগ্ৰাধিকাৰ বিষয়৷
(১১) লিখনৰ কৃত্ৰিমতা আৰু বিলাসিতাক বাদ দিয়া (Excluding the Artificiality and Luxury of Writing): ভাষা কবিতাত বিষয়কেন্দ্ৰিক (subjective) অভিজ্ঞতাৰ ঠাইত বস্তুনিষ্ঠ (objective) অভিজ্ঞতাক গুৰুত্ব দিয়া হয়৷ কবিতাৰ পৰা চিন্তন আৰু লিখনৰ কৃত্ৰিমতাবোৰ আঁতৰ কৰাত জোৰ দিয়া হয়৷
বাৰ্নষ্টেইন, এণ্ড্ৰিউ, গ্ৰেনিয়াৰ, ওৱাটেন আদি ভাষা কবিতা আন্দোলনৰ বাটকটীয়া কবিসকলে পাঠকসমাজৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আনি দিছিল৷ কাব্য ভাষাৰ পৰম্পৰাগত শৈলীক ভাঙি দি তেওঁলোকে কবিতাৰ পাঠ(text)টো বুজিবলৈ পাঠকসকলক এক নতুন পন্থা বিচাৰি উলিয়াবলৈ বাধ্য কৰাইছিল। ভাষা কবিসকলে সেইটো কেনেকৈ কৰিছিল তাক ভালকৈ বুজিবলৈ উদাহৰণ স্বৰূপে ৰে আৰ্মেনট্ৰাউট (Rae Armantrout)ৰ ‘এপাৰ্টমেণ্ট’ (২০০৮) কবিতাটো চোৱা যাওক—
Apartment
1
The woman on the mantel,
who doesn’t much resemble me,
is holding a chainsaw
away from her body,
with a shocked smile,
while an undiscovered tumor
squats on her kidney.
2
The present
is a sentimental favorite,
with its heady mix
of grandiosity
and abjection,
truncated,
framed.
3
It’s as if I’m subletting
a friend’s apartment.
Even in the dream,
I’m trying to imagine
which friend.
And I’m trying to get
all my robes together,
robes I really own and
robes I don’t.
আৰ্মেনট্ৰাউটৰ ‘এপাৰ্টমেণ্ট’ একবিংশ শতিকাত প্ৰকাশিত ভাষা কবিতাৰ এক উত্তম উদাহৰণ। কবিতাটোত চুটি শাৰী ব্যৱহাৰ কৰা হৈছে; কিছুমান শাৰী মাত্ৰ এটা শব্দৰে গঠন হৈছে, আৰু খণ্ডিত ছবিবোৰ একেলগে টুকুৰা টুকুৰকৈ উপস্থাপন কৰা হৈছে যিবোৰ অৱশেষত কোনোবাই বৃক্কৰ টিউমাৰ হোৱা বুলি আৱিষ্কাৰ কৰা ছবিখনৰ সৈতে মিলি গৈছে। সাজোন-কাচোন কাহিনী এটা কোৱাতকৈ কবিয়ে পাঠকক কিছুমান টুকুৰা ছবিৰ বা টুকুৰা অনুভৱৰ সন্মুখীন কৰোৱাইছে৷ চিনাকি ছবি বা অনুভৱক অচিনাকিৰ সৈতে, শান্তক অশান্তৰ সৈতে ওচৰা-উচৰিকৈ ৰাখি কবিয়ে পাঠকৰ চেতনাক কঁপাই তুলিছে৷ আৰ্মেণ্ট্ৰাউটে স্মৃতিশক্তি, পৰম্পৰাগত ধাৰণা আৰু বিজ্ঞানৰ নীতি-নিয়ম ভাঙিবলৈ চুটি শাৰীৰ ব্যৱহাৰ কৰিছে৷ বাক্যাংশৰ সৰু সৰু গোটত ভাগ কৰিছে কিন্তু তাৰ ভিতৰত বৃহৎ প্ৰশ্ন, নতুন ধাৰণা আৰু বৈপৰীত্যবোৰ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷
আন এটা কবিতা লোৱা হওক৷ কবিতাটিৰ শিৰোনাম ‘My/My/My’, কবি চাৰ্লছ বাৰ্নষ্টেইন৷ (কবিতাটোৰ প্ৰথম কেইশাৰীমানহে ইয়াত উল্লেখ কৰা হৈছে৷)
my pillow
my shirt
my house
my supper
my tooth
my money
my kite
my job
my bagel
my spatula
my blanket
my arm
my painting
my fountain pen
my desk
my room
my turn
my book
my hopelessness
এই কবিতাটোৱে ব্যক্তিগত সম্পত্তি আৰু অভিজ্ঞতাৰ এখন দীঘল তালিকা আগবঢ়াইছে৷ কবিতাটোত মুঠ ১৬২টা শব্দৰে গঢ়া অসংখ্য টুকুৰা ছবি আছে৷ এজন মানুহে কিমানবোৰ বস্তুক কেৱল নিজৰ নিজৰ নিজৰ বুলি অনুভৱ কৰি থাকে সেয়া কবিতাটোৱে বৰ্ণনা কৰিছে। এই তালিকাই বস্তুগত সম্পত্তি, মনৰ হাবিয়াস আৰু এগৰাকী ব্যক্তিৰ পৰিচয়ক সংযোগ কৰি দেখুৱাইছে৷ কবিতাটোৰ বিষয়ে স্বামী সচ্চিদানন্দ(Swami Satchidananda)ই কৈছে, “Count these number of things you call mine. This is the distance between you and enlightenment.” ১৯৭৫ চনত আন্দোলনৰ মাজতে প্ৰকাশ পোৱা এই টুকুৰা-টুকুৰ ছবিৰ কবিতাটোৱে ভাষা কবিতাৰ বহু নতুন অনুৰাগীক উদগনি দিছিল। ১৯৭৮ চনত প্ৰতিষ্ঠিত তথা অসংখ্য ভাষা কবিতা প্ৰকাশ কৰি প্ৰখ্যাত হোৱা L=A=N=G=U=A=G=E আলোচনীৰ অন্যতম সম্পাদক আছিল এইজন বাৰ্নষ্টেইন৷
আন এটা ভাষা কবিতাৰ একাংশ তলত আগবঢ়ালোঁ৷ শিৰোনাম “You, part I”, কবি ৰন ছিলিমেন:
I
Hard dreams. The moment at which you recognize that your own death lies
in wait somewhere within your body. A lone ship defines the horizon. The
rain is not safe to drink.
In Grozny, in Bihac, the idea of history shudders with each new explosion.
The rose lies unattended, wild thorns at the edge of a mass grave. Between
classes, over strong coffee, young men argue the value of a pronoun.”
এই কবিতাটোত, ৰন ছিলিমেনে জীৱন আৰু মৃত্যুৰ বিষয়ে গভীৰ উপলব্ধি প্ৰকাশ কৰিছে। কবিতাটোত মৃত্যুৰ অভিজ্ঞতাক যুদ্ধ আৰু ইতিহাসৰ প্ৰতীক ৰূপে উল্লেখ কৰিছে। বিভিন্ন দৃশ্য, যেনে নীলা ৰঙা বৃষ্টিৰ মাজত একাকী জাহাজ, ঠাইতে থকা ৰঙা গোলাপ আৰু কফি ঘৰত যুৱকসকলৰ বিতৰ্ক, জীৱনৰ ক্ষণস্থায়িত্ব আৰু মানৱীয় অভিজ্ঞতাৰ জটিলতাক চিত্রিত কৰিছে। কবিতাটোৱে ব্যক্তিৰ সমাজ আৰু প্ৰকৃতিৰ সৈতে হোৱা আন্তঃসংযোগ আৰু বিচ্ছিন্নতাৰ অনুভৱবোৰ প্ৰকাশ কৰিছে৷ কবিতাটোৰ আংগিক লক্ষ্য কৰিবলগীয়া দিশ৷
আমি কবিতা এটা কেনেকৈ লিখিব পাৰোঁ বা কেনেকৈ পঢ়িব পাৰোঁ সেই দিশত ভাষা কবিতাৰ নীতিসমূহে আমাক নতুন কিছুমান অভিজ্ঞতা দান কৰে৷ কবিতাৰ পাঠক হিচাপে ভাষা কবিতাই আমাক কবিতাৰ পাঠটোৰ সৈতে নিবিড়ভাৱে জড়িত হ’বলৈ, পাঠটো পঢ়ি নিজে উপলব্ধি কৰা অৰ্থখিনি আৰোপ কৰিবলৈ, বা আমাৰ ব্যাখ্যাসমূহ কেনেকৈ কবিৰ ব্যাখ্যাৰ লগত মিলি গৈছে বা পৃথক হৈছে ইত্যাদি বিষয়ত আলোচনা কৰিবলৈও সুবিধা দান কৰে৷ কবিতাৰ লেখক হিচাপে ভাষা কবিতাই আমাক পাঠকসকলৰ সৈতে নিবিড় যোগাযোগ ৰক্ষা কৰিবলৈ সুবিধা দিয়ে। আমাৰ শব্দবোৰক লৈ পাঠকে ভিন ভিন চিন্তা কৰিবলৈ, পুনঃপুনঃ কল্পনা কৰিবলৈ কৰা বৌদ্ধিক প্ৰয়াসবোৰক আমি উৎসাহিত কৰিব পাৰোঁ৷ এইদৰেই কবিতা এটাই পাঠকৰ অন্তৰ আত্মাৰ নিচেই ওচৰ চাপিব পাৰে, পাঠকে কবিতাৰ মাজত নিজক বিচাৰি পাব পাৰে বা পাঠকে কবিতাটোৰ দ্বাৰা নিজৰ সৃষ্টিশীল চিন্তাৰ বিকাশ ঘটাব পাৰে৷
অনিৰ্বাণ দত্ত এগৰাকী কবি আৰু নিবন্ধকাৰ। গছ আৰু অন্য কবিতা তেওঁৰ শেহতীয়া কবিতা-সংকলন।