বাৰ্টল্ট ব্ৰেষটৰ কবিতা

১২৫ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে

ড° অভিজিত কুমাৰ দত্ত

বাৰ্টল্ট ব্ৰেষট

১৮৯৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ১২ তাৰিখে জাৰ্মানীৰ আগচবাৰ্গত জন্মলাভ কৰা বাৰ্টল্ট ব্ৰেষটৰ প্ৰকৃত নাম হ’ল ইউজিন বাৰ্থল্ড ফ্ৰেডৰিক ব্ৰেষট। পিতৃ আছিল বাৰ্থল্ড ব্ৰেষট। এগৰাকী শ্ৰমিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা বাৰ্টল্ট ব্ৰেষটৰ পিতৃ বাৰ্থল্ড ব্ৰেষট পিছলৈ নিজ কৰ্মকুশলতাৰ বাবে পেপাৰ মিল এটিৰ সঞ্চালক পদত অধিষ্ঠিত হয়। ইয়াৰ ফলত ব্ৰেষট পৰিয়ালত কিছু পৰিমাণে আভিজ্যাত্যিক পৰিৱেশ এটাই বিৰাজ কৰিবলৈ ল’লে। অৱশ্যে সেই পৰিয়ালত থকা মানৱীয় প্ৰমূল্যবোধ তথা মধ্যবিত্তীয় ধ্যান-ধাৰণা সেই অৱস্থাতো অক্ষুণ্ণ থাকিল।

এগৰাকী নাট্যকাৰৰূপে সফলতা লাভ কৰা বাৰ্টল্ট ব্ৰেষটৰ শৈশৱৰ কালছোৱা বৰ সহজ নাছিল। আগচবাৰ্গ গ্ৰামাৰ স্কুলত বিদ্যাৰম্ভ কৰা ব্ৰেষটে কোনো এটি ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব নোৱাৰিলে। শিক্ষকসকলৰ পৰাও তেওঁ বিশেষ একো নিশিকিলে। লাহে লাহে জাৰ্মানীৰ শিক্ষাব্যৱস্থাৰ প্ৰতি তেওঁ বীতশ্ৰদ্ধ হৈ পৰিল। এই শিক্ষাব্যৱস্থাৰ প্ৰতি তেওঁ যে সম্পূৰ্ণৰূপে নাৰাজ, সেয়া তেওঁৰ কামকাজত ফুটি উঠিল। এই সময়তেই তেওঁৰ মনত সাহিত্যৰ প্ৰতি এক বিশেষ অনুৰাগৰ সৃষ্টি হ’ল আৰু ফৰাচী কবিসকল যেনে ভিল্লন (François Villon), ৰিমবেণ্ড (Arthur Rimbaud), ভাৰ্লাইন (Paul Verlaine) আদিৰ অপ্ৰথাগত আৰু সহজ-সৰল কবিতাবোৰ পঢ়ি তেওঁ সাহিত্যৰ প্ৰতি আকৰ্ষিত হৈ পৰিল। পিছলৈ কবিতা লিখাৰ সময়তো ফৰাচী কবিসকলৰ কবিতাই তেওঁক আকৰ্ষিত কৰা দেখা গ’ল। সেই সময়তেই জাৰ্মানীৰ ধ্ৰুপদী বিৰুদ্ধ সাহিত্যৰ প্ৰতিও তেওঁ আকৃষ্ট হৈ পৰিল। লাহে লাহে সময় অতিবাহিত হ’ল। ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হ’ল। যুদ্ধৰ আৰম্ভণিত তেওঁ যুদ্ধৰ সমৰ্থক হিচাপে আত্মপ্ৰকাশ কৰিলে। পিছে যুদ্ধৰ বিভীষিকাই তেওঁৰ মত পিছলৈ সলনি কৰিলে। প্ৰথম বিশ্বযুদ্ধৰ বিৰুদ্ধে থিয় হৈ যুদ্ধক্ষেত্ৰত প্ৰত্যক্ষ ভূমিকা পালন নকৰিবলৈ তেওঁ যুদ্ধৰ সময়ছোৱাত এখন সামৰিক চিকিৎসালয়ত আলধৰা হিচাপে কৰ্মৰত হৈ থাকিল। এসময়ত চিকিৎসাশাস্ত্ৰ অধ্যয়ন কৰা ব্ৰেষটৰ বাবে প্ৰত্যক্ষ যুদ্ধত অৱতীৰ্ণ নোহোৱাকৈ সামৰিক চিকিৎসালয়খনত থকা কথাটো অৱশ্যে তেওঁৰ বাবে অধিক সুবিধাজনক হৈ পৰিল।

লাহে লাহে বাৰ্টল্ট ব্ৰেষট শান্তি আৰু নিৰাপত্তাৰ বাবে অধিক চিন্তিত হ’ল। সেই সময়তেই তেওঁ কেতবোৰ কবিতা, চুটিগল্প প্ৰকাশ কৰিলে। তেওঁৰ প্ৰথমখন নাট দ্য বাইবেল প্ৰকাশ হ’ল। উল্লেখযোগ্য যে যুদ্ধ সমৰ্থন নকৰা ব্ৰেষটৰ মানৱতাবাদী চিন্তাধাৰাক এইসমূহ কবিতা, চুটিগল্প আৰু নাটকে আলোকিত কৰি তুলিলে। পিছলৈ ব্ৰেষট নাটকৰ প্ৰতি আকৃষ্ট হ’ল। এক নতুন আৰু অভিনৱ শৈলী আৰম্ভ কৰা ব্ৰেষটৰ নাটবোৰ বিশ্বত সমাদৃত হৈ পৰিল। ব্ৰেষটে মহানাট(epic theatre)ৰ ধাৰণা নাটকত সন্নিৱিষ্ট কৰি নিজকে এগৰাকী সফল নাট্যকাৰ হিচাপে প্ৰতিষ্ঠা কৰিলে। The Life of Galileo; Mother Courage and Her Children; The Good Woman of Szechwan; Mr. Puntila and His Hired Man Matti আদি নাটক ৰচনা কৰি তেওঁ যেন নাট্য জগতত এক বিপ্লৱৰ সূচনা কৰিলে। বিকৰ্ষণৰ ধাৰণাক (Distancing or Alienation) নাটকত সন্নিৱিষ্ট কৰি তেওঁ নাটকত সূত্ৰপাত কৰিলে এক নতুন কৌশল। ব্ৰেষটৰ নাটকসমূহে প্ৰথাগত নাটকৰ ধাৰণাৰ বিপৰীতে সৃষ্টি কৰিলে নাটকৰ আন এক নতুন ধাৰণা। একেদৰে যুদ্ধ-বিৰোধী নাটক (anti-war play) ৰচনা কৰি তেওঁ মানৱতাৰ জয়গুণ গালে।

ব্ৰেষটৰ নাট্য প্ৰতিভা বিকশিত হৈ এনে এটি পৰ্যায়লৈ গ’ল যে নাট্যকাৰ হিচাপে তেওঁক সমগ্ৰ বিশ্বই জনা হ’ল। ইয়াৰ লগে লগে অৱশ্যে তেওঁৰ কবি প্ৰতিভা তথা সংবেদনশীল চুটিগল্পসমূহ নাট্য প্ৰতিভাৰ আঁৰত ৰৈ যোৱাহে পৰিলক্ষিত হ’ল। ব্ৰেষটৰ কবিতাত মাৰ্ক্সবাদ তথা সাম্যবাদৰ ধাৰণাই গুৰুত্ব লাভ কৰা দেখা যায়। সমসাময়িক নৈৰাশ্যবাদৰ পৰা মুক্ত হোৱাৰ বাসনাও তেওঁৰ কবিতাত প্ৰকাশ পাইছে। তথাকথিত দেশপ্ৰেম, সামূহিক সেৱা আদিৰ প্ৰকোপত কেনেদৰে ব্যক্তিগত গুণ, পছন্দ আদিৰ বিলোপ ঘটে আৰু কেনেদৰে ই ব্যক্তিগত ধ্যান-ধাৰণাক বশীভূত কৰি তোলে, সেয়াও কবি ব্ৰেষটে তেওঁৰ কবিতাত উল্লেখ কৰিছে। ব্ৰেষটে ‘Edward Mackinnon’ কবিতাত নিজ অভিব্যক্তি এনেদৰে ব্যক্ত কৰিছে,

"কৃষ্ণক্ষণত 
গীত থাকিব নে?
হয়, গীতো থাকিব
কৃষ্ণক্ষণৰ"

এগৰাকী কবি হিচাপে তেওঁ সামগ্ৰিক নৈৰাশ্যবাদৰ ধাৰণাটোক নুই কৰা নাই। বৰং সৃষ্টিৰ সপোন ৰচা গীতেও আউসী ৰাতি তথা কৃষ্ণক্ষণৰ কথাই উল্লেখ কৰিছে। গীত আৰু কৃষ্ণক্ষণৰ পাৰস্পৰিক বিৰোধৰ মাজেৰে কবিয়ে প্ৰকাশ কৰিছে সমসাময়িক সমস্যা, নৈৰাশ্যবাদ তথা ব্যক্তিকেন্দ্ৰিক স্বাধীনতাৰ অপমৃত্যুৰ কথা।

নাট ৰচনাৰে বিশ্ববিশ্ৰুত হৈ পৰা বাৰ্টল্ট ব্ৰেষটৰ কবিতাসমূহ বিশ্ব-সাহিত্যত জনপ্ৰিয় হৈ নপৰিলেও ই তেওঁক জাৰ্মানীৰ এগৰাকী বিখ্যাত কবি হিচাপে স্বীকৃতি দিলে। পিছলৈ তেওঁ লিখা নাটকসমূহতো এইসমূহ কবিতা অন্তৰ্ভুক্ত কৰিলে। তেওঁৰ জনপ্ৰিয় নাটক যেনে The Life of Galileo; Mother Courage and Her Children; The Good Woman of Szechwan; Mr. Puntila and His Hired Man Matti আদিত সন্নিৱিষ্ট কৰা কবিতাখিনিয়ে ব্ৰেষটক সুকীয়া ৰূপত চিনাকি কৰি দিয়ে। ব্ৰেষটৰ কবিতাসমূহে জাৰ্মান সাহিত্যত প্ৰচলিত হৈ থকা অভিব্যক্তিবাদৰ (expressionism) ধাৰণাক প্ৰত্যাহ্বান জনাই অনৈতিক শূন্যতা(immoral nihilism)ৰে যে বৰ্তমানৰ পৃথিৱীখন চলি আছে, সেয়া প্ৰকাশ কৰিছে। খণ্ড-বিখণ্ড পৃথিৱীখনৰ সমস্যাবোৰ প্ৰকাশিত হৈছে তেওঁৰ কবিতাৰ মাজেৰে। ৰাজনৈতিক মতাদৰ্শ প্ৰকাশ কৰা এইসমূহ কবিতাত কবি ব্ৰেষটে মধ্যবিত্তীয় সমস্যা তথা আন কেতবোৰ সমস্যা সম্পৰ্কে বাখ্যা কৰিছে। উদাহৰণস্বৰূপে তেওঁৰ কবিতা ‘The Legend of the Dead Soldier’ত সৈনিকসকলে পিতৃভূমিৰ বাবে উছৰ্গা কৰা আত্ম-বলিদানৰ ধাৰণাক সম্পূৰ্ণৰূপে নস্যাৎ কৰা দেখা গৈছে। এনে এটি ধাৰণা তেওঁৰ আন এটি বিখ্যাত কবিতা ‘It is Night’ নামৰ কবিতাতো দেখিবলৈ পোৱা যায়। আন্তৰ্জাতিক তথা গোষ্ঠীগত সংঘৰ্ষই যে আচলতে ব্যক্তিগত গুণ-গৰিমাক বাধাগ্ৰস্তহে কৰে এই সম্পৰ্কে তেওঁ কবিতাটোত উল্লেখ কৰিছে। কবিতাটোত কবিয়ে তথাকথিত দেশপ্ৰেমক এনেদৰে সমালোচনা কৰিছে,

"সঁচাকৈ, মই কৃষ্ণক্ষণত বাস কৰোঁ।
আভিজাত্যৰ পৃথিৱী অন্তঃসাৰশূন্য। 
এটি পৰিষ্কাৰ মস্তিষ্কই অসংবেদনশীলতাক বুজায়। যিয়ে হাঁহি মাৰিছে
তেওঁ এতিয়াও ভয়াবহ বাতৰি পোৱা নাই।
সময়ৰ কোনটো স্তৰত তেওঁলোকে বাস কৰিছে, 
যেতিয়া গছ সম্পৰ্কে কৰা আলোচনা এটি অপৰাধ হিচাপে গণ্য কৰা হৈছে
কাৰণ এই আলোচনাই সূচাইছে ভয়াবহ ঘটনাৰ নীৰৱতা।"

বাৰ্টল্ট ব্ৰেষটৰ কবিতাত দেখা পোৱা আন এটা উল্লেখনীয় দিশ হ’ল মাতৃভূমি জাৰ্মানীৰ প্ৰতি আকুলতা। বিভিন্নজনৰ দৰেই ব্ৰেষটে তেওঁৰ মাতৃভূমি জাৰ্মানীৰ প্ৰচলিত সমাজ-ব্যৱস্থাক সলনি কৰি এক নতুন সমাজ-ব্যৱস্থা গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছিল। তাৰেই ফলত তেওঁ ৰচনা কৰিছিল ‘Changing the Wheel’, ‘I, the Survivor’ আদি বিখ্যাত কবিতা। উদাহৰণস্বৰূপে তেওঁৰ বিখ্যাত কবিতা ‘Changing the Wheel’ৰ দুশাৰীমান উল্লেখ কৰা হ’ল,

"গাড়ীখনত মই বাটৰ ফালে বহিছিলোঁ
চালকে গাড়ীৰ দিশ সলনি কৰিলে
মই য'ৰ পৰা আহিছোঁ তাতে থাকিবলৈ নিবিচাৰোঁ
মই য'লৈ যাম অকল তালৈ যাবলৈ নিবিচাৰোঁ 
গাড়ীৰ দিশ সলনি কৰা কথাটোত
মই কিয়নো বিব্ৰত হ'ম?"

প্ৰচলিত ধ্যান-ধাৰণাৰ বিপৰীতে নতুন সমাজ এখন সৃষ্টিৰ ব্যগ্ৰতা ‘I, the Survivor’ কবিতাত এনেদৰে প্ৰকাশ পাইছে,

"মই অৱশ্যেই জানো যে এয়া মাথোন ভাগ্য
যে বহুজন লগৰীয়াৰ মাজত মই বাচি গলোঁ।
পিছে কালি নিশাৰ সপোনত মোৰ সেইসকল লগৰীয়াই 
মোৰ বিষয়ে কলে: অকল শক্তিশালীহে বাচি থাকে।
আৰু সেই তেতিয়াৰ পৰাই মই নিজকে ঘৃণা কৰিলোঁ।"

ব্ৰেষটৰ কবিতাসমূহত যে অকল তথাকথিত দেশপ্ৰেমৰ ধাৰণাকহে নাকচ কৰিছে তেনে নহয়, বৰঞ্চ তেওঁৰ কবিতাই ৰাজনৈতিক আনুগত্য তথা শ্ৰেণী-বৈষম্যৰ সৈতে থকা ব্যক্তি বিশেষৰ আন্তৰিকতাকো তীব্ৰ প্ৰত্যাহ্বান জনাইছে। সাম্যবাদৰ প্ৰতি এইসমূহ বিষয়ে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে বুলিও তেওঁ কবিতাত উল্লেখ কৰিছে।

"তোমালোক সেই বানৰ পৰা উঠি আহিলা
য'ত আমি সকলো বুৰ গ’লোঁ
মনত ৰাখিবা
যেতিয়া তোমালোকে আমাৰ অনুভৱৰ কথা কোৱা
আমাৰ তমসা ক্ষণৰ কথা কোৱা
সেই ক্ষণৰ পৰা তোমালোক পলাই সাৰিলা।
জোতা সলনি কৰাতকৈও সঘনাই দেশ সলনি কৰা হতাশজনক প্ৰক্ৰিয়াত 
গোষ্ঠী সংঘৰ্ষৰ মাজেৰে
আমি অনুভৱ কৰিছিলোঁ যে
এয়া আছিল অন্যায়
এয়া কোনো বিদ্ৰোহ নাছিল।"

বাৰ্টল্ট ব্ৰেষটৰ কবিতাসমূহত দেখা পোৱা আন এটা উল্লেখনীয় দিশ হ’ল ছন্দ আৰু শব্দৰ সমাহাৰ। সাংগীতিক লয়বিশিষ্ট পৰম্পৰাগত কবিতাৰ ধ্বনি, ছন্দ, উপমা আদিৰ সঠিক প্ৰয়োগে তেওঁৰ কবিতাসমূহ আকৰ্ষণীয় কৰি তুলিছিল। অকল প্ৰাপ্তবয়স্ক লোকৰ বাবেই ব্ৰেষটে এই কবিতাসমূহ সৃষ্টি কৰিছিল তেনে নহয়, কবিতাসমূহৰ আভ্যন্তৰীণ অৰ্থ (inner meaning) হৃদয়ংগম নকৰাকৈ বাহ্যিক (surface meaning) অৰ্থই কিশোৰসকলক আকৃষ্ট কৰাৰো সম্পূৰ্ণ উপাদান ইয়াত আছিল।

"অ বিছপ, ময়ো উৰিব পাৰোঁ
দৰ্জীয়ে বিছপক কলে।
মাথোঁ চোৱা মই উৰোঁ কেনেদৰে!
দৰ্জীয়ে  ডেউকাৰ দৰে
অলপ-অচৰপ সামগ্ৰী ল’লে
আৰু গীৰ্জাৰ মূধচলৈ ডাঙৰ এটা জাঁপ  দিলে।

বিছপে খোজ কাঢ়িলে।
এয়া মাথোন এটি মিথ্যা
এজন মানুহ এটা চৰাই নহয়
কোনো মানুহে উৰিব নোৱাৰে
বিছপে দৰ্জীক জনালে।"

বাৰ্টল্ট ব্ৰেষটৰ সমগ্ৰ কবিতাত এনেদৰে মানৱ জীৱনৰ বিভিন্ন দিশ উন্মোচিত হোৱা পৰিলক্ষিত হয়। প্ৰচলিত ধ্যান-ধাৰণাৰ সমস্যাসমূহ, মাতৃভূমিৰ প্ৰতি থকা তথাকথিত প্ৰেমৰ প্ৰকৃত স্বৰূপ উন্মোচন, মানৱতাবাদৰ জয়গান, প্ৰচলিত তত্ত্ব আৰু বিচাৰধাৰাই বিপন্ন কৰা ব্যক্তিকেন্দ্ৰিক স্বাধীনতা, মাৰ্ক্সবাদ, সাম্যবাদ ইত্যাদি বিষয়বস্তুৱে ব্ৰেষটৰ কবিতাসমূহ সমৃদ্ধ কৰি তুলিছে। ব্ৰেষটৰ কবিতাসমূহে এনেদৰেই এক নিৰ্গঠনবাদ তথা উত্তৰ আধুনিকতাবাদ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে।

১৯৫৬ চনৰ আগষ্ট মাহৰ ৪ তাৰিখে মাত্ৰ ৫৮ বছৰ বয়সতেই ইহলীলা সম্বৰণ কৰা বাৰ্টল্ট ব্ৰেষটক তেওঁৰ জনপ্ৰিয় নাটক তথা তেওঁ উদ্ভাৱন কৰা নাটতত্ত্বৰ বাবে আজিও সমগ্ৰ বিশ্বতেই শ্ৰদ্ধাৰে স্মৰণ কৰে। পিছে পৰিতাপৰ বিষয়টো হ’ল এই যে বাৰ্টল্ট ব্ৰেষটৰ নাটকসমূহে যেনেদৰে জনপ্ৰিয়তা অৰ্জন কৰিছে, তেনেদৰে তেওঁৰ সংবেদনশীল কবিতাসমূহ অধিক পাঠকেই অধ্যয়ন কৰা নাই।

অভিজিত কুমাৰ দত্ত এগৰাকী লেখক আৰু অনুবাদক৷ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগত তেওঁ সহযোহী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে৷